শ্বহীদ দিৱসৰ চিন্তা
দহ ডিচেম্বৰ।
অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু দিৱস। খৰ্গেশ্বৰ তালুকদাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী আছিল। অসম
আন্দোলনৰ আৰম্ভণি কালতে ১৯৭৯ চনৰ ১০ ডিচেম্বৰ তাৰিখে লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ
দাখিলত বাধা দিবলৈ গৈ পুলিচৰ গুলীত তেওঁ নিহত হৈছিল। ছয় বছৰীয়া আন্দোলনৰ কালছোৱাত ৮৫৫ জন শ্বহীদে আইমাতৃৰ বাবে প্ৰাণত্যাগ
কৰিবলগীয়া হয়। বিদেশী বহিষ্কাৰৰ দাবীত বিশ্ব কপোৱা অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদৰ
ত্যাগৰ দিনটোতে শ্বহীদ দিৱস হিচাপে পালন কৰি অহা আজি চল্লিশ বছৰে হ’ল। শ্বহীদ দিবস
আহিলেই আমাৰ সকলোৰে মনলৈ আহে বিশ্ব কপোৱা অসম আন্দোলনলৈ।
১৯৭৮ চনত
মঙলদৈ উপ-নিৰ্বাচনৰ সময়ছোৱাত প্ৰকাশ হোৱা সংশোধিত ভোটাৰ তালিকাত প্ৰকাশ পাইছিল প্ৰায়
সত্তৰ হাজাৰ সন্দেহযুক্ত অবৈধ বিদেশী ভোটাৰৰ নাম। তাৰ পিছতে বহুতৰে চকু মেল খাইছিল।
কাৰণ নামনি অসম আৰু বৰাক উপত্যকাৰ প্ৰতিটো সমষ্টিতে বহু সংখ্যক সন্দেহযুক্ত বিদেশীৰ
নাম ভোটাৰ তালিকাত ইতিমধ্যে সন্নিবিষ্ট হৈছিল। সেই কথাবোৰ লাহে লাহে মানুহৰ চকুত পৰে।
খিলঞ্জীয়া অসমীয়াসকল চিন্তিত হৈ পৰে, তেওঁলোকৰ মাজত অস্তিত্বৰ সংকটে দেখা দিয়ে।
ইয়াৰ লগে লগে আৰম্ভ হয় বিদেশী বহিষ্কাৰ আন্দোলন। এই আন্দোলন অতি কম সময়তে সমগ্ৰ অসমত
বিয়পি পৰে। ১৯৭৯ চনত আৰম্ভ হোৱা আন্দোলন ছয় বছৰকাল পাৰ কৰি ১৯৮৫ চনত অসম চুক্তিৰ মাধ্যমেৰে
সমাপ্ত হয়। শ্বহীদ দিবসৰ দিনা সেয়েহে আমাৰ মনলৈ আহে অসম আন্দোলনে আমাক কি দিলে আৰু
আমি কি হেৰুৱালোঁ।
অসম চুক্তি অনুযায়ী অসমে লাভ কৰিলে নুমলীগড় শোধানাগাৰ,
গুৱাহাটীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, জ্যোতি চিত্ৰবনৰ আধুনিকীকৰণ, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু শিলচৰত অসম বিশ্ববিদ্যালয়, গুৱাহাটীত ভাৰতীয় প্ৰযুক্তিবিদ্যা
প্ৰতিষ্ঠান, ডিব্ৰুগড়ত গেছ ক্ৰেকাৰ প্ৰকল্পৰ নিৰ্মাণ ইত্যাদি। অসম চুক্তিয়ে চল্লিশ বছৰৰ পিছতো খিলঞ্জীয়া অসমীয়াৰ সুৰক্ষা
প্ৰতিপন্ন কৰিব নোৱাৰিলে। যদিও আন্দোলনৰ আৰম্ভণিত ১৯৫১ চনক ভিত্তি বছৰ হিচাপে লৈ বিদেশী
চিনাক্তকৰণ কৰি অসমৰ পৰা বহিষ্কাৰৰ পণ লোৱা হৈছিল তথাপি সময়ৰ লগে লগে আন্দোলন স্তিমিত
হৈ পৰাৰ পৰিপ্ৰেক্ষিপ্তত আন্দোলনৰ নেতৃবৃন্দৰ দৰদাম কৰিবৰা ক্ষমতা কমি গ’ল। ইয়াৰ সুবিধা
ল’লে ভাৰত চৰকাৰে আৰু ১৯৭১ চনক ভিত্তি বছৰ হিচাপে মানি ল’বলৈ বাধ্য কৰায়। ইয়াৰ পিছতো
১৯৭১ চনৰ পিছত অহা লাখ লাখ বিদেশীক চিনাক্তৰণ কৰি বহিষ্কাৰ কৰা আজিলৈ হৈ নুঠিল। আন্দোলনৰ
পথ এৰি ৰাজনীতিৰ পথাৰত নামি অগপ দলে দহ বছৰ শাসন চলাই একো কৰিব নোৱাৰিলে। আনকি ভাৰত-বাংলাদেশৰ
সীমান্ত সম্পূৰ্ণকৈ চীল কৰি ভৱিষ্যতৰ বাবে বিদেশী প্ৰব্ৰজন ৰোধ কৰিবও নোৱাৰিলে। দুৰ্ভাগ্যৰ
বিষয় এয়ে যে হিন্দু শৰণাৰ্থীক ৰক্ষণা-বেক্ষন দিবলৈ নতুন আইন প্ৰণয়ন কৰা চৰকাৰৰ সহযোগী
দল হিচাপে অগপই চকু-কাণ ঢাকি ৰাখিলে। শ্বহীদ দিৱসৰ দিনা অসম আন্দোলনে আমাক কি দিলে
তাৰ হিচাপ কৰাতকৈ আন্দোলনে আমাৰ মাজলৈ কি বিপৰ্যয় আনিলে তাৰ হিচাপ কৰা উচিত বুলি আমি
ভাবোঁ কাৰণ সেই বিপৰ্যয় যাতে ভৱিষ্যতে আমাৰ মাজলৈ নাহে তাৰ বাবে কাম কৰিব পৰা যাব।
১) উগ্ৰপন্থী সংগঠনৰ জন্ম
অসম আন্দোলনেই যে দৰাচলতে সংযুক্ত মুক্তি বাহিনী অসম
(উলফা) নামৰ উগ্ৰপন্থী সংগঠনক জন্ম দিলে তাক পুনৰ দোহৰাৰ কোনো প্ৰয়োজন নাই। ১৯৭৯ চনত
জন্ম লাভ কৰা এই উগ্ৰপন্থী সংগঠনটো দুধৰ্ষ হৈ পৰে নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠন এন এছ
চি এনৰ সহযোগত। তেওঁলোকৰ পৰা ভাৰত-মিয়ানমাৰ সীমান্তত সামৰিক প্ৰশক্ষণ লৈ অস্ত্ৰ-সস্ত্ৰৰে
সজ্জিত হৈ উলফাই ১৯৮৬ চনৰ পৰা অসমত সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰম্ভ কৰে। মাজে মাজে সন্ত্ৰাসবাদী
কাৰ্যকলাপ বৃদ্ধি হয়। চৰকাৰে উগ্ৰপন্থীৰ বিৰূদ্ধে কাৰ্যসূচী হাতত লৈ দমন কৰিবলৈ বহু
পৰিমাণে সফল হয়। কিন্তু তিনিটা দশকত উগ্ৰপন্থীয়ে অসমৰ প্ৰগতিত বেয়াকৈ আঘাত হানে। প্ৰায়
১৮০০০ ব্যক্তি উগ্ৰপন্থীৰ হাতত আৰু উগ্ৰপন্থী দমনৰ ফলত মৃত্যু হয়। বিদেশী বহিষ্কাৰ
আন্দোলনৰ ফলশ্ৰুতিত জন্ম লাভ কৰা উলফাই এটা সময়ত আশ্ৰয় ল’লে বাংলাদেশত আৰু সেই সময়ছোৱাত
দুৰ্ভাগ্যজনকভাৱে উলফাই অসমত বাস কৰা অবৈধ বাংলাদেশীৰ বিপক্ষে কোনো পদক্ষেপ নল’লে বৰং
সহানুভুতিশীল হোৱা দেখা গ’ল। আনপিনে উলফাৰ সহযোগত এন এছ চি এনে অসমত অন্যান্য উগ্ৰপন্থী
সংগঠনৰ জন্ম দিয়ে। উলফাই অসমৰ প্ৰগতিত যিমান ক্ষতি কৰিলে তাক লিখি শেষ কৰিব নোৱাৰি।
বিশেষকৈ গাঁওসমূহত সাধাৰণ জন-গণে অশান্তি আৰু নিৰাপত্তাহীনতাত
ভুগিবলৈ ল’লে। যুগ যুগ ধৰি শান্তিত বাস কৰা গাঁৱৰ হোজা মানুহৰ ওপৰত উলফাৰ অবৰ্ণনীয়
অত্যাচাৰৰ দৃশ্য অসমীয়া মানুহৰ বাবে হৃদয়বিদাৰক হৈ পৰিল।
২) বিভিন্ন জাতি-জনগোষ্ঠীৰ নিজৰ অধীকাৰৰ দাবীত আন্দোলন
অসম আন্দোলনৰ সমান্তৰালকৈ অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীয়ে
নিজৰ অধীকাৰ সাব্যস্ত কৰিবলৈ আন্দোলনত নামি পৰে। অসম আন্দোলনৰ মাজ ভাগতে বড়ো আন্দোলনে
মূৰ দাঙি উঠে। আৰম্ভণিৰ পৰাই বড়ো আন্দোলন অহিংসাত বিশ্বাসী নাছিল। আন্দোলৰ লগে লগে
হিংসাত্মক কাৰ্যকলাপ চলাই যায়। পাৰ্বত্য জিলা কেইখনতো নব্বৈৰ দশকত কেইবাটাও উগ্ৰপন্থী
সংগঠনৰ জন্ম পায়। অসম ৰাজ্যখন উগ্ৰপন্থীৰ বধ্য ভূমি হৈ পৰিল। ইয়াৰ বাবে আটাইতকৈ ক্ষতিগ্ৰস্ত
হৈ পৰে খিলঞ্জীয়াসকল। ৰাজ্যত কোনো এটা উদ্যোগ স্থাপন কৰা, ব্যৱসায় বৃদ্ধি কৰা অসম্ভৱ
হৈ পৰে। শিক্ষা গ্ৰহণৰ উপযুক্ত পৰিৱেশ নোহোৱা হৈ পৰে। ফলত অসমখন বহু বছৰলৈ পিছ পৰি
থাকিল।
৩) চান্দা
সংস্কৃতিৰ আবিৰ্ভাৱ
অসম আন্দোলনৰ
সময়ত আন্দোলটো সুচাৰুৰূপে চলাই নিবলৈ আন্দোলন সমৰ্থনকাৰী সকলৰপৰা ধন সংগ্ৰহ কৰিছিল।
স্ব-ইচ্ছাই আগবঢ়োৱা বৰঙনি সময়ৰ লগে লগে দাবীলৈ পৰিৱৰ্তন হ’ল। সেই দাবীৰ বোজা বহিৰাজ্যৰ
ব্যৱসায়ীৰ ওপৰত বেছিকৈ পৰিবলৈ ধৰে। অসম আন্দোলনৰ সমাপ্তিৰ পিছত কেৱল ধন সংগ্ৰহৰ নামত
বিভিন্ন অজুহাতত নানানটা সংগঠনৰ জন্ম লৈ ধন দাবীৰ ঘটনা ঘটিয়ে থাকিল। চান্দা সংস্কৃতিয়ে
সমগ্ৰ অসমক চানি ধৰিলে। তাৰ পৰা অসমখন আজিও মুক্তি পাব পৰা নাই। এতিয়া প্ৰায়ভাগ ছাত্ৰ
সংগঠনসমূহৰ নেতা-পালিনেতাৰ আসনত ছাত্ৰ-ছাত্ৰীৰ সলনি মধ্য বয়সীয়া মানুহকহে দেখা যায়,
তেওঁলোকৰ বহুতৰে জীৱিকাৰ এক উপায় হপৰিল ছাত্ৰ সংগঠনৰ নেতা হৈ থকা।
৪) শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱা
১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ অবিৰতভাৱে চলা অসম আন্দোলনৰ আটাইতকৈ
বেয়া দিশ এটা হ’ল ৰাজ্যৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱা। স্কুল, কলেজ আৰু বিশেষকৈ বিশ্ববিদ্যালয়ৰ
শৈক্ষিক পৰিৱেশ এনেদৰে বিনষ্ট হৈ পৰিল যে তাক নিৰাময় কৰোঁতে দুটা দশকৰ প্ৰয়োজন হ’ল।
সেই সময়ত অসমৰ ছাত্ৰ-ছাত্ৰীয়ে সৰ্বভাৰতীয় পৰীক্ষাত ভাল ফলাফল কৰিব নোৱাৰিলে। অসমৰ পৰা
কম সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বাহিৰলৈ ওলাই যাব পাৰিলে। চৰকাৰী চাকৰিৰ সংখ্যা কমি আহিল।
বহুতে উগ্ৰপন্থী সংগঠনত যোগদান কৰে। দেশত এক নৈৰাজ্যবাদৰ সৃষ্টি হ’ল।
৫) উগ্ৰ
জাতিয়তাবাদ
অসম আন্দোলনে
জন্ম দিলে অসমৰ জাতীয় চেতনাৰে সমৃদ্ধ প্ৰথমটো আঞ্চলিক দল অসম গণ পৰিষদৰ। জন্ম হৈ ৰাজনীতিৰ
পথাৰত ভৰি থৈ নিৰ্বাচনত অৱৰ্তীৰ্ণ হ’ল আৰু নিৰ্বাচনত সংখ্যাগৰষ্ঠতা অৰ্জন কৰি চৰকাৰ
গঠন কৰিবলৈ সক্ষম হ’ল। অধিক প্ৰত্যাক্ষাৰে সাধাৰণ জনতাৰ ভোট প্ৰদানেৰে জয়লাভ কৰা চৰকাৰ
খনে নিজৰ কৰ্মদক্ষতাৰ অভাৱে আৰু বহু পৰিমাণে স্বাৰ্থান্বেষী নেতাসকলৰ কাম কাজে সাধাৰণ
জনতাৰ আঞ্চলিক চৰকাৰৰ প্ৰতি অসন্তুষ্ট হৈ পৰে।
জাতিয়তাবাদৰ নামত সুযোগ সন্ধানী কিছুমানে অনা অসমীয়াৰ ওপৰত জোৰ-জুলুম কৰিবলৈ
আৰম্ভ কৰে। কম দিনৰ ভিতৰতে আঞ্চলিক দলৰ ওপৰত মানুহৰ বিশ্বাস হেৰাই গ’ল। ১৯৮৫ চনত সংখ্যাগৰিষ্ঠতা
লাভ কৰি চৰকাৰ গঠন কৰা অগপ দলে ১৯৯১ চনত কেৱল উনৈশ খন আসন পাবলৈ সক্ষম হয়। অগপৰ পৰা
ফালৰি কাটি নতুন দল গঠন কৰা নতুন অগপ দলে কেৱল পাঁচ খন আসন লাভ কৰে। সাধাৰণ মানুহৰ
লগত বিচ্ছিন্ন হৈ আঞ্চলিক দল অগপ বিৰোধীৰ আসনত বহিব লগীয়াত পৰিল।
৬) সাম্প্ৰদায়িক সংঘাত
অসম আন্দোলনৰ সমান্তৰালভাৱে অসমৰ গাঁও আৰু
নগৰত মানুহৰ মাজত সৃষ্টি হয় সাম্প্ৰদায়ীকতা। ধৰ্মৰ ভিত্তিত বিভাজন আৰু জাতি-জনগোষ্ঠীৰ
ভিত্তিত ঘৃণাৰ ভাব চাৰিওফালে বিয়পি পৰে। নেলীত কেবা শ সন্দেহবাদী নাগৰিকৰ মৃত্যু, মঙলদৈ,
চিপাঝাৰত অসমীয়া হিন্দুৰ ঘৰ জ্বলোৱা, নিৰপৰাধী লোকক হত্য কৰা এক দুৰ্ভাগ্যজনক ঘটনা।
সৰু সৰুাকৈ বহু ঠাইত সাম্প্ৰদায়িক সংঘাতৰ সন্মুখীন হ’বলগীয়া হৈছিল। ধৰ্ম আৰু জাতি-জনগোষ্ঠীৰ
মাজত অবিশ্বাসৰ বীজ ৰোপণ হোৱাৰ পিছত আজিলৈ পৰিস্থিতিৰ পৰিৱৰ্তন নহ’ল।
৭) উন্নয়নৰ স্থবিৰতা
কেবা ডজন উগ্ৰপন্থী সংগঠনে বন্দুকৰ গুলী,
বোমাৰ আতংকত থাকিবলগীয়া অস্থিৰ সমাজ এখনত উন্নয়নৰ কথা কেনেকৈ নো ভাবিব পাৰি। গাঁৱে
গাঁৱে দেখা গৈছিল হত্যা, অপসৰণ, ধন দাবী, লুণ্ঠন। এই সকলোবোৰ দেখিও প্ৰশাসন নীৰৱ দৰ্শক
হৈ পৰিবলৈ বাধ্য হৈছিল। একবিংশ শতিকাৰ প্ৰথম দশকলৈ এই অস্থিৰতা বিৰাজ কৰিছিল। কেবাখনো
চুক্তি স্বাক্ষৰ হৈছিল। অসম আন্দোলনে যেন অসমখনক ভাগ ভাগ কৰি পেলালে। বিভিন্ন জাতি-জনগোষ্ঠী,
ধৰ্মাৱলম্বী লোকৰ মাজৰ একতা কমি গ’ল। সকলোৰে মনত সন্দেহৰ বীজ ৰোপণ হ’ল। উন্নয়নৰ স্থবিৰতা
আহি পৰিল।
অসম আন্দোলন যেন অসমৰ বাবে এক অভিশাপ স্বৰূপ। শ্বহীদ দিবসত সেয়ে অসম আন্দোলনত
নিহত ৮৫৫ জন শ্বহীদৰ ত্যাগৰ বলিদান আমি কেনেদৰে পূৰাব পাৰো তাৰ বাবে নতুনকৈ চিন্তা
কৰা প্ৰয়োজন। নহ’লে ৮৫৫ জন শ্বহীদৰ বলিদান অথলে যাব।
(ডিচেম্বৰ, ২০২৫ সংখ্যা প্ৰবাহ আলোচনীত প্ৰকাশিত)
Comments
Post a Comment