চিত্তৰঞ্জন পাঠকৰ ৰহস্যধৰ্মী উপন্যাস ‘হাতীৰ পিঠিত কোন তাই’


ল’ৰালি কালতে পঢ়া মনত পৰে ৰবাৰ্ট লুই ষ্টিভেনচনৰ ‘ট্ৰেজাৰ আইলেণ্ড’ নামৰ উপন্যাসখন। পঢ়িবলৈ আৰম্ভ কৰাৰ পৰা শেষলৈ উৎকণ্ঠাৰে ভৰা সময়খিনি নাযায় নুপুৱায় যেন লাগে . কিবা কৈ শেষ কৰিব পাৰিলেহে শান্তি। খোৱা-শোৱা বাদ দি পঢ়িব পৰা আন এখন অসমীয়া উপন্যাস হ’ল কাঞ্চন বৰুৱাৰ ‘অসীমত যাৰ হেৰাল সীমা’। আজিও কিতাপখন হাতত পালে একে দিনাই একেই আগ্ৰহেৰে পঢ়ি শেষ কৰি পেলাম হয়তো। তেনে এখন ৰহস্যধৰ্মী উপন্যাস হ’ল চিত্তৰঞ্জন পাঠকৰ ‘হাতীৰ পিঠিত কোন তাই’। এবাৰ পঢ়া আৰম্ভ কৰাৰ পাছত কিতাপখন পঢ়ি শেষ নকৰালৈকে শান্তি পোৱা নাছিলোঁ। বিংশ শতিকাৰ আৰম্ভণিৰ পশ্চিম অসমৰ অৰণ্যৰ মাজত ঘটা এটি ৰহস্যময়ী ঘটনা। উপন্যাসখন পঢ়ি গৈ থাকিলে সেই ৰহস্য অধিক ঘনীভূত হৈ পৰে। শেষত সেই ৰহস্যৰ পৰিসমাপ্তি ঘটে গ্ৰন্থখনৰ একেবাৰে শেষৰ অধ্যায়টোত।

 

ৰাসায়নিক বিভাগৰ স্নাতক ডিগ্ৰী ধাৰী চিত্তৰঞ্জন পাঠক পেচাত এজন অভিযন্তা হ’লেও, অসমৰ অৰণ্য আৰু বন-বননিত বিচৰণ কৰি ফুৰাটো তেওঁৰ নিচা। সৰুতে আইতাকৰ পৰা নানা চৰাই চিৰিকতিৰ অসমীয়া নামবোৰৰ সৈতে পৰিচয় হোৱা শ্ৰী পাঠক হৈছে পক্ষী-নিৰীক্ষণৰ প্ৰতি অতিকে আগ্ৰহী আৰু দেশ-বিদেশৰ অনেক চৰাইৰ বিষয়ে থকা এক তথ্যৰ ভড়াল। সাহিত্যৰ প্ৰতি থকা তেখেতৰ ধাউতিৰ উমান পাইছিল ককাদেউতাক সাহিত্যচাৰ্য্য অতুলচন্দ্ৰ হাজৰিকাৰ তপোবনত কটোৱা ল’ৰালিৰ সেই দিনবোৰতেই। আঢ়ৈ দশক ধৰি প্ৰবাসী হিচাপে নানা দেশৰ বহুজাতিক কোম্পানীত কাম কৰি বৰ্তমান অষ্ট্ৰেলিয়াৰ পাৰ্থত আন্ত: ৰাষ্ট্ৰীয় শক্তি কোম্পানী Chevron ত জ্যেষ্ঠ কাৰিকৰী উপদেষ্টা হিচাপে কৰ্মৰত চিত্তৰঞ্জন পাঠকৰ প্ৰথম উপন্যাস ‘The Elephant Girl’ দেশে বিদেশে ইতিমধ্যে সমাদৃত হৈছে। তেখেতৰ দ্বিতীয়খন ইংৰাজী ভাষাৰ উপন্যাস প্ৰকাশৰ পথত। পশ্চাদপদ অঞ্চলৰ বাস্তৱ আৰু কিংবদন্তি কাহিনীৰ আৰ লৈ লেখা ‘হাতীৰ পঠিত কোন তাই’ চিত্তৰঞ্জন পাঠকৰ প্ৰথমখন অসমীয়া ভাষাত লিখা উপন্যাস।

 

উপন্যাসখনৰ পটভূমি হৈছে ৰিপু ৰিজাৰ্ভ ফৰেষ্ট (কিছুবছৰ আগতে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান নামেৰে নামকৰণ কৰিছে ভাৰত চৰকাৰে) ৰ বিস্তীৰ্ণ অঞ্চল বিশেষকৈ কছুগাঁও আৰু সোণকোষ নদীৰ পাৰ। বিংশ শতিকাৰ প্ৰথম তিনিটা দশকৰ এই কাহিনীৰ মূল উৎস হৈছে অৰণ্যৰ এটি মুখৰোচক সাধু আৰু অৰণ্যৰ পৰা কাঠৰ কুণ্ডা সংগ্ৰহ কৰিবলৈ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত স্থাপন কৰা এখন সৰু ৰেইলগাড়ী – ব্ৰিটিছে ইয়াৰ নাম থৈছিল গোৱালপাৰা ফৰেষ্ট ট্ৰামৱে। বনৰীয়া হাতীৰ জাকৰ আগত এগৰাকী দীপ-লিপ গাভৰুৱে হাতীৰ পিঠিত উঠি ঘূৰি ফুৰা বুলি সেই সময়ত বহুতে বিশ্বাস কৰিছিল। যিজনে গাভৰু গৰাকীক দেখে সেইজনৰ গাত দেও লম্ভে আৰু কম দিনৰ ভিতৰতে মৃত্যু মুখত পৰিবলগীয়া হয়। সেয়া আছিল মানুহৰ মুখে মুখে বাগৰা এক জনশ্ৰুতি। সেই জনশ্ৰুতিয়ে চিত্তৰঞ্জন পাঠকৰ মনত জন্ম দিছিল এক ৰহস্যঘন কাহিনীৰ। পশ্চিম বিহাৰৰ ব্ৰিটিছৰ অধীনৰ ৰাজ্য এখনৰ যুৱৰাজ ৰাজ নাৰায়ণে অৰণ্যৰ মাজত অৱস্থিত কছুগাঁৱত ভৰি দিলে হাতীৰ জাক লৈ ঘূৰি ফুৰা সেই গাভৰুজনীক বিচাৰি। এফালে ৰাজপ্ৰসাদত অন্ত: সত্তা ৰাজকুমাৰৰ সুন্দৰী পত্নী, আনফালে ৰাজকুমাৰ ৰাজ নাৰায়ণৰ টোপনি হৰণ কৰা ৰায়মনাৰ নিশাৰ নিৰ্জনতাত ঘূৰি ফুৰা যৌৱন চঞ্চলা গাভৰু। ইপিনে ৰাজপৰিয়ালৰ ৰজাৰ সৈতে আন এজন ৰাজকুমাৰৰ হত্যা আনহাতে ৰাজ অভিষেকৰ বাবে অপেক্ষাৰত যুৱৰাজক হত্যাৰ বাবে কৰা এক ভয়ংকৰ ষড়যন্ত্ৰ। ইপিনে ৰজাৰ মৃত্যু শোকত ম্ৰিয়মাণ ৰাজকুমাৰ আনপিনে ৰুগীয়া গৰ্ভৱতী পত্নীৰ স্বাস্থ্যৰ পুনৰুদ্ধাৰত নিয়োজিত যুৱৰাজ। তাৰ মাজতে লেখকৰ কল্পনাত দেখা দিয়া চাওঁতালবাৰী য’ত এটা জনগোষ্ঠীয়ে আদিম মানৱৰ দৰে জীৱন-যাপন কৰিছে সভ্যতাৰ বহু নিলগত থাকি। সেই জনগোষ্ঠীৰ মাজত ৰাজকুমাৰ ৰাজনাৰায়ণে সোমবলগীয়াত পৰে সেই চঞ্চলা-চপলা গাভৰুক বিচাৰি। শেষত ওলাই পৰে যে সেই গাভৰুগৰাকী ৰাজকুমাৰৰ মাহীমাকৰ অবৈধ্য সন্তান, সম্বন্ধত তেওঁৰ ভনী।

 

উপন্যাসখনে কেইবাটাও কাৰণত অসমৰ সাহিত্য জগতত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিব। শ্ৰী পাঠকে ইমান সুন্দৰকৈ এটা শতিকাৰ আগৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্ণনা কৰিছে যে পাঠকৰ চকুৰ আগত সেই ছবি ভাহি উঠিব। লগতে সেই তেতিয়াই অৰণ্যৰ যি ধ্বংস যজ্ঞ আৰম্ভ হ’ল সেই ধ্বংস যজ্ঞই বড়ো আন্দোলনৰ সময়ত টুংগত উঠে আৰু আজি তাৰ একেবাৰে অলপমান গছ-গছনি আৰু জীৱ-জন্তু বাচি আছে। উপন্যাসখন পঢ়িলেই এটা শতিকাৰ আগৰ ৰায়মনা অভয়াৰণ্যক জীৱন্ত ৰূপত আজি দেখিবলৈ পোৱা যাব। বিশ্ব সাহিত্যত ইক’ ক্ৰিটিচিজমে আজি বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। বিশ্বই পাৰিপাৰ্শ্বিক ভাৰসম্য হৰুৱাৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে ই অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে গ্ৰহণ কৰা হৈছে। ইক’ ক্ৰিটিচিজমৰ প্ৰেক্ষাপটত অসমীয়া সাহিত্য বিষয়ত গৱেষণা কৰিবলৈ এই উপন্যাসখন প্ৰথমেই মনলৈ আহিব। অৰণ্যৰ বাহিৰেও উপন্যাসখনত দেখুওৱা শ্ৰেণী বিভাজন – সেইসময়ত অবিভক্ত গোৱালপাৰা জিলা, বংগদেশ আৰু বিহাৰত দেখিবলৈ পোৱা ৰাজপৰিয়ালৰ আভিজাত্য আৰু ৰাজপৰিয়ালৰ লগতে থকা লগুৱা-লিকচৌৰ আৰু অৰণ্যৰ ভিতৰত চাওঁতালসকলৰ জীৱন সংগ্ৰাম। এই নিপিড়িত শ্ৰেণীৰ মানুহৰ সংগ্ৰাম যেন যুগে যুগে আমাৰ মাজত চলি আছে, তাক নিৰাময়ৰ বাবে যিমানেই চেষ্টা কৰা নাযায় কিয়। তাৰ মাজতো ৰাজকুমাৰ ৰাজ নাৰায়ণৰ দৰে এনে এজন ৰাজপৰিয়ালৰ সদস্য থাকে যিয়ে ইতিহাস সৃষ্টি কৰে নিজৰ সাম্যবাদী ধ্যান-ধাৰণাৰে। ৰাজপৰিয়ালৰ ভিতৰচৰাত চলি থকা যৌন কেলেঙ্কাৰী লগতে ব্ৰিটিছৰ উচ্চ পৰ্যায়ৰ বিষয়া এজনৰ মাজত দেখা পোৱা নাৰীৰ প্ৰতি অত্যধিক আসক্তিয়ে উদঙাই দিছে তথাকথিত আভিজাত্য সমাজৰ নগ্ন ছবি। ৰাজপৰিয়ালৰ ভিতৰত থকা হিংসা, ঈৰ্ষা, ষড়যন্ত্ৰ আৰু তাৰ বিপৰীতে মৰম, ভালপোৱাৰ বিচিত্ৰ ছবি দৃশ্যমান হয় উপন্যাসখনত। উপন্যাসৰ এটা চৰিত্ৰ হ’ল ব্ৰিটিছৰ এগৰাকী বিষয়া ব্ৰাউন চাহাব আৰু পাৰ্বতীপুৰৰ ৰাজাচাহেব। দেখাত যিমান কঠোৰ অন্তৰ সিমানেই কোমল। বিচিত্ৰ স্বভাৱেৰে গঢ়া উপন্যাসৰ এটা ভিন্ন ধৰ্মী চৰিত্ৰ হ’ল ৰাজকুমাৰ ৰাজ নাৰায়ণৰ ভাতৃ প্ৰাণ নাৰায়ণ, উপন্যাসৰ শেষাৰ্ধতহে ওলাই পৰে গোটেই কাহিনীটোৰ মূল ষড়যন্ত্ৰকাৰী হিচাপে।

 

উপন্যাসখন লিখাৰ আগতে লেখকে যে বংগ আৰু অসমৰ সমগ্ৰ অৰণ্য ঘূৰি যথেষ্ট সমল গোটাবলগীয়া হৈছিল সেই কথা গ্ৰন্থখন পঢ়িলেই ওলাই পৰে। হাতীধৰা মানুহ, চাওঁতালবাৰীৰ মানুহৰ, ৰাজপৰিয়ালৰ লগতে লগুৱা-লিকচৌৰ জীৱন বিচিত্ৰতা কেৱল অধ্যয়নৰ মাজেৰে পোৱা নাযায়। সেয়া জানিব পাৰে সেই অঞ্চলসমূহ ভ্ৰমণৰ যোগেদিহে। লেখকৰ কেইবা বছৰজোৰা সেই কষ্টৰ ফচল এই ‘হাতীৰ পিঠিত কোন তাই’ উপন্যাসখন। উপন্যাসখন পঢ়িলে পাঠকে দেখিবলৈ পাব অসম, বংগত বিংশ শতিকাৰ প্ৰথম তিনিটা দশকৰ আৰ্থ-সামাজিক ছবিখন । পাঠকে পঠনৰ মাজেৰে জানিব পাৰিব হাতী চিকাৰ কৰাৰ কৌশল, অৰণ্যৰ মাজত চলা দুৰ্ণীতি, অবিচাৰ, বৰ্ণ বৈষম্য, কুমাৰী পূজা, নৰহত্যাৰ দৰে অন্ধবিশ্বাস, ৰায়মনাৰ গভীৰ অৰণ্যত থকা জীৱ-বৈচিত্ৰ্য ইত্যাদি।

 

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণহৈ ২৫ টাকৈ বছৰ বিদেশত কৰ্মৰত চিত্তৰঞ্জন পাঠকে শিপাৰ সান্নিধ্যৰ পৰা কেতিয়াও আঁতৰি থকা নাছিল। প্ৰতি বছৰে অষ্ট্ৰেলিয়াৰ পৰা অসমলৈ আহি জীৱ-বৈচিত্ৰ্যৰে পূৰ্ণ অৰণ্যসমূহ ভ্ৰমণ কৰা শ্ৰী পাঠকৰ অৰণ্যপ্ৰীতি শলাগিবলগীয়া। তেখেতৰ ‘হাতীৰ পিঠিত কোন তাই’ অসমীয়া সাহিত্য জগতত এক নতুন সংযোজন। ভৱিষ্যতলৈ তেখেতৰ পৰা আমি ইয়াতকৈও সুন্দৰ উপন্যাস আশা কৰিব পাৰোঁ।

 

গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে পাঞ্চজন্য বুক্ছ নামৰ প্ৰকাশন গোষ্ঠীয়ে। গ্ৰন্থখন পাণবজাৰৰ কিতাপৰ দোকান ‘বান্ধৱ’, ‘বৰ্ণ’ আৰু অনলাইন মাধ্যমৰ যোগেদি আমাজোনত উপলব্ধ। 

(২৬ ম’, ২০২৪ অসমীয়া খবৰ)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা