মূৰ্তি পূজাৰ ইতিহাস
মানৱজাতিৰ ক্ৰমবিকাশৰ লগে লগে মানুহে যেতিয়া
চিন্তা কৰিব পৰা হ’ল, কল্পনা শক্তি বৃদ্ধি পালে তেতিয়াই অৰ্থাৎ ৬০, ৭০ হাজাৰ বছৰ আগৰ
পৰাই ঐশ্বৰিক শক্তিৰে বলৱান দেৱ-দেৱীৰ কথা মনলৈ আহে৷ সেই দেৱ-দেৱীক পূজা কৰিবলৈ কাঠ,
শিল, ধাতৱ পদাৰ্থৰে নিৰ্মিত একোটা মূৰ্তিক পূজা কৰিবলৈ আৰম্ভ কৰে৷ মূৰ্তি হৈছে কোনো
এটা দেৱ বা দেৱীৰ প্ৰতীক৷ মূৰ্তিৰ জৰিয়তে মানুহে দেৱ-দেৱীলৈ প্ৰাৰ্থনা আগবঢ়ায়৷ প্ৰাগ-ঐতিহাসিক
যুগৰ সভ্যতা যেনে ইজিপ্ত, গ্ৰীক, ৰোমান আৰু মেছোপটেমিয়া সভ্যতাত মূৰ্তি পূজাৰ প্ৰচলন
আছিল বুলি প্ৰমাণিত হৈছে৷ কিন্তু প্ৰায় ২০০০ বছৰ আগৰ পৰা সেই দেশবোৰত মূৰ্তিপূজাৰ প্ৰচলন
বন্ধ হয়৷ পৃথিৱীত এতিায়া কেৱল ভাৰতবৰ্ষ, জাপান, চীনৰ কিছু অংশত, আফ্ৰিকাৰ কেইখনমান
দেশত মূৰ্তি পূজা চলি আছে৷
১৯৫০
চনত তিব্বতত এটা পিতলৰ মূৰ্তি উদ্ধাৰ হয় যাৰ ওজন মাত্ৰ ৪৭ গ্ৰাম৷ ’কল্প বিগ্ৰহ’ নামেৰে
জনাজাত এই মূৰ্তিটো দেখিবলৈ সাইলাখ শিৱৰ দৰে আৰু The California Institute of Radiocarbon প্ৰতিষ্ঠানে নিশ্চিত কৰিছে
যে মূৰ্তিটো ২৮,৪৫০ বছৰ পুৰণি৷ অৰ্থাৎ ভাৰতত ৩০,০০০ বছৰ আগতেও মূৰ্তিক পূজা কৰিছিল৷
এই কথাটো বহুতে শুদ্ধ বুলি মানি নলয়, কিয়নো ইয়াৰ বহু হাজাৰ বছৰ পাছতহে প্ৰস্তৰ যুগ
পাৰ হৈ ব্ৰঞ্জ যুগ আৰম্ভ হৈছিল আৰু মূৰ্তিটোত পূজা কৰিছিল নে নাই সেই কথা জানিবলৈ কোনো
উপাই নাই৷ প্ৰায় পাঁচ হাজাৰ বছৰ পুৰণি হাৰাপ্পা সভ্যতাৰ খননকাৰ্যত নৃতৰতা দেৱীৰ মূৰ্তি
উদ্ধাৰ হোৱালৈ চাই অনুমান কৰিব পাৰি যে সেই সময়ত দেৱীৰ মূৰ্তিত পূজা অৰ্চনা হৈছিল৷
কিন্তু বুৰঞ্জী আৰু প্ৰত্নতত্ত্বৰ সমলবোৰ চালে তাৰ পাছত কমেও সাত, আঠ শতিকালৈ হিন্দু
ধৰ্মত মূৰ্তি পূজাৰ ব্যৱহাৰ দেখা পোৱা নাযায়৷ ৰামায়ণ, মহাভাৰত আদি হিন্দু ধৰ্মৰ মহাকাব্যসমূহত
যাগ-যজ্ঞৰ কথা আছে কিন্তু মূৰ্তি পূজাৰ উদাহৰণ বিশেষ নাই৷ ইয়াৰ বিপৰীতে বৌদ্ধ ধৰ্মীয়
লোকৰ হাতত বোদ্ধিসত্ত্বৰ সৈতে জড়িত বুদ্ধমূৰ্তি যেনে তাৰা দেৱী, শ্যাম দেৱী আদিৰ মূৰ্তি
দুহাজৰ বছৰ আগৰ পৰা দেখিবলৈ পোৱা যায়৷
প্ৰথম শতিকাৰ ৭৮ খ্ৰীষ্টাব্দত কুশান বংশৰ সম্ৰাট কনিষ্কৰ সময়ত পতা
চতুৰ্থ বৌদ্ধ মহামেলত বুদ্ধদেৱৰ নিৰাকাৰ ৰূপক সাকাৰ ৰূপ দিয়াৰ উদ্দেশ্যে বুদ্ধৰ মূৰ্তি
গঢ় দিবলৈ আৰম্ভ কৰে৷ তাৰ পাছতে বৌদ্ধ ধৰ্মত বিভাজন আহে আৰু হীনজান, বজ্ৰজান, মহাজান
আদি শাখাত বিভক্ত হৈ পৰে৷ বজ্ৰজান শাখাত ইন্দ্ৰ আৰু বজ্ৰক আগস্থান দিয়া হৈছিল আৰু এই
শাখাৰ ভক্তসকলে বহুতো দেৱ-দেৱীৰ মূৰ্তি সাজিবলৈ লয়৷ পিছলৈ বৌদ্ধ ধৰ্মৰ অৱলোকিতেশ্বৰ
ধ্যান-ধাৰণাৰ সৃষ্টি হ’ল আৰু অৱলোকিতেশ্বৰ বুদ্ধৰ সৈতে জড়িত দেৱ-দেৱতাও ভাৰতৰ বাহিৰৰ
দেশবোৰলৈ গ’ল৷ অৱলোকিতেশ্বৰ বুদ্ধৰ সৈতে জড়িত তাৰা দেৱীৰ মূৰ্তি ভাৰতৰ বহু ঠাইত পোৱা
যায়৷ পঞ্চম শতিকাত নিৰ্মিত তাৰা দেৱীৰ এটি মূৰ্তি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷ ষষ্ঠ,
সপ্তম শতিকাৰ পৰা বুদ্ধ ধৰ্মীয় লোকৰ সংখ্যা ভাৰতত কমি আহিল, হিন্দু সনাতন ধৰ্মৰ প্ৰচাৰ
বৃদ্ধি পাবলৈ ধৰে৷ তাৰ লগে লগে হিন্দু ধৰ্মত মূৰ্তি পূজাৰ প্ৰচাৰ আৰম্ভ হয়৷ সেয়েহে
হিন্দু ধৰ্মৰ পুৰণি দেৱ-দেৱতাৰ মূৰ্তি যিমান উদ্ধাৰ হৈছে সেই সকলোবোৰ নৱম শতিকা বা
তাৰ পাছৰ৷ চতুৰ্থ শতিকাত ভাৰতলৈ অহা পৰিব্ৰাজক ফাহিয়ান, পঞ্চম শতিকাত অহা হিউৱেন চাঙৰ
লিখনিত বুদ্ধ ধৰ্মৰ মূৰ্তি পূজাৰ বিষয়ে পোৱা যায়, কিন্তু হিন্দু ধৰ্মৰ মূৰ্তি পূজাৰ
বিষয়ে উল্লেখ নাই৷ সেয়েহে হয়তো এতিয়ালৈ আৱিষ্কাৰ হোৱা প্ৰাচীন আৰু ঐতিহাসিক মূৰ্তিসমূহৰ
ভিতৰত কাশ্মীৰ আৰু নেপালত পোৱা চাৰিখন মুখেৰে বৈকুণ্ঠ চতুৰ্মূৰ্তি হৈছে সকলোতকৈ প্ৰাচীন
যি নৱম শতিকাত নিৰ্মিত৷ ভগৱান বিষ্ণুৰ চাৰি অৱতাৰৰ প্ৰকাশ হৈছে এই বিষ্ণু মূৰ্তি৷ বহু
পণ্ডিতে ক’ব খোজে যে হিন্দু ধৰ্মৰ মূৰ্তি পূজাৰ প্ৰচলন বৌদ্ধ ধৰ্মৰ পৰা অহা৷
হিন্দু ধৰ্মত মূৰ্তি পূজাৰ আগমন ঘটে সপ্তম/অষ্টম শতিকা মানৰ পৰা৷
সেয়েহে এইটো সহজে অনুমান কৰিব পাৰি যে দুৰ্গা পূজাৰ প্ৰচলন ভাৰতত আৰম্ভ হৈছে অষ্টম
শতিকাৰ পাছত৷ মাধৱ কন্দলী ৰামায়ণত ৰামে শৰৎ কালত পতা দুৰ্গা পূজাৰ উল্লেখ নাই যদিও
কাশীদাসী ৰামায়ণত দুৰ্গা পূজাৰ উল্লেখ আছে৷ কিন্তু দুৰ্গা দেৱীৰ মূৰ্তি সাজি পূজা কৰাৰ
কথা ইয়াতো নাই৷ পুৰাণত ঋষি-মুনিসকল, দেৱতাসকলে অসুৰ নিধনৰ বাবে দেৱী পূজা কৰাৰ কথা
উল্লেখ আছে যদিও মূৰ্তি পূজাৰ উল্লেখ পোৱা নাযায়৷ ঋগবেদৰ এটা শ্লোক – “দ্যৌৰ্মে পিতা
জনিতা/ নাভিৰত্ৰ বন্ধুৰ্থে/ মাতা পৃথিৱী মহিয়ম্৷৷“ অৰ্থাৎ স্বৰ্গ হ’ল মোৰ জন্মদাতা
পিতৃ, যজ্ঞৰ নাভিস্থল অৰ্থাৎ যজ্ঞস্থলী মোৰ বন্ধু আৰু এই বিশাল পৃথিৱী মোৰ আই৷ ঋগবেদত
বন্দিত আন কেইগৰাকী দেৱী হ’ল ঊষা, অদিতি আৰু সৰস্বতী৷ (ড° দিলীপ কুমাৰ শৰ্মা)৷
ইতিহাসৰ পাত লুটিয়ালে পোৱা যায় যে পোন্ধৰ শতিকাৰ পৰা বংগত দুৰ্গা
পূজাৰ প্ৰচলন আৰম্ভ হয়৷ দিনাজপুৰ আৰু মাল্দাৰ জমিদাৰসকলৰ উদ্যোগত এই পূজা আৰম্ভ হৈছিল৷
তাহিতপুৰৰ ৰজা কংসনাৰায়ণৰ দিনত শৰৎ কালত শাৰদীয় দুৰ্গা পূজা আৰম্ভ কৰিছিল দুৰ্গা দেৱীৰ
মূৰ্তি প্ৰতিষ্ঠা কৰি৷ সেয়াই আছিল শাৰদীয় দুৰ্গা পূজাৰ আৰম্ভণি৷ ৰজাৰ পৃষ্ঠপোষকতাৰ
বাহিৰত সমূহীয়াভাৱে শাৰদীয় দুৰ্গা পূজা পালন কৰিছিল ১৭৯০ চনত হুগলিত বাৰজন বন্ধুৰ প্ৰচেষ্টাত৷
ব্ৰিটিছে বেঙ্গল অধিকাৰ কৰাৰ পাছত ওঠৰ শতিকাৰ পৰা সমগ্ৰ বেঙ্গলত দুৰ্গা পূজাই প্ৰসাৰ
লাভ কৰে৷ আনকি উনৈশ শতিকাত ব্ৰিটিছ শাসকে কলিকতাত পতা দুৰ্গা পূজা চাবলৈ অহা প্ৰমাণ
পোৱা যায়৷ ব্ৰিটিছে ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ হোৱাৰ লগে লগে বহুতো বঙালী
লোক দিল্লীত থাকিবলৈ লয়৷ ১৯১০ চনত প্ৰথমবাৰৰ বাবে দিল্লীত দুৰ্গা পূজা পতা হয়৷
আহোমৰ ৰাজত্বৰ কালত ৰজাৰ পৃষ্ঠপোষকতাত ষোল, সোতৰ শতিকাৰ পৰা অসমত
দুৰ্গা পূজা পালন কৰা হৈছিল বুলি অনুমান কৰা হয়৷ গৌৰিপুৰৰ ৰজা প্ৰতাপ চন্দ্ৰ বৰুৱাৰ
অধীনত ৰাজবাৰীত ১৮৫০ চনৰ পৰা দহ দিনীয়াকৈ দুৰ্গা পূজা জাকজমকতাৰে পালন কৰা হৈছিল৷ নলবাৰীৰ
পৰা ১৪ কিলোমিটাৰ দূৰত অৱস্থিত অসমৰ অতি পুৰণি মন্দিৰ হ’ল বিল্লেশ্বৰ দেয়ালয়৷ এই মন্দিৰত
কেতোয়াৰ পৰা দুৰ্গা পূজা পালন কৰিবলৈ ল’লে তাৰ সঠিক তথ্য পোৱা নাযায়৷ এই দেৱালয়ৰ বিশেষত্ব
এয়ে যে ইয়াৰ দুৰ্গা পূজাৰ দেৱী মৃণ্ময় মূৰ্তি
নহয়। এডাল কলগছৰ কাণ্ড অংশক সুশোভিত বস্ত্ৰ, আ-অলংকাৰেৰে সজাই দেৱী মূৰ্তিৰূপে পূজা-অৰ্চনা
কৰা হয়। উনৈশ শতিকাৰ পৰা অসমৰ জনসাধাৰণে সমূহীয়াভাৱে দুৰ্গা পূজা পাতিবলৈ লয়৷ অক্টোবৰ,
১৮৪৬ সংখ্যাৰ অৰুণোদই আলোচনীত এনেদৰে উল্লেখ আছে যে আহোম ৰজা পুৰন্দৰ সিংহৰ মৃত্যুৰ
খবৰ পাই ফুকন বৰবৰুৱাই দুৰ্গা পূজাৰ আড়ম্বৰৰ পৰা ওলাই আহি মৃতকৰ সৎকাৰৰ বাবে ৰাওনা
হয়৷ (ড° প্ৰশান্ত
চক্ৰৱৰ্তী)
ষোল শতিকাত বেঙ্গলত পালন কৰিবলৈ লোৱা শাৰদীয় দুৰ্গা পূজা বিংশ শতিকাতে
ভাৰতৰ চুকে কোণে সোমাই পৰে আৰু আমাৰ দেশত ধৰ্ম নিৰ্বিশেষে জাকজমকতাৰে পালন কৰা উল্লেখযোগ্য
উৎসৱ ৰূপে পৰিগণিত হয়৷
(১১ অক্টোবৰ, ২০২৪ অসমীয়া প্ৰতিদিন)
Comments
Post a Comment