Posts

Showing posts from August, 2025

ঘাটক হিটলাৰ পাঠক হিটলাৰ

  আধুনিক বিশ্বত মানুহৰ ওপৰত অমানুষিক অত্যাচাৰ চলোৱা, নৰ হত্যাকাৰী শাসকসকলৰ ভিতৰত নিসন্দেহে প্ৰথম স্থানত থাকিব জাৰ্মানীৰ শাসক এডল্ফ হিটলাৰৰ নাম। নাজী বাহিনীৰ সৰ্বাধিনায়ক পদত থাকি ১৯৩৩ চনত জাৰ্মানীৰ শাসনভাৰ লৈ লাখ লাখ ইহুদীলোকক হত্যা কৰে। দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰ শক্তিয়ে নাজী বাহিনীক পৰাস্ত্ৰ কৰাৰ সময়তে হিটলাৰে আত্মহত্যা কৰে। ঘৃণনীয় মানুহজনে কিতাপ পুৰি পেলোৱাৰ বাবে কুখ্যাতি অৰ্জন কৰিছিল। ১৯৩৩ চনত নাজীবাহিনী ক্ষমতালৈ অহাৰ পিছত হিটলাৰৰ নিৰ্দেশত জাৰ্মানী আৰু অষ্ট্ৰিয়াত থকা ৩০ খন বিশ্ববিদ্যালয়ৰ পুথিভঁৰালৰ কিতাপ পুৰি পেলাইছিল। সুস্থ মস্তিষ্কৰে অমানুষিকভাৱে নৰহত্যা কৰিব পৰা তেনে এজন   নিৰ্দয় হৃদয়ৰ ব্যক্তি আছিল এজন কিতাপৰ পোক। এজন প্ৰকৃত গ্ৰন্থ প্ৰেমিক। আচৰিত যেন নালাগেনে? কিন্তু অবিশ্বাস্য হ’লেও এয়া সত্য যে এডল্ফ হিটলাৰে দিনে কমেও এখনকৈ কিতাপ পঢ়ি শেষ কৰিছিল। প্ৰতিটো সন্ধিয়া সন্মুখত ৰাখিছিল এখন কিতাপ। পঢ়াৰ মাজে মাজে লৈছিল গৰম চাহ একাপ। সন্ধিয়াৰপৰা মাজনিশালৈ পঢ়া সময়খিনিত তেওঁ আন কোনো বন্ধু-বান্ধৱ অহাটো নিবিচাৰিছিল। তেওঁ সেই সময়খিনিত বিচাৰিছিল কেৱল নীৰৱতা। এবাৰ তেওঁৰ প্ৰেয়সী সেই সময়ত দে...

মন-কথা-২ নদী নিৰৱধি

  ইতিহাস চালে দেখা যায় যে বিশ্বৰ প্ৰায়বোৰ সভ্যতা নদীৰ পাৰত গঢ় লোৱা। নদীৰ ইতিহাস দৰাচলতে সভ্যতাৰ ইতিহাস। সভ্যতাৰ লগতে সংস্কৃতিৰো অন্যতম আধাৰ হৈছে নদী৷ নদী আৰু মানুহৰ সম্পৰ্ক চিৰন্তন৷ সিন্ধু নদীৰ পাৰত হৰপ্পা আৰু মহেঞ্জোদাৰো নগৰত প্ৰায় পাঁচ হাজাৰ বছৰ আগতে গঢ় লৈ উঠিছিল সিন্ধু সভ্যতা। তেনেদৰে নীল নদীৰ পাৰত মিছৰীয় সভ্যতা, টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ পাৰত মেছোপটেমীয়া সভ্যতা, বেবলনীয় সভ্যতা, সুমেৰীয় সভ্যতা, হোৱাংহো নদীৰ পাৰত চীন সভ্যতাই হাজাৰ বছৰ আগতে গঢ় লৈ উঠিছিল। এই সভ্যতাসমূহৰ মাজেৰে মানৱ জাতি আজিৰ স্তৰ পাইছে। নদীৰ ভয়াবহতাত মানুহ মাজে মাজে কম্পমান হৈ পৰে। বানপানীয়ে গাঁও উছন কৰে। তথাপি মানুহে নদীৰ পাৰতে থাকিবলৈ বিচাৰে। কাৰণ নদী হ’ল মানৱ জাতিৰ প্ৰাণ। অতীজত যাতায়াতৰ বাবে সুবিধাজনক পথ আছিল নদী। ৰাস্তা নিৰ্মাণ এক ব্যয়বহুল কাম, সকলো ৰাজ্যৰ বাবে সম্ভৱপৰ নাছিল। শ্ৰীমন্ত শংকৰদেৱে ষোল শতিকাত আহোমৰ অত্যাচাৰৰ বাবে উজনিৰ পৰা ভটিয়াই নামনিলৈ আহিছিল লুইতৰ বুকুৱেদি নাৱেৰে যাত্ৰা কৰি। গুৰুজনাৰ পিছৰ তিনি শতিকালৈ অসমীয়া মানুহে ব্যৱসায় বা আন উদ্দেশ্যে যাতায়াতৰ বাবে নাও ব্যৱহাৰ কৰিছিল।    ...

‘অশান্ত ইলেক্ট্ৰন’ৰ সৃষ্টিৰপৰা পয়সত্তৰ বছৰ

  সৌৰভ কুমাৰ চলিহাৰ ( সৌকুচ) গল্পসমূহৰ ভিতৰত ‘ অশান্ত ইলেক্ট্ৰন’ গল্পই সকলো সময়তে সমালোচক আৰু পাঠকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। অসমীয়া চুটিগল্প সাহিত্যত “অশান্ত ইলেক্ট্ৰন’ক মাইলৰ খুটি হিচাপে গ্ৰহণ কৰিব পাৰি। মেদিনী চৌধুৰীয়ে লিখিছিল, “গল্পটোৰ চিত্ৰকল্প বোৰলৈ মনত পেলাওক – ছিগা ছিগা চিন্তা, চিত্ৰকল্প, সংগতিহীন অনুভৱ, - এয়ে গল্পটোক দিছে এক অভাৱনীয় আদৰণীয় ৰূপ আৰু অবয়ব – উত্তৰ আধুনিকতাবাদৰ চাৰিত্ৰিক বৈশিষ্ট্য হ’ল Super abundance of images and styles। ‘ অশান্ত ইলেক্ট্ৰন’ত এই লক্ষণবোৰ প্ৰকট নহয় নে? ” (অসমীয়া প্ৰতিদিন ১২-১১-২০০০)। ড ° মহেন্দ্ৰ বৰাই লিখিছিল, “সৌৰভ চলিহা অসমীয়া চুটিগল্প সাহিত্যৰ বিস্ময় - - - ‘ অশান্ত ইলেক্ট্ৰন’ এক প্ৰকাণ্ড বিস্ফোৰণৰ দৰেই গৃহীত হৈছিল। ” (সাহিত্য আৰু সাহিত্য)। বহুতো সমালোচকে সৌকুচৰ এইগল্পটোত জেইমছ জয়ছৰ ‘ ইউলিছেছ’ উপন্যাসৰ দৰে চেতনা-স্ৰোত বিচাৰি পাইছিল। এই বিষয়ে মেগৰ-ভাষণত তেওঁ কৈছিল যে সেই উপন্যাসখন তেওঁ পঢ়াই নাছিল আৰু যেতিয়া তেওঁৰ হাতত পৰে তেতিয়ালৈ উপন্যাসখন পঢ়াৰ প্ৰবৃত্তি লোপ পালে। মেগৰ-ভাষণত সৌকুচে এনেদৰে কৈছিল, “মোৰ বিশ্বাস যে বিশ্ব সাহিত্যৰ অতিমাত্ৰা গুৰ...