বিশ্বৰ স্বাস্থ্যখণ্ডত যুগান্তকাৰী প্ৰযুক্তিৰ সংযোজন - ইলেক্ট্ৰ’চিউটিকেলচ
প্ৰযুক্তিৰ ন ন আবিস্কাৰে চিকিৎসাক্ষেত্ৰত বিশেষ অৰিহনা যোগাবলৈ সক্ষম হৈছে ৷ ৰোগ নিৰ্ণয়ৰ বাবে প্ৰয়োজন হোৱা পৰীক্ষাগাৰ সমূহ, ৰোগ নিৰাময়ৰ চিকিৎসা পদ্ধতি, ৰবটিক অস্ত্ৰোপচাৰ, লাইফ চাপোৰ্ট আদি চিকিৎসাৰ প্ৰতিটো বিভাগতে বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰিক প্ৰয়োগ অপৰিসীম ৷ প্ৰযুক্তি অবিহনে আজি চিকিৎসা বিভাগ স্থবিৰ হৈ পৰিব ৷ নতুন প্ৰযুক্তি সংযোজনৰ বাবে বিশ্বৰ বিভিন্ন গৱেষণাগাৰত অহৰহ গৱেষণা চলি আছে ৷ হাজাৰ হাজাৰ বিজ্ঞানী, প্ৰযুক্তিবিদৰ আশাশুধীয়া প্ৰচেষ্টাৰ অন্তত চিকিৎসাখণ্ডত নতুন প্ৰযুক্তিৰ প্ৰয়োগ হ’বলৈ ধৰছে ৷ শেহতীয়াকৈ চিকিৎসাখণ্ডত নতুনকৈ সংযোজন হোৱা এক প্ৰযুক্তিৰ নাম হৈছে ইলেক্ট্ৰ’চিউটিকেল (Electroceuticals )৷
বেমাৰ
হ’লে ডাক্তৰে আমাক ঔষধ খাবলৈ দিয়ে ৷ কিছুমান বেমাৰ ঔষধেৰে ভাল নহয়, অস্ত্ৰোপচাৰ কৰি
ৰোগ নিৰাময় কৰিব লাগে ৷ কিন্তু প্ৰতিটো ঔষধ
বা অস্ত্ৰোপচাৰৰ এক পাৰ্শ্বক্ৰিয়া থাকে ৷ কাৰণ এই ঔষধৰ প্ৰভাৱ দেহৰ যিটো অংশত ৰোগে
আক্ৰমণ কৰিছে সেই স্থানতে নাথাকে অন্যান্য অংশলৈ যায়, যিয়ে দেহৰ আন অংশত ক্ষতিসাধণ
কৰাৰ সম্ভাৱণা থাকে ৷ পাৰ্শ্বক্ৰিয়া কিছুমান ঔষধৰ বেছি, কিছুমানৰ একেবাৰে নগন্য ৷ আমাৰ
মগজুত থকা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই আমাৰ দেহৰ প্ৰতিটো অংগ আৰু প্ৰতিটো কাৰ্য নিয়ন্ত্ৰণ
কৰে ৷ আমাৰ মগজুত থকা নিউৰণবোৰে দেহৰ বিভিন্ন
অংগলৈ বৈদ্যুতিক সংকেত প্ৰেৰণ কৰে ৷ তেনেদৰে ইন্দ্ৰিয় সমূহৰ পৰা বাহ্যিক সংবেদন অন্তৰ্মুখী
স্নায়ুৰ দ্বাৰা মস্তিষ্কলৈ পঠিয়াই দিয়ে ৷ এনে
এটা চিকিৎসা ব্যৱস্থাৰ কথা আমি ভাবিব পাৰো যিয়ে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা বাহিৰ
হোৱা বৈদ্যুতিক সংকেতক নিয়ন্ত্ৰণ কৰিব পাৰিব ৷ তেনেধৰণৰ চিকিৎসা ব্যৱস্থাই হৈছে ইলেক্ট্ৰ’চিউটিকেল
৷ ইয়াৰ প্ৰয়োগেৰে চিকিৎসকে ঔষধ প্ৰয়োগ বা অস্ত্ৰোপচাৰৰ দৰে জটিল প্ৰক্ৰিয়া ব্যৱহাৰ
কৰাৰ পৰিৱৰ্তে, ব্যক্তিজনৰ স্নায়ুতন্তু বা মগজুৰ নিৰ্দিষ্ট স্নায়ু ফাইবাৰক লক্ষ্য
হিচাপে লৈ তাৰ নিৰাময়ৰ ব্যৱস্থা কৰে ৷ আন অৰ্থত বৈদ্যুতিক সংকেতসমূহৰ বিজুতি ঘটিলে
ইলেক্ট্ৰ’চিউটিকেলৰ সহায়ত ইয়াৰ নিৰাময়ৰ যোগেৰে নিৰ্দিষ্ট ৰোগৰ পৰা মুক্তি পাব পৰা যাব
৷ এনেদৰেই ইলেক্ট্ৰ’চিউটিকেলচে দেহৰ শাৰীৰিক কাৰ্যকলাপ যেনে খাদ্য গ্ৰহণ, হৃদযন্ত্ৰ, অগ্ন্যাশয়, যকৃত, বৃক্ক
বা প্লীহাৰ কাৰ্যকলাপ চিকিৎসকে নিয়ন্ত্ৰণ কৰিব পাৰিব। ইয়াৰ সহায়ত আনকি ইনফ্লেমেচন
নিয়ন্ত্ৰণ কৰিব পাৰে আৰু বহুমূত্ৰ ৰোগ , মেদবহুলতা, উচ্চ ৰক্তচাপ, হৃদযন্ত্ৰৰ বিফলতা,
চেৰেব্ৰো-ভাস্কুলাৰ আৰু পালমোনাৰী ৰোগৰ দৰে বহুতো ৰোগ সঠিকভাৱে নিয়ন্ত্ৰণলৈ আনিব পাৰে। আশাকৰা গৈছে যে অনাগত দুটা দশকত ইলেক্ট্ৰিচিউটিকেলচে
চিকিৎসা ব্যৱস্থাত এক মূখ্য ভূমিকা ল’ব ৷ বিশ্বৰ ২০০ কোটি জনসাধাৰণে এই চিকিৎসা পদ্ধতিৰে
বহুদিনীয়া জটিল ৰোগৰ পৰা পৰিত্ৰাণ পাব ৷
ইলেক্ট্ৰ’চিউটিকেলচৰ
চিকিৎসাৰ মূল লক্ষ্য হ’ল মগজুৰ নিউৰণ বৰ্তনী ৷ গতিকে এনে চিকিৎসাৰ বাবে কৰিবলগীয়া প্ৰথম
কাম হ’ল নিউৰণ বৰ্তনীৰ পৰা ওলোৱা বৈদ্যুতিক সংকেতৰ মেপিঙ কৰা ৷ যিবোৰ বৈদ্যুতিক সংকেতে
ভাল দৰে কাম কৰা নাই সেই সংকেত সৃষ্টি হোৱা উৎস বিচৰা আৰু তাৰ নিৰাময়ৰ বাবে প্ৰচেষ্টা
হাতত লোৱা ৷ বিসংগতি থকা বৈদ্যুতিক সংকেত সঠিক ৰূপত পাবলৈ উন্নত প্ৰযুক্তিৰে তৈয়াৰ কৰা বিশেষ ধৰণৰ আহিলা যাক
কোৱা হয় ইলেক্ট্ৰ’চিউটিকেলচ ডিভাইছ মানুহৰ
দেহত সুমুৱাই দিয়া হয় ৷ এই আহিলাই বৈদ্যুতিক সংকেতৰ ওপৰত ক্ৰিয়া কৰি সঠিক সংকেত দেহৰ
বিভিন্ন অংগলৈ পঠিয়াব পাৰে ৷ এই আহিলাসমূহত ক্ষুদ্ৰতম ইলেকট্ৰনিক চিপ্চ ব্যৱহাৰ
হয় ৷ এই চিপ্চৰ বাবে প্ৰয়োজন হোৱা শক্তি বিদ্যুৎচুম্বকীয় তৰংগৰ পৰা, কেতিয়াবা যান্ত্ৰিক শক্তি অথবা ৰাসায়নিক শক্তিৰ দ্বাৰা
পাব পৰা
যায় ৷ ইলেকট্ৰনিক আহিলাবিধৰ পৰা ওলোৱা সংকেত বঢ়া-টুটা কৰিবলৈ এটা ভলিউম কণ্ট্ৰল থাকে,
বাহিৰৰ পৰাই ব্যক্তিজনৰ শাৰীৰিক অৱস্থা চাই নিয়ন্ত্ৰণ কৰিব পৰা যায় ৷
ইলেক্ট্ৰ’চিউটিকেলচৰ
এটা উদাহৰণ হ’ল পেচমেকাৰ ৷ মানৱ দেহত হৃদযন্ত্ৰই সংকোচন-প্ৰসাৰণৰ বাবে হৃদযন্ত্ৰৰ সোঁফালে
থকা মাংসপেশীয়ে প্ৰাকৃতিক ভাৱে পেচমেকাৰৰ কাম কৰি নিয়মিত হাৰত বৈদ্যুতিক সংকেত সৃষ্টি
কৰে ৷ ইয়াৰ সহায়ত মিনিটত ৭২ বাৰ হৃদযন্ত্ৰৰ সংকোচন-প্ৰসাৰণ হয় ৷ প্ৰাকৃতিকভাৱে উৎপন্ন
এই বৈদ্যুতিক সংকেতত ব্যাঘাত জন্মিলে কৃত্ৰিমভাৱে এটা পেচমেকাৰ মানৱ দেহত বহুৱাব লাগে
যিয়ে প্ৰয়োজনীয় বৈদ্যুতিক সংকেত সৃষ্টি কৰিব পাৰে ৷ এই ব্যৱস্থাই হ’ল এক প্ৰকাৰ ইলেক্ট্ৰ’চিউটিকেলচ
৷ হৃদযন্ত্ৰৰ সংকোচন-প্ৰসাৰণ স্বাভাৱিক ভাৱে হ’বলৈ ইয়াত কোনো ঔষধ প্ৰয়োগ কৰা নহয় আৰু
অস্ত্ৰোপচাৰ কৰা নহয় ৷ কেৱল পেচমেকাৰটো দেহত সুমুৱাই দিবলৈ সৰুকৈ অস্ত্ৰোপচাৰ কৰিব
লাগে ৷
আমাৰ
মেৰুদণ্ডৰ মাজত থকা মেৰুৰজ্জুৰ বিসংগতিৰ বাবে বহুতো লোকে পিঠিৰ বিষত ভোগে ৷ বহুতে অস্ত্ৰোপচাৰ
কৰিবলগীয়া হয় ৷ নাৰ্ভো নামৰ ব্যক্তিগত প্ৰতিষ্ঠান এটাই এনে এবিধ ইলেক্ট্ৰনিক আহিলা
আৱিস্কাৰ কৰিছে যাৰ সহায়ত মেৰুৰজ্জুৰ স্নায়ুক বৈদ্যুতিক সংকেতৰ সহায়ত নতুনকৈ কৰ্মঠ
কৰি তুলিব পাৰি ৷ অস্ত্ৰোপচাৰ নকৰাকৈ পিঠিৰ বিষৰ ৰোগ নিৰাময় কৰিব পৰা যায় ৷ ইয়াৰ বাবে
পিঠিৰ পিনে সৰু ইলেক্ট্ৰনিক আহিলা এবিধ সুমুৱাই দিব লাগিব ৷ সেই আহিলাবিধে দিনে-নিশাই
কাম কৰি থাকিবলৈ এটা বেটাৰিৰ প্ৰয়োজন হয় ৷ কিছু বছৰৰ মূৰে মূৰে বেটাৰি সলনি কৰিব লাগে
৷ অট’ ইমিউনৰ বাবে মানুহৰ দেহত বিভিন্ন ৰোগে দেখা দিয়ে ৷ তেনে ৰোগসমূহৰ ভিতৰত আছে হাড়ৰ গাঠিত হোৱা বাতবিষ, চৰিয়ছিছ, স্ক্লেৰছিছ আদি ৷
দেহৰ ৰোগ প্ৰতিৰোধক ব্যৱস্থা বৃদ্ধি পালে নিজৰ দেহৰ হাড়ৰ গাঠিৰ সুস্থ কোষবোৰত আক্ৰমণ
কৰিবলৈ লয় ৷ তাৰ ফলত বিষ অনুভৱ হ’বলৈ ধৰে, খোজ কাঢ়িবলৈ অসুবিধা হয় ৷ এই সকলোবিধ ৰোগৰ
লগত সংযুক্ত হৈ আছে ভেগাছ স্নায়ু ৷ এই ভেগাছ স্নায়ুক ষ্টিমুলেট কৰি এই ৰোগৰ পৰা পৰিত্ৰাণ
পাব পৰা যাব ৷ ছেটপইণ্ট নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানে মেৰুৰজ্জুৰ স্নায়ু ষ্টিমুলেচনৰ
বাবে ইলেক্ট্ৰ’চিউটিকেলচ আহিলা প্ৰস্তুত কৰি উলিয়াইছে ৷ এনেধৰণৰ বিভিন্ন ডিভাইচৰ পৰীক্ষা
চলি আছে ৷ মানুহৰ ওপৰত তাৰ প্ৰয়োগ আৰু ইয়াৰ সম্ভাৱ্য ফলাফলৰ বিষয়ত গৱেষণা চলাই থকা
হৈছে ৷ সেই ডিভাইচ সমূহ ৰোগৰ নিৰাময়ৰ বাবে উপলব্ধ হ’বলৈ কিছুবছৰ অপেক্ষা কৰিব লাগিব
৷
দেশ-বিদেশৰ
ঔষধ নিৰ্মাতা প্ৰতিষ্ঠান সমূহে ইলেক্ট্ৰ’চিউটিকেলচৰ প্ৰয়োগৰ ওপৰত গৱেষণা কৰিবলৈ বিশেষ
আগ্ৰহী হৈ উঠা দেখা নাযায় ৷ ইয়াৰ এটা কাৰণ হ’ল যে ইলেক্ট্ৰ’চিউটিকেলচ ডিভাইচৰ জৰিয়তে
ৰোগ নিৰাময় হ’লে প্ৰতিদিনে ঔষধ সেৱন কৰাৰ প্ৰয়োজন নাথাকে ৷ অধিক সংখ্যক বহুমূত্ৰ ৰোগত
ভোগা ব্যক্তিয়ে দিনে এশ টকাৰ ওপৰত ঔষধ সেৱন কৰিব লাগে ৷ তাৰ পাছতো ব্যক্তিজনৰ গুৰুত্বপূৰ্ণ
অংগ বিকল হোৱাৰ সম্ভাৱনা থাকে ৷ কিন্তু এক
লাখ টকাৰ ভিতৰত যদি এনে ডিভাইচ দেহত সুমুৱাই কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ বহুমূত্ৰ
ৰোগৰ পৰা নিস্তাৰ পাব পাৰে তেনেহ’লে মানুহে ঔষধ সেৱন কৰিবলৈ নাযাব ৷ ফলত ঔষধ নিৰ্মাতা
প্ৰতিষ্ঠানসমূহ বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হ’ব ৷ পিছে শেহতীয়াকৈ কেইবাটাও ইলেক্ট্ৰনিক
প্ৰতিষ্ঠানে ঔষধ নিৰ্মাণকাৰীৰ সৈতে চুক্তিবদ্ধ হৈছে নতুন নতুন ইলেক্ট্ৰ’চিউটিকেলচ ডিভাইচ
তৈয়াৰ কৰাৰ উদ্দেশ্যে ৷
ইলেক্ট্ৰ’চিউটিকেলচ প্ৰয়োগৰ দুটামান অসুবিধাও
আছে ৷ দেহৰ ভিতৰৰ নিউৰণৰ বৰ্তনী সম্পূৰ্ণ শুদ্ধকৈ মেপিঙ কৰাত সফলতা লাভ কৰিব পৰা নাই
৷ হয়তো কেইবছৰমান পাছত ইয়াক সম্ভৱ কৰিব পৰা যাব ৷ ইলেক্ট্ৰনিক চাৰ্কিটত বিজুতি ঘটিলে
ৰোগীৰ জীৱন-মৰণ সমস্যাও দেখা দিব পাৰে ৷ তাৰ বাবে বিকল্প পথ উলিয়াব লাগিব ৷ সকলো ইলেক্ট্ৰনিক
ডিভাইচত আজিকালি প্ৰচেছৰ আৰু চফ্টৱেৰৰ প্ৰয়োগ হয় ৷ চফ্টৱেৰ প্ৰগ্ৰেমিঙ হেক কৰি ব্যক্তি
এজনৰ অপকাৰ সাধিবলৈ কোনোবাই চেষ্টা চলাব পাৰে ৷ তাৰ প্ৰতিকাৰৰ কথাও আমি ভাবিব লাগিব
৷ এইসকলো প্ৰশ্নৰ সদূত্তৰ পাবলৈ আমি কিছুবছৰ অপেক্ষা কৰিব লাগিব ৷
ইলেক্ট্ৰনিক, চফ্টৱেৰ অভিযন্তা
আৰু চিকিৎসা বিভাগৰ গৱেষকৰ যৌথ প্ৰচেষ্টাত মানৱজাতিয়ে এনে এটা বিকল্প চিকিৎসা ব্যৱস্থা
পাবলৈ সক্ষম হৈছে যাৰ পাৰ্শ্বক্ৰিয়া নাথাকে ৷
(২৯ এপ্ৰিল, ২০২৪ নিয়মীয়া বাৰ্তা)
Comments
Post a Comment