‘অশান্ত ইলেক্ট্ৰন’ৰ সৃষ্টিৰপৰা পয়সত্তৰ বছৰ
সৌৰভ কুমাৰ চলিহাৰ (সৌকুচ) গল্পসমূহৰ
ভিতৰত ‘অশান্ত ইলেক্ট্ৰন’ গল্পই সকলো সময়তে সমালোচক আৰু পাঠকৰ দৃষ্টি আকৰ্ষণ কৰি
আহিছে। অসমীয়া চুটিগল্প সাহিত্যত “অশান্ত ইলেক্ট্ৰন’ক মাইলৰ খুটি হিচাপে গ্ৰহণ
কৰিব পাৰি। মেদিনী চৌধুৰীয়ে লিখিছিল, “গল্পটোৰ চিত্ৰকল্প বোৰলৈ মনত পেলাওক – ছিগা
ছিগা চিন্তা, চিত্ৰকল্প, সংগতিহীন অনুভৱ, - এয়ে গল্পটোক দিছে এক অভাৱনীয় আদৰণীয়
ৰূপ আৰু অবয়ব – উত্তৰ আধুনিকতাবাদৰ চাৰিত্ৰিক বৈশিষ্ট্য হ’ল Super abundance of
images and styles। ‘অশান্ত ইলেক্ট্ৰন’ত এই লক্ষণবোৰ প্ৰকট নহয় নে?” (অসমীয়া প্ৰতিদিন ১২-১১-২০০০)। ড°
মহেন্দ্ৰ বৰাই লিখিছিল, “সৌৰভ চলিহা অসমীয়া চুটিগল্প সাহিত্যৰ বিস্ময় - - - ‘অশান্ত
ইলেক্ট্ৰন’ এক প্ৰকাণ্ড বিস্ফোৰণৰ দৰেই গৃহীত হৈছিল।” (সাহিত্য আৰু সাহিত্য)। বহুতো সমালোচকে সৌকুচৰ এইগল্পটোত জেইমছ জয়ছৰ ‘ইউলিছেছ’
উপন্যাসৰ দৰে চেতনা-স্ৰোত বিচাৰি পাইছিল। এই বিষয়ে মেগৰ-ভাষণত তেওঁ কৈছিল যে সেই
উপন্যাসখন তেওঁ পঢ়াই নাছিল আৰু যেতিয়া তেওঁৰ হাতত পৰে তেতিয়ালৈ উপন্যাসখন পঢ়াৰ
প্ৰবৃত্তি লোপ পালে। মেগৰ-ভাষণত সৌকুচে এনেদৰে কৈছিল, “মোৰ বিশ্বাস যে বিশ্ব
সাহিত্যৰ অতিমাত্ৰা গুৰুভোজনে কথাশিল্পীৰ বদহজমহে ঘটায়, আৰু সাহিত্যৰ
শ্ৰেণীবিভাজন, গতিধাৰা, আংগিক-বনাম-পাঠ আদিবোৰ বস্তুৰ গধুৰ বোজা ডিঙিত আঁৰি
নোলোৱাই ভাল, তেতিয়াহে স্বচ্ছন্দে নিজক প্ৰকাশ কৰাটো সম্ভৱ।”
অশান্ত ইলেক্ট্ৰন গল্পটো সৌকুচে লেখিছিল ১৯৫০ চনত আৰু ৰামধেনু আলোচনীৰ গল্প
প্ৰতিযোগিতাৰ বাবে পঠাইছিল। ১৮৭২ শকৰ পুহমাহৰ (নবেম্বৰ-ডিচেম্বৰ, ১৯৫০ চন) ৰামধেনু
সংখ্যাত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰে আৰু গল্পটোৱে প্ৰথম পুৰস্কাৰ পায় আৰু লগতে পুৰষ্কাৰৰ
মূল্য নগদ ৩৫ টকা গল্পকাৰে লাভ কৰে। গল্পটো প্ৰকাশ হয় ৰামধেনুৰ দুটা সংখ্যাত ১৮৭২ শক
মাঘমাহ আৰু ১৮৭২ শক ফাগুন-চ’ত (ৰঙালী বিহু সংখ্যা), ইংৰাজী বৰ্ষ অনুযায়ী ১৯৫১ চনৰ জানুৱাৰী-ফেব্ৰুৱাৰী
আৰু ফেব্ৰুৱাৰী-এপ্ৰিল সংখ্যাত। সেই ফালৰপৰা এইবছৰৰ শেষৰ ফালে অশান্ত ইলেক্ট্ৰন গল্পই
৭৫ বছৰ অতিক্ৰম কৰিব। সৌকুচৰ গল্পৰ এটা বৈশিষ্ট্য এয়ে যে গল্পটোৰ গভীৰতালৈ যিমানে সোমোৱা
যায় সিমানে ৰস পান কৰিব পৰা যায়। এবাৰ-দুবাৰ পঢ়িলে গল্পৰ মৰ্মস্থললৈ যাব পৰা নাযায়।
‘অশান্ত ইলেক্ট্ৰন’
তেনে এটা গল্প। কাহিনীৰ কোনো এটা কথাই স্পষ্টকৈ কৈ দিয়া নাই। পাঠকে গভীৰভাৱে চিন্তা
কৰি নিজাকৈ কল্পনা কৰাৰ স্বাধীনতা গল্পকাৰে প্ৰদান কৰিছে। নিখিলৰ ঘৰখনৰ, চুবুৰিৰ কেইটামান
দিনৰ খণ্ড চিত্ৰসমূহৰ মাজেৰে কাহিনীটো বুজিব লাগে। গল্পটোত অলেখ চৰিত্ৰ আছে। মুখ্য
চৰিত্ৰ নিখিলৰ দৃষ্টিৰে প্ৰতিটো চৰিত্ৰৰ সূক্ষ্ম বিশ্লেষণ গল্পকাৰে কৰিছে। চৰিত্ৰসমূহৰ
গভীৰতালৈ সোমাবলৈ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিবই লাগিব। বিভিন্ন তৰপেৰে আবৃত গল্পটো
যিমানে পঢ়ি থকা যায় সিমানে তৰপবোৰ খুলি ভিতৰলৈ সোমাব পৰা যায় আৰু সিমানে গল্পটোৰ ৰসাস্বাদন
কৰিব পাৰি।
নিখিলৰ দেউতাক এজন বৃদ্ধ, বহু দিনৰ পৰা উচ্চ ৰক্তচাপ, কাঁহত ভুগি আছে বহু
দিনৰ পৰা। দৃষ্টিশক্তি কমি গৈছে। প্ৰায় পংগু হ’ব ধৰা মানুহজনৰ বিছনাই সংগী। বেঙ্ক ফেইল
হৈছে, জমা ৰখা ধন উলিয়াব নোৱৰা হৈছে। ঘৰ চলাবলৈ এডোখৰ মাটি বিক্ৰী কৰিছে। সংসাৰৰ জ্বলা-যন্ত্ৰণাত
মানুহজন অসহায় হৈ পৰিছে। বৰ পুত্ৰ বাপ’ ঘৰৰ লগত সম্পৰ্ক নৰখাই হৈছে। দেউতাক তাৰ ওপৰত
‘এটা
ৰুদ্ধ
অসন্তোষ’। বাপ’ৰ পত্নী অৰ্থাৎ নিখিলৰ বৌৱে ঘৰখন ধৰি ৰাখিছে। ঘৰৰ সমস্ত কাম বৌৱেকৰ হাতত।
বৌৰ তিনিটা সন্তান – মাখন (আনুমানিক ১২ বছৰ), ফুনু(আ: ৪-৫ বছৰ), ৰুণু (আ: ১ বছৰ)। সোণটি বাইদেৱে বৌৱেকক ভাল চকুৰে
নাচায়, সকলোতে দোষহে দেখে, নিখিলকো বৌৰ বিপক্ষে কয়। নিখিলে বৌৱেকৰ কথা বুজে, “নিজৰ
সামৰিব নোৱৰা ল’ৰা-ছোৱালী আগুৰিও কেনেকৈ বৌৱে ভগা-সংসাৰখন চলাই আহিছে।” নিখিলৰ মাক ঢুকোৱা বহু বছৰে হ’ল। দ্বিতীয় পুত্ৰ ধন, এসময়ৰ
কৃতী ছাত্ৰ, বিদেশত পঢ়িবলৈ যাব বুলি সি আশা কৰিছিল, এতিয়া মানসিক ৰোগী। ধনক শ্বিলঙত ৰাখিছে চিকিৎসাৰ বাবে।
তৃতীয় পুত্ৰ কণ, ঘৰ এৰি বিপ্লৱী হৈ পলাই আছে। জমিদাৰৰ মাটি শোষিত, নিষ্পেষিত জনগণৰ
হাতলৈ তুলি দিবলৈ সন্ত্ৰাসবাদত লিপ্ত হৈছে। আনকি সেই বিপ্লৱৰ পৰিণতিত দেউতাকৰ মাটি
আনে বেদখল কৰিছে, ধান দিবলৈ অমান্তি হৈছে। পৰিয়াল চলিবলৈ টান হৈ পৰিছে। সোণটি বাইদেউ
তিনিটা সন্তান (ইলা, নীলা আৰু সদ্য জন্মলাভ কৰা শিশু) আৰু স্বামীক লৈ নিখিলহঁতৰ লগত
থাকিবলৈ আহিছে। নিখিলৰ ভনী মনুৰ (মনুৰ ইতিমধ্যে মৃত্যু হয়, কেনেকৈ হ’ল গল্পটোত তাৰ
উল্লেখ নাই) ৰূমটোতে সোণটিহঁত থাকিবৰ বাবে বৌৱেকে থানথিত লগাইছে। পৰিয়ালটোৰ সদস্য কেইজনক
গল্পটোৰ মাজৰপৰা উলিাবলৈ বহুবাৰ পঢ়িবলগীয়া হৈছে। সৌকুচে চিধাকৈ কোনো কথা নকয়। নিখিলৰ
বিষয়ে এঠাইত লিখিছে, “তাৰ (নিখিল) এটা দায়িত্ব আছে – মাক নোহোৱা ল’ৰাৰ ঘৰৰ, ভনী মৰি
যোৱা সংসাৰখনৰ, নিৰুদ্দেশ ভায়েকে এৰি যোৱা ঘৰখনৰ, বলিয়া ভায়েকৰ ঘৰখনৰ সিয়েই ডাঙৰ ল’ৰা,
হাজাৰ হওক সিয়েই বৰপুত্ৰ (বাপ’ ককাইদেউৰতো ঘৰৰ লগত সম্বন্ধ প্ৰায় নায়েই)।” নিখিল নিজে বিষণ্ণতাত ভুগিছে। পৰীক্ষাত ফেইল কৰিছে, পুনৰ পৰীক্ষাত
বহিব নে নাই সি ক’ব নোৱাৰে। লগৰবোৰৰ কোনোবা বিদেশত পঢ়িব গৈছে, চাকৰি কৰিছে। সি পিছে
নিজৰ দায়িত্ববোধ সম্বন্ধে জ্ঞাত। ঘৰখনৰ এনে এটা অৱস্থাত সি কিবা কৰিব লাগে, অথচ তাৰ
একো কৰিবলৈ মন নাযায়। দেউতাকে ভাবে যে “সি এটা হ’পলেছ্ গুড ফৰ নাথিং”। সি সকলোকে বুজি পায়, প্ৰত্যেকৰে মানসিক জগতত সোমাই সূক্ষ্ম
বিশ্লেষণ কৰে, অত্যন্ত সংবেদনশীল, আদৰ্শবাদী, অন্যায় দেখিলে খং উঠে, কিন্তু কাৰো প্ৰতিবাদ
নকৰে। প্ৰেয়সী মাখনীৰ স’তে সম্বন্ধ চিঙি গৈছে। তাইৰ চিঠিবোৰ পুৰি পেলাইছে।
এখন ভগ্নপ্ৰায় ঘৰৰ ছবি অংকন কৰিছে সৌকুচে গল্পটোৰ মাজেৰে। প্ৰতিটো চৰিত্ৰ
ভিন্ন। চুবুৰিৰ কে’বাটাও চৰিত্ৰ গল্পটোত আছে। সেই চৰিত্ৰসমূহৰ মাজেৰে স্বাধীনোত্তৰ
ভাৰতৰ সমাজখনক বিচাৰি পোৱা যায়। ৰঞ্জন হ’ল নিখিলৰ চুবুৰীয়া, তাৰ অন্তৰংগ বন্ধু, পদাৰ্থবিজ্ঞানৰ
ছাত্ৰ, সকলোতে পদাৰ্থবিজ্ঞানৰ সূত্ৰ প্ৰয়োগ কৰিবলৈ বিচাৰে। সি নিখিলৰ দেউতাকৰ স্বাস্থ্যক
লৈ খুবেই চিন্তিত। নিখিলৰ নিস্ক্ৰয়তাক লৈ ৰঞ্জনে প্ৰায়ে কটু কথা কয়। তাক শুধৰাবলৈ চেষ্টা
কৰে। ৰঞ্জনৰ কাৰ্যকলাপত কেতিয়াবা নিখিল অতিষ্ঠ হৈ পৰে। গল্পটোৰপৰা এনে ধাৰণা হয় যেন
ধন বলিয়া হোৱাৰ কাৰণ প্ৰেমত বিফলতা। ৰঞ্জনৰ ভয় যেনিবা মাখনীৰ কথা ভাবি ভাবিয়ে নিখিলে
ধনৰ দৰে মানসিক ৰোগী হৈ পৰে। গল্পটোত কমিউনিজমত বিশ্বাসী দুজন ব্যক্তিৰ বিষয়ে বিষদভাৱে
উল্লেখ আছে – কণ, তাৰ ককায়েক যিজনে সাম্যবাদ প্ৰতিষ্ঠা কৰিবলৈ গৈ আত্মগোপন কৰি সন্ত্ৰাসবাদ
চলাই ভূমিহীনক ভূমি প্ৰদান কৰিবলৈ আণ্ডাৰগ্ৰাউণ্ড হৈছে। আনজন হ’ল চুবুৰীয়া যতিবাবু।
নতুনকৈ কমিউনিষ্ট হৈ অনবৰতে কমিউনিজমৰ গুণ গান কৰি থাকে। অথচ দামী কাপোৰ, চাল চলনৰ
মাজেৰে কাৰ্যত কমিউনিজমক ভেঙুচালি কৰাহে নিখিল, ৰঞ্জনহঁতৰ দৃষ্টিত পৰিছে। কণৰ আচৰণে
দেউতাক, সোণটিহঁতক যথেষ্ট দুখ দিছে। কণৰ চিন্তাত দেউতাকৰ নিশা টোপনি নহয়। দেউতাকৰ বন্ধু
কৰুণাবাবুই কৈছে, “এটা আদৰ্শৰ কাৰণেই এইবোৰ কৰিবলগীয়া হৈছে।” কৰুণাবাবুই জাষ্টিফাই কৰিবলৈ চাইছে, “A revolution
implies atrocities”। যতিবাবুই কৈছে সাম্যবাদ আৰু সন্ত্ৰাসবাদ একে নহয়। শেষত আদৰ্শগত
কাৰণতে কণৰ বিপ্লৱী সত্ত্বাক দেউতাকে মৌন সন্মতি জনাইছে, “এটা cause-ৰ কাৰণে যদি সি
যাব খোজে, তাত হকা-বাধা কৰিবৰ মোৰ অধিকাৰ নাই। সি কিন্তু drastic step ল’লে।”
গল্পটোত ফ্ৰয়েডীয়
মনোবিজ্ঞানৰ বহু কথা আলোচনা কৰিছে। ‘দমিত বাসনাৰ প্ৰকাশ ঘটিছে’ গিৰিজা শৰ্মাৰ
দেহত। সুন্দৰী স্ত্ৰীৰ স্বামী আৰু দুটা সন্তানৰ বাপেক হৈ ঝুনুৰ দৰে ১০-১২ বছৰীয়া শিশুক
চাইকেলৰ চকাত পাম্ কৰি দিবলৈ ঘৰলৈ মাতি নিজৰ বিকৃত যৌনতাক প্ৰকাশ কৰিলে। কাৰোবাৰ খুলশালীয়েকৰ
বাবে দেৱাল পাৰ হৈ কাম চৰিতাৰ্থ কৰিবলৈ বৃথা চেষ্টা চলায়। আনকি নিখিল নিজেও যেন ফ্ৰয়েডীয়
মনোবিজ্ঞানৰ ‘দমিত বাসনাৰ’ চিকাৰ হৈছে। তাৰ আভাস আমি গল্পটোৰ প্ৰথম পৃষ্ঠাতে পাওঁ। “যোৱা
নিশাৰ কথা তাৰ মনত পৰিল। গাৰুৰ কাষত পৰি থকা চিনেমা আলোচনীলৈ সি এবাৰ বিতৃষ্ণাৰে চালে।
তাতোকৈ বেছি বিতৃষ্ণাৰে সি চালে তাৰ তিতা কাপোৰবোৰলৈ, বিছনাখনলৈ।” সি অনুভৱ কৰিলে – হতাশা। আন এঠাইত উল্লেখ কৰিছে যে নিখিলৰ
খিৰিকীৰে সন্মুখৰ ঘৰত নীৰুক বহি থকা দেখিছে। তাৰ পিনে লুকাই লুকাই চাইছে। তাই দেখিবলৈ
বেয়া নহয় অথচ তালৈ চালে তাৰ খং উঠে। আনপিনে চুবুৰীয়া ইন্দিৰাহঁতৰ দৰে মহিলাই মুখত প্ৰসাধন
সানি স্ফীত বুকু প্ৰদৰ্শন কৰি, বেঁকা দৃষ্টিপাত নিক্ষেপ কৰি নিখিলৰ নৈতিকতাৰ স্খলন
ঘটাবলৈ চাইছে। নিখিলৰ মনৰ দ্বিধাবোধ কে’বা ঠাইতো দেখা যায়।
গল্পটোৰ জৰিয়তে সৌকুচে চৰিত্ৰসমূহৰ মানসিক জগতখনৰ সুন্দৰ ছবি আঁকিব পাৰিছে।
ক্ৰছিঙৰ গেটত ৰৈ যতিবাবু, ৰঞ্জন আৰু নিখিল তিনিওজনে চলি থকা ট্ৰেইনখনলৈ লক্ষ্য কৰিছে।
তিনিওৰে ট্ৰেইনখনক লৈ চিন্তাজগতত তিনি ধৰণে ক্ৰিয়া কৰিছে। ৰঞ্জনে থাৰ্ম’-ডাইনামিক্স
বিচাৰি পাইছে। নিখিলৰ মতে ৰঞ্জন এটা জ্ঞানী মূৰ্খ। থিয়ৰী লৈ ব্যস্ত থাকে। ব্যৱহাৰিক
জ্ঞান তাৰ নাই। যতিবাবুই ট্ৰেইনখনতো কমিউনিজমৰ সূত্ৰ প্ৰয়োগ কৰিব খোজে। নিখিলে ভাবে
যতিবাবু এটা কেনভাচাৰ। ট্ৰেইনখনক লৈ নিখিলে ভাবিছে, “কিন্তু ৰাতিও পুৱাব অৱশেষত। মূৰটো
যেন ঘূৰিছে, ট্ৰেইনখন মনত পৰিছে, মাখনী শহুৰেকৰ ঘৰলৈ গুচি গৈছে। মূৰৰ ভিতৰত যেন চকাবোৰ
ঘূৰিছে. . . .” মাখনীৰ সঁচাকৈয়ে বিয়া হ’ল জানো?
নিখিলে দেখোন ইয়াৰ আগেয়ে মাখনীলৈ চিঠি লিখিবলৈ আৰম্ভ কৰাৰ কথা কৈছে, গল্পকাৰে লিখিছে
“তাই নিশ্চয় তাক পাহৰিব পৰা নাই, তাইৰ ওপৰত থকা তাৰ অহৈতুক অসন্তোষৰ কাৰণে তাৰ বিকাৰগ্ৰস্ত
মনটোকে সি এতিয়া দায়ী কৰিছে।“ গল্পটোৰ কে’বাঠাইত ৰৈ যাবলগীয়া হৈছে। কিছুমান কথা দুৰ্বোধ্য।
বাইবেলৰ উক্তি, শ্বেক্সপীয়েৰৰ উক্তি, গ্যেটেৰ নাটকৰ উক্তি কি প্ৰসংগত উল্লেখ কৰিছে
তাৰ গূঢ়াৰ্থ বুজা বৰ কঠিন। ৰঞ্জনে ক’লে, “ব্লু-বে’লৰ লগত তই কি কৰিছিলি?” অপৰাধীৰ দৰে নিখিল মূৰ নত কৰিলে। ইয়াৰ অৰ্থ হ’ব পাৰে যে নিখিলে
মাখনীৰপৰা আঁতৰি আহি ইন্দিৰাৰ দেহৰ প্ৰতি আকৰ্ষণ ৰঞ্জনৰ বাবে সহ্য হোৱা নাই। এঠাইত
ৰঞ্জনে খঙত কৈছে, “মোৰ থিয়’ৰী তোৰ প্ৰেক্টিচতকৈ বহুত ভাল।” সৌকুচে এটা শব্দও অপ্ৰয়োজনত যোগ নিদিয়ে। ৩৭ পৃষ্ঠাৰ দীঘলীয়া
গল্পটোত মেদ বহুলতা বিচাৰি পাবলৈ নাই। প্ৰতিটো বাক্যৰ, প্ৰতিটো শব্দৰ নিৰ্দিষ্ট অৰ্থ
আছে। তাৰ কিছুখনি যিমানে নপঢ়ো কিয় বুজা সম্ভৱ নহয়। ৰঞ্জনৰ এটমৰ ব্যখ্যা কুৰি বছৰীয়া
সৌকুচৰ জীৱনৰ এক গভীৰ উপলব্ধি বুলি ভাব হয়। এটমৰ কেন্দ্ৰত থাকে পজিটিভ চাৰ্জ (প্ৰট’ন),
তাৰ চাৰিওফালে ঘূৰে নিগেটিভ চাৰ্জ(ইলেক্ট্ৰন)। কেন্দ্ৰত নিগেটিভ চাৰ্জ নাথাকে, থাকে
নিউট্ৰন যি সদায়ে নিউট্ৰেল – মন কৰিবলগীয়া কথা। “দুনিয়াত ভাল আছে, বেয়া আছে, শুদ্ধ
আছে অশুদ্ধ আছে, তাৰ উপৰিও আছে নিৰপেক্ষবোৰ।”
গল্পটোত উল্লেখ থকা চুবুৰিটোৰ প্ৰতিটো মানুহ ভিন্ন চৰিত্ৰৰ। ভেঁটি খোৱা
দত্ত আৰু দত্ত গৃহিনী দিনক দিনে ফুলি উঠিছে। ব্লেকমাৰ্কেটৰ সহায়ত ধনী হোৱা মহেন্দ্ৰই
নতুন ঘৰ উঠোৱাত ব্যস্ত, কণ্ট্ৰেক্টৰ খগেন দাস দুৰ্নীতিৰ সহায়ত ধনী হৈ গৈছে, বিশিষ্ট
দেশপ্ৰেমিক কামিনী শৰ্মাক আটক কৰিছে অপিয়াম স্মাগলিঙৰ অপৰাধত। ইয়াৰ বিপৰীতে চণ্ডী কলিতাৰ
দৰে কিছুমানৰ বেঙ্ক ফেইল হোৱা বাবে চাকৰি গৈছে, জীয়েকৰ চোলা চিগি গৈছে, বুকু ওলাই পৰিছে।
সোণটি বাইদেউৰ পুৰণি কলেজীয়া বন্ধু অনিমা মজুমদাৰ, ব’টানীৰ অধ্যাপিকা, গান গায়, চেতাৰ
বজাবলৈ নতুনকৈ শিকিছে, অবিবাহিতা অনিমা হয়তো বিষাদৰপৰা হাত সাৰিবলৈ এইবোৰ কৰিছে। সোণটিৰ
জীয়াৰী ইলা-নীলাক নাচ শিকাইছে, খগেন দাসে দুৰ্নীতিৰে আৰ্জিত টকাৰে সঙ্গীতানুষ্ঠান পাতিছে,
তাত অনিমাই চেতাৰ বজাব আৰু ইলা-নীলাই নাচিব। নিখিল আৰু বৌৱেকে সঙ্গীতানুষ্ঠান উপভোগ
কৰিবলৈ মন থাকিলেও নাযাওঁ বুলি ভাবিলে। গল্পকাৰে লিখিছে, “সেয়া ঘটিছিল। বৌৰ মনটো বৰ
বেয়া লাগিছিল। নিখিলৰো।” অৰ্থাৎ দুয়োজনে
অনুষ্ঠানলৈ নগ’ল।
চুবুৰিৰ ৰঞ্জন, নিখিলৰ পৰিয়ালৰ
সদস্যৰ দৰে। মানসিক ৰোগী ধনৰ খবৰ ল’বলৈ দেউতাকে ৰঞ্জনক শ্বিলঙলৈ পঠালে। হয়তো এই ভাবিয়ে
যে ধনক দেখি নিখিলৰ মন ভাঙি যাব পাৰে, বিষাদগ্ৰস্ততাত ভুগিব পাৰে (সৌকুচে ইয়াৰ ইঙ্গিত
হে দিছে)। সোণটি বাইদেউ আৰু ভিনদেউ থাকিবলৈ লোৱাৰপৰা ঘৰখন অলপ হ’লেও সলনি হ’ল। নতুন
পৰ্দা আহিল, ভিনীয়েকে দেউতাকৰ বাবে বজাৰৰপৰা এসোপা ফল লৈ আনে, সোণটিয়ে দেউতাকৰ বাবে
সদায়ে সৰু মাছৰ ব্যৱস্থা কৰে। কিন্তু দু:খবৰবোৰে ঘৰখনৰ শান্তি বিঘ্নিত কৰিছে। ধনৰ অৱস্থা
অত্যন্ত ভয়লগা হৈ পৰিছে, ডাক্তৰৰ মূৰ ফাটি গৈছে তাৰ উৎপাতত। কণৰ কোনো খবৰ নাই। ইপিনে
সন্ত্ৰাসবাদ বৃদ্ধি পাইছে। “ধন, কণ আৰু অনিমা, মাখনীৰ কথাই তাৰ(নিখিলৰ) চিন্তাধাৰাত
বিশৃঙ্খলাৰ সৃষ্টি কৰিছে। অস্থিৰতা, ভাঙন আৰু অনিশ্চয়তা।”
ক্ষয়িষ্ণু,
ভঙ্গুৰ সমাজখন, নৈতিকতাহীন মানুহৰে ভৰি পৰা চুবুৰিটো, নিজৰ দুৰ্ভগীয়া ঘৰখন, এই সকলো নিগেটিভ কথাৰ মাজতো সামৰণিত আমি
আশাৰ ৰেঙণি দেখিবলৈ পাইছোঁ। ইলা-নীলাৰ নাচে অভূতপূৰ্ব সাফল্য লাভ কৰিছে, দ্বিতীয়
সঙ্গীতানুষ্ঠানৰ বাবে অনিমাই অনুশীলনৰ কাম আৰম্ভ কৰিছে। ডাক্তৰে দেউতাকক পৰীক্ষা
কৰি অভয় দিছে, কম্প্লিট্ ৰেষ্ট ল’বলৈ দিছে। নিখিলক মাতি দেউতাকে কৈছে বোৱাৰীয়েকৰ অলপ
ৰেষ্টৰ দৰকাৰ। ডাক্তৰক কৈ টনিক আনিবলৈ দিছে। শহুৰেকৰ মৰমে বৌৱেকক কন্দুৱাই পেলালে।
কণমানি ৰুণুৱে খটখটি বগাবলৈ চেষ্টা কৰিছে, বাৰে বাৰে অকৃতকাৰ্য হৈছে। নিখিলে অলপ
সহায় কৰিলে। শেষত ৰুণুৱে খটখটি বগাব পাৰিলে। পাক-ঘৰৰ পৰা বৌ আৰু সোণটি বাইদেউ
একেলগে ওলাই আহিল। সোণটিয়ে শেষত বৌৱেকৰ কষ্ট বুজি পালে। ৰুণুৰ মুখত বিজয়ৰ হাঁহি,
নিখিল উৎফুল্লিত হৈ ক’লে “Give Us
this Day Our Daily Bread”। বাইবেলৰ এই উক্তিয়ে বুজাইছে - ভগৱানৰ ওপৰত বিশ্বাস
ৰাখা, আমাৰ সকলো সমস্যাৰ সমাধান দিব।
‘অশান্ত ইলেক্ট্ৰনে’ গল্পটোৱে ৭৫ টা বছৰে অসমীয়া পাঠক আৰু সমালোচকক মোহাচ্ছন্ন
কৰি ৰাখিছে। গল্পটোৰ পটভূমি আছিল স্বাধীনোত্তৰ কাল - ১৯৪৯-১৯৫০ চন, সেই সময়ৰ ‘অস্থিৰতা, ভাঙন আৰু
অনিশ্চয়তা’ৰে ভৰা সমাজখন। সেই একেই ‘অস্থিৰতা, ভাঙন আৰু অনিশ্চয়তা’ আমাৰ সমাজত
আজিও আছে, বৰং বেছিকৈহে দেখা গৈছে। নাই কেৱল ১৯৫০ চনৰ অসমখন যি কালৰ সোঁতত সলনি হৈ
গ’ল। পঞ্চাছৰ দশকৰপৰা আৰম্ভ কৰি একৈশ শতিকাৰ প্ৰথমটো দশকলৈ সৌকুচে প্ৰায় নব্বৈটা গল্প
লিখিছিল। সৌকুচৰ গল্পৰ আজিলৈ যিমান আলোচনা হৈছে তেখেতৰ সমসাময়িক গল্পকাৰসকলক লৈ তেনে
সমালোচনা দেখিবলৈ পোৱা নাযায়। ইয়াৰ কাৰণ এইটোৱে যে আজিও সৌকুচৰ গল্প সমানে প্ৰাসঙ্গিক আৰু সমালোচকে সেই গল্পবোৰত নতুনকৈ
বিচাৰ বিশ্লেষণ কৰাৰ সমল বিচাৰি পাইছে। অসমীয়া ভষাক ভাল পোৱা, গল্প ভাল পোৱা মানুহে
‘অশান্ত ইলেক্ট্ৰন’ৰ
হীৰক জয়ন্তী অনুষ্ঠান অনাড়ম্ভৰভাৱে হ’লেও পাতিব পাৰে। এই সময়খিনিত অসমীয়া চুটিগল্পৰ
ধাৰা সম্বন্ধে আলোচনা হ’ব পাৰে। অসমীয়া সাহিত্যত দ্বিতীয় এটা ‘অশান্ত ইলেক্ট্ৰন’ৰ
দৰে গল্প আজিও সৃষ্টি নহ’ল। ৭৫ বছৰ পাছত গল্পটোক সমকালিন পৰিস্থিতিত নতুনকৈ বিশ্লেষণ
কৰাৰ থল আছে। অৰ্থৰ বহুমাত্ৰিকতাক আমি নতুনকৈ উপলব্ধি কৰিব পাৰোঁ। কুৰি বছৰীয়া ছাত্ৰ
এজনে কেনেদৰে এনে এটা গল্প লিখিলে সেয়া আজিও সকলোৰে বাবে এক বিস্ময়।
(আগষ্ট, ২০২৫ প্ৰবাহ আলোচনীত প্ৰকাশিত)
Comments
Post a Comment