ধনী পিতৃ দৰিদ্ৰ পিতৃ
বিহাৰৰ
কোনোবা অখ্যাত গাঁৱৰ নিম্ন মধ্যবিত্ত পৰিয়ালৰ সদস্য সুশীল কুমাৰ নামৰ ব্যক্তি এজনে
২০১১ চনত অমিতাভ বচ্চনে পৰিচালনা কৰা কৌন বনেগা ক্ৰোৰপতিৰ পঞ্চম সংখ্যক ছিজনত পাঁচ
কোটি টকা লাভ কৰিছিল সঠিক উত্তৰ দি।
নিশাটোৰ ভিতৰতে হিৰো হৈ পৰিল সুশীল। দূৰদৰ্শনৰ টকশ্ব’ৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক
অনুষ্ঠান, সকলোতে তেওঁক নিমন্ত্ৰণ জনোৱা হ’ল। তাৰ পাছত কিছু বছৰ সুশীলৰ নাম
শুনিবলৈ পোৱা নগৈছিল। ২০২০ চনত সুশীল কুমাৰে পুনৰ সংবাদ জগতত স্থান দখল কৰিবলৈ
সক্ষম হ’ল। এইবাৰ কিন্তু ভাল কামৰ বাবে নহয়। ইতিমধ্যে যোৱা আঠটা বছৰত সুশীলে সকলো
ধন অবাবতে খৰচ কৰি পেলায়, বৰঞ্চ বেংকত এসোপা ধাৰ মূৰত লৈ মানুহৰ ঘৰে ঘৰে গাখীৰ
বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হয়। সুশীল কুমাৰৰ দৰে বহুত ব্যক্তি আমাৰ সমাজত
আছে যিয়ে এটা সময়ত বহু ধনৰ অধিকাৰী হৈ পাছৰ জীৱনত দুখীয়া হৈ পৰে। বলিউদৰ বহু
অভিনেতা-অভিনেত্ৰীৰ নাম বাতিৰত ওলায় যাৰ পাছৰ জীৱনকালত হাতত ফুটাকড়ি নোহোৱা অৱস্থা পায়। আৰ্থিক দিশত
উত্থান-পতনৰ অন্যতম কাৰক হ’ল আমাৰ বিত্তীয় জ্ঞানৰ অভাৱ - ইংৰাজীত যাক কোৱা হয়
Financial illiteracy। সাঁচতীয়া ধনখিনি ক’ত বিনিয়োগ কৰা উচিত সেইটো নজনাৰ বাবেই
তেনে অৱস্থাৰ মুখামুখি হ’বলগীয়া হয়। বিত্তীয় ব্যৱস্থাপনা জানি সঠিক বিনিয়োগ কৰি
তুলনামূলকভাৱে কম টকা অৰ্জন কৰা ব্যক্তি এজন পাছৰ জীৱনত আৰ্থিকভাৱে টনকিয়াল হৈ
পৰিব পাৰে। আপুনি কিমান উপাৰ্জন কৰিলে সেইটো ডাঙৰ কথা নহয়, শেষত কিমান টকা আৰু
সম্পদ আহৰণ কৰিব পাৰিলে সেইটোহে গুৰুত্বপূৰ্ণ কথা। বিত্তীয় ব্যৱস্থাপনাৰ বিষয়ত প্ৰকৃত
জ্ঞান দিব পৰা এখন বিখ্যাত গ্ৰন্থ হ’ল Robert T Kiosakiয়ে লেখা ’Rich Dad Poor
Dad’।
১৯৯৭
চনত প্ৰথম প্ৰকাশ পোৱা এই গ্ৰন্থখন কম সময়ৰ ভিতৰত সমগ্ৰ বিশ্বতে খুবেই জনপ্ৰিয় হৈ
পৰে। আমাৰ সকলোৰে টকা, সম্পদ আৰু ঋণ সম্পৰ্কে থকা বহু ধাৰণা যে ভুল সেয়া গ্ৰন্থখন
পঢ়িলেহে জানিব পাৰা যায়। কেইবা বছৰ ধৰি সৰ্বাধিক বিক্ৰীৰ অভিলেষ সৃষ্টি কৰা গ্ৰন্থখনে কেনেদৰে মানুহৰ চিন্তাধাৰা সলনি কৰিব
পাৰে চাওঁ আহকচোন।
কিয়ছাকিৰ
দুজন দেউতাক আছিল– এজন যাৰ ঔৰসত জন্ম লাভ কৰিলে (তেওঁৰ মতে Poor Dad দুখীয়া
দেউতাক) আৰু আনজন তেওঁৰ অন্তৰঙ্গ বন্ধুজনৰ দেউতাক (তেওঁৰ মতে Rich Dad ধনী
দেউতাক)। কিয়ছাকিৰ দুখীয়া দেউতাকজন হ’ল পঢ়া-শুনাত অত্যন্ত চোকা, জ্ঞান পিপাসু
অধ্যাপক, কিন্তু বিত্তীয় বিষয়ত সম্পূৰ্ণ অজ্ঞ। মাহিলি দৰমহা যথেষ্ট, অথচ সদায় ধাৰত
থাকে। মৃত্যুৰ সময়তো পুত্ৰৰ বাবে থৈ গ’ল ধাৰৰ বোজা। আনজন দেউতাকে স্কুলীয়া শিক্ষা
সম্পূৰ্ণ কৰিব নোৱাৰিলে। কিন্তু বিত্তীয় জ্ঞান আছিল যথেষ্ট বেছি। সেই জ্ঞান তেওঁ স্কুলত
পঢ়া-শুনা কৰি পোৱা নাছিল, পাইছিল জীৱন-যুদ্ধৰ মাজেৰে। মৃত্যুৰ সময়ত তেওঁ থৈ গ’ল
কোটি কোটি টকাৰ সম্পত্তি। দুজন দেউতাকৰে চিন্তাধাৰা আছিল সম্পূৰ্ণ ভিন্ন। এজনে
উপদেশ দিয়ে যে ভালদৰে পঢ়া-শুনা কৰা, তেতিয়াহে ভাল চাকৰি পাবা, ভাল দৰমহা পাবা।
আনজনে কয় যিমানে পঢ়া-শুনা নকৰা কিয় বিত্তীয় জ্ঞান অৰ্জন নকৰিলে ধনী হ’ব নোৱাৰা। টকাৰ
পাছত দৌৰি লাভ নাই, এনে কাম কৰা যাৰ ফলত টকাই তোমাৰ পাছত দৌৰে।
গ্ৰন্থখনৰ
জৰিয়তে লেখকে সাধাৰণ পঢ়ুৱৈক জমা, খৰচ, সম্পদ, দায় আৰু নগদ ধনৰ প্ৰবাহৰ (Cash Flow)
বিষয়ত ভালদৰে বুজাই দিবলৈ সক্ষম হৈছে। লেখকৰ মতে বেছিভাগ মানুহৰ সম্পদ (assets)
আৰু দায় (liabilities) সম্বন্ধে সঠিক জ্ঞান নাথাকে। যিবোৰক সম্পদ বুলি ভবা যায়
সেইবোৰ দৰাচলতে দায় হে। উদাহৰণস্বৰূপে কিয়ছাকিৰ মতে সৰু ঘৰ এটাত থকা পৰিয়ালটো
চাকৰিৰ উন্নতিৰ লগে লগে যেতিয়া দৰমহা বাঢ়িবলৈ ধৰে লগে লগে আহল বহল ঘৰ এটা নিৰ্মাণ
কৰিবলৈ বা ফ্লেট এটা কিনিবলৈ আগবাঢ়ে। দৰমহা বৃদ্ধিৰ লগে লগে আয়কৰ সমানে বাঢ়ি যায়।
আয়কৰ পৰিশোধ কৰাৰ পাছত প্ৰতি মাহত বেঙ্কৰ ঋণ পৰিশোধ কৰা, তদুপৰি প্ৰতিবছৰে জিএমচি
টেক্স, ঘৰৰ মেৰামতিৰ বাবে খৰচ আদিয়ে সদায়ে খৰচৰ বাট মুকলি কৰি ৰাখে, ইয়াৰ পৰা কোনো
আয় নহয়। গতিকে নতুন ঘৰটো সম্পদ নহৈ হয়গৈ দায়। সম্পদ হ’ল যিয়ে আমাক আয় হিচাপে ধন
দিয়ে। তেনেদৰে দামী গাড়ী এখন নিজৰ বাবে কেতিয়াও সম্পদ হ’ব নোৱাৰে। গাড়ীৰ তেলৰ খৰচ,
বেঙ্কৰ সুত, প্ৰতি বছৰে ইঞ্চিউৰেঞ্চৰ টকা, গাড়ীৰ মেৰামতিৰ বাবদ দিবলগীয়া ধন আদিয়ে
মানুহৰ খৰচৰ বাট মুকলি কৰি ৰাখে। ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ঘৰৰ সামগ্ৰী কিনা অভ্যাস
হ’ল নিজৰ পকেটৰ পৰা টকা ওলাই যোৱাৰ পথ উলিয়াই দিয়া। তেওঁৰ মতে শ্বেয়াৰ বজাৰত, মিউচুৱেল
ফাণ্ডত, ৰিয়েল ইষ্টেটত, ব্যৱসায়ত ধন বিনিয়োগ আদি হ’ল সম্পদ যিয়ে আমাক ধন ওভতাই দিয়ে।
’Rich Dad Poor Dad’ গ্ৰন্থখনৰ পৰা
পাব পৰা মূল শিক্ষা হ’ল যে “বিত্তীয় সাক্ষৰতা বিত্তীয় সফলতাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ“।
তেওঁৰ মতে তথাকথিত বিদ্যালয়ৰ শিক্ষাব্যৱস্থা এই ক্ষেত্ৰত বিফল হৈছে আৰু ছাত্ৰ-ছাত্ৰীক
বিত্তীয় ব্যৱস্থাপনা আৰু সম্পদ আহৰণৰ জ্ঞান হাইস্কুল পৰ্যায়তে প্ৰদান কৰা অতিকৈ প্ৰয়োজন।
ডাঙৰ হৈ তেনে শিক্ষাৰ অভাৱতে বহু ব্যক্তি দেউলীয়া হৈ পৰে। লেখকৰ দুখীয়া দেউতাকজনৰো
তেনে অৱস্থা হৈছিল। শিক্ষাগত বহু ডিগ্ৰী প্ৰাপ্তিৰ পাছতো বিত্তীয় জ্ঞান আছিল
শূন্য। যাৰ ফলত সদায়ে ঋণত থাকিবলগীয়া হয়। লেখকৰ কেইটামান উক্তি মন কৰিবলগীয়া:
১) দৰিদ্ৰ
আৰু মধ্যবিত্ত শ্ৰেণীয়ে ধনৰ বাবে কাম কৰে। ধনীক শ্ৰেণীয়ে জমা ৰখা ধনেই ধন অৰ্জনৰ
কাম কৰে। টকা আহিব আৰু যাব, কিন্তু যদি আপোনাৰ আৰ্জিত ধনে কেনেদৰে অধিক ধন দিব
পাৰে তাক জানে, তেনেহ’লে আপুনি টকাৰে ক্ষমতাশালী হ’ব পাৰে আৰু অধিক সম্পদ আহৰন কৰিব
পাৰে।
২) আপুনি
কিমান টকা অৰ্জন কৰিলে সেইটো গুৰুত্বপূৰ্ণ নহয়, মূল কথাটো হ’ল ভৱিষ্যতলৈ আপুনি
কিমান সঞ্চয় কৰিব পাৰিলে।
৩) ধনী লোকসকলে
সম্পদ আহৰণ কৰে। দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীয়ে আহৰণ কৰে liabilities বা দায় যাক
তেওঁলোকে সম্পদ বুলি ভুলকৈ ভাবে।
৪)
মানুহৰ বিত্তীয় প্ৰতিভা ইয়াকে কয় যিয়ে এবাৰ উপাৰ্জন কৰাৰ পিছত মানুহজনে টকাখিনিৰ সৈতে
কি কৰে, কেনেদৰে আনক নিদিয়াকৈ টকাখিনি নিজৰ লগত ৰাখিব পাৰে, ইয়াক কেনেদৰে দীঘলীয়া
সময়লৈ বিনিয়োগ কৰি ৰাখিব পাৰে, আৰু আপুনি অৰ্জন কৰা ধনখিনিয়ে আপোনাক কেনেদৰে
ভৱিষ্যতে আৰু ধনী কৰিব পাৰে তাক উপলব্ধি কৰাব পাৰে।
৫)
আটাইতকৈ শক্তিশালী সম্পদ হ’ল মানুহৰ মনটো।
ভাৰতৰ
প্ৰেক্ষাপটত কিয়ছাকিয়ে কোৱা কথাখিনি সত্য নহয় বুলি বহুতে ক’ব খোজে – বিশেষকৈ ঘৰ
কিনাটো সম্পদ বুলি ভাৰতীয় লোকে সদায় ভাবে। পিছে বৰ্তমানৰ বিত্তীয় অনিশ্চয়তাৰ সময়ত
অৰ্থনীতিবিদে বিলাসী ঘৰটো আজি সম্পদ বুলি গ্ৰহণ
নকৰে। বিত্তীয় সাক্ষৰতা লাভ কৰিবলৈ এই গ্ৰন্থখন আপুনি নিশ্চয়কৈ পঢ়িব পাৰে।
(২৪ নভেম্বৰ, ২০২৪ অসমীয়া প্ৰতিদিন কাকত)
Comments
Post a Comment