পুৱাৰ চাহ কাপ
শীতৰ আমেজভৰা নিশা পাৰ কৰি নিদ্ৰা দেৱীৰ কোলাৰপৰা উঠি দৈনন্দিন কাৰ্যসূচী আৰম্ভ হয় একাপ চাহেৰে। দেহৰ জঠৰতা, এলাহ ভাঙিবলৈ কেৱল নহয় মনৰ জঠৰতা ভাঙবলৈ চাহ কাপৰ যে কিমান প্ৰয়োজ তাক বুজাব নোৱাৰি। প্ৰায় সকলোৰে বাবে পুৱাৰ চাহ কাপ অপৰিহাৰ্য। পিছে চাহ কাপ সকলোৰে বাবে একে নহয়। মোৰ দিনটো আৰম্ভ হয় পুৱাৰ প্ৰথম কাপ গ্ৰীন টিৰে। বহুতে দিনটো আৰম্ভ কৰে একাপ গাখীৰ চাহেৰে। স্বাস্থ্যৰ প্ৰতি সচেতন লোকসকলৰ বাবে পুৱাৰ ফিকা চাহ কাপত দিয়া হয় দুটোপাল নেমু অথবা এটোপল তুলসীৰ ৰস অথবা অপৰাজিতা পাতৰ ৰস বা মৌ। চাহ কাপ কিহেৰে প্ৰস্তুত কৰা হয় সেয়া ডাঙৰ কথা নহয়, সকলোৰে দিনটো আৰম্ভ হয় নিজৰ পচন্দৰ একাপ চাহেৰে। চাহ কাপ নাপালে বহুতৰে নিত্য কৰ্ম কৰাত সমস্যা হয়। চাহ কাপ বহুতৰ বাবে এলাহ আঁতৰাই দিনটোৰ কৰ্ম ব্যস্ততাৰ প্ৰতি নিজকে প্ৰস্তুত কৰাৰ সময়। পুৱাৰ চাহ কাপতে চুমুক দি বাতৰি কাকতখন চাব পালে যেন দিনটোৰ আৰম্ভণি সৰ্বাংগ সুন্দৰ হৈ পৰে। চাহ কাপ হাতত নাপালে বাতৰি কাকত পঢ়াৰ প্ৰতিও ইচ্ছা নাথাকে।
অসমীয়া সমাজত চাহ কাপে পাকঘৰত সোমোৱা ডেৰ শতক পাৰ কৰিছে।
চাহৰ খেতি অসমত প্ৰথম আৰম্ভ কৰিছিল ১৮২৩ চনত পোন প্ৰথমে ৰবাৰ্ট ব্ৰুচে অসমৰ ভূমিত চাহ
গছ আৱিষ্কাৰ কৰে। তেতিয়াই ইংৰাজসকলে অনুমান কৰিছিল যে অসমৰ ভূমিত ভালদৰে চাহ খেতি কৰিব
পৰা যাব। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছে প্ৰথম চাবুৱাত চাহ বাগিছা পাতে ১৮৩৬
চনত। তাৰ লগে লগে আছাম টী কোম্পানী নামেৰে
প্ৰতিষ্ঠান এটাৰ জন্ম লাভ কৰে। উচ্চ মানৰ অসম চাহৰ কথা বিশ্বৰ চুকে-কোণে কম সময়তে বিয়পি
পৰে। অসমখন চাহৰ বাবে বিখ্যাত হৈ পৰে। তাৰ পিছতে চাহে আমাৰ প্ৰতিটো ঘৰতে এনেদৰে সোমাই
পৰিল যে যিকোনো আলহীকে চাহ একাপেৰে আপ্যায়ন কৰা অসমীয়া মানুহৰ সংস্কৃতিৰ এক অংগ হৈ
পৰিছে। চাহ কাপ হাতত লৈ হে সুখ-দুখৰ কথা, গভীৰ-লঘু আলোচনা আৰম্ভ হয়। বন্ধু-বান্ধৱৰ
লগত আড্ডা জমি উঠিবলৈ প্ৰয়োজন হয় গৰম চাহ একাপৰ। সৰুতে দেখিছিলোঁ আলহীক ডাঙৰ বান-বাতিত
চাহ পিবলৈ দিয়া হৈছিল। চাহত কেইটামান নিমকি ঢালি দিয়া হৈছিল। চুবুৰীৰ আইতাসকলে চাহ
আৰু নিমকি মুখত লৈ চুবুৰিৰ সমস্ত খবৰৰ আদান-প্ৰদান কৰিছিল। মোৰ আইতাক প্ৰতি আধা ঘণ্টাত
একাপকৈ চাহ লাগিছিল। প্ৰতি কাপ চাহ হ’ব লাগিছিল গাখীৰত তৈয়াৰী থক-থকিয়া চাহ। অম্বিকাগিৰি
ৰায় চৌধুৰীয়ে হেনো পঢ়া-লিখা সময়ত কেবা কাপ গৰম চাহ পিবলৈ বিচাৰিছিল। চাহ কাপ হাতত লৈ
কিমানে কবিতা, গল্প, উপন্যাস লিখিছিল হিচাপ নাই। বিশেষকৈ পুৱাৰ চাহ কাপত চুমুক দি গভীৰ
চিন্তাত নিৱেশ কৰিব পাৰি। সেই চিন্তাৰ পৰা আপুনি পাব পাৰে সমস্যা সামাধানৰ নতুন পথ।
শ্বেয়াৰ বজাৰত ক’ত বিনিয়োগ কৰিব সেই সিদ্ধান্তও পুৱাৰ চাহ কাপ হাতত লৈ ল’ব পাৰে। যোৱাবাৰ
লোকসভা নিৰ্বাচনত প্ৰচাৰ অভিযানত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিৰ চায়েপে
চৰ্চা বেছ জনপ্ৰিয় হৈ পৰিছিল। নতুন চিন্তাৰ উদ্ৰেককাৰী চাহ কাপৰ প্ৰয়োজনীয়তাৰ কথা কৈ
শেষ কৰিব নোৱাৰি।
চাহ কাপ হাতত লৈ ভাবিছোঁ ইয়াণ্ডাবু সন্ধিৰ পিছত ১৮৩৬
চনৰপৰা ইংৰাজে যদিহে অসমত চাহ খেতি আৰম্ভ নকৰিলেহেঁতেন তেতিয়া কি হ’লহেঁতেন। চাহ-জনগোষ্ঠীৰ
লোকসকলক চাহ বাগিচাৰ বাবেই বিভিন্ন ৰাজ্যৰপৰা জোৰ-জুলুমকৈ অসমলৈ আনিছিল ব্ৰিটিছসকলে।
তেওঁলোকক অতি দুখ লগাকৈ অস্বাস্থ্যকৰ পৰিৱেশত থাকিবলৈ দি অত্যধিক শ্ৰমদান কৰিবলৈ বাধ্য
কৰাইছিল। এটি কলি দুটি পাতৰ আঁৰৰ হাজাৰ কাহিনী আজিও পঢ়িবলৈ, শুনিবলৈ পাওঁ। চাহ জনগোষ্ঠীৰ সেই বেদনাদায়ক ইতিহাসৰ সাক্ষী হ’বলগীয়া
নহ’লহেঁতেন যদিহে অসমত ব্ৰিটিছে চাহ খেতি নকৰিহেঁতেন। বৰ্তমান অসমৰ মুঠ জনসংখ্যাৰ ২০%
(প্ৰায় ৭০ লাখ মানুহ) চাহ জনগোষ্ঠীৰ। তেওঁলোকৰ এটা অংশ আজিও নিষ্পেষিত, নিপীড়িত। ব্ৰিটিছে
চাহ খেতি অসমলৈ নানিলে ৭০ লাখ জনসংখ্যাৰ বোজা অসমে ল’বলগীয়া নহ’লহেঁতেন সম্ভৱ। চাহ
খেতি কৰা অঞ্চলসমূহ ওখ ঠাইত অৱস্থিত য’ত বানপানীৰ সমস্যা নাথাকে। সেই অঞ্চলত যদি বিভিন্ন
ধৰণৰ খেতি কৰিলেহেঁতেন অসমে সম্ভৱ চাহতকৈ বেছি ধন উপাৰ্জন কৰিব পাৰিলেহেঁতেন। কি হ’লহেঁতেন
সেইবোৰ চিন্তা কৰি আজি কোনো লাভ নাই।
অসমৰ প্ৰথমজন চাহ খেতিয়ক মণিৰাম দেৱানে দুখনকৈ চাহ বাগিছা খুলিছিল। সম্ভৱ অসমীয়া মানুহক চাহৰ সোৱাদ ল’বলৈ শিকায় মণিৰাম দেৱানে। কিছু দিনৰ আগৰ সমীক্ষা মতে ৰাজ্যত প্ৰায় ৮০০ খন চাহ বাগিছা আছে। প্ৰায় ১০ লাখ একৰ ভূমিত চাহ খেতি কৰা হয়। ভাৰতত উৎপাদন হোৱা চাহৰ ২৬ শতাংশ চাহ উৎপাদন কৰে এই ডাঙৰ চাহ বাগানবোৰে। ইয়াৰ লগে লগে ক্ষুদ্ৰ চাহ খেতিয়কৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব ধৰিছে। ৰাজ্যখনত বছৰি উৎপাদন হোৱা চাহৰ পৰা গুৱাহাটী চাহ নিলাম কেন্দ্ৰই মুঠ ৩৮৫০ কোটি টকাৰ চাহ বিক্ৰী কৰিবলৈ সক্ষম হয়। কিন্তু চাহ বাগিছাত হাড় ভগা শ্ৰম কৰি থকা চাহ শ্ৰমিকৰ সমস্যাৰ যেন অন্ত নাই। যেতিয়ালৈকে চাহ বাগিছা থাকিব তেতিয়ালৈ চাহ শ্ৰমিকো থাকিব। ইয়াৰ মাজতো চাহ শ্ৰমিকৰ বাবে এটা সুখবৰ হ’ল যে অসম বিধানসভাত চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদান সম্পৰ্কীয় এখন বিধেয়ক গৃহীত হয়। ভূমিৰ উৰ্ধসীমা নিৰ্ধাৰণ আৰু স্বত্বপ্রদান সংশোধনী বিধেয়ক ২০২৫ শীর্ষক এই বিধেয়কৰ জৰিয়তে বাগিচাৰ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। এই সিদ্ধান্ত নিশ্চয়কৈ আদৰণীয়। পুৱাৰ চাহত চুমুক দি বাতৰি কাকতত চাহ শ্ৰমিকৰ এই সুখবৰটো পঢ়ি আনন্দিত হৈছোঁ। আজিৰ চাহ কাপৰ সোৱাদ যেন আনদিনাখনতকৈ বেছি তেনে অনুভৱ হ’ল। ইয়াৰ লগতে এটা কথা যোগ দিব লাগিব - চাহ শ্ৰমিকৰ উন্নতিৰ হকে কৰিবলগীয়া বহু কাম যেন আজিও বাকী আছে।
Comments
Post a Comment