Posts

Showing posts from December, 2025

শ্বহীদ দিৱসৰ চিন্তা

  দহ ডিচেম্বৰ। অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু দিৱস। খৰ্গেশ্বৰ তালুকদাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী আছিল। অসম আন্দোলনৰ আৰম্ভণি কালতে ১৯৭৯ চনৰ ১০ ডিচেম্বৰ তাৰিখে লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলত বাধা দিবলৈ গৈ পুলিচৰ গুলীত তেওঁ নিহত হৈছিল। ছয় বছৰীয়া আন্দোলনৰ কালছোৱাত ৮৫৫ জন শ্বহীদে আইমাতৃৰ বাবে প্ৰাণত্যাগ কৰিবলগীয়া হয়। বিদেশী বহিষ্কাৰৰ দাবীত বিশ্ব কপোৱা অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদৰ ত্যাগৰ দিনটোতে শ্বহীদ দিৱস হিচাপে পালন কৰি অহা আজি চল্লিশ বছৰে হ’ল। শ্বহীদ দিবস আহিলেই আমাৰ সকলোৰে মনলৈ আহে বিশ্ব কপোৱা অসম আন্দোলনলৈ। ১৯৭৮ চনত মঙলদৈ উপ-নিৰ্বাচনৰ সময়ছোৱাত প্ৰকাশ হোৱা সংশোধিত ভোটাৰ তালিকাত প্ৰকাশ পাইছিল প্ৰায় সত্তৰ হাজাৰ সন্দেহযুক্ত অবৈধ বিদেশী ভোটাৰৰ নাম। তাৰ পিছতে বহুতৰে চকু মেল খাইছিল। কাৰণ নামনি অসম আৰু বৰাক উপত্যকাৰ প্ৰতিটো সমষ্টিতে বহু সংখ্যক সন্দেহযুক্ত বিদেশীৰ নাম ভোটাৰ তালিকাত ইতিমধ্যে সন্নিবিষ্ট হৈছিল। সেই কথাবোৰ লাহে লাহে মানুহৰ চকুত পৰে। খিলঞ্জীয়া অসমীয়াসকল চিন্তিত হৈ পৰে, তেওঁলোকৰ মাজত অস্তিত্বৰ সংকটে দেখা দিয়ে। ইয়াৰ লগে লগে আৰম্ভ হয়...

পুৱাৰ চাহ কাপ

  শীতৰ আমেজভৰা নিশা পাৰ কৰি নিদ্ৰা দেৱীৰ কোলাৰপৰা উঠি দৈনন্দিন কাৰ্যসূচী আৰম্ভ   হয় একাপ চাহেৰে। দেহৰ জঠৰতা, এলাহ ভাঙিবলৈ কেৱল নহয় মনৰ জঠৰতা ভাঙবলৈ চাহ কাপৰ যে কিমান প্ৰয়োজ তাক বুজাব নোৱাৰি। প্ৰায় সকলোৰে বাবে পুৱাৰ চাহ কাপ অপৰিহাৰ্য। পিছে চাহ কাপ সকলোৰে বাবে একে নহয়। মোৰ দিনটো আৰম্ভ হয় পুৱাৰ প্ৰথম কাপ গ্ৰীন টিৰে। বহুতে দিনটো আৰম্ভ কৰে একাপ গাখীৰ চাহেৰে। স্বাস্থ্যৰ প্ৰতি সচেতন লোকসকলৰ বাবে পুৱাৰ ফিকা চাহ কাপত দিয়া হয় দুটোপাল নেমু অথবা এটোপল তুলসীৰ ৰস অথবা অপৰাজিতা পাতৰ ৰস বা মৌ। চাহ কাপ কিহেৰে প্ৰস্তুত কৰা হয় সেয়া ডাঙৰ কথা নহয়, সকলোৰে দিনটো আৰম্ভ হয় নিজৰ পচন্দৰ একাপ চাহেৰে। চাহ কাপ নাপালে বহুতৰে নিত্য কৰ্ম কৰাত সমস্যা হয়। চাহ কাপ বহুতৰ বাবে এলাহ আঁতৰাই দিনটোৰ কৰ্ম ব্যস্ততাৰ প্ৰতি নিজকে প্ৰস্তুত কৰাৰ সময়। পুৱাৰ চাহ কাপতে চুমুক দি বাতৰি কাকতখন চাব পালে যেন দিনটোৰ আৰম্ভণি সৰ্বাংগ সুন্দৰ হৈ পৰে। চাহ কাপ হাতত নাপালে বাতৰি কাকত পঢ়াৰ প্ৰতিও ইচ্ছা নাথাকে।           অসমীয়া সমাজত চাহ কাপে পাকঘৰত সোমোৱা ডেৰ শতক পাৰ কৰিছে। চাহৰ খেতি অসমত প্ৰথম আৰম্ভ কৰিছিল ১৮২৩...