মন-কথা-৩: জীৱনৰ দ্বিতীয় ইনিংছ

 

সিদিনাহে চাকৰিত সোমোৱা যেন অনুভৱ হয় যদিও হিচাপ কৰি দেখিলোঁ যে মোৰ চকাৰি জীৱনৰ ৩২টাকৈ বছৰ সমাপ্ত হ’বৰ হ’ল। অৱসৰলৈ কেৱল আঢ়ৈ বছৰহে বাকী ৰৈছে। জীৱনৰ দ্বিতীয় ইনিংছক লৈ মনলৈ কিছুমান চিন্তা প্ৰায়ে আহিবলৈ লৈছে। চিন্তা অহাতো তেনেই স্বাভাৱিক।  অৱসৰ লোৱা বহু চাকৰিয়ালক দেখিছোঁ। অৱসৰৰ পাছত তেওঁলোকে কি কি সমস্যাত ভুগিছে তাকো লক্ষ্য কৰিছোঁ। প্ৰথম চিন্তা মনলৈ আহে অৱসৰৰ পিছত কিমান বছৰ জীয়াই থাকিম। এইখিনিতে উল্লেখ কৰিব পাৰি যে ১৮০০ চনত ভাৰতীয় নাগৰিকৰ গড় আয়ুস আছিল মাত্ৰ ২৪ বছৰ। ১৯২০ চনলৈ গড় আয়ুস ২৫ বছৰৰ ভিতৰতে থাকিল, কোনো উন্নতি নহ’ল। গড় আয়ুস কম হোৱাৰ কাৰণ হিচাপে ক’ব পৰা যায় শিশুৰ বৰ্ধিত মৃত্যুৰ হাৰ, গৰ্ভৱতী মহিলাৰ সন্তান জন্মৰ সময়ত মৃত্য, দুৰ্ভীক্ষ আৰু পুষ্টিহীনতাত মৃত্য, যুদ্ধত মৃত্যু, জীৱন দায়িনী ঔষধৰ অভাবৰ বাবে সাধাৰণ বেমাৰত মৃত্যু, চিকিৎসা ব্যৱস্থাৰ প্ৰতি ব্ৰিটিছ চৰকাৰ উদাসিনতা আদি উল্লেখযোগ্য। স্বাধীনতা লাভৰ সময়ত গড় আয়ুস বৃদ্ধি হৈ হয়গৈ ৩২ বছৰ। ১৯৯৩ চনত মই চাকৰিত সোমোৱা বছৰত হ’ল ৬০ বছৰ। আজি ৭২ বছৰ হ’ল। শাৰীৰিক ব্যায়াম, নিয়মিত আৰু পৰিমিত ভোজন কৰিব পাৰিলে সহজে ৮০ বছৰীয়া জীৱন লাভ কৰিব পাৰি। ৮০ বছৰ কিয় উন্নত চিকিৎসা ব্যৱস্থাৰে ৯০ৰ দেওনা পাৰ কৰাও বহুতৰ বাবে সম্ভৱ হ’ব। এইখিনিতে এটা প্ৰশ্ন মনলৈ আহে যে ব্যয়বহুল চিকিৎসা ব্যৱস্থা, বেঙ্কৰ সুদৰ হাৰ হ্ৰাস পোৱা, মুদ্ৰাস্ফীতিৰ কথা মনত ৰাখি অৱসৰৰ সময়ত কিমান টকা বেঙ্কত জমা ৰাখিব লাগে। তেতিয়াই চিন্তাৰ বেগ বাঢ়ি যায়। কিয়নো মধ্যবিত্ত পৰিয়ালৰ অধিকসংখ্যকৰে চাকৰি জীৱনত বিয়া, সন্তানৰ শিক্ষা আৰু থাকিবলৈ ঘৰ এটা নিৰ্মাণ কৰালৈ উপাৰ্জনৰ সকলোখিনি ব্যয় কৰিবলগীয়া হয়। মোৰ দৰে দুৰ্ভগীয়া চাকৰিয়ালে বেঙ্কৰ বৃহৎ পৰিমাণৰ ঋনৰ বোজা লৈ অৱসৰ ল’বলগীয়া হয় বা হ’ব। তেনে পৰিস্থিতিত অৱসৰৰ পাছৰ ২০ বা ২৫ বছৰ কেনেদৰে পাৰ কৰিব পৰা যায় সেয়া এক প্ৰশ্ন হৈয়ে মনত থাকি যায়। সাধাৰণতে মহিলাৰ গড় আয়ুস তিনি-চাৰি বছৰ বেছি আৰু স্বামীতকৈ বয়সত সৰু হয়। পুৰুষজনৰ মৃত্যুৰ পিছতো তেওঁৰ পত্নী ৬-১০ বছৰ অধিক কাল জীয়াই থাকিব বুলি ভাবিও কিছু টকা বেঙ্কত ৰাখিব লাগে। এই চিন্তাবোৰ মনলৈ আহে বাবেই হয়তো কিছুমান চাকৰিয়াল অৱসৰৰ আগে আগে দুৰ্নীতিত লিপ্ত হোৱা দেখা যায় (তেনে চিন্তা বাৰু মোৰ মনলৈ এতিয়াও অহা নাই)। মাহিলি পেঞ্চনৰ সুবিধা নথকা চাকৰিয়ালৰ ক্ষেত্ৰত অৱসৰ জীৱনৰ সমস্যা অধিক গুৰুতৰ হোৱা পৰিলক্ষিত হয়। বিশেষকৈ কৃষীজীৱী, শ্ৰমজীৱী আৰু সৰু সৰু ব্যৱসায় কৰা লোকসকল এটা বয়সৰ পিছত কাম কৰিবলৈ এৰি দিবলৈ বাধ্য হয়। তেওঁলোকে অৱসৰী জীৱনটো সন্তানৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হয়। স্বাভাৱিকতে পুষ্টিকৰ খাদ্য আৰু নিয়মিত ঔষধ সেৱনত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। ইয়াৰ সমাধান সূত্ৰ উলিয়াবলৈ চিন্তা কৰা উচিত।  

       কিছুমান চাকৰিজীৱী মানুহৰ প্ৰধান সমস্যা হ’ল শিপাৰপৰা বিচ্ছিন্ন হৈ পৰা। বন্ধু-বান্ধৱ, সমাজ, আনকি নিজৰ আত্মীয়স্বজনৰ স’তে বিচ্ছিন্নহৈ কেৱল চাকৰিটোকে একমাত্ৰ জীৱন হিচাপে আঁকোৱালি লয়। অৱসৰৰ দিন অহাৰ লগে লগে কেনেকৈ চাকৰিকাল বৃদ্ধি কৰিবপৰা যায় তাৰ চিন্তাত থাকে। অৱসৰৰ দিনা বুজি পায় যে তেওঁৰ কাষত কোনো নাই। তেওঁ অৰ্জন কৰা ধন-সম্পত্তি মূল্যহীন হৈ পৰে। তেতিয়া সমাজে বা বন্ধু-বান্ধৱে তেওঁক সহজভাৱে নলয়।    

       আজি ভাৰতৰ ১৪০ কোটি জনসংখ্যাৰ দহ শতাংশ অৰ্থাৎ ১৪ কোটিয়ে হ’ল ৬০ বছৰ অতিক্ৰম কৰা জ্যেষ্ঠ নাগৰিক। অনাগত ১০ বছৰত জ্যেষ্ঠ নাগৰিকৰ সংখ্যা মুঠ জনসংখ্যাৰ ১২%লৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। যোৱা পাঁচটা দশকৰ ভিতৰত দেখা গৈছে সমাজত যৌথ পৰিয়ালসমূহ একক (নিউক্লিয়াছ) পৰিয়াললৈ পৰিৱৰ্তন ঘটে আৰু আঠ-দহটা সন্তানৰ পৰিৱৰ্তে পৰিয়ালত জন্ম পাবলৈ ধৰে এটা বা অতি বেছি দুটা সন্তান৷ আগেয়ে যৌথ পৰিয়ালত বয়োজ্যেষ্ঠজনক চাবলৈ বহুত মানুহ আছিল। এতিয়া এটা বা দুটা সন্তানকে পিতৃ-মাতৃয়ে উচ্চ শিক্ষাৰ বাবে দূৰলৈ পঠিয়ায়৷ ৰাজ্যৰ বাহিৰত বা বিদেশত সংস্থাপিত হয়৷ ফলস্বৰূপে বয়জ্যেষ্ঠজনক চাবলৈ, চিকিৎসালয়লৈ নিবলৈ, সহায়ৰ হাত আগ বঢ়াবলৈ কোনো নোহোৱাৰ দৰে হৈ পৰিছে। ৰক্ষকে ভক্ষক হোৱাৰ দৰে সহায়কাৰী মানুহে মালিকক হত্যা কৰি ধন লুটি নিয়া বহু ঘটনা দেখিবলৈ পোৱা গৈছে। অপৰাধীৰ বাবে বৃদ্ধ দম্পতীসকল হ’ল চফ্ট টাৰ্গেট৷  

জ্যেষ্ঠ নাগৰিকৰ এক তৃতীয়াংশই আজি একাকীত্বত ভুগি বিষাদগ্ৰস্ততাৰ সন্মুখীন হৈছে৷ চিকিৎসা, স্বাস্থ্য সচেতনতা, সুৰক্ষা প্ৰদান আৰু একাকীত্ব দূৰ কৰিবলৈ বৃদ্ধাশ্ৰম এক বিকল্প হিচাপে থিয় দিছে। প্ৰতিখন উন্নত দেশত জ্যেষ্ঠ নাগৰিকৰ বাবে একেলগে থাকিবপৰাকৈ উমৈহতীয়া ঘৰ নিৰ্মাণ কৰা হৈছে৷ পিছে আজিও আমাৰ চিন্তাধাৰাৰ পৰিৱৰ্তন হোৱা নাই৷ বৃদ্ধাশ্ৰমত থকাটো দুৰ্ভাগ্যজনক বুলিয়ে ভাবে। হাজাৰ বছৰীয়া সনাতন ধৰ্ম অনুযায়ী ৬০ বছৰ বয়সৰ পিছত মানুহে বানপ্ৰস্থ গ্ৰহণ কৰি অৰণ্যত থাকিব লাগে – acquitance with natureৰ বাবে। ইয়াৰ কিছু বছৰ পাছতে সন্ন্যাস ধৰ্ম পালন কৰিবলৈ সময় হ’য় - সকলো মায়া-মোহ পৰিত্যাগ কৰাৰ সময়। গতিকে বৃদ্ধাশ্ৰমসমূহ নগৰৰপৰা আঁতৰত প্ৰাকৃতিক পৰিৱেশৰ মাজত পাতিব পাৰে।

বৃদ্ধাৱস্থাৰ নিসংগতা দূৰ কৰিবলৈ শেহতীয়াকৈ বিদেশত এটা নতুন ধাৰণা গঢ় লৈ উঠিছে, সেয়া হৈছে ’টাইম বেঙ্ক’৷  টাইম বেঙ্কৰ চিন্তা প্ৰথমবাৰ মনলৈ আহিছিল আমেৰিকাৰ ড° এডগাৰ ষ্টুৱাৰ্ট কানৰ৷ ১৯৮০ চনত তেখেত হৃদৰোগত আক্ৰান্তহৈ এটা জটিল অস্ত্ৰোপচাৰৰ সন্মুখীন হৈছিল৷ হাস্পতালত থকা সময়ত তেওঁ অনুভৱ কৰা নিসংগতা কেনেকৈ দূৰ কৰিব পাৰি তাৰে উপায় বিচাৰিলে৷ বিছনাত অসহায় হৈ পৰি থকা সময়ত কোনোবা এজনৰ মাত এষাৰে ৰোগীজনক মানসিকভাবে কিমান উৎসাহ দিব পাৰে, জীয়াই থকাৰ প্ৰতি আগ্ৰহ জন্মাব পাৰে তাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি৷ যিজন ব্যক্তিয়ে নিজৰ মূল্যবান সময় এজন বৃদ্ধ নাগৰিকৰ কাষত অতিবাহিত কৰিব তাৰ বিনিময়ত তেওঁ নিশ্চয় কিবা পোৱা উচিত৷ ইয়াৰ বাবেই টাইম বেঙ্কৰ ধাৰণা গঢ় লৈ উঠিল৷ তেওঁ খৰচ কৰা সময়কণ টাইম বেঙ্কত জমা হৈ থাকিব৷ ভৱিষ্যতে যেতিয়াই তেওঁৰ প্ৰয়োজন হ’ব অন্য এজন লোকৰপৰা তেওঁ সেই সহায়ৰ প্ৰতিদান বিচাৰিব পাৰিব৷ আজি কিছুদিনৰ পৰা টাইম বেঙ্কৰ লাভালাভৰ ওপৰত চিন্তা চৰ্চা ভাৰততো আৰম্ভ হৈছে৷ অসমতো টাইম বেঙ্কৰ ধাৰণা বাস্তৱায়িত কৰাৰ প্ৰয়োজন আহি পৰিছে৷

জ্যেষ্ঠ নাগৰিকৰ আন এটা সমস্যা হ’ল দেশত নিৰ্মাণ কৰা  ৰাজহুৱা আন্তঃগাঁথনি সমূহৰ প্ৰায়বোৰতে হুইল চেয়াৰ প্ৰবেশৰ সুবিধা নথকাটো৷ নামঘৰ, মন্দিৰ, গিৰ্জা, মছজিদ, শ্বপিঙ মল, বিবাহ ভৱন, ৰেস্তোৰাঁ আদিত এই সুবিধা নথকাটো দুৰ্ভাগ্যজনক৷ তদুপৰি অকলশৰীয়াকৈ বাস কৰা জ্যেষ্ঠ নাগৰিকৰ যিকোনো ধৰণৰ জৰুৰীকালীন পৰিস্থিতিত সহায়ৰ হাত আগ বঢ়াবলৈ আমাৰ হাতত কোনো আন্ত:গাঁথনি নাই৷ ষ্ট্ৰোক হৈ  বাথৰুম বা বিছনাত পৰি থাকিলেও কাষৰ ঘৰৰ মানুহে জনাৰ কোনো উপাই নাথাকে বা  চিকিৎসালয়লৈ নিবলৈ কোনো ব্যৱস্থা নাই৷ জাপানৰ নিচিনা উন্নত দেশত ইয়াৰ বাবে জ্যেষ্ঠ নাগৰিকৰ বাসস্থানত  বিভিন্ন  চেন্সৰ ব্যৱহাৰ কৰা হয়৷ উদাহৰণ স্বৰূপে  মোবাইলত বা বিছনা খনত চেন্সৰ লগোৱা থাকিলে মানুহজনৰ ৰক্তচাপ হঠাৎ বৃদ্ধি পালে বা হৃদৰোগত আক্ৰান্ত হ’লে তাৰ খবৰ চেন্সৰৰ সহায়ত হাস্পতাল গৈ পাব পাৰে আৰু লগে লগে এম্বুলেঞ্চ ঘৰৰ সন্মুখত হাজিৰ হ’ব পাৰে৷ 

       অৱসৰী জীৱনৰ বৰ্ধিত সমস্যাৰ মাজতো কিছু ভাল কথাও আছে। ৬০ বছৰ বয়সতো প্ৰায়ভাগ মানুহ আজি শাৰীৰিকভাৱে কৰ্মঠ হৈ থাকে। এতিয়াও মই পুৱা খোজ কাঢ়োঁ আৰু সন্ধিয়া জিম যাওঁ। হয়তো অৱসৰৰ পিছতো এই অভ্যাস চলাই থাকিম। মিলিন্দ সুমনৰ দৰে মডেলৰপৰা অনুপ্ৰেৰণা পাব পাৰোঁ। পঞ্চাছ বছৰ আগত সেয়া সম্ভৱ নাছিল। অৱসৰৰ দিনা কীৰ্তন পুথি বা ভাগৱত এখন আৰু লাখুটি এডাল উপহাৰ হিচাপে দিয়াহে দেখা গৈছিল। কিন্তু এতিয়া অৱসৰৰ পিছত নতুনকৈ ব্যৱসায় আৰম্ভ কৰা, নতুন নতুন ঠাইলৈ ফুৰিবলৈ যোৱা বা সামাজিক কামত ব্যস্ত হৈ পৰা বহুতকে দেখা পোৱা যায়। ‘Age is just a number only’ কথাখিনি সৰোগত কৰি বহুতে জীৱনৰ বিয়লি বেলাত সফলতা অৰ্জন কৰিছে। কল’নেল ছেন্দাৰ্ছে ৬২ বছৰ বয়সত কেএফচি খুলি অভাৱনীয় সফলতা লাভ কৰিছিল। ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, নগেন শইকীয়া ছাৰৰ দৰে বৰ্ষীয়ান ব্যক্তিসকলৰ কৰ্ম স্পৃহা দেখিলে অনুভৱ হয় আমাৰ বয়সৰ মানুহৰ জীৱনত কৰিবলৈ এতিয়াও বহুত কাম বাকী আছে। জ্যেষ্ঠসকলে আজি উপলব্ধি কৰিছে যে অৱসৰৰ পিছতো এটা জীৱন আছে যাক স্বাধীনভাৱে উপভোগ কৰিব পাৰি। বৰং চাকৰিকালত সময়ৰ অভাৱত কৰিব নোৱৰা বহু কাম অৱসৰৰ পিছত কৰিবলৈ সহজ।

আৰ্নেষ্ট হেমিঙৱেৰ ’দ্যা অ'ল্ড মেন এণ্ড দা ছী’ উপন্যাসৰ বয়সে হাৰ নমনা ছাণ্টিয়াগোৰ মনোৰম কাহিনী হয়তো বহুতে পঢ়িছে৷ একেৰাহে ৮৪ দিন ধৰি সাগৰত নাও এখনত উঠি মাছ ধৰিব গৈ হাৰ নমনা সাহসী বৃদ্ধ এজনৰ কাহিনী এয়া যিজনে ডেকা সংগীজন গুচি যোৱাৰ পিছতো অকলে বৃহদাকাৰ মাছ এটাক বশ কৰিবলৈ দুদিন–দুৰাতি একেৰাহে যুঁজি থাকিল৷ ছাণ্টিয়াগোই জীৱনৰ মহৎতম বাণী প্ৰকাশ কৰিছিল এনেদৰে “But man is not made for defeat," he said. "A man can be destroyed but not defeated.“। জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰাৰ আগতে ভাবিছো ময়ো যেন ছাণ্টিয়াগোৰ দৰে হাৰ নামানি জীৱন যুদ্ধ চলাই থাকিব পাৰোঁ। অথবা  মাৰিঅ’ পুজোৰ ’দ্যা গডফাডাৰ’ উপন্যাসৰ দৰে বিদায় পৰত যদি ক’ব পাৰো ’জীৱনটো কিমান সুন্দৰ’, ইয়াতকৈ ভাল কথা কি হ’ব পাৰে বাৰু! এইবোৰ কথা ভাবিয়ে মে’, ২০২৮ত জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিবলৈ সাজু হৈছোঁ। 

(১ ছেপ্তেম্বৰ, ২০২৫, দৈনিক অসম)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা