যোৱা ১৩ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত মহাকুম্ভ মেলা আৰম্ভ হয়। এই মেলা ২৬ ফেব্ৰুৱাৰী, ২০২৫ লৈকে চলিব। প্ৰতি ১২ বছৰত পূৰ্ণ কুম্ভমেলা আৰু প্ৰতি ৬ বছৰৰ মূৰত অৰ্ধ কুম্ভমেলা অনুষ্ঠিত হয়। তেনে ১২ টা পূৰ্ণ কুম্ভমেলা হোৱাৰ পাছত অৰ্থাৎ ১৪৪ বছৰৰ মূৰত মহাকুম্ভ মেলা প্ৰয়াগৰাজত অনুষ্ঠিত হয়। ইয়াৰ আগতে ১৮৮১ চনত প্ৰয়াগৰাজত মহাকুম্ভ মেলা হৈছিল। জনশ্ৰুতি মতে অষ্টম শতিকাত গুৰু আদি শংকৰাচাৰ্যই প্ৰথমবাৰ কুম্ভমেলা আৰম্ভ কৰে। তাৰ পাছত ছেগা-চোৰোকাকৈ প্ৰয়াগৰাজ, হৰিদ্বাৰ, নাছিক আৰু উজ্জইনীত কুম্ভমেলা অনুষ্ঠিত হৈ থাকে। আধুনিক ভাৰতবৰ্ষত ব্ৰিটিছৰ শাসনত প্ৰথমবাৰৰ বাবে লিখিত ৰূপত পোৱা যায় ১৮৬৮ চনত। যিয়ে নহওক উনৈশ শতিকাৰ পৰা কুম্ভ মেলাই বিস্তৃতি আৰু প্ৰসাৰ লাভ কৰিবলৈ ধৰে। লাহে লাহে ভক্তৰ সমাগম বৃদ্ধি হৈ গৈ আজিৰ অৱস্থা পায়। বেচৰকাৰী তথ্য অনুযায়ী এতিয়ালৈ প্ৰায় ৯ কোটি লোকে ত্ৰিবেণী সংগমত স্নান কৰিছে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি সনাতন ধৰ্মীয় লোকসকলৰ মাজত কুম্ভ মেলাৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভক্তিৰ গভীৰতাৰ কথা। টেলিভিচন, সামাজিক মাধ্যমত প্ৰতি দিনে আমি দেখিছোঁ লক্ষ লক্ষ ভক্তই স্নান কৰা, হাজাৰ হাজৰ সাধু-সন্ন্যাসীৰ আগমন, তেওঁলোকৰ পূজা, অৰ্চনা, কিছু অলৌকিক কাৰ্যকলাপ। বিশেষকৈ সামাজিক মাধ্যমত কিছু ঘটনা, কিছু ব্যক্তি অতি কম দিনৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিল। তেনে কেইটামান দৃশ্য, ঘটনাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ।
পোন প্ৰথমবাৰৰ বাবে অসমৰপৰা দুজন সত্ৰাধিকাৰ প্ৰয়াগৰাজত উপস্থিত হ’ল। ইয়াতে নামঘৰ প্ৰতিষ্ঠা কৰি নাম-কীৰ্তন আৰু ভাগৱত পাঠ আৰম্ভ কৰিলে। তাকে লৈ কিছু বিতৰ্কৰো সৃষ্টি হৈছে। সাধু-সন্ন্যাসীৰ মাজত সত্ৰাধিকাৰৰ অৱস্থান যেন এক নিমিলা অংক সেয়া বহুতৰ মনলৈ আহিছে। লোক বিশ্বাস অনুযায়ী পুৱতি নিশা প্ৰয়াগৰাজৰ ত্ৰিবেনী সংগম(গংগা, যমুনা আৰু সৰস্বতী নদীৰ মিলন ক্ষেত্ৰ) স্থলত পবিত্ৰ নৈৰ পানীত গা ধুলে হেনো সকলো পাপৰ পৰা মুক্তি পাব পাৰি। সেয়েহে হয়তো কোটি কোটি ভক্তই ভীৰ কৰা দেখা যায়। কথা হ’ল সকলো পাপীয়ে যদি পবিত্ৰ ত্ৰিবেণী সংগমত গা ধুই পাপৰ কলংকৰ পৰা মুক্তি পায় তেনেহ’লে মানুহে পাপ কৰিবলৈ ভয় নকৰা হ’ব দেখোন। এবাৰ গা ধুই পাপমুক্তহৈ ১২ বছৰৰ মূৰত হ’বলগীয়া পূৰ্ণ কুম্ভমেলালৈ পাপ কৰিবলৈ সুবিধা লাভ কৰাৰ দৰে কথাটো নহ’বগৈ নে? দুজনাগুৰুৰ ৰচনাত কুম্ভমেলাৰ কথা কতো উল্লেখ নাই আৰু স্নান কৰিয়ে পাপ মুক্ত হোৱাৰ বিধানো দি যোৱা নাই। শ্ৰদ্ধাৰ সত্ৰাধিকাৰে প্ৰয়াগৰাজত নিজৰ বিবেচনা মতেহে গৈছে, দুজনা গুৰুই প্ৰচাৰ কৰা ধৰ্মত বিশ্বাস ৰাখি নিশ্চয় যোৱা নাই।
কুম্ভমেলাৰ আৰম্ভণিতে দেখিবলৈ পালোঁ এজনী ষোল বছৰীয়া গাঁৱলীয়া ছোৱালীৰ ভিডিঅ’। চকুযুৰি সৈতে অপৰূপ সুন্দৰী ছোৱালীজনীৰ ভিডিঅ’টো দুদিনৰ ভিতৰতে ভাইৰেল হৈ পৰে আৰু প্ৰয়াগৰাজৰ বহুসংখ্যক কেমেৰামেন, সাংবাদিক সুন্দৰীৰ পাছত লাইন লাগে। ইয়াৰ পাছত প্ৰতি দিনেই নতুন নতুন ভিডিঅ’ ওলাই থাকে। সেই ভিডিঅ’ৰ পৰাই জানিব পাৰিলোঁ যে সুন্দৰীগৰাকীৰ নাম মনালিছা আৰু ঘৰ ইন্দোৰত। প্ৰয়াগৰাজলৈ আহিছিল কুম্ভ মেলাত মালা বিক্ৰী কৰিবলৈ। প্ৰথম দিনৰ ভিডিঅ’ত দেখা মনালিছা আছিল কোনো কৃত্ৰিমতাৰ পৰশ নোপোৱা প্ৰকৃতি প্ৰদত্ত এগৰাকী সুন্দৰী। কথা-বতৰা, ভাব-ভংগী, হাঁহিত দেখা গৈছিল গাঁৱৰ নিভাঁজ শিশুসুলভ সৰলতা। লাহে লাহে দেখা গ’ল মনালিছাৰ মুখত মেক-আপ, পিন্ধা কাপোৰৰ পৰিৱৰ্তন। এসপ্তাহৰ ভিতৰত মনালিছা যেন সলনি হৈ পৰিল। সমাজৰ কলুষতাৰ মাজত, টকা-পইছা, লোভ-মোহৰ মাজত মনালিছাই হেৰুৱালে জন্মগতভাৱে পোৱা স্বভাৱসুলভ ব্যৱহাৰ, সৰলতা। তাৰ বিপৰীতে বহুতৰ বাবে তাই হৈ পৰিল বিশ্ব সুন্দৰী। বিশ্বৰ লাখ লাখ যুৱকে তাইক পাবলৈ পাগল হৈ পৰে। ২১ জানুৱাৰীত তাইৰ জন্মদিনত কেক কাটিলে, সেই ভিডিঅ’ দুদিনত দহ লাখ মানুহে চালে। শুনিবলৈ পোৱা গৈছে মনালিছাৰ বাবে হেনো কোনো চিনেমা প্ৰযোজকে চিনেমাত অভিনয় কৰাৰ বাবে প্ৰস্তাব আগবঢ়াইছে। সামাজিক মাধ্যমে মনালিছাক কলৈ নিয়ে নাজানো, কিন্তু এটা কথা ঠিক যে প্ৰথম দেখা মনালিছাক আজি বিচাৰি পোৱা নাযাব, সেই আকৃত্ৰিম সৌন্দৰ্য ইতিমধ্যে হেৰুৱালে।
প্ৰয়াগৰাজত অতি কম দিনৰ ভিতৰতে বিখ্যাত হৈ পৰা আন এগৰাকী ব্যক্তি হ’ল অভয় সিং। আই আই টি মুম্বাইৰ পৰা অভয়ে এৰোস্পেছ বিভাগত স্নাতক ডিগ্ৰী লৈ ডিজাইন বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। কানাডাত চাকৰি কৰি থকা অৱস্থাত ক’ভিড অতিমাৰি আৰম্ভ হয়। সেই সময়তেত অভয়ে চাকৰি বাদ দি জীৱনৰ অৰ্থ বিচাৰি ভাৰতলৈ উভতি আহে আৰু সন্ন্যাসী হ’বলৈ ভাৰতৰ পাহাৰ-পৰ্বত, অৰণ্যৰ মাজত ঘূৰি ফুৰিবলৈ ধৰে। অভয়ৰ কথা-বতৰা আন সন্ন্যাসীৰ লগত নিমিলে বাবেই সাংবাদিকে এবাৰ সুধিলে ক’ৰ পৰা শিক্ষা লাভ কৰিছে। উত্তৰত সাধাৰণভাৱেই ক’লে যে আই আই টি মুম্বাইৰ স্নাতক ডিগ্ৰীধাৰী বুলি। তাৰ লগে লগে ভাইৰেল হৈ পৰিল অভয় সিং, আই আই টি ৱালা বাবা বুলি আজি ভাৰতীয়ৰ মাজত জনপ্ৰিয় হৈ পৰিল। হাৰিয়ানাত জন্মলাভ কৰা অভয়ৰ দেউতাক এজন উকীল। পিতৃ-মাতৃৰ ইচ্ছাৰ বিপৰীতে অভয়ে সন্ন্যাসী হৈ ঘৰৰ পৰা বহুদূৰত অৱস্থান কৰে। সাংবাদিক, নিউজ পৰ্টেলৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হোৱা অভয়ে সকলো প্ৰশ্নৰে হাস্যবদনে উত্তৰ দিয়ে। অভয়ে কিছু ভিডিঅ’ নিজাকৈও আপলোড কৰিছে। তেখেতৰ দাৰ্শনিক চিন্তাধাৰা এই ভিডিঅ’ কেইটাৰ জৰিয়তে দেখিবলৈ পোৱা গৈছে।
অভয়ৰ মতে পিতৃ-মাতৃয়ে সন্তানৰ বাবে সকলো সময়তে সঠিক সিদ্ধান্ত ল’ব নোৱাৰে। সন্তানে ভৱিষ্যতে কি হ’বলৈ ইচ্ছা কৰে তাক পিতৃ-মাত্ৰয়ে গুৰুত্ব নিদিয়ে। বৰং তেওঁলোকে সন্তানক যি হোৱাঁতো বিচাৰে তাকে সন্তানৰ মূৰত জাপি দিয়ে। ফলত বহুত সন্তানে পঢ়াৰ বোজা সহিব নোৱাৰে , কিছুমানে দুশ্চিন্তাত ভুগিবলৈ লয়। অভয়ৰ ৰাপ আছিল ছবি অঁকাত, ফটোগ্ৰাফীত। কিন্তু পিতৃৰ ইচ্ছাত দিল্লীত গৈ বিজ্ঞান বিভাগত পঢ়িবলৈ লয় আৰু আই আই টি, মুম্বাইত পঢ়িবলৈ সুযোগ পায়। পিছে অভিযন্তা হিচাপে কাম কৰি নিজে সুখী হ’ব নোৱাৰিলে। শেষত সুখৰ সন্ধানত সন্ন্যাসী হ’বলগীয়া হয়। তেওঁৰ মতে প্ৰতিজন ব্যক্তিয়ে নিজৰ মতে জীৱনৰ পথ বাচি লোৱাৰ অধিকাৰ আছে আৰু তেওঁক সেই অধিকাৰৰ পৰা বঞ্চিত কৰা উচিত নহয়। সন্তানক লৈ পিতৃ-মাতৃয়ে যি সিদ্ধান্ত লয় সেয়া সন্তানৰ ভালৰ বাবে লোৱা হয় বুলি সদায় ভাবিব নালাগে কাৰণ সেই সিদ্ধান্তত পিতৃ-মাতৃৰ স্বাৰ্থ প্ৰায়ে জড়িত হৈ থকা দেখা যায়। অভয়ৰ কথাখিনি আজিৰ সমাজব্যৱস্থাত যথেষ্ট মূল্য আছে।
অভয়ে হাজাৰ বছৰ আগত ভাৰতত প্ৰচলিত সমাজ ব্যৱস্থা আৰু বৰ্তমানৰ সমাজ ব্যৱস্থাৰ তুলনা কৰিছে। পূৰ্বতে মানুহৰ জীৱন পৰ্ব চাৰি ভাগত বিভক্ত আছিল - ব্রহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস। ৮০ বছৰীয়া জীৱনটোত প্ৰতিটো পৰ্বৰ বাবে ২০ বছৰকৈ ধৰিলে, প্ৰথম ২০ বছৰ ব্ৰহ্মচৰ্য ব্ৰত লৈ শিক্ষা লাভ কৰি পিছৰ ২০ বছৰ ধন অৰ্জনত ব্ৰত হৈ থাকে। তাৰ পাছৰ ২০ বছৰ ব্যক্তিজনে অৰণ্যত প্ৰাকৃতিক পৰিৱেশত নিজকে খাপ খুৱাই লয়। শেষৰ ২০ বছৰত মানুহজনে সকলো মায়া-মোহ ত্যাগ কৰি মুক্তিৰ বাবে অপেক্ষাৰত হৈ পৰে। বৰ্তমান সমাজব্যৱস্থাত প্ৰথম ২৫ বছৰ পঢ়া-শুনা ব্ৰত হৈ পাছৰ ৩৫ বা ৪০ বছৰ ধন অৰ্জনত ব্যস্ত হৈ পৰে। তাৰ পাছৰ ২০ বা ১৫ বছৰ বাৰ্ধক্য জীৱন অকলশৰীয়াভাৱে কটাবলগীয়া হয়। বাৰ্ধক্য সময়খিনি আজি বহুতৰ বাবে অত্যন্ত কষ্টদায়ক হৈ পৰে বিশেষকৈ যেতিয়া অৱসৰী সুবিধাৰ পৰা ব্যক্তিজন বঞ্চিত হয় আৰু সন্তানে আৰ্থিকভাৱে সহায় নকৰে। কিন্তু পৌৰাণিক ভাৰতৰ সমাজব্যৱস্থাত বানপ্ৰস্থ আৰু সন্ন্যাস গ্ৰহণৰ সময়ত তেনে কোনো অসুবিধাৰ সন্মুখীন হোৱা নাছিল। অভয়ে হাজাৰ বছৰ আগৰ ভাৰতয়ীয় দৰ্শনক বিজ্ঞানৰ ছাত্ৰ হিচাপে নতুনকৈ চাবলৈ চেষ্টা কৰিছে। বিশেষকৈ মহাকাশ আৰু কাল সম্বন্ধে তেওঁৰ চিন্তাধাৰত নতুনত্ব দেখিবলৈ পোৱা গৈছে। তেওঁৰ এষাৰ কথা মোৰ আটাইতকৈ ভাল লাগিছে - science builds the IQ, while art nurtures the emotional quotient (EQ)--both of which are essential for a well-rounded life.
পিছে সামাজিক মাধ্যম, টেলিভিচন, সাংবাদিকৰ প্ৰভাৱত আই আই টি ৱালা বাবা অভয় সিং নিজৰ সাধনাৰ পৰা লক্ষ্যভ্ৰষ্ট হৈ পৰে বুলিহে সন্দেহ হৈছে।
(২৮ জানুৱাৰী ২০২৫, অসমীয়া খবৰ)
Comments
Post a Comment