হোমেন বৰগোহাঞিয়ে এবাৰ এটা প্ৰবন্ধ লিখিছিল ’যিবোৰ কিতাপ নপঢ়াকৈয়ে মই মৰিম’ শিৰোনামেৰে। কেতিয়াবা ভাবি দুখ লাগে যে আমি যিমানে পঢ়িব নিবিচাৰো কিয় বিশ্বৰ প্ৰতিখন মহৎ গ্ৰন্থ পঢ়ি শেষ কৰিব নোৱাৰো। এই জনমৰ কথা বাদেই দিলো সাত জনমতো এজন ব্যক্তিৰ পক্ষে অসম্ভৱ। কিন্তু তেনে কেইখনমান প্ৰসিদ্ধ গ্ৰন্থ কোনোবাই গভীৰভাৱে অধ্যয়ন কৰি গ্ৰন্থখনৰ সাহখিনিৰ স’তে প্ৰখ্যাত ব্যক্তি একোজনৰ বিষয়ে আৰু লগতে সমসাময়িক সমাজখনৰ এক বস্তুনিষ্ঠ আলোচনা এখন গ্ৰন্থতে প্ৰকাশ কৰে, তেন্তে সেই গ্ৰন্থখন কিমান মূল্যৱান হৈ পৰে সেয়া সহজে অনুমেয়। মুনীন বায়নৰ ’প্ৰজ্ঞাৰ যাতনা’ গ্ৰন্থখনত ১৩ টা প্ৰবন্ধ সন্নিবিষ্ট কৰা হৈছে, প্ৰতিটো প্ৰবন্ধতে উল্লেখ আছে একোখন প্ৰসিদ্ধ গ্ৰন্থ আৰু গ্ৰন্থখনৰ আলোচনাৰ মূল বিষয় হৈছে বিশ্ববিখ্যাত একোজন ব্যক্তি। ’প্ৰজ্ঞাৰ যাতনা’ই যিকোনো চিন্তাশীল পাঠককে সমৃদ্ধ কৰিব। মুনীন বায়নে যোৱা চাৰিটা দশকজুৰি সাংবাদিকতাৰ উপৰিও নীৰৱচ্ছিন্নভাৱে প্ৰজ্ঞাৰ সাধনা কৰি আহিছে আৰু কেবাখনো তথ্যসমৃদ্ধ ভাৱোদ্দীপক গ্ৰন্থ ৰচনা কৰিছে। সমালোচনামূলক সাহিত্য ৰচনাৰ মাজেৰে তেখেতে ইতিমধ্যে অসমীয়া সাহিত্য জগতত বিশেষ অৱদান আগবঢ়াইছে। এই গ্ৰন্থখন মুনীন বায়নৰ জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাত ব্ৰত হৈ লিখা এখন অতি মূল্যৱান গ্ৰন্থ। গ্ৰন্থখনৰ আগকথাত লেখকে কৈছে, “প্ৰজ্ঞাৰ যাতনা অনুভৱ কৰিব নোৱৰা প্ৰজ্ঞাৰ সাধক তথা জ্ঞানী লোকেৰে আজিৰ পৃথিৱী ভৰি গৈছে বাবেই এখন ন্যায়সন্মত সমাজ নিৰ্মাণৰ কাম দিনক দিনে কঠিন হৈ পৰিছে। এনে সময়তে গ্ৰন্থত উল্লেখ কৰা চিন্তকসকলে আমাক পোহৰৰ বাট দেখুৱাব পাৰে। আশা ৰাখিছো সাম্প্ৰতিক সময়ৰ জটিল সন্ধিক্ষণত গ্ৰন্ধখনে সকলো ধৰণৰ পাঠককে পোহৰৰ বাট দেখুৱাব পাৰিব।“
’আধুনিক ভাৰতৰ নিৰ্মাতা’ প্ৰবন্ধত ভাৰতৰ প্ৰসিদ্ধ ইতিহাসবিদ ৰামকৃষ্ণ গুহই লেখা মেকাৰ্ছ অফ্ ইণ্ডিয়া’ (চন ২০১০) নামৰ গ্ৰন্থখনৰ বিষয়ে আলোচনা কৰিছে। গ্ৰন্থখনত উনৈশ-বিংশ শতিকাৰ আধুনিক ভাৰতৰ চিন্তকসকলৰ ৰাজনৈতিক ধ্যান-ধাৰণাৰ সম্যক আভাস দিবলৈ যত্ন কৰিছে। ’ভাৰতৰ সৈতে মহাত্মাৰ সংগ্ৰাম’ প্ৰবন্ধটিত মহাত্মা গান্ধীৰ জীৱনীমূলক দুখন গ্ৰন্থৰ বিষয়ে আলোচনা কৰিছে। প্ৰথম গ্ৰন্থখন হ’ল যোছেফ লেলীভেল্ডৰ ’গ্ৰেট ছৌল; মহাত্মা গান্ধী এণ্ড হিজ ষ্ট্ৰাগল্ উইথ্ ইণ্ডিয়া’ (২০১১ চন)। গ্ৰন্থখন প্ৰকাশ পোৱাৰ পাছতে বৃটেইনৰ ’ডেইলী মেইল’ কাকতত এনদৰে প্ৰকাশ পাইছিল যে গ্ৰন্থখনে গান্ধীক সমকামী হিচাপে বৰ্ণনা কৰিছে। ইয়াৰ পাছতে ভাৰতৰ ৰাজনৈতিক মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। দৰাচলতে গ্ৰন্থখনত গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত থকা কালত হাৰমেন কালেনবাখ নামৰ ইহুদী স্থপতি এজনৰ স’তে স্থাপন কৰা গভীৰ অনুৰাগমিশ্ৰিত সম্পৰ্কৰ বিষয়েহে লিখিছিল। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল গ্ৰন্থখনৰ শিৰোনাম আছিল গান্ধীৰ ভাৰতৰ সৈতে সংগ্ৰাম, ভাৰতৰ বাবে সংগ্ৰাম নহয়। লেলীভেল্ডে দক্ষিণ আফ্ৰিকাত থকা গান্ধীৰ ২১ বছৰীয়া কালছোৱাক গুৰুত্ব দিছে। দক্ষিণ আফ্ৰিকাতে মোহন দাসৰ পৰা মহাত্মা গান্ধীলৈ ঘটা পৰিৱৰ্তনৰ ইতিহাস ইয়াত বৰ্ণনা কৰিছে। গ্ৰন্থখনৰ মাজেৰে গান্ধীৰ বৰপুত্ৰ হৰিলালৰ সৈতে ঘটা মনোমালিন্য, শেষত হৰিলাল সুৰাসক্ত হোৱা ঘটনা বৰ্ণনা কৰিছে। গান্ধীৰ স’তে আম্বেদকাৰৰ ঘটা মনোমালিন্যৰ কথা ইয়াত বিস্তৃতভাৱে উল্লেখ আছে।
’নেহৰু: ইতিহাসৰ ট্ৰেজিক নায়ক?’ নামৰ প্ৰবন্ধটিত লেখকে নেহৰুৰ জীৱনক লৈ ৰচিত দুখন গ্ৰন্থৰ আলোচনা কৰিছে – ৱাল্টাৰ ক্ৰ’কাৰৰ ’নেহৰু: আ কণ্টেম্প’ৰাৰিজ এষ্টিমেট (২০০৮) আৰু নেহৰুৰ ভাগিনীয়েক বিজয়লক্ষ্মী পণ্ডিতৰ জীয়াৰী নয়নতাৰা সহগলৰ ’জৱাহৰলাল নেহৰু: চিভিলাইজিং আ ছেভেজ ৱৰ্ল্ড (২০১৬)’। ৰাষ্ট্ৰদূত হিচাপে ক্ৰ’কাৰে ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ প্ৰধানমন্ত্ৰী নেহৰুক নিতৌ পৰ্যবেক্ষণ কৰিবলৈ সুবিধা পাইছিল। তেখেতৰ নেহৰুৰ প্ৰতি থকা আকৰ্ষণৰ উৎস হ’ল নেহৰুৰ ব্যতিত্ব। ক্ৰ’কাৰৰ মতে প্ৰধানমন্ত্ৰিত্ব কালত নেহৰুৱে কেবাটাও বিভাগ নিজৰ হাতত ৰাখি আৰু বিশেষকৈ দীৰ্ঘকাল প্ৰধানমন্ত্ৰী পদত থাকি সংসদীয় গণতন্ত্ৰৰ ডাঙৰ ক্ষতি কৰিছিল। নেহৰুৰ ব্যক্তিত্বত দেখা কৰ্তৃত্বসুলভ প্ৰৱণতাই তেওঁৰ কামত একনায়কত্বৰ সুৰ পৰলিক্ষিত হৈছিল। ক্ৰ’কাৰৰ মতে নেহৰুৰ প্ৰধান কৃতিত্ব হ’ল ভাৰতক ঐকবদ্ধ কৰা। জীৱনৰ শেষৰ কালছোৱাত নেহৰুৱে যেন নিজৰ আত্মবিশ্বাস হেৰুৱাই পেলাইছিল। নয়নতাৰাৰ গ্ৰন্থখনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত দুই বিশ্ব শক্তি – আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ মাজত সম্পৰ্ক বজাই ৰাখিবলৈ নেহৰুৱে কি পৰিস্থিতিৰ মুখামুখি হৈছিল তাক বিতং ভাবে আলোচনা কৰিছে।
এলেক্স ফন্ টুনজেলমেন নামৰ ব্ৰিটিছ ইতিহাসবিদজনে ৰচিত ’ইণ্ডিয়ান ছামাৰ-দ্য ছিক্ৰেট হিষ্ট্ৰী অৱ দ্য এণ্ড অৱ এন এম্পায়াৰ’ (২০০৮) গ্ৰন্থখনত স্বাধীনতাৰ অকথিত কিছু কাহিনী উল্লেখ কৰিছে। সেই কাহিনীসমূহৰ বিৱৰণ মুনীন বায়নে সংক্ষেপে আগবঢ়াইছে ’স্বাধীনতাৰ অকথিত আখ্যান’ নামৰ প্ৰবন্ধত। ইয়াত উল্লেখ কৰা গুৰুত্বপূৰ্ণ আলোচনাৰ ভিতৰত বৃটেইনৰ তদানীন্তন প্ৰধানমন্ত্ৰী চাৰ্চিলৰ ভাৰত বিদ্বেষ আৰু প্ৰধানমন্ত্ৰী নেহৰুৰ ভাইচৰয় মাউণ্টবেটেনৰ পত্নী এডুইনাৰ প্ৰতি থকা দুৰ্বলতাই গুৰুত্ব লাভ কৰিছে। মুনীন বায়নৰ মতে নেহৰু-এডুইনাৰ প্ৰণয়গাথা এতিয়াও স্বাধীন ভাৰতত নিষিদ্ধপ্ৰায়। এইক্ষেত্ৰত কংগ্ৰেছ মহলেই তাত ঢাকোন দিয়াত দৃষ্টিকটু তৎপৰতা প্ৰদৰ্শন কৰিছে। টুনজেলমেনে গ্ৰন্থখনত লেখা এটা বাক্য মন কৰিবলগীয়া – The security of three nations – Britain, India and Pakistan rested on one love affair being kept quiet. মুনীন বায়নে প্ৰবন্ধটি শেষ কৰিছে এনেকৈ – এতিয়াও আমাৰ ইতিহাসবোধ ব্যক্তিগত অভীপ্সা আৰু ৰাজহুৱা শংকাৰ পৰা বিশেষ মুক্ত হ’ব পৰা নাই।
ফৰাচী সাহিত্যিক ৰোমাঁ ৰোলাঁক গভীৰভাৱে আকৰ্ষণ কৰিছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু মহাত্মা গান্ধীৰ ব্যক্তিত্বই। ১৯১৯ চনৰ পৰা ১৯৪০ চনলৈ ৰোমাঁ ৰোলাঁ আৰু ৰবীন্দ্ৰনাথৰ মাজত ৪৬ চিঠি আৰু টেলিগ্ৰামৰ আদান-প্ৰদান হৈছিল। ফৰাচী ভাষাত লিখা সেই চিঠিবোৰ ইংৰাজীলৈ অনুবাদ কৰি টীকা-টিপন্নীৰে সম্পাদনা কৰি উলিয়াইছে অধ্যাপক চিন্ময় গুহই। চিঠিসমূহক আধাৰ হিচাপে লৈ ৰোলাঁৰ ৰবীন্দ্ৰনাথ আৰু মহাত্মা গান্ধীৰ স’তে থকা সম্পৰ্কৰ এক সমালোচনা মুনীন বায়নে আগবঢ়াইছে ’শতিকাৰ সংলাপ’ নামৰ প্ৰবন্ধটিৰ জৰিয়তে। প্ৰবন্ধটিত লিখিছে, ’ৰবীন্দ্ৰনাথৰ কাৰণে আটাইতকৈ অস্বস্তি আৰু হতাশাৰ কাৰণটো আছিল গান্ধীৰ সৈতে বাঢ়ি অহা তেওঁৰ মানসিক ব্যৱধান। ৰবীন্দ্ৰনাথৰ আন এক সিদ্ধান্তই ৰোলাঁক যথেষ্ট পীড়া দিছিল - ১৯২৫ আৰু ১৯২৬ চনত ৰবীন্দ্ৰনাথে সদলবলে ইটালীৰ মুছোলিনীৰ ফেছিষ্ট শাসনৰ ৰাজ আতিথ্য গ্ৰহণ কৰিছিল। আনকি ৰবীন্দ্ৰনাথৰ বিশ্বভাৰতীৰ বাবে মুছোলিনীয়ে অৰ্থ সাহায্য দিবলৈ আগ্ৰহ প্ৰকাশ কৰে। ইয়াৰ বাবে তেওঁ ইউৰোপত নিন্দিত আৰু সমালোচিত হৈছিল। আনকি ৰোলাঁই ৰবীন্দ্ৰনাথৰ স’তে কিছু বছৰলৈ চিঠিপত্ৰৰ আদান প্ৰদানে বন্ধ কৰি দিছিল।
গ্ৰন্থখনৰ শেষৰ প্ৰবন্ধটি হ’ল ’প্ৰজ্ঞাৰ যাতনা’। ইয়াত নিউৱৰ্ক চিটিৰ জেমছ মিলাৰে ৰচিত
’এগজামিনড্ লাইফ – ফ্ৰম ছক্ৰেটিছ টু নীৎসে’ (২০১১ চন) গ্ৰন্থখনৰ আলোচনা কৰা হৈছে। মিলাৰে গ্ৰন্থখনত সামৰি লৈছে বিশ্বৰ বৰেণ্য বাৰগৰাকী দাৰ্শনিকক – ছক্ৰেতেছ, প্লেটো, ডায়’জেনছ, এৰিষ্টটোল, ছেনেকা, আগুষ্টাইন, মঁটাইন, ডেকাৰ্টে, ৰুছো, ইমানুৱেল কাণ্ট, এমাৰ্ছন আৰু নীৎসে। প্ৰজ্ঞাৰ সাধনালব্ধ জীৱনৰ জৰিয়তে এইসকল দাৰ্শনিকে তেওঁলোকৰ দৰ্শন মানুহৰ মাজলৈ নিয়াৰ প্ৰয়াস কৰিছিল।
’প্ৰজ্ঞাৰ যাতনা’ গ্ৰন্থখনত আন কেবাটাও মূল্যৱান প্ৰবন্ধ আছে। গ্ৰন্থখন পঢ়ি বহু নজনা কথা জনাৰ উপৰিও প্ৰজ্ঞাৰ সাধক মুনীন বায়নৰ অধ্যয়ন আৰু চিন্তাৰ গভীৰতাৰ স’তে পৰিচিত হ’ব পৰা যায়। প্ৰকাশক - ভৱানী বুকচ, মূল্য ২৯০।– টকা।
(১০ এপ্ৰিল, ২০২৫ অসমীয়া খবৰ কাকত)
Comments
Post a Comment