মহাপুৰুষ মাধৱদেৱ - এক অৱলোকন

 

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৭ তম আৱিৰ্ভাৱ মহোৎসৱত গুৰুজনাৰ শ্ৰী চৰণত সেৱা যাঁচিলোঁ।  ১৪৮৯ চনত জন্মলাভ কৰা মাধৱদেৱ মোৰ দৃষ্টিত দুবাৰ জন্ম লাভ কৰিছিল। কথাষাৰ আচহুৱা যেন লাগিলেও এয়া সত্য। দ্বিতীয়বাৰৰ বাবে জন্ম লাভ কৰিছিল ১৫২২ চনত। ১৫২২ চনলৈ অৰ্থাৎ ৩৩ বছৰ বয়সলৈ  মাধৱ আছিল শাক্ত ধৰ্মত বিশ্বাসী এজন সৎ পথত চলা ব্যক্তি। হয়তো তেওঁ সাধাৰণ ভাৱেই জীৱনৰ বাকী সময়খিনি পাৰ কৰিলেহেঁতেন। কিন্তু তেখেত এজন  অসাধাৰণ ব্যক্তি হৈ পৰিল জগতৰ গুৰু, মহাপুৰুষৰ সান্নিধ্যলৈ আহি। সেইজনা জগতগুৰু, মহাপুৰুষ আছিল শ্ৰীমন্ত শংকৰদেৱ। এজন সাধাৰণ ব্যক্তিও মহাপুৰুষৰ সান্নিধ্যলৈ আহি নিজেও মহাপুৰুষলৈ উন্নীত হ’ব পাৰে, সেয়া প্ৰমাণ কৰি দেখুৱালে মহাপুৰুষ মাধৱদেৱে। সেয়েহে  গুৰুজনাই আমাক উপদেশ দি গৈছিল সৎ সংগত থাকিবলৈ, ভকতৰ সান্নিধ্যত থাকিবলৈ।

শংকৰ-মাধৱৰ এই মিলনক লক্ষ্মীনাথ বেজবৰুৱাই মণিকাঞ্চন সংযোগ নামেৰে নামকৰণ কৰিছিল। মাধৱ আৰু শংকৰদেৱৰ মাজত তিনি প্ৰহৰলৈ দুৰ্ঘোৰ যুক্তি-তৰ্ক চলিছিল। মাধৱে যুক্তি দিছিল বলি বিধান, দেৱী পূজাৰ উপকাৰিতাক লৈ। শংকৰদেৱে কৈছিল এক দেৱ এক সেৱ এক বিনে নাই কেৱ। শেষত শংকৰদেৱে ভাগৱতৰ এনে এটা শ্লোক মাতিছিল যাৰ অৰ্থ হৃদয়ঙ্গম কৰি মাধৱে নিজৰ ভুল মানিলৈ শংকৰদেৱৰ চৰণ স্পৰ্শ কৰি গুৰু মানি ল’লে।

 “য়থা তৰুমূল নিষেচনেন।
তৃপ্যন্তি তৎস্কন্ধ ভূজোপশাখাঃ॥
প্ৰাণোপহাৰাচ্চ য়থেন্দ্ৰিয়ানং।
তথাচ সৰ্ব্বাৰ্চ্চনমুচ্যতেভ্যঃ॥”

অৰ্থাৎ—
“বৃক্ষৰ মূলত যেন দিলে আনি জল।
হোৱয় তৃপিতি তাৰ পত্ৰ পুষ্প ফল॥
ডালে পাতে সিঞ্চে যদি মূলত নেদয়।
কদাচিতো ডালে পাতে তৃপিতি নহয়॥
ক্ষুধাতুৰ নৰে যদি অন্নক ভূঞ্জয়।
তৃপিতি হোৱন্ত ইন্দ্ৰিয় আতিশয়॥
ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলঙ্কাৰ।
ইন্দ্ৰিয়ৰ কিছু প্ৰীতি নহয় তাহাৰ॥
কৃষ্ণক পূজিলে সমস্তৰে পূজা হয়।
পৃথকে পূজিলে পূজা কেহোঁ নলৱয়॥”

পূজা-পাতল, যাগ যজ্ঞ, বলি বিধানতকৈ যে হৰি নাম কীৰ্ত্তন শ্ৰেয় তাক জানিবলৈ শংকৰদেৱে মাধৱৰ আগত আগবঢ়োৱা যুক্তিসমূহ এবাৰ স্মৰণ কৰিলেই হ’ল। শংকৰদেৱৰ সমান আন কোনেও এই বিষয়ে সবল যুক্তি দাঙি ধৰিব নোৱাৰে। এই ’তৰুমূল’ শ্লোকেই মাধৱক মাধৱদেৱলৈ সলনি কৰি দিছিল।   

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জন্মলাভ কৰিছিল ১৪৪৯ চনত, মাধৱদেৱতকৈ বয়সত ৪০ বছৰ ডাঙৰ আছিল। সেই সময়ত পুৰুষ এজনে কুৰি বছৰ বয়সতে বিবাহ পাষত আৱদ্ধ হৈছিল। সেই হিচাপে মহাপুৰুষ দুজনৰ বয়সৰ ব্যৱধান আছিল দুটা প্ৰজন্মৰ। তাৰ পাছতো দুজনাগুৰুৰ মাজৰ সম্বন্ধ কেৱল গুৰু-শিষ্যৰ সম্পৰ্কতে সীমাবদ্ধ হৈ থকা নাছিল। ইয়াৰ প্ৰমাণ হিচাপে গুৰু চৰিতৰ পৰা উদাহৰণ দিব পৰা যায়। ৰুক্মিনী আছিল শংকৰদেৱৰ নুমলীয়া জীয়াৰী। কণমানি জীয়াৰীক গুৰুজনাই এটা কাম দিছিল, মাধৱ বান্ধৱ আহিলে যেন লগে লগে খবৰ দিয়ে।

 

সেই দিনা ধৰি ৰুক্মিণীয়ে থাকে চাই।

আসিলে মাধৱ শংকৰক জগায়।।

উঠ উঠ আতা মাধৱ বান্ধৱ।

শুনি শংকৰৰ মনে মিলিলা উৎসৱ।।

মোৰ আই বুলি চুমা খান্ত ঘনে ঘনে।

মাধৱ বান্ধৱ বুলি তুমি জানা কেনে।।

প্ৰতিদিনে মাধৱদেৱে গুৰুৰ ঘৰলৈ আহে। তথাপি শংকৰদেৱে পৰম বান্ধৱ মাধৱলৈ অপেক্ষা কৰি থাকে। নিজৰ শ্ৰেষ্ঠতম শিষ্যৰ প্ৰতি কি এক অতুলনীয় আন্তৰিকতা, ভালপোৱা, প্ৰাণৰ বান্ধৱ মাধৱ। মাধৱদেৱেও শংকৰদেৱক গুৰু হিচাপে মানি গোটেই জীৱন গুৰুজনাৰ সেৱাত আৰু গুৰুজনাই প্ৰৱৰ্তন কৰা ধৰ্মক শুদ্ধ ৰূপত প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে জীৱনৰ বাকী সময়খিনি সমৰ্পণ কৰে। ইয়াৰ প্ৰতিদানো গুৰুই মাধৱদেৱক দিছে। কোচবেহাৰত শংকৰদেৱ শয্যাগত। বৰপুত্ৰ ৰমানন্দই পিতৃক সুধিছে সন্তানৰ বাবে কি থৈ যাবলৈ ওলাইছে। শংকৰদেৱে বৰপুত্ৰক ক’লে, “আমাৰ ভঁৰাল শূন্য, সময়ো নাই। সকলো বঢ়াৰ পোতে অৰ্পণ কৰিলোঁ, তেওঁৰ আৰু আমাৰ ভিন্ন ভাব নেদেখিবা; দাস ভাবে প্ৰাৰ্থনা কৰিবা। পিতাৰ বস্তু বুলি নুখুজিবা।“ নিজৰ পুত্ৰক এৰি নিজৰ শ্ৰেষ্ঠ শিষ্যজনক সকলো দি গ’ল, কিয়? এই আধ্যাত্মিক জ্ঞান, দৰ্শন গুৰুজনাই সৃষ্টি কৰিছিল সমাজৰ বাবে, সেইবোৰ ব্যক্তিগত সৃষ্টি বুলি তেওঁ ভবা নাছিল। সেয়ে তাৰ উত্তৰাধিকাৰী পাতিলে এনে এজন শিষ্যক যিয়ে সেই জ্ঞান, দৰ্শনক সমাজৰ মাজলৈ আগুৱাই নিব পাৰে। সেয়ে হয়তো মাধৱদেৱে যেতিয়া বৰপেটা ধাম প্ৰতিষ্ঠা কৰে সেই ধামৰ গুৰু দায়িত্ব তেওঁৰ অন্যতম শ্ৰেষ্ঠ শিষ্য শ্ৰীশ্ৰী মথুৰাদাস বুঢ়াআতাৰ ওপৰত ন্যস্ত কৰে, নিজৰ অতিকৈ মৰমৰ ভাগিন ৰামচৰণ ঠাকুৰক উপেক্ষা কৰি। গুৰু-ভকতৰ সম্বন্ধৰ বিষয়ে আন এক উদাহৰণ দিব পৰা যায়। মৰমৰ জোঁৱাই হৰিক আহোমে মৃত্যুদণ্ড দিয়া আৰু মাধৱদেৱ মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি অহাৰ পাছত শংকৰদেৱে ধূৱাঁহাটৰ পৰা ভটিয়াই নামনি অসমলৈ অহাৰ সিদ্ধান্ত লয়। শংকৰদেৱ সহিত সকলোৱে নাওত উঠি যাত্ৰা আৰম্ভ কৰে। মাধৱদেৱ আৰু বৈনায়েক ৰামদাসে শেষ নাওখন এৰি দিবলৈ ওলাওঁতে দেখিলে দুজন ভকতে দৌৰা দৌৰি কৈ নাওত উঠিবলৈ আহিছে। ইপিনে নাওখন বয়-বস্তুৰে পূৰ্ণ, ভকত দুজনক উঠাব পৰা নাযায়। বৈনায়েকে ভকত দুজনক নাওত উঠাবলৈ আপত্তি কৰাত মাধৱদেৱে দুটা জপা (য’ত নিজৰ সঞ্চিত সমগ্ৰ বস্তু মজুত আছিল) পানীত পেলাই দিলে আৰু ভকত দুজনক নাওত তুলি ল’লে। সেয়া আছিল গুৰু-ভকত বা গুৰু-শিষ্যৰ মাজৰ সম্পৰ্ক। এদিনাখন নাম কীৰ্ত্তন চলি থকা সময়ত বুঢ়া সৰ্বজয় আতৈ ভক্তিৰসত ডুব গৈ থাকোঁতে ক’ব নোৱাৰাকৈ প্ৰেসাৱ কৰি দিয়ে। কাষতে বহি থকা ভকতে ঘৃণাত আঁতৰি গ’ল। শংকৰদেৱে আতৈক দাঙি নি কাপোৰ সলাই গা ধুৱাই দিয়ে আৰু নিজে লেতেৰা কাপোৰবোৰ ধুই দিয়ে।     গুৰু-শিষ্যৰ এই সম্পৰ্কৰ টান ইয়াৰ দুশ বছৰ পাছতো দেখিবলৈ পাওঁ মায়ামৰা সত্ৰত, য’ত গুৰুক কৰা অপমানৰ বাবে সকলো শিষ্যই শক্তিশালী আহোমৰ বিপক্ষে ঠিয় দিছিল মৃত্যুভয় নেওচি। পিছে সময়ৰ সোঁতত মহাপুৰুষীয়া ধৰ্মত সেই গুৰু-শিষ্যৰ পৰম্পৰা ৰক্ষা কৰিব পৰা নগ’ল। উজনিৰ বহুতো সত্ৰাধিকাৰ ’প্ৰভু ঈশ্বৰ’ৰ শাৰীত বহি ল’লে, শিষ্যসকলক ৰাখিলে ভৃত্য বা ভৃত্যতকৈ অলপমান ওপৰ স্থানত। ধৰ্মৰ বস্তু গৈ ব্যক্তিগত সম্পদত পৰিণত হ’ল। কেবাখনো সত্ৰত সামন্তবাদী শাসন চলিবলৈ ধৰে। গুৰুজনাৰ ধৰ্মৰ পৱিত্ৰতা যে পিছলৈ ৰক্ষা কৰা সম্ভৱ নহ’ব সেয়া তেওঁ অনুমান কৰিব পাৰিছিল, চৰিত পুথিত ইয়াৰ উল্লেখ আছে।

মাধৱদেৱৰ ১০৭ বছৰীয়া জীৱনকালৰ শ্ৰীমন্ত শংকৰদেৱৰ সান্নিধ্য লাভ কৰাৰ আগৰ কালছোৱা অৰ্থাৎ জীৱনৰ প্ৰথম ৩৩ বছৰ বাদ দিলে ৭৪ বছৰ কাল থাকে। এই সময়খিনহে আমাৰ বাবে গুৰুত্বপূৰ্ণ সময় কাৰণ এই সময়খিনিত মাধৱদেৱ মহাপুৰুষলৈ উত্তৰণ ঘটিছিল। তেখেতৰ সমস্ত সৃষ্টিৰাজি এই সময়খিনিৰে। এই ৭৪ বছৰ জীৱনকালৰ ৪৫ বছৰকাল মাধৱদেৱে কটাইছিল বৰপেটাত। মাধৱদেৱে বৰপেটা সত্ৰক কেন্দ্ৰ কৰি পূৱ, পশ্চিম, উত্তৰ, দক্ষিণে সম্পূৰ্ণ পাঁচখন থানত এই ৪৫ বছৰ কাল থাকিছিল – আদিসত্ৰ বাৰাদি, গণককুছি, পাটবাউসী, সুন্দৰীদিয়া আৰু বৰপেটা ধামত। বৰগীত, নামঘোষা আদি কৰি মাধৱদেৱৰ সৃষ্টিৰাজিৰ প্ৰায় ৮০%  বৰপেটাৰ এই পাঁচখন থানত ৰচনা কৰা। সেই সময়খিনিত বৰপেটাবাসীয়ে শংকৰদেৱকো পাইছিল ২০ বছৰতকৈ বেছি সময়ৰ বাবে – ছয় মাহ চূণপোৰা ভিঠিত, ডেৰ বছৰ কুমাৰকুছিত আৰু ১৮ বছৰ ছয় মাহ পাটবাউসী সত্ৰত। সেয়েহে হয়তো বৰপেটাক দ্বিতীয় বৈকুণ্ঠপুৰী বুলি কোৱা হয়।

       এক শৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰত মাধৱদেৱৰ অৱদান অতুলনীয়। দুটা কাৰণত মাধৱদেৱে ধৰ্মৰ গুৰি বঠা লোৱাৰ পাছত এই ধৰ্মই বিস্তাৰ লাভ কৰিছিল – মাধৱদেৱে ৰচিত বৰগীত, নামঘোষা, ঝুমুৰ আদি আৰু মাধৱদেৱে শিষ্যসকলৰ দ্বাৰা সত্ৰ স্থাপনত দিয়া গুৰুত্ব। বৰগীতৰ সুৰ আৰু কথাই তৎক্ষণাত মানুহৰ অন্তৰ স্পৰ্শ কৰিব পাৰিছিল। মাধৱদেৱৰ লেখনিত দাস্য ভক্তিয়ে বেছিকৈ প্ৰকাশ পাইছিল। বৰগীতত দেখা পোৱা যায় শ্ৰীকৃষ্ণৰ প্ৰতি পৰম অনুৰাগ।  মাধৱদেৱে বৰগীতত প্ৰকাশ কৰা কৃষ্ণ ভক্তিৰস আৰু বৰগীতৰ সুৰে সকলোকে মুহিব পাৰিছিল আৰু ধৰ্মৰ প্ৰতি সহজে আকৃষ্ট হৈছিল। নামঘোষাক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়৷ অসম বুলিয়ে নহয় ভাৰতবৰ্ষত মধ্যযুগৰ ভক্তি আন্দোলনৰ সময়ত আবিৰ্ভাৱ ঘটা মহাপুৰুষ সকলৰ সাহিত্যিক কৰ্মৰাজিৰ ভিতৰত নামঘোষা হ’ল এক অনৱদ্য সম্পদ। দুটা শব্দৰ পৰা নামঘোষা গঠিত হৈছে৷ ’নাম’ শব্দই হৰিনামৰ কথা কৈছে  আৰু ঘোষা মানে হ’ল আনে শুনাকৈ প্ৰকাশ কৰা৷ অৰ্থাৎ হৰিনাম কীৰ্ত্তন কৰা৷ নামঘোষাৰ আনন্দ ৰসময় আনন্দ৷ পণ্ডিতসকলে বেদান্তৰ আনন্দক জ্ঞানময় আনন্দ আৰু নামঘোষাৰ আনন্দক ভক্তিজড়িত ৰসাশ্রয়ী আনন্দ বুলিছে৷ নামঘোষা নামটোৱেই হৰি নামৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিছে৷ অহৰহ নামকে ঘোষি থাকিবলৈ নিৱেদন কৰিছে৷ নাম লোৱা অর্থাৎ ঘোষি থাকা৷ মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰত নামঘোষাই এক বিশেষ ভূমিকা ল’বলৈ সক্ষম হৈছিল।

বৰপেটাত ১৫৮৩ চনত সত্ৰ স্থাপন কৰিবলৈ গৈ মাধৱদেৱে নিৰ্মাণ কৰি উলিয়াইছিল ৰঙিয়াল গৃহ। ৰঙিয়াল গৃহ কেৱল নামঘৰেই নাছিল, সেয়া আছিল নাট-ভাওনাৰ কেন্দ্ৰ, সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ সৃষ্টিৰ পীঠস্থান, অসমৰ প্ৰথমটো নাটঘৰ। ৰঙিয়াল গৃহ প্ৰৱেশৰ দিনাই ’দধি-মথন’ ঝুমুৰা দেখুওৱা হৈছিল। ‘ৰাম যাত্ৰা ভাৱনা’ তাঁতীকুছি অৰ্থাৎ বৰপেটা সত্ৰত ইমান সফলতাৰে ৰূপায়ণ কৰা হৈছিল যে সাধাৰণ লোক তথা ভকতবৃন্দই ইয়াক ঈশ্বৰৰ কাম বুলি পতিয়ন গ’ল আৰু দূৰ দূৰণিৰ পৰা ভক্তই চাবলৈ আহিল। দৃশ্য-শ্ৰাব্য মাধ্যমে মানুহক সহজে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

মহাপুৰুষ মাধৱদেৱৰ প্ৰধান শিষ্য আছিল মথুৰাদাস বুঢ়া আতা, গোপাল আতা, বৰবিষ্ণু আতা, কেশৱচৰণ আতা, পদ্ম আতা আদি। এই শিষ্যসকলক আধ্যাত্মিক দৰ্শন, নাম-কীৰ্তন, সত্ৰীয়া কৃষ্টি সংস্কৃতি শিকাই-বুজাই বিভিন্ন ঠাইত সত্ৰ স্থাপন কৰি ধৰ্ম প্ৰচাৰৰ কামত নিয়োজিত কৰিছিল। ইয়াৰ ভিতৰত মথুৰাদাস বুঢ়া আতাই বৰপেটা সত্ৰত, গোপাল আতাই কালজাৰত, বৰবিষ্ণু আতাই দক্ষিণপাৰৰ মালছাত, কেশৱচৰণ আতাই উত্তৰৰ ভাটৌকুছিত আৰু বদলা পদ্ম আতাই কমলাবাৰীত সত্ৰ স্থাপন কৰি ধৰ্ম প্ৰচাৰ কৰিছিল।  

  শ্ৰীমন্ত শংকৰদেৱক এৰি মাধৱদেৱ অসম্পূৰ্ণ হৈ ৰয়, তেনেদৰে মাধৱদেৱক এৰি শংকৰদেৱৰ কথা সম্পূৰ্ণকৈ ক’ব পৰা নাযায়। দুজনাগুৰুৰ জীৱনৰ দুটা ঘটনাই সমগ্ৰ অসমৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল। শংকৰ-মাধৱৰ মনিকাঞ্চন সংযোগ যাৰ ফলত আমি  মাধৱদেৱক পাওঁ। আন এটা ঘটনা হ’ল শংকৰ-মাধৱৰ নামনিলৈ ভটিয়াই অহাৰ সিদ্ধান্ত। অসমখন এখন ৰাজ্য হিচাপে বৰ্তি থকাৰ মূলতে আছে দুজনাগুৰুৰ সৃষ্টিৰাজিয়ে সকলো অসমীয়াকে বান্ধি ৰখা এনাজৰীডাল। ব্ৰিটিছে অসমলৈ অহাৰ আগতে কোনো সময়তে কোনো এজন ৰজাই সমগ্ৰ অসমত ৰাজত্ব কৰিব পৰা নাছিল। দুজনাগুৰুই নামনিলৈ অহাৰ বাবেহে মহাপুৰুষীয়া ধৰ্মই অসমৰ চুকে কোণে প্ৰচাৰ লাভ কৰিব পাৰিলে আৰু অসমীয়া জাতিগঠনত বিশেষভাৱে সহায়ক হ’ল। অসমীয়া জাতিৰ উমৈহতীয়া সংস্কৃতি হ’ল সত্ৰীয়া কৃষ্টি সংস্কৃতি। এই সংস্কৃতি নোহোৱা হোৱা মানেই অসমীয়া জাতি থানবান হৈ যোৱা।

(১২ জুন, ২০২৫ত ’থানৰ বাতৰি’ কাকতত প্ৰকাশিত)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা