সমূহৰ কথকতা-৩: সংঘৰ্ষ জৰ্জৰিত নোৱাখালীত মহাত্মা গান্ধী
সমূহৰ কথকতা-৩
জাতিৰ পিতা মহাত্মা গান্ধীৰ জীৱন, সত্যাগ্ৰহ,
অহিংসা আন্দোলন, স্বৰাজ, সমাজ সংস্কাৰ, ধৰ্মীয় দৰ্শন, স্বাধীনতা সংগ্ৰাম,
গান্ধীবাদ আদি নানান বিষয়ৰ ওপৰত সমগ্ৰ বিশ্বত যিমান আলোচনা হৈছে আৰু যিমান সংখ্যক গৱেষণামূলক
গ্ৰন্থ প্ৰকা পাইছে বিশ্বত কেইজনমান ব্যক্তি হে ওলাব যাৰ ওপৰত সেই একেই পৰিসৰৰ গৱেষণাৰ
কাম চলোৱা হৈছে ৷ তথাপি গান্ধীজীৰ জীৱনৰ কিছুমান দিশ যেন আজিলৈ বৰকৈ আলোচনা হোৱা নাই
৷ ভাৰতীয় হিচাপে আজিও বহু নাগৰিকৰ দৃষ্টিগোচৰ হোৱা নাই ৷ তেনে এটা দিশ হ’ল ধৰ্মীয় সংঘৰ্ষত
জৰ্জৰিত নোৱাখালীত মহাত্মা গান্ধীয়ে কটোৱা চাৰিটা মাহ ৷ নোৱাখালীত সংঘটিত সাম্প্ৰদায়িক
হত্যাযজ্ঞৰ বিপৰীতে গান্ধীজীৰ অহিংসাৰ জয়ৰ ইতিহাস ভৱিষ্যতলৈ লিপিবদ্ধ হৈ ৰ’ব ৷
ভাৰতবৰ্ষৰ স্বাধীনতা ঘোষণাৰ ঠিক এবছৰ আগত অৰ্থাৎ
১৬ আগষ্ট, ১৯৪৬ৰ দিনা মুছলিম লীগে মুছলমানৰ বাবে পৃথক ৰাষ্ট্ৰ নিৰ্মাণৰ লক্ষ্য আগত
ৰাখি “Direct Action” ৰ আহ্বান জনায় ৷ ইয়াৰ
ফলতে কলিকতাত ভয়াবহ সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত ঘটে আৰু উভয় পক্ষৰ পাঁচ হাজাৰ নিৰীহ
জনসাধাৰণে মৃত্যুক সাৱটি লয় ৷ লাখৰ ওপৰত লোক গৃহহীন হৈ পৰে ৷ 'Great
Calcutta Killing' নামেৰে জনাজাত এই সংঘৰ্ষৰ
ভয়াবহতাৰ পাছৰ পৰা পূব বংগত ভিতৰি ভিতৰি এক
উত্তেজনা বিৰাজ কৰে ৷ ১০ অক্তোবৰ, ১৯৪৬ চনত লক্ষ্মী পূজাৰ দিনা নোৱাখালী জিলাৰ (বৰ্তমান
বাংলাদেশত) সংখ্যালঘূ হিন্দুসকলে যেতিয়া পূজাৰ বাবে ব্যস্ত হৈ পৰিছিল তেতিয়া মুছলমানৰ
এক বৃহৎ দলে হিন্দুৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে ৷ লাহে লাহে সাম্প্ৰদায়িক বিষবাষ্প ওচৰৰ
গাঁও বোৰলৈ বিয়পি পৰে ৷ অক্টোবৰ মাহৰ ভিতৰতে হাজাৰৰ ওপৰত হিন্দুলোকৰ মৃত্যু ঘটে, কেইবাহাজাৰ
লোকক বলপূৰ্বকভাবে ধৰ্মান্তৰকৰণ কৰে ৷ বহুতো অবিবাহিতা জীয়ৰী, বিবাহিতা মহিলাক ধৰ্ষণ
কৰে, দাসী হিচাপে অপহৰণ কৰি লৈ যায় ৷ নোৱাখালীৰ ভয়াবহতাৰ খবৰ বিশ্বই কিছুদিনৰ ভিতৰতে
জানিবলৈ পায় ৷ লগে লগে শান্তিদূত হিচাপে মহাত্মা গান্ধী নোৱাখালীলৈ যাবলৈ সিদ্ধান্ত
লয়, যদিও সেই সময়ত ৭৭ বছৰীয়া গান্ধীজীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু শুভাকাংক্ষী সকলে
সেই যাত্ৰা স্থগিত ৰাখিবলৈ বাৰে বাৰে অনুৰোধ জনাইছিল ৷ গান্ধীজীয়ে জানিছিল যে নোৱাখালীত ব্যপাক সংঘৰ্ষৰ
পৰা ভাৰত বিভাজনৰ বাবে মুছলিম লীগৰ দাবী উত্থাপনত সহায় হ’ব । সাম্প্ৰদায়িক সংঘৰ্ষই
কেৱল একত্ৰিত ভাৰতবৰ্ষৰ ধাৰণাৰ বাবেই নহয়, সাম্প্ৰদায়িক সম্প্ৰীতি প্ৰতিষ্ঠাৰ বাবে
গান্ধীৰ আজীৱন প্ৰচেষ্টাৰ বাবেও এক গুৰুতৰ প্ৰত্যাহ্বান ৰূপে দেখা দিছিল । নোৱাখালীৰ
খবৰ পাই গান্ধীজীয়ে কৈছিল যে অহিংসাৰ সৈতে তেখেতে যিমান সম্পৰীক্ষা কৰিছে তাৰ উপযুক্ত
প্ৰয়োগ সংঘৰ্ষ জৰ্জৰিত এলেকাত হে কৰিব পৰা যাব ৷ আৰু ইয়াতে অহিংসাৰ শক্তিক বুজিব পৰা
যাব ৷ তেখেতে জানিছিল যে নোৱাখালীত গৈ শান্তিৰ বাবে ঘূৰি ফুৰোঁতে নিজৰ জীৱনলৈ মৃত্যু ভাবুকি অহা তেনেই স্বাভাৱিক,
যিকোনো মুহূৰ্তত মৃত্যু মুখত পৰিব পাৰে ৷ বিপদসঙ্কুল যাত্ৰাৰ আগেয়ে তেখেতে এখন পত্ৰত
লিখিছিল যে “There is an art of dying… As it is, all die, but one has to learn
by practice how to die a beautiful death. The matter will not be settled even
if everybody went to Noakhali and got killed“ ৷
গান্ধীজীৰ
নোৱাখালী যাত্ৰা আৰম্ভ হৈছিল ৬ নভেম্বৰ, ১৯৪৬ ত আৰু ১৯৪৭ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষলৈ
তাতেই আছিল ৷ জিলাখনৰ যাতায়ত ব্যৱস্থা আছিল অতিশয় শোচনীয়, পদব্ৰজে ঘূৰাৰ বাহিৰে আন
গত্যন্তৰ নাছিল ৷ গান্ধীজীয়ে নোৱাখালীত কটোৱা ১১০ দিনত খালিভৰিৰে খোজকাঢ়ি অতিক্ৰম কৰিছিল ১৮৬
কিলোমিটাৰ অৰ্থাৎ দিনে গড়ে ১৮ কিলোমিটাৰ পথ ৷ দুই নাতিনীৰ কান্ধত হাত থৈ ৭৭ বছৰীয়া
গান্ধীজীয়ে পদব্ৰজে কৰা কষ্টকৰ সেই যাত্ৰাপথত সাঙুৰি লৈছিল ৪৭ খনকৈ গাঁও ৷ সমগ্ৰ যাত্ৰাপথত
প্ৰতিখন গাঁৱৰ হিন্দু-মুছলমানক দেখা কৰিছিল
৷ অতি সাধাৰণ আধা-পোৰা ধুবীৰ পঁজা ঘৰ এটাত প্ৰথমে থাকিবলৈ লৈছিল ৷ জিলাখনত তেওঁ প্ৰাৰ্থনা
সভাৰ আয়োজন কৰিছিল, স্থানীয় মুছলমান নেতাসকলক লগ কৰিছিল আৰু তেওঁলোকৰ অন্তৰ জিনি
ধৰ্মীয় ভেদাভেদ নোহোৱা কৰিবলৈ চেষ্টা কৰিছিল। মুছলিম লীগে গান্ধীজীৰ যাত্ৰাপথত বেমেজালি
ঘটাবলৈ ৰাস্তা কাটি পেলাইছিল, নৈৰ ওপৰৰ বাহ, কাঠৰ দলঙ ধ্বংস কৰি পেলাইছিল ৷ অথচ গান্ধীজীৰ
অহিংসা বাণী শুনিবলৈ মুছলমান সম্প্ৰদায়ৰ লোকেই আগবাঢ়ি আহিছিল ৷ ধৰ্মান্তৰ হোৱা হাজাৰ
হাজাৰ লোকে পুনৰ হিন্দু ধৰ্মলৈ উভতি আহিছিল ৷ নিজৰ ঘৰখনলৈ সাহস গোটাই থাকিবলৈ লৈছিল
৷ গাঁৱৰ দুখীয়া কৃষকসকল, নিৰ্যাতিতা মহিলাসকল, নিজৰ স্বামী, পুত্ৰ, ঘৰবাৰী হেৰুৱা পৰিয়ালসকলৰ
অন্তৰত সাহস জন্মাবলৈ সক্ষম হৈছিল ৷ যেতিয়া
হিন্দু মহাসভাৰ সদস্যবৃন্দই কলিকতা আৰু দিল্লীৰ পৰা নোৱাখালীৰ হিন্দুসকলৰ সুৰক্ষাৰ
বাবে সেনাবাহিনী মোতায়েন কৰিবলৈ দাবী জনাইছিল তেতিয়া মহাত্মা গান্ধীয়ে ওৱান মেন আৰ্মীৰূপত
হিন্দুৰ ত্ৰাণকৰ্তা হিচাপে থিয় দিছিল ৷ এজন শান্তি কৰ্মীয়ে নোৱাখালীৰ লোকসকলৰ পুনৰসংস্থাপন
সম্পৰ্কে গান্ধীজীৰ মতামত বিচৰাত উত্তৰ দিছিল যে বিপৰ্যস্ত হিন্দুসকলক অসম বা পশ্চিম
বংগলৈ প্ৰেৰণৰ দ্বাৰা তেওঁলোকৰ পুনৰসংস্থাপনৰ ব্যৱস্থা কৰা মুঠেই সমীচিন নহয় ৷ তেওঁলোকে
যাতে নিজৰ ভেটিত থাকিবলৈ ভয় নকৰে, তাৰ বাবে তেওঁলোকক সাহস প্ৰদান কৰা আৰু সুস্থ পৰিৱেশ
সৃষ্টি কৰা অতিকৈ প্ৰয়োজন ৷
পাৰভেজ ৰহমান নামৰ এজন ইতিহাসবিদে কিছুবছৰ
আগতে নোৱাখালী ভ্ৰমণ কৰি সেই অঞ্চলৰ বয়োজ্যেষ্ঠ নাগৰিক ৮৮ বছৰীয়া মতলেব পাটোৱাৰীৰ সৈতে
এটা সাক্ষাৎকাৰ লৈছিল ৷ মতলেবে নোৱাখালী যাত্ৰাৰ
সময়ত গান্ধীজীৰ কথা স্মৰণ কৰি কৈছিল, “সংঘৰ্ষৰ ঠিক পাছতে গোৰ্খা সেনাবাহিনী প্ৰথমে
আমাৰ অঞ্চললৈ আহিছিল । তাৰ পিছত, গান্ধীজী, দুই নাতিনীৰ সৈতে উপস্থিত হৈছিল ৷ তেওঁৰ
বাৰ্তা আছিল শান্তি, সম্প্ৰীতি প্ৰতিষ্ঠাৰ বাৰ্তা ৷ গান্ধীজীয়ে বুজাবলৈ চেষ্টা কৰিছিল
যে হিন্দু আৰু মুছলমানসকল ভাই-ভাই । ইজনে সিজনৰ লগত যুঁজ দিয়াৰ কোনো অৰ্থ নাই । আমি
ব্ৰিটিছ শাসকসকলক বিতাড়িত কৰিবলৈ চেষ্টা কৰি আছিলোঁ; তেওঁলোকে যাওঁতে আমাক ইজনে সিজনৰ
সৈতে যুঁজিবলৈ বাধ্য কৰিছিল।" মতলেব আৰু তেওঁৰ মাক-দেউতাকে গান্ধীজীৰ প্ৰাৰ্থনা
সভাত যোগদান কৰিছিল। তেওঁ লগতে কয় যে গাওঁখনত ডেকা, বৃদ্ধ সমন্বিতে এনে কোনো লোক নাছিল
যি সভাত উপস্থিত নাছিল । পাৰভেজ ৰহমানে আন এগৰাকী ৯০ বছৰীয়া মহিলা ননি বালা বনিকৰ সাক্ষাৎকাৰ লওঁতে কৈছিল যে সংঘৰ্ষৰ
সময়ত মুছলমান পৰিয়াল এটাই তেখেতৰ পৰিয়ালক সুৰক্ষা দিছিল । গান্ধীজী সম্পৰ্কে তেখেতে
কৈছিল, “গান্ধী এজন দেৱদূতৰ দৰে আহিছিল, ক্ষতিগ্ৰস্ত মানুহৰ বাবে কিছুমান অস্থায়ী
শিবিৰ স্থাপন কৰিছিল । মই তেওঁৰ প্ৰাৰ্থনা সভাত দুবাৰকৈ উপস্থিত আছিলোঁ ৷“ নোৱাখালীৰ
পৰা গান্ধীজীয়ে যাত্ৰা আৰম্ভ কৰিছিল সংঘৰ্ষ জৰ্জৰিত বিহাৰলৈ য’ত হাজাৰৰ ওপৰত মুছলমান
লোকক নিৰ্মমভাবে হত্যা কৰা হৈছিল ৷ ধৰ্ম নিৰ্বিশেষে সকলো নিৰ্যাতিত, নিপীড়িত লোকৰ ওচৰত
ত্ৰাণকৰ্তা ৰূপত থিয় হৈছিল গান্ধীজীয়ে ৷
নোৱাখালীৰ এক সমাজসেৱী সংগঠন গান্ধী আশ্ৰম ট্ৰাষ্টে
মহাত্মা গান্ধীৰ স্মৃতি পৰৱৰ্তী প্ৰজন্মলৈ সংৰক্ষণ কৰিবলৈ গান্ধী আশ্ৰম খুলি এটা স্মাৰক
নিৰ্মাণ কৰিছিল । 20 ফুট ওখ বগা শিলৰ গান্ধীজীৰ মূৰ্তি থিয় হৈ আজিও সকলো পৰ্যটকক
আদৰণি জনোৱা দেখিবলৈ পোৱা যায় ৷ গান্ধীজীৰ
অহিংসা বাণী প্ৰচাৰ কৰাই এই সংগঠনৰ মূল কাম ৷ গান্ধীজীৰ বাবেই ১৯৪৭ চনৰ দেশ বিভাজনৰ
সময়ত নোৱাখালীত হিন্দুসকলৰ ওপৰত হত্যা যজ্ঞ নচলিল ৷ ১৫৪ সংখ্যক জন্ম জয়ন্তীৰ
আগে আগে পুনৰবাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ
কৰ্মৰাজিক শ্ৰদ্ধাৰে সোঁৱৰিলোঁ ৷
(অসমীয়া খবৰ কাকতত ২৫ চেপ্তেম্বৰত প্ৰকাশিত)
Comments
Post a Comment