“ডীপছিক“ আৰু ভাৰতবৰ্ষত ইয়াৰ প্ৰভাৱ
২০২২ চনত অপেন এআই প্ৰতিষ্ঠানৰ কৃত্ৰিম বুদ্ধিমত্তাৰে নিৰ্মিত ’চাট জিপিটি’ নামৰ চাটব’ট এটাই সমগ্ৰ বিশ্বত তোলপাল লগাইছিল। আমেৰিকাৰ আন কেইটামান বেচৰকাৰী প্ৰতিষ্ঠান মাইক্ৰচফ্ট, গুগল আদিয়ে তেনে বহুতো চাটব’ট আমালৈ আগবঢ়াইছে। কৃত্ৰিম বুদ্ধিমত্তাৰে চালিত এনে বহুতো এপৰ প্ৰয়োগ আমি নুবুজাকৈ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিবলৈ লৈছোঁ। এবছৰ আগত অপেন এআইৰ মুখ্য কাৰ্যবাহী বিষয়া চেম অল্টমেনক সুধা হৈছিল যে কম মূলধনেৰে কোনো প্ৰতিষ্ঠানে কৃত্ৰিম বুদ্ধিমত্তাৰে পৰিচালিত নতুন উদ্ভৱান সম্ভৱ নে। উত্তৰত তেওঁ কৈছিল যে এক কোটি ডলাৰ বা তাতকৈ কম মূলধন লৈ তেনে কামৰ কথা ভাবিবই নোৱাৰি কাৰণ প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ কামত আমেৰিকাৰ প্ৰতিষ্ঠানসমূহে শ শ কোটি ডলাৰ বিনিয়োগ কৰিবলগীয়া হৈছে। অল্টমেনৰ কথা সম্পূৰ্ণ ভুল বুলি প্ৰমাণ কৰিলে চীনদেশৰ এজন নাগৰিকে।
লিয়াঙ ৱেনফেঙ নামৰ ব্যক্তিজনে মে’, ২০২৩ চনত চীনদেশত আৰম্ভ কৰা ষ্টাৰ্ট
আপ ব্যৱসায়িক প্ৰতিষ্ঠানে মাত্ৰ ৬০ লাখ ডলাৰ খৰচ কৰি ডীপছিক আৰ১ নামৰ কৃত্ৰিম বুদ্ধিমত্তাৰে
সমৃদ্ধ এপ জনসাধাৰণৰ বাবে উলিয়াই দিয়ে যিয়ে আমেৰিকাৰ চিলিকন ভেলীত হাহাকাৰ লগায়। অপেন
এআইৰ দৰে আমেৰিকাৰ বেচৰকাৰী প্ৰতিষ্ঠানে তেনে এপ উদ্ভাৱন কৰোঁতে বিলিয়ন ডলাৰ (হাজাৰ
কোটি) ধন খৰচ কৰিবলগীয়া হৈছিল। এতিয়া সেই প্ৰতিষ্ঠানসমূহে বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰা বিষয়ত প্ৰশ্ন উদয় হৈছে। আমেৰিকাই কৃত্ৰিম
বুদ্ধিমত্তাৰ প্ৰয়োগত সৰ্বোচ্চ আসনত অদূৰ ভৱিষ্যতলৈ বহি থাকিব পাৰিবনে নে নাই সেয়া
সন্দেহৰ আৱৰ্তত দেখা গৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল ডীপছিক হ’ল অপেন চোৰ্চৰ ওপৰত প্ৰতিষ্ঠিত।
আনহাতে চাট জিপিটি হ’ল প্ৰপ্ৰাইটৰী। অৰ্থাৎ ভাৰতৰ দৰে দেশে ডীপছিকৰ সহায়ত গৱেষণা কৰি
কৃত্ৰিম বুদ্ধিমত্তাৰে পৰিচালিত নতুন উদ্ভাৱনৰ কথা ভাবিব পাৰে, যিটো চাট জিপিটিৰ দৰে
এপত উপলব্ধ নহয়। লজিকেল ৰিজনিঙ, ক’ডিঙ আৰু
গণিতৰ বিভিন্ন সমীকৰণৰ সমাধানৰ ক্ষেত্ৰত ডীপছীক চাট জিপটিত কৈ উন্নত বুলি বিশেষজ্ঞই
জনাইছে। প্ৰায় দুগুণ বেছি ক্ষিপ্ৰতাৰে ডীপছিকে উত্তৰ দিব পৰা ক্ষমতা আছে। আনহাতে কবিতা,
গল্প, চিত্ৰ আদি মৌলিক কামৰ ক্ষেত্ৰত চাট জিপিটি অধিক উন্নত বুলি প্ৰতিপন্ন হৈছে। ডীপছিক
নামৰ অৰ্থ হৈছে “deep learning” to analyse large
blocks of data to help solve a vast array of problems“।
অসমীয়া ভাষাত কাৰ কিমান দখল চাবলৈ যাওঁতে দেখিলোঁ ডীপছিক চাট জিপিটিতকৈ
বহু উন্নত। মই সুধিছিলোঁ অসমীয়া ভাষা বুজি পায় নে আৰু অসমীয়া ভাষাৰ শ্ৰেষ্ঠ পাঁচ গৰাকী
সাহিত্যিকৰ নাম। উত্তৰত ডীপছিকে ক’লে “মই অসমীয়া ভাষা বুজি পাওঁ আৰু অসমীয়াত সাধাৰণ
সোধাপোচ কৰিব পাৰোঁ। যদি আপোনাৰ কোনো প্ৰশ্ন বা সহায়ৰ প্ৰয়োজন হয়, অনুগ্ৰহ কৰি সুধিব
পাৰে।“ অসমীয়া সাহিত্যৰ পাঁচগৰাকী শ্ৰেষ্ঠ সাহিত্যিকৰ নাম এনেদৰে উল্লেখ কৰে - লক্ষ্মীনাথ
বেজবৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, হেমচন্দ্ৰ গোস্বামী, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু
মামণি ৰয়চম গোস্বামী। কিন্তু তেওঁলোকে ৰচনা কৰা গ্ৰন্থসমূহৰ নাম শুদ্ধকৈ দিব নোৱাৰিলে।
ইয়াৰ বিপৰীতে চাট জিপিটিয়ে উত্তৰ দিলে যে, “হয়, মই অসমীয়া বুজি পায়। আপুনিৰ কিদৰে সহায়
কৰিব পাৰোঁ?“ একেবাৰে অশুদ্ধ বাক্যগাঁথনি, ভুল বানান। তাতোকৈ আচৰিত হ’লো যেতিয়া পাঁচগৰাকী
শ্ৰেষ্ঠ অসমীয়া সাহিত্যিকৰ নাম ক’বলৈ দিওতে প্ৰথমে উল্লেখ কৰিলে ৰবীন্দ্ৰনাথ ঠাকুৰৰ
নাম আৰু পাছৰ চাৰিগৰাকীৰ নাম আজিলৈ শুনা নাই। ইপিনে চীন-ভাৰত সম্বন্ধে সংবেদনশীল প্ৰশ্নবোৰ
ডীপছিকে হয় এৰাই চলে নহ’লে ভুলকৈ কয়। আমাৰ প্ৰশ্নবোৰ, আমি দিয়া তথ্যসমূহৰ পৰা চীনদেশে
ভাৰতৰ গোপন তথ্য লাভ কৰাৰ সম্ভাৱনা নোহোৱা নহয়। সেয়েহে ডীপছিকৰ ব্যৱহাৰ বহুতো দেশত
চৰকাৰী কামত ব্যৱহাৰ আৰু বেচৰকাৰী প্ৰতিষ্ঠানত ব্যৱহাৰ কৰাত বাধা আৰোপ কৰিছে।
আমেৰিকাই প্ৰছেছিঙ চিপ্চ Nvidia ৰ ৰপ্তানীত বাধা আৰোপ কৰাৰ পাছতো চীনদেশৰ
বিজ্ঞানীয়ে যদি ৯০% কম খৰচত ডীপছিকৰ দৰে শক্তিশালী এপ উদ্ভাৱন কৰি দেখুৱাব পাৰিলে,
এনে ক্ষেত্ৰত প্ৰশ্ন উঠিছে ভাৰতে কিয় নোৱাৰিব। চীনদেশে আজি কিছুবছৰৰ আগৰ পৰা কৃত্ৰিম
বুদ্ধিমত্তাৰ প্ৰয়োগৰ বিষয়ত গৱেষণা কৰিবলৈ যথেষ্ট ধন বিনিয়োগ কৰিবলৈ লৈছে। ইয়াৰ বিপৰীতে
ভাৰতে যোৱা বছৰ মাৰ্চ মাহতহে কৃত্ৰিম বুদ্ধিমত্তা মিছন আৰম্ভ কৰিছে, ইয়াৰ বাবে দহ হাজাৰ
কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰিছে, যদিও কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণাৰ বাবে এই ধন একেবাৰে
পৰ্যাপ্ত নহয়। ডীপছিকৰ উদ্ভাৱনৰ লগে লগে ভাৰতে এই ক্ষেত্ৰত সময়োচিত পদক্ষেপ লোৱা পৰিলক্ষিত
হৈছে। ভাৰত চৰকাৰে ছয়টা বেচৰকাৰী প্ৰতিষ্ঠানৰ নাম ইতিমধ্যে তালিকাভুক্ত কৰিছে যিয়ে
আঠ-দহ মাহৰ ভিতৰত প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণৰ কামত আগবাঢ়ি ভাৰতৰ নিজৰ চাটব’ট বিশ্বৰ
জনসাধাৰণৰ বাবে আগবঢ়াব বুলি ভাৰত চৰকাৰৰ তথ্য-প্রযুক্তি বিভাগৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে
অৱগত কৰে। চলিত বছৰৰ বাজেটত ইয়াৰ বাবে ২,২০০ কোটি টকা ধাৰ্য কৰিছে। ৫০০ কোটি টকা ব্যয়েৰে
Centre of excellence in Artificial Intelligence স্থাপন কৰাৰ কথাও ঘোষণা কৰিছে। চীনে
দেখুৱাইছে যে টকাই সম্পূৰ্ণ নহয়। নতুন উদ্ভাৱনৰ বাবে আমাক লাগে প্ৰতিভা আৰু উদ্ভাৱনী
চিন্তাৰে সমৃদ্ধ যুৱ শক্তি। ভাৰতত প্ৰতিভাৰ কোনোদিনে অভাৱ হোৱা নাই। কেৱল আমাক লাগে
দূৰদৃষ্টি সম্পন্ন দলপতি যিয়ে গৱেষণাক সঠিক দিশত আগুৱাই নিব পাৰে। ভাৰতৰ বেচৰকাৰী প্ৰতিষ্ঠানসমূহ
এই বিষয়ত ধন বিনিয়োগ কৰিবলৈ ওলাই আহিছে। ৰিলায়েন্স কোম্পানীয়ে জামনগৰত বিশ্বমানৰ চুপাৰ
কম্পিউটাৰ আৰু বৃহৎ ডাটা চেণ্টাৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে। ইয়াৰ বাবে Nvidia ৰ মুৰব্বীৰ
সৈতে চুক্তিপত্ৰত চহী কৰিছে। এয়াৰটেল, আদানী গ্ৰুপেও এই ক্ষেত্ৰত আগবাঢ়িছে। Nvidia
চিপ্চৰ ৰপ্তানীত আমেৰিকাই আৰোপ কৰা বাধা নিষেধৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে নিশ্চয়কৈ
ডোনাল্ড ট্ৰাম্প চৰকাৰৰ স’তে ইয়াৰ সমাধান সূত্ৰ উলিয়াব। জানিব পৰা মতে ভাৰতে এতিয়ালৈ
হাতত প্ৰায় ১৯,০০০ Nvidia চিপ্চ পাবলৈ সক্ষম হৈছে। এই চিপ্চৰ সহায়ত ভাৰতত এটি চিপ্চ
লাইব্ৰেৰী খোলাৰ পৰিকল্পনা কৰা হৈছে। গৱেষণাৰ বাবে সৰু সৰু প্ৰতিষ্ঠানে এই লাইব্ৰেৰীৰ
পৰা কম্পিউটিঙ স্পীড ব্যৱহাৰ কৰিব পাৰিব কম মূল্যত। আনকি নিজাকৈ দুই বা চাৰিটা Nvidia
চিপ্চ আৰু এটা হাই স্পীড চাৰ্ভাৰ স্থাপন কৰি তাতে অপেন চোৰ্চৰ ডীপছিক ব্যৱহাৰ কৰি ভাৰততে
প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণৰ কামত আগবাঢ়িব পৰা যাব, নতুন এ আই মডুল উদ্ভাৱন কৰিব
পাৰিব, ভাৰতৰ তথ্য চীনদেশলৈ নপঠোৱাকৈ। ইয়াৰ বাবে ন্যূনতম খৰচ এক কোটি টকাৰ ভিতৰত পৰিব
বুলি গৱেষকে কৈছে।
আমি আশা ৰাখিছো যে এবছৰৰ ভিতৰত যুৱ প্ৰতিভাৰ সঠিক ব্যৱহাৰৰ দ্বাৰা আৰু প্ৰয়োজনীয় আন্ত:গাঁথনিৰ সহায়ত ভাৰতে নিজাকৈ ডীপছিক বা চাট জিপিটিৰ দৰে কৃত্ৰিম বুদ্ধিমত্তাৰ নতুন এপ উদ্ভাৱন কৰি বিশ্ববাসীৰ আগত ভাৰতৰ নাম উজলাব পাৰিব।
Comments
Post a Comment