সমূহৰ কথকতা-৩: সংঘৰ্ষ জৰ্জৰিত নোৱাখালীত মহাত্মা গান্ধী
সমূহৰ কথকতা-৩ জাতিৰ পিতা মহাত্মা গান্ধীৰ জীৱন, সত্যাগ্ৰহ, অহিংসা আন্দোলন, স্বৰাজ, সমাজ সংস্কাৰ, ধৰ্মীয় দৰ্শন, স্বাধীনতা সংগ্ৰাম, গান্ধীবাদ আদি নানান বিষয়ৰ ওপৰত সমগ্ৰ বিশ্বত যিমান আলোচনা হৈছে আৰু যিমান সংখ্যক গৱেষণামূলক গ্ৰন্থ প্ৰকা পাইছে বিশ্বত কেইজনমান ব্যক্তি হে ওলাব যাৰ ওপৰত সেই একেই পৰিসৰৰ গৱেষণাৰ কাম চলোৱা হৈছে ৷ তথাপি গান্ধীজীৰ জীৱনৰ কিছুমান দিশ যেন আজিলৈ বৰকৈ আলোচনা হোৱা নাই ৷ ভাৰতীয় হিচাপে আজিও বহু নাগৰিকৰ দৃষ্টিগোচৰ হোৱা নাই ৷ তেনে এটা দিশ হ’ল ধৰ্মীয় সংঘৰ্ষত জৰ্জৰিত নোৱাখালীত মহাত্মা গান্ধীয়ে কটোৱা চাৰিটা মাহ ৷ নোৱাখালীত সংঘটিত সাম্প্ৰদায়িক হত্যাযজ্ঞৰ বিপৰীতে গান্ধীজীৰ অহিংসাৰ জয়ৰ ইতিহাস ভৱিষ্যতলৈ লিপিবদ্ধ হৈ ৰ’ব ৷ ভাৰতবৰ্ষৰ স্বাধীনতা ঘোষণাৰ ঠিক এবছৰ আগত অৰ্থাৎ ১৬ আগষ্ট, ১৯৪৬ৰ দিনা মুছলিম লীগে মুছলমানৰ বাবে পৃথক ৰাষ্ট্ৰ নিৰ্মাণৰ লক্ষ্য আগত ৰাখি “Direct Action” ৰ আহ্বান ...