ভাৰতীয় সমাজ জীৱনত এটা বগা বাঘৰ কাহিনী

 জীৱনৰ প্ৰথম উপন্যাসখন প্ৰকাশ কৰাৰ কেইটামান মাহৰ ভিতৰতে বুকাৰ পুৰস্কাৰৰ দৰে সন্মানীয় আন্তৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰায় অসম্ভৱ কথা। তেনে এক কথাই সম্ভৱ কৰি তুলিছিল ২০০৮ চনত ভাৰতীয় লেখক অৰবিন্দ আদিগাই। ১৯৭৪ চনত চেন্নাইত জন্মলাভ কৰা অৰবিন্দ আদিগা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত পৰিয়ালৰ সতে চিডনিত থাকিবলৈ লয় আৰু তাৰ পিছত নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত ইংৰাজী বিষয়ত অধ্যয়ন কৰে। আদিগাই শিক্ষা সমাপ্ত কৰি দ্যা ফাইনেন্সিয়েল টাইমচ কাকতত সাংবাদিকতাৰ কামত নিয়োজিত হয়। ২০০৩ চনত আদিগা আমেৰিকাৰ পৰা ভাৰতলৈ আহি দিল্লীত একেখন কাকতৰ দক্ষিণ ভাৰতৰ বাতৰি যোগান ধৰোতা হিচাপে যোগদান কৰে। ২০০৬ চনত আদিগাই কাকতৰ সাংবাদিকতাৰ চাকৰি এৰে আৰু মুম্বাইত থাকি নিজাববীয়াকৈ লেখা কাম কৰি যাবলৈ আৰম্ভ কৰে।

’দ্যা হোৱাইট টাইগাৰ’ হ’ল তেখেতৰ প্ৰথমখন উপন্যাসখন। ২০০৮ চনত প্ৰকাশ পোৱা উপন্যাসখনে সেই একেটা বছৰতে সন্মানীয় বুকাৰ পুৰস্কাৰ পাবলৈ সক্ষম হয়। তেতিয়াহে আদিগাৰ বিষয়ে ভাৰতীয় আৰু অন্যান্য দেশৰ পঢ়ুৱৈ সমাজে জানিবলৈ পায়। উপন্যাসখনে বুকাৰ পুৰস্কাৰ লাভ কৰাৰ অতি কম সময়ৰ ভিতৰতে বিশ্বত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়। উপন্যাসখন দ্যা নিউইৰ্ক টাইমচৰ বেষ্ট চেলাৰ হিচাপেও পৰিগণিত হয়। আদিগা হ’ল বুকাৰ পুৰস্কাৰপ্ৰাপ্ত সকলৰ ভিতৰত দ্বিতীয় কনিষ্ঠ লেখক আৰু চতুৰ্থজন লেখক যাৰ প্ৰথমখন উপন্যাসে বুকাৰ পাবলৈ সক্ষম হৈছে। পুৰস্কাৰ লাভ কৰাৰ সময়ত আদিগাৰৰ বয়স আছিল ৩৩ বছৰ। তেওঁৰ আগত কেৱল চাৰিজন ভাৰতীয়ই যথাক্ৰমে ভি এছ নাইপাৰ, চলমান ৰুছদি, অৰুন্ধতি ৰয় আৰু কিৰণ দেশাই বুকাৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। গ্ৰন্থখন প্ৰকাশ পোৱাৰ কিছুদিন পিছতে গ্ৰন্থখনকলৈ বিশ্বৰ সমালোচক দুভাগ হৈ পৰে। কিছুমানে আদিগাক ভাৰতৰ এক অন্ধকাৰময়, পুতিগন্ধময় সমাজব্যৱস্থাক সাহসেৰে উদঙাই দেখুৱাবলৈ সক্ষম হোৱা বুলি যথেষ্ট উৎসাজনক মন্তব্য আগ বঢ়ায়। কিছুমান সমালোচকে পিছে আদিগাক কঠোৰভাৱে সমালোচনা কৰে – আন্তৰ্জাতিক প্ৰেক্ষাপতত ভাৰতীয় সমাজৰ কেৱল ঋণাত্মক ছবিখন উন্মুক্ত কৰি ভাৰতক হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা বুলি বহুতে অভিযোগ আনে। দুয়ো পক্ষৰ সত্যা সত্য বিচাৰ নকৰাকৈ উপন্যসখন পঢ়ি এটা কথা ক’ব পাৰি যে লক্ষণগড়ৰপৰা ধানবাদহৈ ৰাজধানী দিল্লী আৰু তাৰ পিছত বাঙ্গালোৰ – উপন্যাসৰ মুখ্য চৰিত্ৰ বলৰামৰ এই সুদীৰ্ঘ যাত্ৰা পথত পঢ়ুৱৈৰ মনত ভাৰতৰ প্ৰচলিত ৰাজনৈতিক, সমাজিক ব্যৱস্থাক লৈ নানান অস্বস্তিকৰ প্ৰশ্নৰ উদয় হ’ব।  

     এজন ৰিক্সা চালকৰ পুত্ৰ বলৰাম হালওৱাই গয়াৰ লক্ষণগড় নামৰ গাঁৱত যৌথ পৰিয়ালত জন্মলাভ কৰিছিল। স্কুলত পঢ়ি থাকোঁতে স্কুল পৰিদৰ্শকে এবাৰ বলৰামৰ বুদ্ধি-বৃত্তি দেখি দুষ্প্ৰাপ্য আৰু বুধিয়ক শ্বেত বাঘৰ সতে ৰিজাইছিল। বুদ্ধিমান ছাত্ৰ হোৱাৰ পিছতো ঘৰখনৰ অভাৱৰ বাবে স্কুল এৰি ভায়েকৰ লগত ধানবাদৰ এখন চাহ দোকানত কাম কৰিবলগীয়া হয়। চাহ দোকানত বিভিন্নজনৰ কথা-বতৰা শুনি বলৰামৰ মনত এক ধাৰণা জন্মে যে যদিহে এই সমাজৰ কদৰ্যময় পৰিৱেশৰ পৰা ওলাব লাগে তেনেহ’লে কোনো চাহাবৰ গাড়ীৰ ব্যক্তিগত ড্ৰাইভাৰ হৈ চহৰলৈ ওলাই যোৱা উচিত হ’ব। সেয়ে আইতাকৰ পৰা টকা ধাৰ লৈ এখন ড্ৰাইভিং স্কুলত গাড়ী চলাব শিকবলৈ লয়। আইতাকৰ চৰ্ত এটাই আছিল যে ড্ৰাইভাৰৰ চাকৰি পালে প্ৰতি মাহে দৰমহা ঘৰলৈ পঠাব লাগিব। ড্ৰাইভিং শিকি বলৰাম চাকৰি বিচাৰিবলৈ লয়। লক্ষণগড়ৰ জমিদাৰৰ ঘৰৰ সন্তান অশোকে কেইদিনমান আগতে সদ্য বিবাহিতা পত্নী পিঙ্কী মেডামৰ সতে চহৰত থাকিবলৈ লয়। অশোকৰ ব্যক্তিগত গাড়ী চালক হিচাপে বলৰাম কাম কৰিবলৈ লয়। কামৰ মাজতে আইতাকক এবাৰ দৰমহাৰ টকা দি আহে। অশোকৰ ঘৰত থাকিয়ে বলৰামে দেখিলে অন্য এখন জগত। কয়লাৰ অবৈধ ব্যৱসায় কৰি চৰকাৰক কোনো ৰয়েল্টি নিদিয়াকৈ, ৰাজনীতিবিদসকলক মেনেজ কৰি ধন ঘটাৰ কাহিনী চকুৰ আগতে দেখা পালে বলৰামে। কয়লা খনিত দিনৰ দিনটো কাম কৰি সিহঁতৰ গাঁৱৰ মানুহে ভালদৰে দুসাঁজ খাবলৈ নাপায়। অথচ অশোকৰ দেউতাকৰ দৰে মানুহে কয়লাৰ অবৈধ ব্যৱসায়েৰে ধন-সম্পদৰ পাহাৰ গঢ়ে।

তেনে সময়তে অশোকৰ দেউতাকৰ সতে ৰাজনৈতিক নেতাজনৰ ব্যৱসায় সংক্ৰান্তত মনোমালিন্য ঘটে। দেশৰ ৰাজধানী চহৰত ৰাজনৈতিক নেতাক সৈমান কৰাবলৈ অশোক আৰু তেওঁৰ পত্নীক দিল্লীলৈ পঠাব লগা হ’ল। তেওঁলোকৰ লগত গাড়ী চালক হিচাপে বলৰামে দিল্লী যাবলৈ সুবিধা পালে। ৰাজধানীত ক’ত কেনেকৈ টকা ঢালি কাম আদায় কৰিব লাগে অশোকৰ লগতে বলৰামেও শিকিলে। দিল্লীত থকা সময়তে জন্মদিন উদযাপনৰ আনন্দত পিঙ্কীয়ে মাজনিশা ৰাজপথত খোজকাঢ়ি থকা শিশু এটিক নিজৰ গাড়ীখনেৰে খুন্দিয়ায়, শিশুটিৰ মৃত্যু হয়। বলৰামে দুয়োকে বুজাই বঢ়াই আৰক্ষীক কোনো খবৰ নিদিয়াকৈ গুচি আহে। সেই ঘটনাৰ পিছতে অশোক আৰু পিঙ্কীৰ মাজত দূৰত্ব বাঢ়ি আহে। অশোকে বেছিকৈ মদ খাবলৈ লয়। এদিন পিঙ্কী অশোকক একো নজনোৱাকৈ আমেৰিকালৈ গুচি যায়। অশোক মদ আৰু ব্যৱসায়ৰ অনৈতিক কামৰ মাজত দিশহাৰা হৈ পৰে। দিল্লীত থকা সময়তে বলৰামৰ মনত অপৰাধ প্ৰৱণতাই জন্ম পালে। তাৰ মানসিক জগতখনলৈ নতুন নতুন চিন্তাই আগুৰি ধৰে। বলৰামৰ মতে ভাৰতৰ দৰে এখন দেশত, ৭০% খাটি খোৱা মানুহৰ দুৰ্ভাগ্যৰ মূল কাৰণ হ’ল ধনীক শ্ৰেণীৰ অধীনত দাস হৈ থকাৰ প্ৰবৃত্তি। সি ভাবে সমগ্ৰ দেশ দুটা ভাগত বিভক্ত – এফালে অত্যধিক ভোগ কৰি শকত হৈ পৰা লোকৰ ভাৰত আৰু আনফালে ভোকাতুৰ, শুকাই ক্ষীণাই যোৱা লোকৰ ভাৰত। জাতি, ধৰ্ম, লিংগ আৰু শ্ৰেণী বিভাজনে বাৰে বাৰে তেওঁলোকৰ জীৱনলৈ আনিছে শোষণ আৰু নিপীড়ণ। তাৰ আৰু অশোকৰ মাজৰ ব্যৱধান সি বুজি পায়। তাৰ কাৰণো শোষণ আৰু শ্ৰেণী বিভাজন বুলি ভাবে। তাক স্বাধীনতা লাগে। তাক অশোকৰ দৰে উপভোগ কৰিব পৰা জীৱন এটা লাগে। সি অশোকক হত্যা কৰি টকাৰে পূৰ্ণ বেগ লৈ উধাও হ’বলৈ পৰিকল্পনা কৰে। সেই সময়তে আইতাকে তাৰ ভতিজাকক দিল্লীলৈ পঠিয়াই দিয়ে। বলৰামে পৰিকল্পনা মতে অশোকক হত্যা কৰি টকাৰ বেগ আৰু ভতিজাকক লগতলৈ বাঙ্গালোৰলৈ পলাই যায়। সি জানে যে অশোকৰ পৰিয়ালে তাক বিচাৰি গোটেই দেশ চলাথ কৰিব আৰু তাক বিচাৰি নাপালে তাৰ পৰিয়ালৰ সকলো সদস্যক হত্যা কৰিব। তথাপি সি অশোকক হত্যা কৰে। বাঙ্গালোৰ পাই সি এটা টেক্সী কোম্পানী খুলি কল চেণ্টাৰসমূহত টেক্সী ভাৰাত দিবলৈ ধৰে। কম সময়ৰ ভিতৰতে বলৰাম মালিক হৈ পৰিল। কাহিনীটো শেষ হয় বলৰামে চীনৰ ৰাষ্ট্ৰপতি ৱেন জীৱাব’ লৈ লেখা চিঠি এখনত। চিঠিখনত বলৰামে তাৰ জীৱনত ঘটা সকলো কাহিনী লেখে আৰু উপদেশ দিয়ে যে যদিহে ভাৰতক চিনিব লাগে বলৰামৰ কাহিনীক ভালদৰে বুজা উচিত। ভাৰতৰ ৰাজনীতিবিদসকলৰ কোনো কথাতে যেন তেওঁ বিশ্বাস নকৰে।

             অভাৱ অনাটনৰ মাজত ডাঙৰ হৈ মুন্না যেতিয়া বলৰাম ড্ৰাইভাৰ হৈ উঠে তেতিয়াই বলৰামে অনুভৱ তাৰ আৰু মালিকৰ মাজৰ শ্ৰেণী বৈষম্য। সেই বৈষম্য দূৰ কৰিবলৈ ড্ৰাইভাৰৰপৰা প্ৰতিষ্ঠানৰ মালিকলৈ বলৰামৰ এই উত্থান এক ৰূপকৰ দৰে লেখকে ব্যৱহাৰ কৰে। বলৰামৰ এই উত্থান সকলো শ্ৰমজীৱীলোকৰ সমূহীয়া মুক্তিৰ সংগ্ৰাম নহয়, এই সংগ্ৰাম যেন বলৰামৰ ব্যক্তিকেন্দ্ৰিক সংগ্ৰাম। বলৰাম নিজে যি শোষণতন্ত্ৰৰ হাতোৰাত নিৰ্যাতিত হৈছিল আৰু স্বাধীন হৈ পিছলৈ তেনে এক ব্যৱস্থাক শোষণমুক্ত কৰি নিজে মালিক হৈ পৰে। বলৰামে স্কুলীয়া শিক্ষা আধাতে এৰাৰ ফলত বহু কথাই নজনা হৈ আছিল, আনকি নিজৰ অধিকাৰ সম্পৰ্কে। বলৰামৰ ৰাজনীতিৰ প্ৰতি আছিল বিতৃষ্ণা, তেনেদৰে সি ভাল নাপাইছিল বাওপন্থী বিচ্ছিন্নতাবাদী সংগঠনক। লেখকে বলৰামক প্ৰান্তীয়, নিম্নবৰ্গীয় সমাজ এখনৰ প্ৰতিনিধি হিচাপে অংকন কৰিছে। তাৰ দৰে শোষণৰ বলি হোৱা প্ৰতিজনে নিজৰ পৰিয়ালৰ নিয়ন্ত্ৰণত থাকে আৰু সিহঁতে কি কাম কৰি জীয়াই থাকিব সমাজে তাক নিৰূপণ কৰে। গতিকে তাৰ দৰে প্ৰান্তীয়, নিম্নবৰ্গৰ প্ৰতিজন সদস্যৰ ব্যক্তি স্বাধীনতা নাথাকে। বলৰামে সেয়েহে স্বাধীন হ’ব বিচাৰিলে, প্ৰয়োজন হ’লে নিজৰ মালিকক হত্যা কৰি।

        মানৱীয় প্ৰমূল্যবোধৰপৰা আঁতৰি, পৰিয়ালৰ সদস্যক মৃত্যুৰ মুখলৈ ঠেলি নিজে স্বাধীন হৈ জীৱন উপভোগ কৰা বলৰামৰ নিজৰ অপকৰ্মৰ বাবে কোনো আক্ষেপ নাই। হোৱাইট টাইগাৰ হ’বলৈ নিজৰ পৰিয়ালৰ সদস্যকো শত্ৰুৰ হাতত উচ্ছৰ্গা কৰিবলৈ সি কুণ্ঠাবোধ নকৰে। বলৰামৰ কাহিনীত পোৱা যায় ভাৰতীয় সমাজৰ শোষিত, নিৰ্যাতিত নিম্নবৰ্গৰ এজন সদস্যৰ মালিক হোৱাৰ লিপ্সা আৰু অন্তৰত সৃষ্টি হোৱা অপৰাধ প্ৰৱণতা। হোৱাইট টাইগাৰ যেনেদৰে দুষ্প্ৰাপ্য, বুদ্ধিমান আৰু নিষ্ঠুৰ, আমাৰ দেশত নিম্নবৰ্গৰ নিষ্পেষিত এজনে শোষনতন্ত্ৰ ভাঙি স্বাধীন হৈ জীৱন উপভোগ কৰাও তেনে এক দুষ্প্ৰাপ্য, বুদ্ধিমান আৰু নিষ্ঠুৰ ব্যক্তিৰ বাবেহে সম্ভৱ। হোৱাইট টাইগাৰক ৰূপক হিচাপে লেখকে সুন্দৰভাৱে প্ৰয়োগ কৰিব পাৰিছে। আদিগাই বলৰামৰ চৰিত্ৰৰ মাজেৰে সমকালিন ভাৰতীয় ৰাজনীতিৰ ফোঁপোলা স্বৰূপ উদঙাই দিবলৈ সক্ষম হৈছে। বলৰামৰ চীন দেশৰ প্ৰতি  আকৰ্ষণৰ কাৰণ হৈছে এচিয়াৰ অন্য দেশবোৰৰ দৰে চীনে কোনো দিনে ইউৰোপীয় দেশৰ আনুগত্য প্ৰকাশ কৰি দাসত্ব স্বীকাৰ কৰা নাছিল যাৰ বাবে আজি চীনে বিশ্বত নিজৰ স্থান সবলভাৱে প্ৰতিষ্ঠা কৰিব পাৰিলে।                  

            দ্যা হোৱাইট টাইগাৰ উপন্যাসৰ কাহিনীৰ আধাৰত  ২০২১ চনত ৰমিন বাহৰানিয়ে একে নামেৰে চিনেমা নিৰ্মাণ কৰে। চিনেমাখনৰ মুখ্য চৰিত্ৰ বলৰামৰ চৰিত্ৰত অভিনয় কৰে আদৰ্শ গৌৰৱে, অশোকৰ চৰিত্ৰত অভিনয় কৰে ৰাজকুমাৰ ৰাৱে আৰু পিঙ্কীৰ চৰিত্ৰত অভিনয় কৰে প্ৰিয়ংকা চোপ্ৰাই। চিনেমাখন নেটফ্লিক্সত উপভোগ কৰিব পাৰে।   

(৭ ছেপ্তেম্বৰ, ২০২৫ অসমীয়া প্ৰতিদিন)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা