বিশ্বৰ স্বাস্থ্যখণ্ডত যুগান্তকাৰী প্ৰযুক্তিৰ সংযোজন - ইলেক্ট্ৰ’চিউটিকেলচ
প্ৰযুক্তিৰ ন ন আবিস্কাৰে চিকিৎসাক্ষেত্ৰত বিশেষ অৰিহনা যোগাবলৈ সক্ষম হৈছে ৷ ৰোগ নিৰ্ণয়ৰ বাবে প্ৰয়োজন হোৱা পৰীক্ষাগাৰ সমূহ, ৰোগ নিৰাময়ৰ চিকিৎসা পদ্ধতি, ৰবটিক অস্ত্ৰোপচাৰ, লাইফ চাপোৰ্ট আদি চিকিৎসাৰ প্ৰতিটো বিভাগতে বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰিক প্ৰয়োগ অপৰিসীম ৷ প্ৰযুক্তি অবিহনে আজি চিকিৎসা বিভাগ স্থবিৰ হৈ পৰিব ৷ নতুন প্ৰযুক্তি সংযোজনৰ বাবে বিশ্বৰ বিভিন্ন গৱেষণাগাৰত অহৰহ গৱেষণা চলি আছে ৷ হাজাৰ হাজাৰ বিজ্ঞানী, প্ৰযুক্তিবিদৰ আশাশুধীয়া প্ৰচেষ্টাৰ অন্তত চিকিৎসাখণ্ডত নতুন প্ৰযুক্তিৰ প্ৰয়োগ হ’বলৈ ধৰছে ৷ শেহতীয়াকৈ চিকিৎসাখণ্ডত নতুনকৈ সংযোজন হোৱা এক প্ৰযুক্তিৰ নাম হৈছে ইলেক্ট্ৰ’চিউটিকেল ( Electroceuticals ) ৷ বেমাৰ হ’লে ডাক্তৰে আমাক ঔষধ খাবলৈ দিয়ে ৷ কিছুমান বেমাৰ ঔষধেৰে ভাল নহয়, অস্ত্ৰোপচাৰ কৰি ৰোগ নিৰাময় কৰিব লাগে ৷ কিন্তু প্ৰতিটো ঔষধ বা অস্ত্ৰোপচাৰৰ এক পাৰ্শ্বক্ৰিয়া থাকে ৷ কাৰণ এই ঔষধৰ প্ৰভাৱ দেহৰ যিটো অংশত ৰোগে আক্ৰমণ কৰিছে সেই স্থানতে নাথাকে অন্যান্য অংশলৈ যায়, যিয়ে দেহৰ আন অংশত ক্ষতিসাধণ কৰাৰ সম্ভাৱণা থাকে ৷ পাৰ্শ...