সমূহৰ কথকতা-২১; প্ৰজ্ঞাৰ সাধক দাৰ্শনিক অক্ষয় কুমাৰ মিশ্ৰ মানুহজন

 

অক্ষয় কুমাৰ মিশ্ৰ মানুহজনৰ জীৱনৰ কেইবাটাও দিশ আছে। সেই দিশবোৰৰ মাজেৰে মানুহজনে অসমৰ শৈক্ষিক, বৌদ্ধিক, সত্ৰীয়া সংস্কৃতি, সাহিত্য, দৰ্শন, সমাজসেৱা, সাংবাদসেৱা আদি সকলোতে যি অপৰিসীম অৱদান আগবঢ়াইছে তাক এটা প্ৰবন্ধ অথবা এখন গ্ৰন্থৰ মাজেৰে প্ৰকাশ কৰিব নোৱাৰি। বিভিন্নজনে তেখেতক শিক্ষাবিদ, শিক্ষাৰত্ন, সাংবাদিক, সাহিত্যিক, বুদ্ধিজীৱী, হৃদয়জীৱী, ঋষিতুল্য, প্ৰজ্ঞাৰ সাধক আদি অভিধাৰে অলংকৃত কৰিছে। জীৱনজোৰা কৃচ্ছ্ৰসাধনাৰে প্ৰজ্জ্বলিত হৈ পৰা সেই মহান ব্যক্তিজনৰ নামৰ আগত মই দাৰ্শনিক শব্দটো লিখিবলৈ বেছি ভাল পাম।

 

যোৱা বছৰ মাঘ বিহুত ছাৰে কৈছিল, “এটা গল্প লেখা হে পঞ্চাশ বছৰ পিছৰ বৰপেটাৰ কল্পনা কৰি। লগতে উন্নত প্ৰযুক্তিৰ ফলত বৰপেটাবাসীৰ জীৱনধাৰা, কৃষ্টি-সংস্কৃতি কেনেদৰে পৰিৱৰ্তন হ’ব তাৰ ছবিখনো গল্পটোৰ মাজেৰে দেখুৱাবা।“ আচৰিত হৈছিলোঁ তেখেতৰ দূৰদৃষ্টি দেখি। আশী বছৰ বয়সৰ মানুহ এজন সাধাৰণতে নষ্টালজিক হৈ পৰা দেখা যায়। তেওঁ হয়তো পঞ্চাশ বছৰ আগৰ বৰপেটাৰ সমাজখনক লৈ গল্পটো লিখিবলৈ ক’ব পাৰিলেহেঁতেন। ছাৰৰ কথা মতে গল্পটো লিখিলোঁ আৰু গৰীয়সী আলোচনীত যোৱা বছৰ ব’হাগ বিহু সংখ্যাত “এখন নগৰৰ পুনৰ্জন্ম“ শিৰোনামেৰে গল্পটো প্ৰকাশ পায়। সেইদিনাখন ছাৰক মই দুটা প্ৰশ্ন কৰিছিলোঁ। ছাৰৰ দাৰ্শনিক চিন্তাৰ লগত পাঠকক পৰিচয় কৰাবলৈ উত্তৰ দুটা ইয়াতে দি থ’লোঁ।

 

প্ৰশ্ন:  ভগৱানক আপুনি কেনেদৰে লয় ?

 

উত্তৰ: ভগাৱনৰ ৰূপত এক ঐশ্বৰিক শক্তি এই বিশ্ব ব্ৰহ্মাণ্ডত আছে, যিয়ে সকলোকে নিয়ন্ত্ৰণ কৰে শ্ৰীকৃষ্ণ সেই ঐশ্বৰিক শক্তিৰ অধিকাৰী বুলি মই বিশ্বাস কৰোঁ সেয়েহে কৃষ্ণক হৃদয়ত স্মৰণ কৰোঁ নামৰ মাহাত্ম্য অপাৰ নামেই ভগৱান ভগৱানৰ নাম লৈ মই জীৱনৰ সকলো ঘাত-প্ৰতিঘাত পাৰ হ’ব পাৰিছোঁ

 

প্ৰশ্ন:  জীৱনৰ লক্ষ্য কি হোৱা উচিত?

 

উত্তৰ:  দাৰ্শনিক প্লেটোই কৈছিল ’The aim of man’s life should be to become like God.” অৰ্থাৎ মানুহৰ লক্ষ্য হোৱা উচিত ঈশ্বৰৰ নিচিনা হোৱা কিন্তু আমাৰ নিচিনা মানুহৰ পক্ষে তেনে হোৱাটো সহজসাধ্য নহয় অৱশ্যে এটা কথা মই ব্যক্ত কৰিব খোজোঁ যে ঈশ্বৰক মই চাব, পাব খোজোঁ – অন্তত হৃদয়েৰে অনুভৱ কৰিব খোজোঁ সৰুৰে পৰাই মই কৃষ্ণৰ সন্ধান কৰিছোঁ, যদিও ভবামতে মই সাধন-ভজন কৰিব পৰা নাই আমাৰ সকলোৰে ভিতৰত ভাগৱৎ শক্তিৰ উৎস নিহিত হৈ আছে তাক বিকশিত, প্ৰকাশিত কৰাহে আমাৰ জীৱনৰ লক্ষ্য হোৱা উচিত মোৰ জীৱনৰ লক্ষ্য এজন মানুহ হোৱা সঁচা অৰ্থত মানুহ হ’ব পাৰিলে ভগৱানৰ ওচৰ চাপিব পৰা যাব৷

 

অক্ষয় কুমাৰ মিশ্ৰৰ জন্ম হৈছিল ১৯৪৪ চনৰ ৮ মাৰ্চত বৰপেটাৰ এটা বিখ্যাত বিদ্বান পৰিয়ালত যিটো পৰিয়ালৰ প্ৰতিজন সদস্য আছিল পণ্ডিত, সংস্কৃতজ্ঞ। তেখেতৰ ককাক আছিল সংস্কৃতৰ পণ্ডিত ৺নাৰায়ণ দেৱ মিশ্ৰ আৰু দেউতাক আছিল শিক্ষাবিদ ৺হৰেকৃষ্ণ মিশ্ৰ। পাটবাউসী, বৰপেটা, গণককুছী আৰু সুন্দৰিদীয়া সত্ৰৰ সত্ৰীয়া পৰিৱেশত, হৰি-নাম-কীৰ্তনৰ মাজত ডাঙৰ দীঘল হোৱা অক্ষয় কুমাৰ মিশ্ৰ ছাৰক আমি দেখি আহিছোঁ সততা, বিনয় আৰু মানৱীয় মূল্যবোধৰ প্ৰতিভূ হিচাপে। ১৯৬৯ চনত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি ১৯৭১ চনত তেখেতে বৰপেটা বিদ্যাপিঠত শিক্ষক হিচাপে নিযুক্তি পায়। ২০০৭ চনত সেইখন স্কুলৰ পৰাই তেখেতে অৱসৰ লয়। শিক্ষকতাৰ কামত ব্ৰত হৈ বৰপেটা তথা অসমৰ শিক্ষা জগতলৈ যি মূল্যৱান অৱদান আগবঢ়ালে তাৰেই স্বীকৃতি স্বৰূপে তেখেতেক শিক্ষাৰত্ন বঁটা আৰু কলাগুৰু বঁটা প্ৰদান কৰে। তদুপৰি তেখেতে বৰপেটা সাহিত্য সভা, বৰপেটা জিলা সাহিত্য সভাৰ তিনিটা দশকজুৰি সম্পাদক, সভাপতি আদি পদত অধিষ্ঠিত হৈ ভাষা-সাহিত্যৰ নিৰলস সাধনা কৰি যায় আৰু লগতে জিলাখনত সাহিত্য সৃষ্টিৰ পৰিৱেশ গঢ়ি তোলে। সাংবাদি হিচাপেও তেওঁ ১৯৮২ চনৰ পৰা সেৱা আগবঢ়ায়। তেখেতে এতিয়ালৈ ৩৪ খন মূল্যবান গ্ৰন্থ লিখি উলিয়াইছে। ২০ খন গ্ৰন্থৰ সম্পাদনাৰ কাম কৰিছে। ১৯ খন গীতি আলেখ্য লিখি প্ৰকাশ কৰে। কেইখনমান গ্ৰন্থ প্ৰকাশৰ পথত। ইয়াৰ ভিতৰত দাৰ্শনিক চিন্তাধাৰাৰ প্ৰতিফলন ঘটা তেখেতৰ কেইখনমান গ্ৰন্থ ’জীৱন জিজ্ঞাসা’, ’জীৱন-তৃষ্ণা’, ’প্ৰবুদ্ধ যৌৱন’, ’জীৱন অন্বেষণ’, ’মই বুদ্ধিজীৱী নহয় হৃদয়জীৱীহে’ বৌদ্ধিক মহলত বিশেষভাৱে সমাদৃত হৈছে। তেখেতে লেখা জীৱনীমূলক গ্ৰন্থ ড° সৰ্বেপল্লী ৰাধাকৃষ্ণ, বাণীৰ পুত্ৰ বাণীকান্ত, বাৰ্টাণ্ড ৰাছেল, অসম কেশৰী অম্বিকাগিৰী, গুণী-জ্ঞানী ব্যক্তিৰ সান্নিধ্যৰ সুবাস, গোকুল পাঠক আদি গ্ৰন্থই ছাত্ৰ-ছাত্ৰীকে ধৰি সকলো বয়সৰ লোককে অনুপ্ৰাণিত কৰি আহিছে। গীতি আলেখ্য কেইখনৰ মাজেৰে বৰপেটাৰ কৃষ্টি-সংস্কৃতি, পৰম্পৰা, লোকগীতক বাহিৰলৈ উলিয়াই অনাত সফল হৈছে।

 

’জীৱন জিজ্ঞাসা’ গ্ৰন্থখন যিয়ে পঢ়িছে মিশ্ৰ ছাৰৰ দাৰ্শনিক চিন্তাধাৰাৰ স’তে পৰিচিত হ’ব পাৰিছে। গ্ৰন্থখনৰ মোৰ ভাল লগা কেইটামান উক্তি ইয়াতে আগবঢ়োৱাৰ লোভ সামৰিব নোৱাৰিলোঁ – “মানুহ স্ৰষ্টাৰ অনন্য, অনুপম কাৰুকাৰ্য্য। প্ৰত্যেক ব্যক্তিয়েই একোখন স্বয়ংসম্পূৰ্ণ তথ্যবহুল ৰসাল গ্ৰন্থসদৃশ।“ “জীৱন মানেই চৈতন্য শক্তি। বোধেই জীৱন।“ লক্ষ্যধৰ চৌধুৰীয়ে এই গ্ৰন্থখনৰ কথা এনেদৰে কৈছিল, “পুথিখন সৰু। কিন্তু চোক বৰ প্ৰখৰ।“ হোমেন বৰগোহাঞি কৈছিল, “অৰ্থঘন ভাষাত লেখা তেওঁৰ এই পুথিখনৰ নিচিনা এই বিষয়ৰ দ্বিতীয় এখন পুথি অসমীয়া ভাষাত নাই।“    

             

       অসমীয়াৰ ভাষা আৰু সাহিত্যত তেখেতৰ অগাধ দখল আছে। ’বৰপেটা সত্ৰৰ ৰূপৰেখা’ নামেৰে যোৱা বছৰ এখন গ্ৰন্থ সম্পাদনা কৰিছিলোঁ। গ্ৰন্থখন ছাৰৰ হাতত পৰাৰ কেইদিনমান পাছতে মোক মাতি পঠালে। ছাৰৰ সেইদিনা প্ৰথম বাৰৰ বাবে খঙ উঠা যেন অনুভৱ হ’ল। খঙ উঠাৰ কাৰণ হ’ল গ্ৰন্থখনৰ এঠাইত লিখা আছিল যে শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য হ’ল মহাপুৰুষ মাধৱদেৱ। ’অন্যতম’ শব্দটো ব্যৱহাৰ কৰাত অৰ্থটো এনে হ’ল যে মাধৱদেৱৰ দৰে প্ৰিয় শিষ্য গুৰুজনাৰ আৰু আছে। সেইটো সম্পূৰ্ণ অশুদ্ধ। গুৰুজনাৰ শ্ৰেষ্ঠতম প্ৰিয় শিষ্য আছিল মাধৱদেৱ। প্ৰতিটো শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁ বিশেষ গুৰুত্ব দিছিল। মোৰ  গল্প সংকলন পঢ়ি কিতাপখনৰ ভুলবোৰ দেখুৱাই দিছিল। গল্প এটাৰ এঠাইত লিখিছিলোঁ ’সেৱা ল’লে’ বুলি। মানুহে সেৱা জনায়, সেৱা নলয়। পাছত নিজৰ ওপৰতে খঙ উঠিছিল, ইমান সৰু কথাবোৰ নাজানো নে। তেতিয়াৰ পৰা লিখিবলৈ ল’লে ছাৰৰ কথা মনত পৰে, প্ৰতিটো শব্দ ব্যৱহাৰ কৰোঁতে সাৱধান হওঁ। 

 

অক্ষয় কুমাৰ মিশ্ৰ ছাৰক লৈ তেখেতৰ অনুৰাগীসকলে দুখনকৈ অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰে। প্ৰথমখন অভিনন্দন গ্ৰন্থ ’জ্ঞান আৰু জীৱনৰ অন্বেষক অক্ষয় কুমাৰ মিশ্ৰ’ সম্পাদনা কৰে শুভজ্যোতি দাসে। ড° ধ্ৰুৱজ্যোতি বৰাৰ আগকথাৰে প্ৰায় ৪০০ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ গ্ৰন্থখনত ছাৰৰ বিষয়ে লিখিছিল ড° নগেন শইকীয়া, ড° লক্ষ্মীনন্দন বৰা, ড° গোবিন্দ প্ৰসাদ শৰ্মা, ৰত্ন ওজা, কনকসেন ডেকা, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ দৰে বৰেণ্য সাহিত্যিকসকলে। আন এখন অভিনন্দন গ্ৰন্থ “অক্ষয় কুমাৰ মিশ্ৰ – জীৱন-কৃতি আৰু কৃতিত্ব“ সম্পাদনা কৰে ড° দিবাকৰ চন্দ্ৰ দাসে। ড° অমৰজ্যোতি চৌধুৰী, ড° দয়ানন্দ পাঠক, উপেন্দ্ৰ বৰকটকী, পৰেশ বৈশ্যৰ দৰে বৰেণ্য সাহিত্যিকে ছাৰৰ বিষয়ে লিখি গ্ৰন্থখনৰ শোভা বঢ়াইছে। এই গ্ৰন্থখনত ছাৰৰ জীৱন-কৃতিমূলক চমুটোকা আৰু ছাৰৰ প্ৰকাশিত গ্ৰন্থ সম্পৰ্কীয় তথ্য পোৱা যায়।   

 

নিউজ লাইভ টেলিভিচন চেনেলত হোমেন বৰগোহাঞিৰ সৈতে ’কথাবতৰা’ অনুষ্ঠানত ছাৰে যাজ্ঞবল্ক ঋষিৰ কাহিনী উল্লেখ কৰিছিল। বানপ্ৰস্থৰ বাবে যাবলৈ সাজু হৈ দুগৰাকী স্ত্ৰী (কাত্যায়নী আৰু মৈত্ৰেয়ী)ক মাতি ঋষিয়ে নিজৰ সা-সম্পত্তি ভগাই দিয়াৰ ইচ্ছা প্ৰকাশ কৰে।  কাত্যায়নীয়ে লগে লগে সন্মতি প্ৰকাশ কৰে। পিছে মৈত্ৰেয়ীয়ে ক’লে, “মই সেইবিলাকৰ দ্বাৰা কি কৰিম – যাৰ দ্বাৰা মই অমৰত্ব নাপাওঁ?“ কাহিনীটো কৈ লগে লগে ছাৰে নিজৰ জীৱন দৰ্শন ক’বলৈ ধৰে, “মই ভাবো আমাৰ ভিতৰত দুটা সত্ত্বা আছে – এটা হৈছে কাত্যায়নীৰ, আনটো হৈছে মৈত্ৰেয়ীৰ। অৰ্থৰ সাধনা লাগিব, কিন্তু লক্ষ্যটো হৈছে পৰমাৰ্থ।“ অনুষ্ঠানত কোৱা আৰু এটা  কথা আজিও মনত আছে – কবিগুৰু ৰবীন্দ্ৰনাথে কৈছিল, ’এ জীৱন আমৃত্যু দু:খেৰ তপস্যা।’ ছাৰৰ মতে এই দুখ-যন্ত্ৰণাক আমি কেনেকৈ অতিক্ৰম কৰিম, সেই যন্ত্ৰণাৰপৰা মাধুৰী কেনেকৈ বাহিৰ কৰিব পাৰি সেইটোৱে আমাৰ জীৱনৰ সাধনা হোৱা উচিত। ছাৰৰ ভাষাত – জীৱন-যন্ত্ৰণাৰ মাধুৰী বিচৰা। 

 

৮ মাৰ্চ ২০২৫ তাৰিখত একাশীতিতম জন্মদিনত দাৰ্শনিক অক্ষয় কুমাৰ মিশ্ৰ ছাৰলৈ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, লগতে ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। প্ৰজ্ঞাৰ সাধনাৰে নিজৰ লক্ষ্যত উপনীত হওক, তাৰেই কামনা কৰিলোঁ।

(৮ মাৰ্চ, ২০২৫ অসমীয়া খবৰ কাকত)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা