সমূহৰ কথকতা-২০ : যি প্ৰাপ্ত সেয়াই পৰ্যাপ্ত
সিদিনা অনলাইন আলোচনী এখনৰ বৰ্ণশুদ্ধি কৰি থাকোঁতে এটা বাক্য পালোঁ – “যি প্ৰাপ্ত সেয়াই পৰ্যাপ্ত“। বাক্যশাৰীত যেন জীৱনৰ সকলো উপলব্ধি, জ্ঞান সোমাই আছে। যিকণ পালোঁ সেয়াই আমাৰ বাবে পৰ্যাপ্ত। বেছিলৈ মুখ মেলি থকাৰ প্ৰয়োজন নাই। ভাবি চালে আমাৰ প্ৰত্যেকৰে যিখিনি হাতত আছে সেইখিনি পৰ্যাপ্ত নহয় নে? জীয়াই থকালৈকে হাতত থকাখিনি খাই শেষ কৰিব পৰা নাযায়। তাৰ পাছতো আমি সন্তুষ্টি লাভ নকৰোঁ। আমাক কেৱল লাগে। ঘৰ, মাটি, টকা, সকলো লাগে। প্ৰয়োজনৰ যেন শেষ নাই। পুত্ৰ-জীয়াৰী বা নাতি-নাতিনীলৈ বেছিকৈ থৈ গ’লে যে তেওঁলোক সুখ-শান্তিত থাকিব তাৰ কোনো নিশ্চয়তা নাই। বৰং ধনী পৰিয়ালৰ সতি-সন্ততি বেয়া হোৱাৰ সম্ভাৱনা অধিক। মই বৰপেটাত জন্ম গ্ৰহণ কৰিছিলোঁ। এটা সময়ত বৰপেটাত বহুত ধনৱান মহাজন দেখা পাইছিলোঁ। সেই মহাজনসকলৰ সতি-সন্ততিসকলক যদি চোৱা যায় আপুনি বেলেগ এখন ছবিহে দেখিবলৈ পাব। কথাতে কয় প্ৰথম প্ৰজন্মই উপাৰ্জন কৰে, দ্বিতীয় প্ৰজন্মই তাক ভোগ কৰে। আৰু তৃতীয় প্ৰজন্মই সেই ধন-সম্পত্তি বিক্ৰী কৰি খায়। আচলতে বেছিক টকা-সম্পত্তি থৈ যোৱা মানে পাছৰ প্ৰজন্মৰ সতি-সন্ততিলৈ বিপদ মাতি অনা। বিশ্...