ভাৰতীয় সমাজ জীৱনত এটা বগা বাঘৰ কাহিনী
জীৱনৰ প্ৰথম উপন্যাসখন প্ৰকাশ কৰাৰ কেইটামান মাহৰ ভিতৰতে বুকাৰ পুৰস্কাৰৰ দৰে সন্মানীয় আন্তৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰায় অসম্ভৱ কথা। তেনে এক কথাই সম্ভৱ কৰি তুলিছিল ২০০৮ চনত ভাৰতীয় লেখক অৰবিন্দ আদিগাই। ১৯৭৪ চনত চেন্নাইত জন্মলাভ কৰা অৰবিন্দ আদিগা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত পৰিয়ালৰ সতে চিডনিত থাকিবলৈ লয় আৰু তাৰ পিছত নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত ইংৰাজী বিষয়ত অধ্যয়ন কৰে। আদিগাই শিক্ষা সমাপ্ত কৰি দ্যা ফাইনেন্সিয়েল টাইমচ কাকতত সাংবাদিকতাৰ কামত নিয়োজিত হয়। ২০০৩ চনত আদিগা আমেৰিকাৰ পৰা ভাৰতলৈ আহি দিল্লীত একেখন কাকতৰ দক্ষিণ ভাৰতৰ বাতৰি যোগান ধৰোতা হিচাপে যোগদান কৰে। ২০০৬ চনত আদিগাই কাকতৰ সাংবাদিকতাৰ চাকৰি এৰে আৰু মুম্বাইত থাকি নিজাববীয়াকৈ লেখা কাম কৰি যাবলৈ আৰম্ভ কৰে। ’দ্যা হোৱাইট টাইগাৰ’ হ’ল তেখেতৰ প্ৰথমখন উপন্যাসখন। ২০০৮ চনত প্ৰকাশ পোৱা উপন্যাসখনে সেই একেটা বছৰতে সন্মানীয় বুকাৰ পুৰস্কাৰ পাবলৈ সক্ষম হয়। তেতিয়াহে আদিগাৰ বিষয়ে ভাৰতীয় আৰু অন্যান্য দেশৰ পঢ়ুৱৈ সমাজে জানিবলৈ পায়। উপন্যাসখনে বুকাৰ পুৰস্কাৰ লাভ কৰাৰ অতি কম সময়ৰ ভিতৰতে বিশ্বত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়। উপন্যাসখন দ্য...