বিমান দুৰ্ঘটনা আৰু জুলিয়ান কোৱেপকে : when I Fell From The Sky
’When I
Fell From The Sky’ এখন আত্মজীৱনীমূলক গ্ৰন্থ, জাৰ্মানীৰ জুলিয়ান কোৱেপকে নামৰ মহলিাগৰাকীয়ে
২০১০ চনত লিখি প্ৰকাশ কৰিছিল। ৪০ বছৰ আগত তেখেতৰ জীৱনলৈ অহা এক দুৰ্যোগক লৈ লেখা এইখন
গ্ৰন্থ। ১৯৭১ চনৰ ২৪ ডিচেম্বৰত ১৭ বছৰীয়া জুলিয়ানে নিজৰ মাতৃৰ সতে বিমান যাত্ৰা কৰে
আৰু যাত্ৰাৰ এঘণ্টা পাছতে আকাশত ধুমুহা, বৰষুণ আৰু বজ্ৰপাতৰ সন্মুখীন হয়। বিমানখন টুকুৰা-টুকুৰ
হৈ ১০,০০০ ফুট ওপৰৰ পৰা তললৈ নামি আহে আৰু এমাজনৰ অটব্য অৰণ্যত ভূপাতিত হয়। অবিশ্বাস্যভাৱে
৯২ গৰাকী যাত্ৰীৰ ভিতৰত কেৱল জুলিয়ান মৃত্যুৰ মুখৰ পৰা উভতি আহিবলৈ সক্ষম হয়। জুলিয়ানৰ
সেই দুৰ্ঘটনা আৰু পিছৰ জীৱনত বিজ্ঞানী হিচাপে প্ৰতিষ্ঠিত হোৱা কাহিনীৰ আলমত লিখা গ্ৰন্থখনেই
হ’ল “When I Fell From The Sky’।
উন্নত প্ৰযুক্তিৰ
সহায়ত বিমান দুৰ্ঘটনা আজি নিৰাপদ বুলি ক’ব পৰা হৈছে, দুই, এটা ঘটনাৰ বাহিৰে। ৫০-৬০
বছৰ আগত বিমান যাত্ৰা আজিৰ দিনতকৈ কম নিৰাপদ নাছিল। ১৯৫১ চনত পেৰুৰ লিমা নামৰ চহৰখনত
জন্মলাভ কৰা জুলিয়ান কোৱেপকেৰ মাক দেউতাক আছিল জাৰ্মানীৰ প্ৰাণীবিজ্ঞানী। ১৪ বছৰ বয়সতে
জুলিয়ানে মাক-দেউতাকৰ সতে এমাজন অৰণ্যৰ মাজত অৱস্থিত পেংগুৱানাত থাকিবলৈ লৈছিল। তাতে
প্ৰাণীবিদ্যাৰ এটি গৱেষণা কেন্দ্ৰ স্থাপনৰ কামত জুলিয়ানৰ পিতৃ-মাতৃ জড়িত আছিল। পেংগুাৱানাৰ
পৰা কিছু নিলগত লিমা নামৰ চহৰখনত জুলিয়ানে পঢ়া-শুনা কৰিছিল। পেংগুাৱানাত থাকোঁতে জুলিয়ানে
এমাজনৰ দৰে অটব্য জংঘলত কেনেদৰে ঘূৰা-ফুৰা কৰি কি বস্তু খাই জীয়াই থাকিব পাৰি শিকিছিল।
১৭ বছৰত জুলিয়ানে স্কুলৰ শিক্ষা শেষ কৰি মাকৰ সতে লিমাৰ পৰা পাকাল্পালৈ যাবলৈ বিমান
বন্দৰলৈ আহে। খ্ৰীষ্টমাছৰ সময়, পেংগুাৱানত থকা নিজৰ পিতৃ গৃহলৈ যাবলৈ ব্যাকুল হৈ পৰিছিল
দুয়ো মাক-জীয়েক। পেংগুৱানাৰ সমীপৰ বিমান বন্দৰ হ’ল পাকাল্পা। ইপিনে বছৰৰ শেষত ছুটীৰ
দিন উদযাপনৰ বাবে বহুতে বিমান যাত্ৰা কৰিবলৈ হেতা ওপৰা লগালে। খ্ৰীষ্টমাছৰ এদিন আগতে
ৰাতিপুৱাই দুই মাক-জীয়েক বিমান বন্দৰত ৰৈ আছিল যাত্ৰাৰ আশাত। যদিও ’লান্সা’ এয়াৰলাইন্সৰ
বিমানৰ সুনাম আগৰেপৰা নাছিল, উপায় নোপোৱাতহে লান্সা বিমানত ভ্ৰমণ কৰিবলৈ বাধ্য হয়।
জুলিয়ান আৰু মাকে ১৯৭১ চনৰ ২৪ ডিচেম্বৰত বিমানত উঠি ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰালৈ প্ৰায়
এঘণ্টা পাৰ হৈছিল। ক্ষন্তেক সময় পাছতে হয়তো পাকাল্পাত বিমানখন অৱতৰণ কৰিলেহেঁতেন। সেই
সময়তে বিমানে প্ৰতিকূল বতৰৰ সন্মুখীন হয়। ডাঙৰকৈ শব্দ কৰি এবাৰ বজ্ৰপাত পৰিল বিমানখনৰ
ওপৰত। ক্ষন্তেকৰ ভিতৰত উজ্জ্বল পোহৰে বিমানখন আৱৰি ধৰে। বিমানখন টুকুৰা-টুকুৰ হৈ পৰে।
ঘটনাৰ দহ ঘণ্টা পাছত জুলিয়ানে সাৰ পালে। নিজকে আমাজন অৰণ্যৰ মাজত আৱিষ্কাৰ কৰে।
দহ হাজাৰ ফুট উচ্চতাত
বজ্ৰপাত পৰি বিমান জ্বলি টুকুৰা টুকুৰ হোৱাৰ পাছত তললৈ সৰি পৰা জুলিয়ান মৃত্যুৰ পৰা
বাচি অহা কথাটোৱে ’ৰাখে হৰি মাৰে কোন’ কথাষাৰলৈ মনত পেলাই দিয়ে। হয়তো বৰ্ষাৰণ্যৰ ওখ
ওখ গছৰ ডাল, পাত বোৰে জুলিয়ানক মৃত্যুৰ পৰা বচালে। বিমানখনত ৯২ গৰাকী যাত্ৰী আছিল।
আকাশতে ৭৭ গৰাকীৰ দেহ জুইত পুৰি ছাই হৈ তলত পৰে। পোন্ধৰগৰাকী যাত্ৰী আমাজন বৰ্ষাৰণ্যত
পৰে যদিও জুলিয়ানৰ বাহিৰে বাকী কেইগৰাকী যাত্ৰী আঘাতপ্ৰাপ্ত হৈ আৰু অৰণ্যৰ কীট পতঙ্গ,
জন্তুৰ চিকাৰ হৈ মৃত্যুমুখত পৰে। জুলিয়ানৰ মাক তেনে ১৪ গৰাকী দুৰ্ভগীয়া যাত্ৰীৰ এজন
আছিল।
সাৰ পাই জুলিয়ানে
নিজৰ দেহত কেবাটাও আঘাত লক্ষ্য কৰে। চকু এটাৰে ভালদৰে দেখা নোপোৱা হৈ পৰে। ইপিনে দেহৰ
সোঁফালৰ কান্ধৰ কাচিহাড়ডাল ভাঙিছে বুলি অনুমান কৰে। বাঁও হাতত দ কৈ কাটিছে। মূৰতো আঘাত
পাইছে। এটা দিন জুলিয়ান সেই ঠাইতে পৰি থাকিল। বিষত কেঁকাই থাকি নিজৰ মনোবল গোটাই উঠিবলৈ
চেষ্টা কৰে। ২৫ তাৰিখে ৰাতিপুৱাহে জুলিয়ানে থিয় দিবলৈ সক্ষম হয়। এতিয়া প্ৰথম কাম হ’ল
তেওঁ মাকক বিচৰা, যদিও মাক জীয়াই থকাৰ সম্ভাৱনা অতি কম বুলি অনুমান কৰিছিল। ইয়াৰ পাছৰ
আঠ দিন জুলিয়ানে কেৱল খোজকাঢ়ি আগুৱাই গ’ল কোনো মানুহৰ সহায় পাম বুলি আশা পালি। ঘন অৰণ্যত
কীট পতঙ্গ, জীৱ-জন্তুৰ পৰা নিজকে বচাই ৰখা সহজ কথা নাছিল। জুলিয়ানে বিমানৰ পৰা সৰি
পৰা টোপোলা এটা পালে তাতেই কেইটামান মিঠাই পালে। গছৰ পাতৰ পৰা টোপ টোপকৈ পৰি থকা পানী
মুখত ল’লে। তেনেকৈয়ে গৈ থাকোঁতে জুলিয়ানে এটা নিজৰা দেখা পায়। লগে লগে মনলৈ আহে যে
এই নিজৰাৰ পাৰে পাৰে গৈ থাকিলে নিশ্চয় কোনো মানুহৰ বাসস্থান পোৱা যাব, কাৰণ নৈ-নিজাৰৰ
পাৰত মানুহৰ বসতি থাকেই। লগতে পি খাবলৈ পানীও পোৱা যায়। জীয়াই থাকিবলৈ যে পানী অপৰিহাৰ্য।
দ্বিতীয় নিশা জুৰিটোৰ পাৰতে জুলিয়ান শুই পৰিল। পোক পৰুৱাৰ বাবে ভালদৰে শুবও নাপালে।
ৰাতিপুৱা উঠি পুনৰ খোজ কাঢ়িবলৈ আৰম্ভ কৰে। ইপিনে বৰষুণৰ বাবে, জংঘলৰ ওখ-চাপৰ এলেকাৰ
বাবে আগুৱাই যোৱা সহজ নাছিল, তাতে আঘাতপ্ৰাপ্ত শৰীৰটো কঢ়িয়াই ফুৰিবলৈ। জীয়াই থকাৰ প্ৰবাল
হেপাহে জুলিয়ানক এদিন দুদিন নহয় আঠ দিন খোজ কাঢ়ি গৈ থাকিবলৈ বাধ্য কৰালে। সেইকেইদিন
নিশা শুব খুজিলেও অৰণ্যৰ মাজত ভালদৰে টোপনি মৰা সম্ভৱ হোৱা নাছিল। খাদ্যৰ অভাৱত শৰীৰ
দুৰ্বল হৈ পৰিছিল। কেতিয়াবা আঁঠু কাঢ়িও আগুৱাবলৈ চাইছিল। ইপিনে হাত আৰু কান্ধৰ বিষ
শৰীৰত লাগিয়ে আছিল। জুৰিটো শেষত গৈ নৈ হৈ পৰিল। জুলিয়ান গৈ থাকিল আৰু ন দিনৰ দিনা এখন
মেচিন নাও দেখা পালে। ওচৰত নিশ্চয় মানুহৰ বসতি আছে। জুলিয়ানে আগুৱাই গ’ল। এটা সৰু কেম্প
দেখা পালে। কেম্পৰ ভিতৰখন খালী। তাতেই জুলিয়ান শুই পৰিল। খোজকাঢ়াৰ শক্তি নোহোৱা হৈ
পৰিল। ইপিনে হাতৰ কটা অংশটোত সংক্ৰমণ আৰম্ভ হয়। মুমূৰ্ষুপ্ৰায় অৱস্থাত জুলিয়ানে ঘৰটোৰ
ভিতৰত মানুহৰ অপেক্ষাত এটা নিশা পাৰ কৰিলে। দ্বিতীয় দিনা আবেলি পৰত হে সঁচাকৈয়ে তিনিজন
মানুহৰ আগমন ঘটে। জুলিয়ানৰ বাবে তেওঁলোক আছিল দেৱদূত। জুলিয়ানে শক্তি গোটাই মানুহকেইজন
কয়, “I’m a girl who was in the LANSA crash. My name is Julian.” মানুহ কেইজনে বিশ্ময়াভূত
হৈ জুলিয়ানক চাবলৈ ধৰে।
সেইদিনাখন জুলিয়ানক
ওচৰৰ চিকিৎসালয়লৈ নিব নোৱাৰিলে। পিছদিনাখন নাওত তুলি আঠ ঘণ্টা নৈৰে গৈ মিছনাৰী হস্পিটাল
এখনত থলে। তাতেই জুলিয়ানৰ চিকিৎসা আৰম্ভ হয়। হাস্পটালত কিছুদিন থকাৰ পাছত জুলিয়ানে
অলপ শক্তি পায়। তাৰ পাছতহে হেলিকপ্তাৰেৰে পাকাল্পালৈ নিয়ে, দেউতাকক লগ পায় আৰু উন্নত
চিকিৎসা লাভ কৰে। বিমান দুৰ্ঘটনাৰ দহ দিনৰ দিনা উদ্ধাৰকাৰী দলে বিফল হৈ উদ্ধাৰ অভিযান
স্থপিত ৰাখিছিল। ইপিনে প্ৰতিকূল বতৰৰ বাবে এমাজন অৰণ্যত ঘূৰা-ফুৰা কৰা টান হৈ পৰিছিল।
অৰণ্যৰ পৰা কোনো বিমান যাত্ৰী জীৱিত অৱস্থাত দহ দিনৰ পাছত ওলাই আহিব পাৰিব - সেয়া প্ৰায়
অসম্ভৱ বুলি সকলোৱে মানি লৈছিল। কেৱল জুলিয়ানৰ দেউতাকে ভাবিছিল নিজৰ পত্নী-জীয়াৰী এদিন
আহি ওলাব। জুলিয়ানে পিছত সহযাত্ৰী সকলৰ মৃতদেহ উদ্ধাৰ অভিযানত উদ্ধাৰকাৰী দলক সহায়
কৰে। নিজৰ মাতৃৰ মৃতদেহো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
জুলিয়ানে ১৯৮০ চনত
কেইল বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু পাছত ডক্তৰেট ডিগ্ৰী লাভ কৰে। পেৰুত
প্ৰাণীবিজ্ঞানী হিচাপে বাদুলিৰ বিশেষজ্ঞ হিচাপে কাম কৰিবলৈ লয়। ১৯৮৯ চনত জুলিয়ানৰ জাৰ্মান
নিবাসী এৰিচ ডিলাৰৰ সতে বিবাহ সম্পন্ন হয়। ১৯৭১ চনৰ দুৰ্ঘটনাৰ ৪০ বছৰ পাচত জুলিয়ানে
লিখি উলিয়ায় “When I Fell From The
Sky”। গ্ৰন্থখন এবাৰ পঢ়িলে শেষ নকৰাকৈ থাকিব নোৱাৰি। পঢ়ুৱৈৰ বিপুল সঁহাৰিৰ বাবে গ্ৰন্থখন
আন্তৰাষ্ট্ৰীয় বেষ্ট চেলাৰ হিচাপে সমাদৃত হয়। গ্ৰন্থখনে কৰিন সাহিত্য বঁটাও লাভ কৰিবলৈ
সক্ষম হয়। গ্ৰন্থখন ইণ্টাৰনেটত বিনামূলিয়াকৈ পঢ়াৰ সুবিধা আছে। ৪০ বছৰ পাছত জুলিয়ানে
সেই একেখন ঠাইলৈ এমাজনৰ অটব্য অৰণ্যৰ মাজলৈ ফুৰিবলৈ আহি জীৱন-মৰণৰ সেই এঘাৰদিনৰ সংগ্ৰামৰ
স্মৃতি ৰোমন্থন কৰে গ্ৰন্থখনৰ জৰিয়তে। ১৯৭৪ চনত জুলিয়ানৰ সঁচা ঘটনাৰ আলমত ইটালীত ’Miracles Still Happen’ নামেৰে এখন চিনেমা নিৰ্মাণ
কৰে। ইয়াৰ চিত্ৰনাট্যৰ কামত জুলিয়ান নিজে জড়িত হৈছিল। ১৯৯৮ চনত এখন ডকুমেৰণ্টৰীও ওলায়।
জুলিয়ানৰ
দৰে আন এগৰাকী সোভাগ্যশালী নাৰী হ’ল এমা কেৰী। ২০ বছৰ বয়সত এমাই চুইজাৰলেণ্ডলৈ গৈছিল
স্কাই ডাইভিঙৰ বাবে। পেৰাচুটৰ বিসংগতিৰ ১০ হাজাৰ ফুট তললৈ নামি এমাই যেতিয়া মাটিত পৰি
যায় মৃত্যু নিশ্চিত আছিল, কিন্তু এমা জীয়াই থাকিল শৰীৰৰ কেবাঠাইত আঘাত লৈ। চিকিৎসা
চলিল বছৰ বছৰ দিন। এমাই নিজৰ সঁচা কাহিনীৰে লেখি উলয়ায় ‘The Girl Who Fell From
The Sky’।
যোৱা ১২ জুন, ২০২৫ তাৰিখৰ বিমান দুৰ্ঘটনাই ভাৰতকে ধৰি বিশ্ববাসীৰ মন ব্যথিত কৰিছে। আহমেদাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল বিমান বন্দৰৰ পৰা লণ্ডনলৈ উৰা মৰা বিমানখন উৰণৰ কেইচেকেণ্ডমান পাছতে বিজুটি ঘটি ৬২৫ ফুট উচ্চতাৰ পৰা তললৈ সৰি এটা বিল্ডিঙৰ ওপৰত পৰে। বিস্ফোৰণৰ পাছত হোৱা অগ্নিকুণ্ডৰ সেই দৃশ্য দেখিলে কোনেও ভাবিব নোৱাৰিব যে বিমানখনৰ অগ্নিকুণ্ডৰ পৰা ২৪২ গৰাকী যাত্ৰীৰ কোনোবা এজন জীৱিত অৱস্থাত উদ্ধাৰ হ’ব। কিন্তু তাৰ মাজতো ৰমেশ বিশ্বাস কুমাৰ নামৰ এজন যাত্ৰী বিমানখনৰ পৰা জীৱিত অৱস্থাত ওলাই আহিব পাৰিলে। হয়তো এদিন ৰমেশ বিশ্বাসেও গ্ৰন্থ এখন লিখি উলিয়াব।
(২২ জুন, ২০২৫ অসমীয়া প্ৰতিদিন কাকত)
Comments
Post a Comment