ঘাটক হিটলাৰ পাঠক হিটলাৰ

 আধুনিক বিশ্বত মানুহৰ ওপৰত অমানুষিক অত্যাচাৰ চলোৱা, নৰ হত্যাকাৰী শাসকসকলৰ ভিতৰত নিসন্দেহে প্ৰথম স্থানত থাকিব জাৰ্মানীৰ শাসক এডল্ফ হিটলাৰৰ নাম। নাজী বাহিনীৰ সৰ্বাধিনায়ক পদত থাকি ১৯৩৩ চনত জাৰ্মানীৰ শাসনভাৰ লৈ লাখ লাখ ইহুদীলোকক হত্যা কৰে। দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰ শক্তিয়ে নাজী বাহিনীক পৰাস্ত্ৰ কৰাৰ সময়তে হিটলাৰে আত্মহত্যা কৰে। ঘৃণনীয় মানুহজনে কিতাপ পুৰি পেলোৱাৰ বাবে কুখ্যাতি অৰ্জন কৰিছিল। ১৯৩৩ চনত নাজীবাহিনী ক্ষমতালৈ অহাৰ পিছত হিটলাৰৰ নিৰ্দেশত জাৰ্মানী আৰু অষ্ট্ৰিয়াত থকা ৩০ খন বিশ্ববিদ্যালয়ৰ পুথিভঁৰালৰ কিতাপ পুৰি পেলাইছিল। সুস্থ মস্তিষ্কৰে অমানুষিকভাৱে নৰহত্যা কৰিব পৰা তেনে এজন  নিৰ্দয় হৃদয়ৰ ব্যক্তি আছিল এজন কিতাপৰ পোক। এজন প্ৰকৃত গ্ৰন্থ প্ৰেমিক। আচৰিত যেন নালাগেনে? কিন্তু অবিশ্বাস্য হ’লেও এয়া সত্য যে এডল্ফ হিটলাৰে দিনে কমেও এখনকৈ কিতাপ পঢ়ি শেষ কৰিছিল। প্ৰতিটো সন্ধিয়া সন্মুখত ৰাখিছিল এখন কিতাপ। পঢ়াৰ মাজে মাজে লৈছিল গৰম চাহ একাপ। সন্ধিয়াৰপৰা মাজনিশালৈ পঢ়া সময়খিনিত তেওঁ আন কোনো বন্ধু-বান্ধৱ অহাটো নিবিচাৰিছিল। তেওঁ সেই সময়খিনিত বিচাৰিছিল কেৱল নীৰৱতা। এবাৰ তেওঁৰ প্ৰেয়সী সেই সময়ত দেখা কৰিবলৈ আহোঁতে খেদি পঠাইছিল। হিটলাৰৰ নিজৰ বাসস্থানত ব্যক্তিগত গ্ৰন্থাগাৰ আছিল আৰু তাতে বিশ্বৰ বহু মূল্যৱান কিতাপ কিনি সংগ্ৰহ কৰি থৈছিল। বিশ্বাস কৰিবলৈ টান লাগে যে তাৰে বেছি সংখ্যক কিতাপ তেওঁ পঢ়িছিল। ইমান অধ্যয়নশীল মানুহজনে কেনেকৈ লাখ লাখ মানুহ হত্যা কৰিব পাৰিছিল তাক ভাবিলে হিটলাৰৰ চৰিত্ৰৰ বৈপৰিত্য প্ৰকাশ পায়।

 

১৮৮৯ চনত জন্মলাভ কৰা এডল্ফ হিটলাৰে প্ৰথম মহাসমৰত জাৰ্মানীৰ হৈ এজন সৈনিক হিচাপে যুদ্ধক্ষেত্ৰত অংশগ্ৰহণ কৰিছিল। যুদ্ধত জাৰ্মানী হাৰিছিল। হিটলাৰে যুদ্ধক্ষেত্ৰৰপৰা ঘৰলৈ আহি গ্ৰন্থ অধ্যয়নত মনোনিৱেশ কৰিছিল। সৈনিক হিচাপে অৰ্জন কৰা ধনৰ অধিক সংখ্যক কিতাপ ক্ৰয় কৰাত খৰচ কৰিছিল। তেতিয়াৰপৰা সুবিধা পালেই হিটলাৰে নিজৰ পচন্দৰ গ্ৰন্থ ক্ৰয় কৰি পঢ়িছিল আৰু সুন্দৰকৈ বুকচেল্ফত সজাই ৰাখিছিল। কৰ্মসূত্ৰে তেওঁ য’তেই নাথাকক কিয় তেওঁৰ প্ৰথম কামটো আছিল বুকচেল্ফ কিনা, যাতে ক্ৰয় কৰা কিতাপবোৰ ভালদৰে ৰাখিব পাৰে।    

 

্ইয়োৰোপৰ প্ৰখ্যাত বুৰঞ্জীবিদ টিম’থি ৰিবেকে প্ৰায় এটা দশকে হিটলাৰে সংগ্ৰহ কৰি ৰখা গ্ৰন্থসমূহ অধ্যয়ন কৰিছিল। তেখেতে এই অধ্যয়নৰ পৰা জানিব পাৰিলে যে হিটলাৰৰ গ্ৰন্থাগাৰসমূহত প্ৰায় ১৬,০০০ খন কিতাপ আছিল। হিটলাৰৰ আলপাইন ৰিট্ৰিটত থকা ঘৰত, চৰকাৰী ঘৰ আৰু অফিচ, আনকি বাৰ্লিনত লুকাই থাকিব পৰাকৈ নিৰ্মাণ কৰা বাংকাৰত এই ১৬,০০০ গ্ৰন্থ ৰাখিছিল। গ্ৰন্থসমূহৰ কোনো কেটেলগ ৰখা নাছিল। ১৯৪৫ চনত মিত্ৰ শক্তিয়ে জাৰ্মান অধিকাৰ কৰাৰ সময়ত বহুতো কিতাপ পুৰি পেলালে। কিছু কিতাপ সংৰক্ষণৰ অভাৱত নষ্ট হ’ল। কিছু কিতাপ মিত্ৰ দলৰ সেনাই লুটি লৈ গ’ল।  হিটলাৰৰ গ্ৰন্থাগাৰৰ পৰা ১২৪৪ খন কিতাপ দ্বিতীয় মহাসমৰৰ পিছত ৱাশ্বিংটন ডি চিৰ লাইব্ৰেৰী অব কংগ্ৰেছলৈ আনি সংৰক্ষণ কৰিছিল। এই ১২৪৪ খন কিতাপৰ নাম লিপিবদ্ধ কৰি প্ৰকাশ কৰিছিল ফিলিপ গেছাৰ্ট আৰু ডানিয়েল মেটাৰ্ণে লেখা গ্ৰন্থ The Hitler Library: A Bibliography (২০০১ চন)ত। হিটলাৰৰ ব্যক্তিগত গ্ৰন্থসমূহৰ ১০,০০০ খন গ্ৰন্থ দ্বিতীয় মহাসমৰৰ পিছত ৰাছিয়াই সংগ্ৰহ কৰি মস্কোত সংৰক্ষণ কৰিছিল। বুৰঞ্জীবিদ টিম’থি ৰিবেকে হিটলাৰৰ সকলো গ্ৰন্থাগাৰ আৰু গ্ৰন্থসমূহৰ বিভিন্ন দিশ সামৰি এখন তথ্যভিত্তিক গৱেষণামূলক গ্ৰন্থ ৰচনা কৰিছিল। ২০১০ চনত প্ৰকাশ পোৱা গ্ৰন্থখনৰ নাম হ’ল HITLER’S PRIVATE LIBRARY : The Books That Shaped His Life। গ্ৰন্থখনৰ বাবে ৰিবেকে হিটলাৰক লগ পোৱা আৰু গ্ৰন্থাগাৰসমূহ দেখা পোৱা বহুতো ব্যক্তিৰ সাক্ষাৎকাৰ লৈছিল, হিটলাৰে বহুতলৈ লেখা চিঠি-পত্ৰ অধ্যয়ন কৰিছিল। গ্ৰন্থসমূহে সময়ৰ লগত হিটলাৰৰ মানসিক স্তৰক, তেওঁৰ লেখনিত আৰু আনকি তেওঁৰ ভাষণসমূহক কেনেদৰে প্ৰভাৱিত কৰিছিল তাৰ মনোবৈজ্ঞানিক বিশ্লেষণ ৰিবেকে কৰিছিল।

 

ৰিবেকে নিজৰ গ্ৰন্থখনত লেখিছে যে এইটো ভাবি আচৰিত লাগে যে যিজন ব্যক্তিয়ে কোনো দিনে কাৰো কথা নুশুনিছিল আৰু ঘণ্টাৰ পিছত ঘণ্টা ধৰি নিজৰ কথা কৈ অনৰ্গল বক্তৃতা দিব পাৰিছিল, তেনে এজন নেতাই আনে লেখা কিতাপ ঘণ্টাৰ পিছত ঘণ্টা পঢ়িছিল। ৰিবেকে গ্ৰন্থসমূহৰ প্ৰতিটো পৃষ্ঠা নিৰীক্ষণ কৰি সূক্ষ্ম পৰ্যবেক্ষণ কৰিছিল। হিটলাৰে গ্ৰন্থাগাৰৰ বেছিভাগ গ্ৰন্থ একান্তমনে পঢ়ি গ্ৰন্থসমূহৰ গুৰুত্বপূৰ্ণ অংশত চিন দি থৈছিল, কাষত প্ৰয়োজন সাপেক্ষে নোট লেখিছিল। এখন কিতাপত এক ইঞ্চিৰ চুলি এডাল পাইছিল। ৰিবেকৰ মতে সেয়া হিটলাৰে পঢ়ি থকা সময়ত গোঁফৰপৰা সৰি পৰিছিল। কিছুমান কিতাপ প্ৰথম পৃষ্ঠাৰপৰা শেষৰ পৃষ্ঠালৈ পঢ়া ধৰিব পাৰি। কিছুমান কিতাপৰ প্ৰথম কেইটামান পৃষ্ঠাহে পঢ়িছিল। কিছুমান কিতাপৰ পৃষ্ঠা আধা পঢ়ি এটা কোণ ভাজ কৰি থোৱা অৱস্থাত আছে। কিছুমান পৃষ্ঠাৰ পেৰেগ্ৰাফত পেনেৰে শুদ্ধ চিন দিয়া, প্ৰশ্নবোধক চিন দিয়া, কাটি দিয়া লক্ষ্য কৰিছিল। ৰিবেকৰ মতে হিটলাৰে নপঢ়া বহু কিতাপ বন্ধু-বান্ধৱৰপৰা উপহাৰ হিচাপে পোৱা আছিল। প্ৰথম মহাসমৰৰ পিছত হিটলাৰে মিউনিকৰ লাইব্ৰেৰীৰ পৰা ১৯১৯ চনৰপৰা ১৯২১ চনলৈ ধাৰ কৰি অজস্ৰ কিতাপ আনি পঢ়িছিল। ত্ৰিশৰ দশকত প্ৰতি বছৰে সোতৰশ জাৰ্মান টকা ব্যয় কৰি কিতাপ ক্ৰয় কৰিছিল। সেই সময়ত এই টকাৰ মূল্য আজিৰ তুলনাত বহুত বেছি আছিল।    

 

হিটলাৰে প্ৰকৃততে কেনেধৰণৰ কিতাপ পঢ়িছিল জানিবলৈ নিশ্চয় মন যাব। তেওঁ আছিল জ্ঞানৰ পিপাসু। তেওঁ পঢ়িছিল স্থপতিবিদ্যা, কলা আৰু চিন্তা উদ্ৰেককাৰী গ্ৰন্থ। পশ্চিম জাৰ্মানীৰ উপন্যাসিক কাৰ্ল মে’ৰ কল্প কাহিনী আৰু নানা দেশৰ ভ্ৰমণ কাহিনী তেওঁ মনোযোগেৰে পঢ়িছিল। কাৰ্লৰ উপন্যাসৰ কাল্পনিক চৰিত্ৰ ৱিনেটো আৰু ওল্ড ছাটাৰহেণ্ড তেওঁৰ বৰ প্ৰিয় আছিল। বাস্তৱৰ লগত সম্পৰ্ক নথকা কাৰ্লৰ ফেণ্টাছীধৰ্মী উপন্যাস তেওঁৰ পচন্দৰ আছিল। তেনে এজন হৃদয়হীন মানুহে সাহিত্যৰ সকলো ধৰণৰ কিতাপে গুৰুত্ব সহকাৰে কিনি পঢ়িছিল। 

 

       ৰিবেকে গ্ৰন্থখনত সুন্দৰকৈ হিটলাৰ ছবিখন দাঙি ধৰিছে। গ্ৰন্থৰ আৰম্ভণি কৰিছে হিটলাৰে প্ৰথম মহাসমৰত জাৰ্মান সেনাবাহিনীৰ হৈ চিঠি আদান-প্ৰদান কৰা কামত নিজকে নিয়োগ কৰা সময়ক লৈ। বিভিন্ন ঠাইলৈ যেতিয়া চিঠিৰ টোপোলা পিঠিত কঢ়িয়াই ঘূৰি ফুৰিছিল তেতিয়াও চিঠিৰ লগতে বেগৰ ভিতৰত কঢ়িয়াই ফুৰিছিল কলা সমালোচক মেক্স অ’চবৰ্ণৰ গ্ৰন্থ। জাৰ্মান ভাষালৈ অনূদিত শ্বেইকছপীয়েৰৰ নাটকসমূহ পঢ়ি তেওঁ ভাল পাইছিল। ডেনিয়েল ডিফোৰ ৰবিনছন, হেৰিয়েট বিচেৰ ষ্টৌৰ আঙ্কল টম্চ কেবিন ভাল পাইছিল।

 

       ১৮৬৮ চনত জন্মলাভ কৰা ডিট্ৰিছ একাৰ্ট আছিল জাৰ্মানীৰ এজন চিন্তাবিদ আৰু হিটলাৰৰ গুৰু স্বৰূপ। প্ৰথম মহাসমৰত জাৰ্মানীৰ পতনে ইহুদীসকলক জাৰ্মানীত স্থায়ীভাৱে থাকিবলগীয়া কৰিলে বুলি একাৰ্টে ভাবিছিল। একাৰ্টৰ গ্ৰন্থসমূহ পঢ়িয়ে হিটলাৰৰ মনত ইহুদী বিদ্বেষৰ ভাব জাগ্ৰত কৰিছিল বুলি ৰিবেকে ভাবে। ১৯১৯ চনত হিটলাৰে একাৰ্টক প্ৰথমবাৰ লগ পাইছিল। একাৰ্টে আনকি হিটলাৰক জাৰ্মানীৰ উদ্ধাৰকৰ্তা বুলি ভাবিছিল আৰু নাজী গঠনৰ সময়ত একাৰ্টে ঘোষণা কৰিছিল যে হিটলাৰ হ’ল জাৰ্মানীৰ ভৱিষ্যত। হিটলাৰে লেখা মেইন কাম্ফৰ দ্বিতীয়খন কিতাপ একাৰ্টৰ নামত উৎসৰ্গা কৰিছিল। ১৯২৩ চনত একাৰ্টক আটক কৰি জেলত সুমুৱাই থৈছিল। জেলৰপৰা মুক্তি পোৱাৰ পিছতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। এণ্টন ড্ৰেক্সলাৰৰ ’ My Political Awakening’ নামৰ গ্ৰন্থখনে হিটলাৰৰ মনত ৰাজনৈতিক উচ্চাকাংক্ষাৰ জন্ম দিয়া বুলি ৰিবেকে ভাবে। হিটলাৰে আনকি কেইজনমান প্ৰখ্যাত দাৰ্শনিকৰ গ্ৰন্থ পঢ়িছিল। ইয়াৰ ভিতৰত আছিল স্কপেনহৰ, ফীচটে আৰু ফ্ৰিডৰিক নীৎসে। নীৎসেৰ ভগৱানৰ অস্তিষ্ট স্বীকাৰ নকৰা, ধৰ্মই মানৱীয়তা বৰ্তাই ৰখাত ব্যৰ্থ হোৱা কথাবোৰে হিটলাৰৰ মনত গভীৰভাৱে ৰেখাপাত কৰিছিল। শ্বেইকপীয়েৰৰ নাটক মাৰ্চেণ্ট অব ভেনিচত সুদখোৰৰ চৰিত্ৰ ছাইলকে ইহুদীৰ প্ৰতি থকা ঘৃণাৰ ভাব বৃদ্ধি কৰাত সহায় কৰিছিল। ৰিবেকে তেওঁৰ গ্ৰন্থখনত লেখিছে যে হিটলাৰে পঢ়া কিতাপবোৰৰ ’selective understanding of texts’ৰ বাবে আচলতে মানুহজনক এজন অদ্ভুত চৰিত্ৰলৈ ৰূপান্তৰ কৰে। তেওঁ প্ৰখ্যাত লেখকসকলৰ চিন্তাধাৰাৰ ব্যাখ্যা নিজৰ ধৰণে লৈ গৈছিল আৰু নিজৰ সিদ্ধান্তত সেই লেখকসকলৰ কিছু কিছু কথাই সমৰ্থন কৰা বুলি নিজে পতিয়ন গৈছিল।

 

হিটলাৰে নিজৰ ভাষণতো দাৰ্শনিকসকলৰ চিন্তাধাৰা প্ৰকাশ কৰিছিল। কিন্তু নিজৰ সিদ্ধান্তক জোৰকৈ সমৰ্থন কৰিবলৈ বেছি সময়ত অপব্যাখ্যাহে কৰিছিল। এজন মানুহে কে’বাহাজাৰ কিতাপ পঢ়িও সেই কিতাপৰ গুহ্য তত্ত্ব ভুলকৈ বুজি লৈ এনে এক দৰ্শনত বিশ্বাসী হৈ পৰিল যিয়ে মানৱীয়তাক ধূলিসাৎ কৰি লাখ লাখ ইহুদীৰ নিধনযজ্ঞত সহায় কৰিলে। জাৰ্মানীৰ আৰ্যসকলৰ ’পিউৰ ৰেচ’ৰ ভুল ধাৰণাক মূৰত সুমুৱাই লোৱা বাবে এই নিধনযজ্ঞৰ আয়োজন কৰিলে আৰু তাৰ ফলাফল বিশ্বই দেখিলে। হিটলাৰৰ দৰে এতিয়াও সমাজত কিছুমান মানুহ পোৱা যায় যিয়ে মহৎ লেখকৰ গ্ৰন্থ অপব্যাখ্যা কৰে আৰু হিটলাৰৰ দৰে selective understanding of texts’ৰ ফলত মানুহৰ হিতৰ বিপৰীতে কাম কৰে। বিশেষকৈ ৰাজনীতিত তেনে মানুহে এখন দেশক ভুল পথেৰে পৰিচালিত কৰাৰ সম্ভাৱনা আজিও আছে।

(১০ আগষ্ট, ২০২৫, অসমীয়া প্ৰতিদিনত প্ৰকাশিত)                 

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা