আন্তৰ্জাতিক শ্ৰমিক দিৱস
বিশ্বৰ ঐতিহাসিক সৌধ, দুৰ্গ, স্মৃতিচিহ্নসমূহ
চাবলৈ যাওঁতে সেইবোৰ নিৰ্মাণ কৰোঁতে হাজাৰ হাজাৰ শ্ৰমিকৰ কিমানখিনি শ্ৰম জড়িত হৈ আছে
তাক কেতিয়াও অনুভৱ কৰা নহয়। জয়চালমেৰ, যোধপুৰ, জয়পুৰৰ বিশাল পৰিসৰৰ দুৰ্গ চাই মন মুহি
যায়, অথচ মৰুভূমিৰ ৰদত, পানী এটুপি নোপোৱা ঠাইসমূহত কিমান কষ্টেৰে শিলবোৰ দাঙি, কাটি
সেই দুৰ্গসমূহ নিৰ্মাণ কৰিছিল, কিমানজন শ্ৰমিকে নিজৰ জীৱন পৰ্যন্ত আহুতি দিবলগীয়া হৈছিল
তাৰ বিষয়ে আমি জানিবলৈ বিশেষ আগ্ৰহী নহয়। আধুনিক পৃথিৱীখনত আমি দেখি থকা ৰাস্তা, ৰেললাইন,
ঘৰ, দলঙ, কল-কাৰখানা আদি সকলোতে জীৱন্ত হৈ আছে শ্ৰমিকৰ কেঁচা তেজ, ঘামৰ গোন্ধ। ৰাতিপুৱাৰ
চাহকাপৰ পৰা নিশাৰ আহাৰলৈ, ৰিক্সাৰ পৰা উৰাজাহাজলৈ শ্ৰমিক নাথাকিলে আধুনিক পৃথিৱীৰ
জয়যাত্ৰা সম্ভৱ নহ’লহেঁতেন। কিন্তু এই শ্ৰমিকসকলেই পৃথিৱীত যুগে যুগে উপেক্ষিত হৈ আহিছে,
শোষণ আৰু লাঞ্ছনা ভোগ কৰি আহিছে। এই শোষিত নিষ্পেষিত শ্ৰেণীটোৰ কথা আলোচনা কৰিবলৈ,
তেওঁলোকৰ অৰ্থনৈতিক উন্নয়ন, সামাজিক ন্যায় প্ৰদান কৰিবলৈ, তেওঁলোকৰ শ্ৰমক মৰ্যাদা দিবলৈ
প্ৰতিবছৰে আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰি অহা হৈছে। বিশ্বৰ অধিকতম দেশত গৰিষ্ঠ সংখ্যক
জনসাধাৰণে অংশগ্ৰহণ কৰা দিৱসটো হৈছে আন্তৰ্জাতিক শ্ৰমিক দিৱস। প্ৰতি বছৰে ১ মে’ৰ দিনাখন
পালন কৰা এই দিৱস মে’ দিৱস নামেৰে অধিক জনপ্ৰিয়। বিশ্বৰ অধিকতম দেশতে মে’ দিৱসৰ দিনা
সকলো কল-কাৰখানা, চৰকাৰী, বেচৰকাৰী অনুষ্ঠান, প্ৰতিষ্ঠান বন্ধ ৰখা হয়।
শ্ৰমিক দিৱসৰ ইতিহাস:
মানৱ সভ্যতা
আজি হাজাৰ বছৰৰ আগৰ পৰা বিকশিত হৈ আহিছে। প্ৰায় দহ হাজাৰ বছৰ আগৰ পৰা মানৱজাতিয়ে চিকাৰ
কৰিবলৈ এৰি কৃষি-কৰ্মত ধৰে। যাযাবৰী জীৱন এৰি এডোখৰ ঠাইতে থাকিবলৈ লয়। কৃষি কৰ্ম আৰম্ভ
হোৱাৰ লগে লগে ৰাজ্য গঠনৰ ধাৰণা আহিল, শাসক শ্ৰেণী আৰু জমিদাৰী প্ৰথাৰ সৃষ্টি হয়। সাধাৰণ
কৃষকসকলে দেহৰ ঘাম মাটিত পেলাই শষ্য উৎপাদন কৰাৰ পাছতো উৎপাদনৰ সিংহভাগ জমিদাৰসকলৰ
হাতলৈ গ’ল। শ্ৰমৰ বিনিময়ত কৃষকসকলে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হ’ল।
ওঠৰ শতিকাৰ
পৰা উনৈশ শতিকালৈ চলা ঔদ্যোগিক বিপ্লৱে ইউৰোপ আৰু আমেৰিকাৰ অৰ্থনীতিলৈ যুগান্তকাৰী
পৰিৱৰ্তন আনে। গাঁৱৰ পৰা কৃষকসকল চহৰলৈ আহিল উদ্যোগ, কল-কাৰখানাত কাম কৰিবলৈ। কৃষিজীৱী মানুহৰ এটা বৃহৎ সংখ্যকে গাঁৱৰ পৰা চহৰমুখী
হ’বলৈ ধৰে আৰু কৃষকৰ পৰা গৈ কল-কাৰখানাৰ শ্ৰমিক, বনুৱা হৈ পৰিল। তাৰ পাছতেই আৰম্ভ হ’ল
শ্ৰমিক শ্ৰেণীৰ ওপৰত মিলৰ মালিকৰ অত্যাচাৰ। চহৰৰ বস্তি এলেকাত অস্বাস্থ্যকৰ পৰিৱেশত
থাকিবলৈ তেওঁলোকক বাধ্য কৰোৱা হ’ল। দিনে ১২ ঘণ্টাৰ পৰা ১৫ ঘণ্টালৈ কাম কৰি পৰিয়ালক
পোহ পাল দিবলগীয়া হ’ল। সেই প্ৰতিকূল পৰিৱেশত কাম কৰি যেতিয়া শ্ৰমিক শ্ৰেণী অতিষ্ঠ হৈ
পৰিল তেতিয়াই কিছুসংখ্যকে বিদ্ৰোহ আৰম্ভ কৰিবলৈ ল’লে। সেই বিদ্ৰোহ প্ৰশাসনে কঠোৰ হাতেৰে
দমন কৰিবলৈ লয়। ১৮২০ চনৰ পৰাই আমেৰিকাৰ
বিভিন্ন কল-কাৰখানত কাম কৰা শ্ৰমিকে নিজৰ কৰ্ম সময় আঠ ঘন্টালৈ হ্ৰাস কৰাৰ দাবীত
ধৰ্মঘটৰ সূচনা কৰিছিল। লাহে লাহে ইউৰোপৰ বিভিন্ন দেশত শ্রমিক আন্দোলনৰ সূচনা
হয়। এই আন্দোলনত কাৰ্লমার্ক্স, ফ্রেড্ৰিক এঙ্গলছ্ৰ চিন্তা আৰু সাম্যবাদী
দৰ্শনে শ্ৰমিকসকলক উদ্বুদ্ধ কৰি তুলিছিল। ১৮৮৪
চনত আমেৰিকাৰ চিকাগো চহৰত এদল শ্ৰমিকে দৈনিক শ্ৰমৰ সময় ৮ ঘণ্টালৈ কমোৱাৰ দাবীত
আন্দোলন আৰম্ভ কৰে। বিদ্ৰোহী শ্ৰমিকসকলে এই দাবী ১৮৮৬ চনৰ মে’ মাহৰ প্ৰথম দিনৰ
ভিতৰত মানি ল’বলৈ সময় সীমা বান্ধি দিয়ে। দুৰ্ভ্যাগৰ বিষয় মালিকসকলে এই দাবী মানি
নল’লে। ১৮৮৬ চনৰ ৪ মে’ৰ সন্ধিয়া চিকাগোৰ হে-মাৰ্কেট নামৰ এক বাণিজ্যিক এলেকাত
শ্ৰমিকসকল শোভাযাত্ৰা কৰাৰ উদ্দেশ্যে গোট খায়। শান্তি-সম্প্ৰীতি বজাই ৰাখি আৰম্ভ
কৰা এই শোভাযাত্ৰাৰ সময়তে কোনোবা দুষ্কৃতিকাৰীয়ে আৰক্ষী দল এটাৰ ওচৰত বোমা বিস্ফোৰণ
ঘটায় যাৰ ফলত এজন আৰক্ষী নিহত হয়। আৰক্ষীবাহিনীয়ে লগে লগে শ্ৰমিকসকলৰ ওপৰত
গুলীচালনা আৰম্ভ কৰে। ইয়াৰ পৰিণতিত ১১ জন শ্ৰমিক ছহিদ হয়। আৰক্ষী হত্যাৰ
অভিযোগত ১৮৮৭ চনৰ ১১ নৱেম্বৰ তাৰিখে ৭ জন শ্ৰমিকক ফাঁচী দিয়া হয়।
এই ঘটনাই ইউৰোপ, আমেৰিকাৰ সকলো দেশতে বিৰূপ প্ৰতিক্ৰিয়া আৰম্ভ হয়।
শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ বাবে সকলোৱে আগবাঢ়ি আহে। ১৮৮৯ চনৰ ১৪ জুলাইত ফ্রেডেৰিক এঙ্গেলছ্ৰ নেতৃত্বত পেৰিছত
আন্তর্জাতিক শ্রমিক সন্মিলন অনুষ্ঠিত হয়। ১ মে'ৰ দিনটো আন্তর্জাতিক বিক্ষোভ
প্ৰদৰ্শনৰ স্মৃতি দিৱস হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৱশেষত শ্ৰমিকৰ
দাবীয়ে প্ৰশাসনিক স্বীকৃতি পায়। ১৮৯১ চনত ব্ৰুচেলছত অনুষ্ঠিত আন্তর্জাতিক শ্রমিক
সন্মিলনত শ্ৰমিকৰ দৈনিক শ্ৰমৰ সময় আঠ ঘন্টা কৰাৰ সিদ্ধান্ত লোৱা হয়। ১৯১৮ চনত
ছোভিয়েট ৰুছিয়াত বহু দেশৰ প্ৰতিনিধিৰ উপস্থিতিত প্ৰথমবাৰৰ বাবে আন্তর্জাতিকভাৱে
মে' দিৱস পালন কৰা হয়। ১৯৮২ চনত বিশ্বৰ ১৩৮ খন দেশৰ ২৭ কোটি শ্রমিকৰ প্রতিনিধি মিলিত
হৈ বিশ্ব ট্রেড ইউনিয়ন কংগ্ৰেছ অনুষ্ঠিত কৰে।
ভাৰতত শ্ৰমিক দিৱস পালন:
ব্ৰিটিছে
ভাৰতত উপনিৱেশ স্থাপন কৰাৰ পাছত ভাৰততো শ্ৰমিক শ্ৰেণীৰ মাজত অসন্তুষ্টিয়ে দেখা দিছিল।
সেই অসন্তুষ্টিৰ বহি:প্ৰকাশ ঘটে ১৮৬২ চনত, চিকাগোৰ শ্ৰমিক আন্দোলনৰ বহু বছৰ আগতে। ১৮৬২
চনৰ এপ্ৰিল-মে’ মাহত হাওৰা ৰেল ষ্টেচনত ১২০০ শ্ৰমিকে দিনটোৰ শ্ৰমৰ সময় আঠ ঘণ্টালৈ কমাবলৈ
আহ্বান জনাই ধৰ্মঘট আৰম্ভ কৰিছিল। সেই সময়ত শ্ৰমিকসকল সংগঠিত হ’ব পৰা নাছিল। ভাৰতত
কমিউনিষ্ট চিন্তাধাৰাৰে আকৃষ্ট হৈ প্ৰথমটো কেন্দ্ৰীয়
ট্ৰেড ইউনিয়ন গঠন হয় ১৯২০ চনত। ভাৰতত প্ৰথম মে’ দিৱস পালন কৰা হৈছিল
১৯২৩ চনৰ ১ মে’ৰ দিনা মাদ্ৰাজৰ সাগৰৰ পাৰত । ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সক্ৰিয় সদস্য
ছিঙ্গাৰাভেলু চেট্টিয়াৰৰ নেতৃত্বত ইয়াক পালন কৰা হৈছিল। হাতত ৰঙা পতাকা নথকাৰ বাবে কমৰেড চেট্টিয়াৰে নিজৰ কন্যাৰ ৰঙা শাৰীখন
ফালি ৰঙা পতাকা উৰুৱায়।
প্ৰথম বাৰ সংগঠিত ৰূপত মে’ দিবস পালন
কৰা হয় মুম্বাইত ১৯২৭ চনত। সেয়া আছিল ভাৰতত শ্ৰমিক আন্দোলন প্ৰথম যাত্ৰা। মে’ দিৱসৰ
দিনা ভাৰতত শ্ৰমিকৰ দৈনিক মজুৰিৰে কৰ্ম বিৰতি দিয়া হয়। কিন্তু ভাৰতত সংগঠিত শ্ৰমিক
মাত্ৰ ৭% হে। গতিকে ব্যক্তিগত প্ৰতিষ্ঠানত অসংগঠিতভাৱে কাম কৰা ৯৩% শ্ৰমিকে মে’ দিৱসৰ
দিনা দৈনিক মজুৰিৰ পৰা বঞ্চিত হৈ আহিছে।
ভাৰতৰ প্ৰথমজন শ্ৰমিক নেতা হিচাপে
১৮৪৮ চনত থানেত জন্ম লাভ কৰা এন এ লোখণ্ডেৰ কথা মনলৈ আহে। নাৰায়ণ লোখণ্ডে প্ৰথমে ৰেল
বিভাগত কাম কৰিছিল। তাৰ পাছত কিছুদিন পোষ্টেল বিভাগত কাম কৰি কাপোৰৰ মিলত ষ্টোৰ কিপাৰ
হিচাপে কাম কৰিবলৈ লয়। মিলৰ শ্ৰমিকসকলৰ দুৰ্দশা নিজ চকুৰে দেখি দেখি লোখণ্ডে সহ্য কৰিব
নোৱাৰিলে। শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ বাবে শ্ৰমিকসকলক সংগঠিত কৰি আন্দোলন আৰম্ভ কৰে।
লোখণ্ডে শ্ৰমিকৰ বাবে ’দীনবন্ধু’ নামৰ এখন আলোচনী উলিয়াইছিল।
ৰাষ্ট্ৰৰ উন্নয়ন, বিকাশৰ মূল চালিকা শক্তি হ’ল শ্ৰমিকসকল।
তেওঁলোকৰ অধিকাৰ সুৰক্ষিত হোৱাটো দেশখনৰ বাবে প্ৰথম আৰু প্ৰধান কৰ্তব্য।
অসমত শ্ৰমিক আন্দোলন আৰু বিষ্ণু ৰাভা:
১৯৩৬ চনত ধুবুৰী চহৰত অৱস্থিত দিয়াছলাই ফেক্টৰীত কৰ্মৰত শ্ৰমিকে
মজুৰি বৃদ্ধিৰ বাবে হৰতাল আৰম্ভ কৰে। এই আন্দোলন ৫৭ দিনলৈ চলে। মালিকপক্ষই শেষত
শ্ৰমিকৰ আন্দোলনত সেও মানিবলৈ বাধ্য হয়। ১৯৩৭ চনৰ ১ মে’ত প্ৰথমবাৰলৈ ধুবুৰীত
শ্ৰমিক দিৱস পালন কৰা হয় বুলি বহুতে কয়। ধুবুৰীৰ শ্ৰমিক আন্দোলনে অসমত ট্ৰেড
ইউনিয়ন গঠনত সহায় কৰে।
অসমৰ প্ৰেক্ষাপটত শ্ৰমিক দিৱসৰ দিনা প্ৰথমে মনলৈ আহে বিষ্ণু ৰাভাৰ
নাম। ১৯৪৫ চনত বিষ্ণু ৰাভাদেৱে কৃষক আৰু শ্ৰমিকৰ স্বাৰ্থৰ হকে কাম কৰিবলৈ বিপ্লৱী
কমিউনিষ্ট পাৰ্টীত (RCPI)-ত যোগদান কৰে। ৰাভাদেৱৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টীত যোগদান
তথা মাৰ্ক্সবাদৰ দীক্ষাই সৃষ্টি কৰিছিল অসম তথা ভাৰতৰ সমাজবাদী আন্দোলনৰ এক
গৌৰৱোজ্বল অধ্যায়। ৰাভাদেৱে এদিন হেমাঙ্গ বিশ্বাসৰ আগত কৈছিল, “মাৰ্ক্সবাদ, লেনিনবাদে
মোৰ চঞ্চল অস্থিৰ শিল্পী জীৱনলৈ আনি দিছে সাগৰ সঙ্গমৰ পূৰ্ণতা আৰু গভীৰতা।” ৰাভাদেৱে
শোষিত-বঞ্চিত সাধাৰণ খাটি খোৱা জনতাক মনে-প্ৰাণে ভাল পাইছিল আৰু জনতাৰ মুক্তিৰ
বাবে তেওঁ সাম্যবাদী আন্দোলনত মনে-প্ৰাণে লাগিছিল। তিলক দাসে তেওঁৰ ‘বিষ্ণু ৰাভা
এতিয়া কিমান ৰাতি’ গ্ৰন্থখনত লিখিছে- “তেতিয়া দেশত শ্ৰমিক সংগঠন, কৃষক সংগঠন আদি
আৰম্ভ হৈছে। ঠায়ে ঠায়ে এইসকলৰ সমাবেশো পাতি কোনো কোনো নেতাই ৰাইজৰ চকুত চমক্
লগাইছে। কিন্তু ৰাভাৰ প্ৰাণটো অছিল সদায় এই নিপীড়িত সকলৰ লগত অকৃত্ৰিমভাবে বক্তৃতা
দি শ্ৰোতাসকলক চমক লগোৱা নহয়। তেওঁলোকৰ কুলাই-পাচিয়ে নধৰা দুখৰ বোজাবোৰত মেটমৰা
ভাৰ নাইকিয়া কৰি সংস্কৃতিৰ সন্তান হিচাপে তেওঁলোকক প্ৰতিষ্ঠা কৰিবলৈহে শিল্পীজনাই
বাঞ্ছা কৰিছিল।” বিষ্ণু ৰাভাই অসমৰ ভূমিহীন,
জমিদাৰসকলৰ ক্ৰীতদাস পৰ্যায়লৈ অৱনমিত হোৱা লোকসকলক শোষণৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান
জনাই লিখিছিল –
শুন সৌৱা শুন শুন
ঘোষিছে ৰণ বিষাণ,
মুক্ত আকাশে উৰে
দীপ্ত ৰঙা নিচান,
ৰক্তেৰে ৰঞ্জিত
সূৰুয উদীয়মান
শুন মুকুতিৰ সূৰুযৰ আহ্বান
হালোৱা হজুৱা হেৰ’ মজুৰ কিচান।
মুক্তিমান মুক্তিমান মুক্তিমান!
শোষকৰ দল আজি হ’ব অৱসান
পেষকৰ সঁচ কৰ সাং।
প্ৰযুক্তিৰ উত্তৰণত শ্ৰমিকৰ নতুন সংজ্ঞা:
সহজ
অৰ্থত যিয়ে শাৰীৰিক শ্ৰম বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোককে শ্ৰমিক বোলা হয়।
শ্ৰমিকে ৰাতিপুৱাই ঘৰৰ পৰা বাহিৰ ওলাই কল-কাৰখানা, দোকান, লোকৰ ঘৰত, গাড়ী, মটৰ,
ৰিক্সা চলাই দিনে-নিশাই কাম কৰে আৰু তাৰ বাবে মজুৰি পায়। সেয়া আছিল উনৈশ বা বিংশ
শতিকাৰ এজন শ্ৰমিকৰ ধাৰণা। ইতিমধ্যে সমাজ সলনি হ’ল। জন হেনৰিয়ে দিনৰ দিনটো
হাতুৰিৰে শিল ভাঙি কাম কৰাৰ দিন আজি উকলি যাবৰ হ’ল। প্ৰযুক্তিৰ বিকাশে, কম্পিউটাৰ
উদ্ভাৱনে, কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ ফলত কল-কাৰখানা, মিল আদিত স্বয়ংচালিত
মেচিন ব্যৱহাৰ হ’বলৈ ধৰে। মানুহৰ শাৰীৰিক শ্ৰমৰ সলনি ৰবটৰ প্ৰয়োগ আৰম্ভ হ’ল। কল-কাৰখানাৰ
পৰিচালনা সম্বন্ধে সিদ্ধান্তসমূহো বেছিভাগ মেচিনে নিজে ল’ব পৰা হ’ল। কেৱল মানুহে
কম্পিউটাৰ স্ক্ৰীণত চাই থাকিলেই হয়। তেনে পৰিস্থিতিত আজি শাৰীৰিক শ্ৰমৰ সলনি
মানসিক শ্ৰমৰ ব্যৱহাৰ বেছিকৈ হ’বলৈ ধৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিপ্তত শ্ৰমিকৰ নতুন
সংজ্ঞা নিৰূপণ কৰিবলগীয়া হৈছে। বৰ্তমানে কম্পিউটাৰ ডাটা এনট্ৰী অপাৰেটৰ, চিকিউৰিটি
গাৰ্ড, চুইগী, ঝোমাটোৰ মটৰচাইকেল চালকসকল, শ্বপিঙ মলৰ কৰ্মচাৰীসকলকো শ্ৰমিক বুলি
ক’ব লাগিব। ’গীগ’ অৰ্থনীতিৰ সহায়ত সৰু সৰু কামবোৰ অনলাইন মাধ্যমত দেশৰ বিভিন্ন
প্ৰান্তৰ পৰা কৰিব পৰা হ’ল। ক্লাউড কিটচেনৰ ধাৰণা বাস্তৱত ৰূপায়িত হোৱাৰ পাছত
মানুহে নিজৰ ঘৰৰ পাগঘৰতে ৰন্ধা-বঢ়া কৰি বাহিৰলৈ বিক্ৰী কৰিব পৰা হ’ল। এইবোৰৰ সতে
জড়িতসকলো শ্ৰমিকৰ ভিতৰত নিশ্চয় পৰিব। তেনেধৰণৰ জটিল অৰ্থনৈতিক ব্যৱস্থাত শাৰীৰিক
অথবা মানসিক শ্ৰম কৰাসকলে নিজৰ প্ৰাপ্য মজুৰি পাইছে নে নাই তাক নিৰূপণ কৰা কঠিন হৈ
পৰিছে। ইয়াৰ বাবে সময়ে সময়ে আইন পৰিৱৰ্তন কৰা চৰকাৰৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে।
সামৰণি:
১৮৮৬ চনৰ ১ মে’ৰ পৰা ৪ মে’ লৈ চিকাগোত
হৈ যোৱা ঐতিহাসিক ঘটনাৰ ফলশ্ৰুতিত শ্ৰমিকৰ ন্যায্য দাবী দিনে ১২-১৫ ঘণ্টা শ্ৰমৰ সলনি
৮ ঘণ্টা শ্ৰম মানি ল’বলৈ বাধ্য হয়। এই ঘটনাই ১৪০ বছৰ পাছতো বিশ্বৰ শ্ৰমিকসকলক নিজৰ
প্ৰাপ্য সা-সুবিধা আদায়ৰ বাবে সংগ্ৰাম কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে। বিশ্বৰ প্ৰতিখন
দেশৰ কল-কাৰখানাৰ মালিকপক্ষ আৰু চৰকাৰে শ্ৰমিকসকল আৰু তেওঁলোকৰ প্ৰতিনিধিসকলৰ লগত আলোচনা
কৰিহে সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে। বিশ্বৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নত শ্ৰমিকসকলৰ
অৱদানৰ বিষয়ে নতুনকৈ ক’বলগীয়া নাই। তেওঁলোকৰ স্বাৰ্থৰ হকে মাত মাতিবলৈ মে’ দিৱসৰ দিনটোলৈ
অপেক্ষা কৰাৰ প্ৰয়োজন নাই, প্ৰতিটো দিনেই মে’ দিৱস বুলি ভবা উচিত। তেতিয়াহে শ্ৰমিকসকলৰ
সৰ্বাংগীণ উন্নয়ন সম্ভৱ হ’ব। লগতে শ্রমিক
দিৱসৰ জৰিয়তে সকলো শ্রমিক ঐক্যবদ্ধ হৈ ৰাষ্ট্ৰৰ উন্নয়নৰ শক্তিশালী অংশীদাৰ হ'বলৈ
প্ৰয়াস কৰিব বুলি আশা ৰাখিলোঁ।
(মে’, ২০২৫ প্ৰবাহ আলোচনীত প্ৰকাশিত)
Comments
Post a Comment