সমূহৰ কথকতা-২: ইছৰ’ আৰু মহাকাশ বিজ্ঞানী দীপক কুমাৰ দাস

 

যোৱা আগষ্ট মাহত সফল চন্দ্ৰায়ন-৩ অভিযানে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বিশ্বৰ অগ্ৰণী মহাকাশ গৱেষণা সংস্থাসমূহৰ অন্যতম হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে ৷ কেৱল ভাৰততে নহয় বিশ্বৰ সকলো নাগৰিকে আজি ইছৰ’ৰ সাফল্য আৰু কাৰ্যকাৰীতাক একেমুখে স্বীকাৰ কৰিছে ৷  ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ আধীনত থকা কেইবাটাও বিভাগৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ বিভাগ এটা হ’ল আহমেদাবাদত স্থাপন কৰা মহাকাশ প্ৰয়োগ কেন্দ্ৰ ৷ ১৯৬৬ চনতে স্থাপিত এই কেন্দ্ৰই ১৯৭২ চনত বৰ্তমানৰ ৰূপ পায় ৷ এই কেন্দ্ৰত চৰকাৰ আৰু জনসাধাৰণৰ বাবে যোগাযোগ, নেভিগেচন আৰু দূৰসংবেদনৰ  সুবিধা প্ৰদানৰ বাবে নিৰ্মিত কৃত্ৰিম উপগ্ৰহৰ পেলোডৰ নিৰ্মাণ আৰু বিকাশৰ কাম কৰা হয় ৷ এই কেন্দ্ৰৰ দ্বাৰা নিৰ্মাণ কৰা পেলোড সমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল ইনছেট (INSAT), জিছেট (GSAT), নাৱিক (NavIC), আই.আৰ.এছ (IRS), ৰিছেট (RISAT)  চিৰিজৰ উপগ্ৰহ সমূহৰ পেলোড ৷ পৃথিৱীৰ পৰা আপেক্ষিকভাৱে স্থিতিশীল  ইনছেট কৃত্ৰিম উপগ্ৰহ সমূহৰ বাবেই তিনি দশক আগেয়ে ভাৰতত কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে বিশ্বৰ যিকোনো দুৰ্গম স্থানৰ পৰা কথা ক’ব পৰা  ভিছেটৰ (VSAT terminal) ব্যৱহাৰ সম্ভৱ কৰি তোলা হৈছিল ৷ আমি ঘৰত উপভোগ কৰিবলৈ সক্ষম হোৱা, কেবল টিভি, টাটাস্কাই বা এয়াৰটেল টিভিৰ চেনেল সমূহ ইনছেট উপগ্ৰহৰ পৰা উপলব্ধ হৈছে ৷ কম দূৰত্বৰ অৰ্বিতত ঘূৰি থকা আই.আৰ.এছ কৃত্ৰিম উপগ্ৰহৰ পৰা লোৱা ছবি সমূহৰ দ্বাৰা বতৰ বিজ্ঞানীয়ে সম্ভাৱ্য বতৰৰ আগজাননী দিব পৰা হৈছে ৷ সাগৰৰ উপকূলীয় অঞ্চলত হঠাৎ অহা ধুমুহা বতাহৰ পূৰ্বানুমান কৰি সতৰ্কবাণী পঠিয়াবলৈ কৃত্ৰিম উপগ্ৰহ আজি কেইবা দশকৰ পৰা ব্যৱহাৰ কৰি আছে ৷ চন্দ্ৰযান ১, ২ আৰু ৩ অভিযানৰ নিৰ্মাণতো এই কেন্দ্ৰৰ বিশেষ অৱদান আছে ৷

 

প্ৰায় ৩৫০০ বিজ্ঞানীৰে কৰ্মৰত আহমেদাবাদত অৱস্থিত তেনে এটা গুৰুত্বপূৰ্ণ বিভাগ মহাকাশ প্ৰয়োগ কেন্দ্ৰত ৩৯ বছৰে অভিযন্তা, গৱেষক, অধ্যাপক হিচাপে কাম কৰা বিশ্বৰ এজন আগশাৰীৰ মহাকাশ বিজ্ঞানী হ’ল অসমৰ সুসন্তান দীপক কুমাৰ দাস ৷ অতি কম সংখ্যক অসমীয়াৰ বাবে পৰিচিত শ্ৰী দাসে মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ সৰ্বোচ্চ পদ সঞ্চালকৰ আসনত প্ৰায় আঢ়ৈ বছৰ কাল থাকি ভাৰতৰ মহাকাশ গৱেষণাত বিশেষ অৰিহণা আগবঢ়ায় ৷ সম্পূৰ্ণৰূপে প্ৰচাৰবিমুখ শ্ৰী দাসৰ বিষয়ে অসমীয়া মানুহে বিশেষ একোৱে নাজানে ৷ তেখেতে ১৯৭৮ চনত কটন মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত (পি উ) উত্তীৰ্ণ হৈ ১৯৮৩ চনত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, বেনাৰস (বেনাৰস হিন্দু বিশ্ববিদ্যালয়)ৰ পৰা ইলেকট্ৰনিকছ ইঞ্জিনিয়াৰিং বিভাগত স্নাতক ডিগ্ৰী অৰ্জন কৰে ৷  সেই বছৰতে তেখেতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অন্তৰ্গত মহাকাশ প্ৰয়োগ কেন্দ্ৰত যোগদান কৰে ৷ তাৰ পাছত দেশৰ অন্যতম মহাকাশ বিজ্ঞানী হিচাপে প্ৰজেক্ট মেনেজাৰ, উপ প্ৰজেক্ট সঞ্চালক, গ্ৰুপ সঞ্চালক, উপ কেন্দ্ৰ সঞ্চালক, সহ কেন্দ্ৰ সঞ্চালক আদি  বিভিন্ন পদত থাকি দেশৰ মহাকাশ গৱেষণা কামত আত্ম নিয়োগ কৰে ৷ ২০১৫ চনত তেখেতক উৎকৃষ্ট বিজ্ঞানী (Outstanding Scientist) পদলৈ পদোন্নিত কৰা হয়।  ২০১৭ চনত তেখেতে  বিশিষ্ট বিজ্ঞানীৰ (Distinguished Scientist) পদ অলংকৃত কৰিবলৈ সক্ষম হয় । ২০১৮ চনৰ পৰা ডিচেম্বৰ, ২০২০ চনলৈ তেখেতে মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ সৰ্বোচ্চ পদ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু তাৰ পাছত চাকৰিৰ পৰা অৱসৰ লৈ দুবছৰ কাল বিক্ৰম চাৰাভাই অধ্যাপক হিচাপে কাম কৰে ৷

 

দীপক কুমাৰ দাসে ত্ৰিশতকৈয়ো অধিক কৃত্ৰিম উপগ্ৰহৰ যোগাযোগ আৰু নেভিগেচন পেলোড নিৰ্মাণত আৰু বিকাশৰ ক্ষেত্ৰত সক্ৰিয় ভাবে কাম কৰিছিল ৷ তেখেতে বিশেষভাবে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা বিষয় হ’ল যোগাযোগ আৰু নেভিগেছন উপগ্ৰহৰ পেলোডৰ ডিজাইন আৰু নিৰ্মাণ (Design & Realization) ইত্যাদি ৷ মহাকাশ প্ৰয়োগ কেন্দ্ৰত সঞ্চালক পদত থাকোঁতে  শ্ৰী দাসৰ নেতৃত্বত  চন্দ্ৰযান-২ অভিযানত নিৰ্মাণ কৰা পেলোড নিৰ্মাণৰ লগত জড়িত কামবোৰ ইছৰ’ৰ মহাকাশ প্ৰয়োগ কেন্দ্ৰত কৰা হয় ৷ এই অভিযানটো ভূ-সকালীকৃত উপগ্ৰহ উৎক্ষেপণ যান মাৰ্ক ৩ ৰ (GSLV Mk III) দ্বাৰা উৎক্ষেপণ কৰা হৈছিল। ইয়াত  এখন চন্দ্ৰ পৰিভ্ৰামক (orbiter), লেণ্ডাৰ আৰু ৰ'ভাৰ সন্নিৱিষ্ট আছিল । অৰ্বিটাৰ আৰু লেণ্ডাৰৰ কাৰ্যপ্ৰণালীত দীপক কুমাৰ দাসে বিশেষ অৰিহনা যোগাইছিল ৷ চন্দ্ৰ পৃষ্ঠত মৃদু-অৱতৰণত  লেণ্ডাৰ  বিফল হয় যদিও অৰবিটাৰে এতিয়াও সুচাৰুৰূপে কাম কৰি আছে। ইয়াত মুঠ আঠটা পে'লোড আছে । তাৰে চন্দ্ৰপৃষ্ঠৰ ত্ৰি-মাত্ৰিক মেপ, ৰঞ্জন ৰশ্মিৰ বিচ্ছুৰণৰ বিশ্লেষণ, লেণ্ডাৰৰ বাবে স্থান নিৰ্ণয়, পানীৰ অনুসন্ধান ইত্যাদিৰ কাম চলি আছে।

 

যিহেতু চন্দ্ৰযান-২ৰ অৰবিটাৰ সুচাৰুৰূপে কাম কৰি আছে, গতিকে চন্দ্ৰযান-৩ ত অৰবিটাৰৰ সলনি এটা প্ৰপালচন মডিউল পঠিওৱা হ'ল। ইয়াৰ কাম হ'ল বিক্ৰম-লেণ্ডাৰক কেৱল চন্দ্ৰৰ কক্ষপথত এৰি দিয়া । অবশ্যে তাত এটা SHAPE নামৰ সৰু পে'লোড আছে আৰু ই চন্দ্ৰৰ কক্ষপথৰ পৰা পৃথিৱীৰ বৰ্ণালী পৰীক্ষা কৰিব ।  চন্দ্ৰযান-৩ অভিযানৰ চাৰিবছৰীয়া প্ৰজেক্ট কালৰো প্ৰাৰম্ভিক ডেৰ বছৰো তেখেতে মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ পেলোড নিৰ্মাণত নেতৃত্ব প্ৰদান কৰিছিল ।

 

দীপক কুমাৰ দাসে ভাৰতৰ মহাকাশ গৱেষনাত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে দেশৰ ভিতৰত উল্লেখনীয় কেইবাটাও সন্মানীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ তাৰ ভিতৰত এ এছ আই বঁটা ২০১০, ইছৰো মেধা বঁটা – ২০১০,   ইছৰ' পাৰদৰ্শিতা উৎকৃষ্টতা বঁটা-২০১৫ অন্যতম ৷ ইছৰ’ৰ সীমিত সংখ্যক বিজ্ঞানীয়ে আজিলৈ তিনিও বিধ বঁটা পাবলৈ সক্ষম হৈছে ৷ শ্ৰী দাসৰ কাৰ্যদক্ষতা, জ্ঞান আৰু অভিজ্ঞতাৰ বাবে আন্তৰ্জাতিক মহাকাশবিজ্ঞান একাডেমীৰ (IAA) সংশ্লিষ্ট সদস্য পদ, আন্তৰ্জাতিক নভোচাৰী সংঘৰ (IAF) মহাকাশ যোগাযোগ আৰু নেভিগেছন সমিতিৰ (SCAN) সদস্য পদ আৰু ২০২০ চনত পৃথিৱী নিৰীক্ষণ কৃত্ৰিম উপগ্ৰহ সমিতিৰ (CEOS) সভাপতি পদ অলংকৃত কৰিবলৈ সক্ষম হৈছে ৷

 

         ১৯৯৭ চনত ব্যক্তিগত ভাবে বিজ্ঞানী দীপক কুমাৰ দাসক লগ পোৱাৰ সোভাগ্য ঘটিছিল কৃত্ৰিম উপগ্ৰহ বিষয়ত দুসপ্তাহৰ প্ৰশিক্ষণ ল’বলৈ মহাকাশ প্ৰয়োগ কেন্দ্ৰ, আহমেদাবাদত থাকোঁতে ৷ তেতিয়া তেখেত প্ৰজেক্ট মেনেজাৰ হিচাপে ইনছেট কৃত্ৰিম উপগ্ৰহৰ পেলোডৰ কামত নিযুক্ত আছিল ৷ তেখেতে মোক অসমৰ পৰা অহা বুলি জানিবলৈ পাই এদিন সন্ধিয়া নিজৰ ঘৰলৈ নিশাৰ আহাৰৰ বাবে মাতিছিল ৷ তেখেতৰ পত্নী ডা° ভাৰতী দাসে অসম মেডিকেল কলেজৰ পৰা  শিক্ষা গ্ৰহণ কৰি অহা এগৰাকী সুচিকিৎসক আৰু আহমদাবাদৰ এখন আগশাৰীৰ হাস্পতালত কৰ্মৰতা। পতি-পত্নী দুয়ো ইমান সহজ সৰল যে লগ নাপালে জনাৰ উপাই নাই ৷ প্ৰেমনাৰায়ণৰ পাফু চিৰিছৰ কিতাপৰ দুয়ো ভক্ত ৷  সিদিনা শ্ৰী দাসৰ লগত কথা পাতোতে ক’লে যে তেখেতে অৱসৰ গ্ৰহণৰ পাছত গুৱাহাটীলৈ আহি পাফু চিৰিজৰ গোটেই কেইখন গ্ৰন্থ সংগ্ৰহ কৰি আহমেদাবাদলৈ কঢ়িয়াই নিছে  অৱসৰৰ সময়ত পঢ়িবলৈ ৷ তেখেতসকল দুয়ো  প্ৰকৃতি-প্ৰেমী  আৰু ভাল ফটোগ্ৰাফাৰ ৷ বনাঞ্চলত গৈ প্ৰকৃতি আৰু চৰাইৰ স্থিৰচিত্ৰ তোলা তেখেতসকলৰ  হবি ৷

 

         বিশ্বৰ এগৰাকী লেখতল’বলগীয়া মহাকাশ বিজ্ঞানী দীপক কুমাৰ দাস অসমবাসীৰ বাবে বিশেষকৈ যুবপ্ৰজন্মৰ বাবে এক প্ৰেৰণাৰ উৎস ৷ তেখেতৰ কৰ্মৰাজিৰ বিষয়ে অসমবাসীয়ে জনা উচিত ৷ তেখেতৰ বিশাল জ্ঞান, কৰ্মদক্ষতা আৰু অভিজ্ঞতাক ৰাজ্যৰ উন্নয়ণৰ কামত ব্যৱহাৰ কৰিলে ৰাজ্যবাসী নিশ্চয়কৈ উপকৃত হ’ব ৷

(অসমীয়া খবৰ কাকতত ১২ চেপ্তেম্বৰ, ২০২৩ প্ৰকাশিত) 

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা