প্ৰশান্ত সাগৰ চাংমাইৰ প্ৰাঞ্জল অসমীয়া অনুবাদ - ফ্ৰানজ কাফ্কাৰ ’দ্য ট্ৰায়েল’
ভাৰতীয় আৰক্ষী সেৱাৰ এজন জ্যেষ্ঠ বিষয়া প্ৰশান্ত সাগৰ চাংমাইক অসমীয়া পঢ়ুৱৈ সমাজৰ মাজত এগৰাকী কবি হিচাপে ভালদৰে পৰিচিত ৷ তেখেত বৰ্তমান আৰক্ষী মহাপৰিদৰ্শক হিচাপে কৰ্মৰত ৷ ব্যস্ততাপূৰ্ণ কৰ্ম জীৱনৰ মাজতে তেখেতে শেহতীয়াকৈ দুখনকৈ বিদেশী ভাষাৰ উপন্যাস অসমীয়া ভাষালৈ অনুবাদ কৰি পঢ়ুৱৈ সমাজলৈ আগবঢ়াইছে ৷ দুয়োখন গ্ৰন্থই বিশ্ব সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ গ্ৰন্থ হিচাপে সমাদৃত হৈছে ৷ দুয়োখন গ্ৰন্থৰ বিষয় বস্তু, উপস্থাপন যথেষ্ঠ জটিল যদিও অনুবাদক চাংমাই সহজ সৰলকৈ অসমীয়া ভাষালৈ অনুবাদ কৰি পঢ়ুৱৈৰ বাবে আগবঢ়াইছে ৷ গ্ৰন্থ দুখন হৈছে এলবেয়াৰ কাম্যুৰ ’দ্য ফল’ আৰু ফ্ৰানজ কাফ্কাৰ ’দ্য ট্ৰায়েল’ ৷
কাফ্কাই জন্ম লাভ কৰিছিল ১৮৮৩ চনত প্ৰাগ চহৰত আৰু মাত্ৰ ৪১ বছৰ বয়সত ১৯২৪ চনত যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে ৷ এই কম সময়ৰ ভিতৰতে তেখেতে ’ডা মেটামৰ্ফচিচ, কেছল, ডা ট্ৰায়েল, জাজমেণ্ট, কনটেম্পেটেশন আদি কেইবাখনো লেখত ল’বলগীয়া গ্ৰন্থ লিখি থৈ গৈছে ৷ ’দ্য ট্ৰায়েল’ উপন্যসখনৰ জটিলতাৰ বাবেই ইংৰাজী ভাষাত কেইবাবাৰো পঢ়িবলৈ হাতত লৈ থমকি ৰ’বলগীয়া হৈছিল ৷ শ্ৰী চাংমাই এই জটিল উপন্যাসখন সহজ সৰল অসমীয়া ভাষালৈ অনুবাদ কৰাৰ পাছতে কালজয়ী উপন্যাসখনৰ সোৱাদ ল’বলৈ সক্ষম হওঁ ৷ গ্ৰন্থখনৰ আৰম্ভণিতে অনুবাদকে লিখিছে, “মই নিশ্চিত, উঠি অহা প্ৰজন্মৰ মগজুত যদি এবাৰ কাফ্কাই বাহ লয়, সেই বাহ ভাঙি পেলোৱা সম্ভৱ নহ’ব ৷ সেয়েহে কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলক চকুৰ আগত ৰাখি ’দ্য ট্ৰায়েল’ খন ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰাৰ কাম হাতত লওঁ ৷“ নতুন প্ৰজন্মই অনূদিত গ্ৰন্থখন আদৰি ল’লে শ্ৰী চাংমাইৰ বহু দিনৰ কষ্ট সাৰ্থক হ’ব ৷
উপন্যাসখন কাফ্কাই ১৯১৪-১৫ চনতে লিখি উলিয়াইছিল, প্ৰকাশ কৰিবলৈ বিচৰা নাছিল ৷ ইয়াৰ বিপৰীতে মৃত্যুৰ আগে আগে তেখেতৰ বন্ধু মে বৰ্ডক পাণ্ডুলিপিখন পুৰি পেলাবলৈ কৈ গৈছিল ৷ সৌভাগ্যবশত কাফ্কাৰ মৃত্যুৰ এবছৰ পাছত মে বৰ্ডৰ উদ্যোগত উপন্যাসখনে ১৯২৫ চনত প্ৰকাশৰ মুখ দেখে ৷ ’দ্য ট্ৰায়েল’ৰ কাহিনীটো আছিল এনেধৰণৰ - ত্ৰিশ বছৰীয়া উচ্চাকাংক্ষী বেংকৰ বিষয়া যোছেফ কে’ক জন্ম দিনৰ ৰাতিপুৱা এটা অজ্ঞাত সংস্থাৰ দুজন এজেণ্টৰ হাতত গ্ৰেপ্তাৰ হয় ৷ কে’ই গ্ৰেপ্তাৰ হোৱাৰ পাছতো নাজানিলে কি কাৰণত গ্ৰেপ্তাৰ কৰা হ’ল ৷ যোছেফৰ সহকৰ্মীৰ উপস্থিতিত তেওঁক বন্দী অৱস্থাৰ পৰা মুক্তি দি মুকলিকৈ ঘূৰা ফুৰা কৰিবলৈ দিয়ে ৷ ইয়াৰ পাছৰ এবছৰ যোছেফে আদালত, অধিবক্তাৰ পাছে পাছে ঘূৰে যদিও কোনো ফল নাপালে ৷ এবছৰে কে’ই নিজৰ অভিযোগ খিনিয়ে জানিবলৈ নাপালে ৷ শেষত একত্ৰিশতম জন্ম দিনৰ দিনা দুজন লোক যোছেফৰ এপাৰ্টমেণ্টলৈ আহে আৰু চহৰৰ উপকণ্ঠ অঞ্চললৈ নি হত্যা কৰে ৷
’দ্য ট্ৰায়েল’ উপন্যাসখনত কাফ্কাৰ নিজৰ কৰ্মজীৱনৰ তিক্ত অভিজ্ঞতাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিলক্ষিত হয় ৷ গ্ৰন্থখনৰ নৱম অধ্যায়ত গীৰ্জাঘৰ এটাত যোছেফ কে’ আৰু পুৰোহিতৰ মাজত চলা কথোপকথনত পুৰিহিতে এটা কাহিনী কৈছিল ৷ আইনৰ সন্মুখত এজন দুৱৰী থাকে ৷ গাঁৱৰ পৰা অহা মানুহ এজনে আইনৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ বিচাৰিলে ৷ দুৱৰীয়ে যাবলৈ নিদিলে ৷ পাছত যাব পাৰিব নেকি সোধাত দুৱৰীয়ে ক’লে যে, “সেইটো সম্ভৱ, কিন্তু এতিয়া নহয় ৷“ তেনেকৈয়ে বছৰৰ পাছত বছৰ পাৰ হ’ল ৷ গাঁৱৰ মানুহজনে দুৱৰীৰ কাষত থকা টুল খনতে বহি থাকে, কিন্তু আইনৰ ভিতৰলৈ যাব নোৱাৰিলে ৷ মানুহজন বুঢ়া হৈ গ’ল, খোজবোৰ থৰক বৰক হ’ল, কাণেৰে নুশুনা হৈ পৰিল ৷ মৃত্যুৰ আগত গাঁৱৰ মানুহজনে দুৱৰীক সুধিলে, ’সকলোৱে আইনৰ সহায় পাবলৈ চেষ্টা কৰে ৷ তথাপি মোত বাহিৰে আন কোনোৱে কিয় আইনৰ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰা নাই?’ গাঁৱৰ মানুহজনৰ কাণৰ কাষত চিঞৰি দুৱৰীয়ে ক’লে, ’আন কোনোৱেও এই পথ বিচাৰি নাপালেহেঁতেন, এইখন প্ৰৱেশ দ্বাৰ কেৱল আপোনাৰ বাবেহে আছিল ৷ এতিয়া মই যামগৈ আৰু এইখন বন্ধ কৰি দিম ৷“
কাফ্কাৰ সকলো লিখনিতে এটা অন্তৰ্নিহিত অৰ্থ থাকে ৷ মাৰ্ক স্পিলকা নামৰ সমালোচকজনে ১৯৬০ চনত ’Dickens and Kafka: A mutual interpretation’ নামৰ গৱেষণামূলক গ্ৰন্থত লিখিছে যে চাৰ্লচ ডিকেন্স আৰু ফ্ৰাঞ্জ কাফ্কা দুয়োজনৰ জীৱন সম্বন্ধে থকা ধাৰণা শিশুৰ দৰে আছিল আৰু সেয়া তেওঁলোকৰ লিখনিত প্ৰকাশ পাইছে ৷ কাফ্কাই শিশুসুলভ দৃষ্টিৰে আইনী মেৰপাকবোৰক চাবলৈ ধৰে আৰু তাৰেই ফলশ্ৰুতিত ’আইনৰ সন্মুখত’ দৰে গল্পৰ সৃষ্টি হয় ৷ ’ডা ট্ৰায়েল’ নামৰ উপন্যাসখনত লেখকে বিস্তৃতভাৱে আইনৰ ফোঁপোলা স্বৰূপ বিশ্ববাসীৰ আগত দাঙি ধৰিছে ৷
প্ৰশান্ত সাগৰ চাংমাই অনূদিত দ্য ট্ৰায়েল গ্ৰন্থ খনৰ বেক কাভাৰত হেৰল্ড ব্লুম আৰু মিলেন কুণ্ডেৰাৰ মন্তব্য অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰিছে ৷ হেৰল্ড ব্লুমে কৈছে, “কাফ্কাই যেতিয়া দ্য ট্ৰায়েল কাহিনীটো তেওঁৰ বন্ধুসকলক পঢ়ি শুনাইছিল, তেওঁলোক হাঁহিত ফাটি পৰিছিল ৷ বন্ধুসকলৰ প্ৰতিক্ৰিয়া দেখি কাফ্কাৰ নিজৰো হাঁহি উঠি গৈছিল আৰু সেয়েহে তেওঁ কাহিনীটো তেওঁলোকক সম্পূৰ্ণকৈ কোনোদিনেই পঢ়ি শুনাব নোৱাৰিলে ৷ ’দ্য ট্ৰায়েল’ৰ দ্বাৰা কাফ্কাই আমাক এনে এটা কাহিনী কৈছে যিটো ওপৰে ওপৰে চালে কিছু কৌতুক যেন লাগিলেও তাৰ অভ্যন্তৰলৈ সোমাই গ’লে আমি শোকাহত হওঁ, বিস্মিত হওঁ ৷“
মিলেন কুণ্ডেৰাই ’দ্য ট্ৰায়েল’ সম্পৰ্কে কৈছিল , “কাফ্কাই আমাৰ নামত উইল কৰি দুটা শব্দ দি গ’ল – ন্যায়াধিকৰণ (ট্ৰিববিউন্ল) আৰু শুনানি (ট্ৰায়েল) ৷ আধুনিক পৃথিৱীখন বুজি উঠিবলৈ এই দুটা শব্দ আমাৰ বাবে অপৰিহাৰ্য ৷ কাফ্কাই আমাৰ মনৰ মাজত সুমুৱাই দিয়া সেই দুটা শব্দক আমি আমাৰ নিজস্ব অভিজ্ঞতাৰে ব্যৱহাৰ কৰিব পাৰোঁ, বিবেচনা –পুনৰ্বিবেচনা কৰিব পাৰোঁ ৷
কাফ্কাৰ এনে এখন কালজয়ী গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰি শ্ৰী চাংমাই অসমীয়া ভাষাৰ পঢ়ুৱৈসকলৰ বাবে এক লেখত ল’বলগীয়া অৱদান আগবঢ়ালে ৷ পঢ়ুৱৈ সমাজে নিশ্চয়কৈ গ্ৰন্থখন আঁকোৱালী ল’ব আৰু বিশ্ব সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ উপন্যাসৰ সোৱাদ ল’ব পাৰিব ৷ ’আঁক বাক’ প্ৰকাশন গোষ্ঠীয়ে উলিওৱা ’দ্য ট্ৰায়েল’ গ্ৰন্থখনৰ দাম ২৯৯৷- টকা ৷
(১ মে’, ২০২৪ অসমীয়া খবৰ)
Comments
Post a Comment