ডিজিটাইজিঙ অসম আৰু অসমীয়া ভাষা

 

যোৱা ১১ মে’, ২০২৩ তাৰিখে  “ডিজিটাইজিঙ অসম“ প্ৰকল্প উন্মোচনত উপস্থিত থাকি অতিশয় আনন্দিত হ’লোঁ  ৷ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰা প্ৰকল্পৰ বিষয়ে তেতিয়ালৈ অৱগত নাছিলোঁ ৷ মৃনাল তালুকদাৰে অনুষ্ঠানটোত দেখুৱাই দিয়ে কেনেদৰে www.assamarchive.org” ৱেবচাইট খুলি ১৮৪৬ চনত প্ৰথম প্ৰকাশিত অসমীয়া সংবাদপত্ৰ “অৰুনোদই“ৰ পৰা আৰম্ভ কৰি ১৯৭০ চনলৈ প্ৰকাশিত সকলো আলোচনী পঢ়িব পাৰি ৷ অসমীয়া ভাষাক ভাল পোৱা প্ৰতিজন নাগৰিকে এটকাও খৰচ নকৰাকৈ ঘৰতে বহি আলোচনীসমূহ পঢ়িব পাৰে  ৷ উন্মোচনী অনুষ্ঠানৰ পৰা ঘৰলৈ আহি নিজেও চেষ্টা চলালোঁ ৱেবচাইটত নিজৰ নাম পঞ্জীয়ন কৰিবলৈ ৷ প্ৰক্ৰিয়াটো তেনেই সহজ, নিজৰ মোবাইল নম্বৰত অথবা মেইল আইডিত ওটিপি বিচাৰিব ৷ সেইটো দিলেই ৱেবচাইটৰ পৰা আলোচনী সমূহ পঢ়িব পৰা যায় ৷

প্ৰথম কেইদিনমান অৰুনোদই আলোচনীখন পঢ়িলোঁ ৷ ১৭৭ বছৰ আগতে ছপা আকাৰত প্ৰকাশ পোৱা অসমীয়া ভাষাটো পঢ়ি সঁচাকৈ আনন্দৰ চকুলো নিগৰিল ৷ লিখনিবোৰত এটা কথা লক্ষ্য কৰিলোঁ যে অৰুনোদই যুগত অসমীয়া ভাষাটো সৰলীকৰণ কৰি লিখিছিল ৷ ’চ’, ’ছ’ ৰ সলনি কেৱল ’চ’ ব্যৱহাৰ হৈছিল ৷ তেনেদৰে সকলোতে কেৱল ’স’ হে ব্যৱহাৰ হৈছিল ’শ’ বা ’ষ’ ৰ ব্যৱহাৰ দেখা নাপালোঁ ৷ ’য’ ৰ সলনি কেৱল ’জ’, ’ণ’ৰ সলনি কেৱল ’ন’,  ঈ-কাৰৰ সলনি কেৱল ই-কাৰ, ’ঊ’ ৰ সলনি কেৱল ’উ’ ৰ ব্যৱহাৰ হে দেখিবলৈ পালোঁ ৷ নত্ত্ব বিধি, ষত্ত্ব বিধিৰ প্ৰয়োগ নাছিলেই ৷ চন্দ্ৰবিন্দুৰ প্ৰয়োগ তেতিয়াও আছিল ৷ ’থ’ আৰু ’ঠ’, ’ত’ আৰু ’ট’ৰ ব্যৱহাৰ দেখা পোৱা গ’ল ৷ নাথান ব্ৰাউনে বিদেশৰ ছপাকল আনি শিৱসাগৰত বহুৱাই অৰুনোদই সংবাদপত্ৰ ছপাবলৈ লোৱাৰ পাছত ১৮৭২ চনত  নিজৰ দেশলৈ উভতি যায় ৷ তাৰ কিছুবছৰ পাছত ১৮৭৯ চনত আলোচনীখনৰ মৃত্যু ঘটে ৷ অৰুনোদই আলোচনীৰ পাছত ১৮৯০ চনত প্ৰকাশ পায় ’বিজুলী’ আৰু   ১৯০১ চনত প্ৰকাশ পায় ’জোনাকী’ আলোচনীখন ৷ ১৯০৯ চনত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশ পাবলৈ ধৰে ’বাঁহী“ আলোচনী ৷ সেই আলোচনী কেইখনত কিন্তু বৰ্তমান ব্যৱহৃত বৰ্ণমালাৰ সকলো বৰ্ণ, ঈ-কাৰ, ঊ-কাৰ আদি ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গ’ল ৷

ড° কুলেন্দু পাঠক ছাৰে কেইবাবাৰো আমাৰ আগত কৈছিল  যে অসমীয়া ভাষাক সৰলীকৰণ নকৰি ইমান জটিল ৰূপলৈ লৈ যোৱা কামটো সঠিক নহ’ল ৷ অৰুনোদই দিনৰ লিখনি বোৰ আছিল কথিত ভাষাটোক ছপা মাধ্যমলৈ লৈ যোৱা ৷ ভাষাটোক তেনেদৰেই আমি ৰাখিব পাৰিলোঁহেঁতেন ৷ অৰুণোদই যুগৰ পৰা ডেৰটা দশক পাছত আজি সকলোৱে অনুভৱ কৰিছোঁ যে অসমীয়া ভাষাৰ অধ্যয়ন লাহে লাহে কমি গৈছে ৷ ভাষাৰ সৰলীকৰণৰ সহায়ত নতুন প্ৰজন্মক অসমীয়া ভাষাৰ প্ৰতি আকৰ্ষিত কৰিব পৰা যায় নেকি তাক নতুনকৈ ভাবি চাব পৰা যায় ৷  ক’ভিড অতিমাৰীৰ সময়ত সুদীৰ্ঘ ৩৪ বছৰ পাছত মই কীপেডৰ সহায়ত কম্পিউটাৰত অসমীয়া ভাষাত লিখিবলৈ ল’লোঁ ৷ প্ৰথম অৱস্থাত স, শ, ষ বা ন , ণ , ই-কাৰ, ঈ-কাৰ আদিক লৈ ইমান সমস্যাত পৰিছিলোঁ যে আজি তিনি বছৰ পাছতহে প্ৰায় শুদ্ধকৈ ভাষাটো লিখিব পৰা হ’লোঁ ৷ এতিয়া অনুভৱ কৰিছোঁ যে অৰুনোদই যুগত লিখা ভাষাটো আজিৰ তুলনাত বহুত সহজ আছিল ৷ ভাষাবিদ সকলে নতুনকৈ এই বিষয়ত চিন্তা-চৰ্চা কৰিব পাৰে ৷

         ১৯১৪ চনত প্ৰকাশ পোৱা বাঁহী আলোচনীৰ কেইটামান সংখ্যা “আসাম আৰ্কাইভ“ত উপলব্ধ হৈছে ৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই এই আলোচনীখনৰ জৰিয়তে ভাষাৰ উন্নতিৰ লগতে অসমৰ কিছুমান জ্বলন্ত সমস্যা সমাজৰ আগত দাঙি ধৰিছিল ৷ ১৮৩৬ শক, ৮ম সংখ্যাৰ আলোচনীখনত বেজবৰুৱাদেৱে লিখা প্ৰবন্ধ এটাত চকু গ’ল ৷ তেখেতে লিখিছিল এনেদৰে –

   “দুখৰ কথা যে মহাপুৰুষ শঙ্কৰদেৱ মাধৱদেৱৰ তিৰোভাবৰ তিথিৰ দিনা আসামত “গবৰ্ণমেণ্ট হলিডে“ অৰ্থাৎ চৰ্কাৰী অফিচ কেছাৰী স্কুল আদি বন্ধ নহয় ৷ সন্তোষৰ কথা যে দামোদৰদেৱৰ তিথিৰ দিনা কেনেবাকৈ  “গবৰ্ণমেণ্ট হলিডে“ হৈছে ৷

সিদিনা আমাৰ এজন বন্ধুৱে শুধিছিল, “এনেকুৱা কেনেকৈ হল যে জগৎগুৰু শঙ্কৰদেৱৰ তিথিৰ দিনটো গবৰ্ণমেণ্ট হলিডে হোৱাৰ বাহিৰত পৰি থাকি, তেওঁ পতা ধৰ্মাচাৰ্য্য মহাপুৰুষ দামোদৰদেৱৰ তিথিৰ দিনটো ভিতৰত সোমাল ?“ আমি বন্ধুক সন্তোষজনক উত্তৰ দিব নোৱাৰি চাল-বাৰ কোবোৱা উত্তৰ দিবলৈ যোৱা দেখি তেওঁ নিজেই ক’লে যে “মই শুনিছোঁ, জনচেৰেক শঙ্কৰবিদ্বেষী ক্ষমতাশালী লোকে গবৰ্ণমেণ্টক ভুল বুজাই দি এনে কাৰ্য্য কৰিলে ৷“ এই কথা শুনি আমি কিন্তু অবাক হলোঁ ৷“

আহোমৰ দিনৰ পৰা আজিলৈ দেখি আহিছোঁ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱক সমাজত হেয় প্ৰতিপন্ন কৰিবলৈ, এক শৰণ হৰিনাম ধৰ্মক কলুষিত কৰিবলৈ এচাম অসমীয়াই চেষ্টা চলাই আহিছে ৷ গুৰুজনাৰ তিৰোভাব তিথিৰ দিনা চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ সম্পাদকীয়টোত বেজবৰুৱাদেৱে যথেষ্ট কঠোৰ ভাষাৰে সেই শ্ৰেণী লোকক ককৰ্থনা কৰিছিল ৷ তাৰেই পৰিণতিত হয়তো ব্ৰিটিছ চৰকাৰে গুৰুজনাৰ তিৰোভাব তিথিৰ দিনা চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ বাধ্য হৈছিল ৷

এতিয়া আহো পুনৰ ডিজিটাইজিঙ অসমৰ কথা লৈ ৷ ১৮৪৬ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত অসমীয়া ভাষাত প্ৰকাশিত মুঠ ১৬১ খন আলোচনীৰ ৩০৭১ টা সংখ্যা অসমৰ সকলো নাগৰিকে আজি পঢ়িবলৈ  সক্ষম হৈছে কেৱল নন্দ তালুকদাৰ ফাউণ্ডেচনৰ  ডিজিটাইজিঙ অসম প্ৰকল্পৰ জৰিয়তে ৷  ১৯৮৩ চনত এক দুৰ্ঘটনাত অকালতে হেৰুৱাবলগীয়া হোৱা নন্দ তালুকদাৰে নিজৰ একক প্ৰচেষ্টাত কেইবাহাজাৰ গ্ৰন্থ-আলোচনী  সংগ্ৰহ কৰিছিল ৷ সেই গ্ৰন্থসমূহ তেখেতৰ বাসগৃহত সকলোৰে বাবে উপলব্ধ কৰি ৰাখিছিল তেখেতৰ পৰিয়ালে ৷ তেখেতৰ সুপুত্ৰ  মৃনাল তালুকদাৰে ২০২১ চনত এক প্ৰচেষ্টা হাতত লয় – পিতৃৰ সংগৃহীত গ্ৰন্থ-আলোচনীবোৰ  ডিজিটেল মাধ্যমত ভৱিষ্যতৰ বাবে সংগ্ৰহ কৰি ৰখা,  মাতৃভাষাক ভালপোৱা প্ৰতিজন অসমীয়াই এশ বছৰ পাছতো সেই গ্ৰন্থবোৰ পঢ়িব পৰাকৈ সংৰক্ষণ কৰা ৷ এই প্ৰকল্পটোত বহু কেইজন ব্যক্তিয়ে আৰু সংগঠনে সহায়ৰ হাত আগবঢ়ায় ৷ গ্ৰন্থবোৰ ডিজিটেল ফৰ্মেটত ৰাখিবলৈ আৰু একেলগে দহ হাজাৰ মানুহে ৱেবচাইট খুলিবলৈ এটা শক্তিশালী চাৰ্ভাৰৰ প্ৰয়োজন ৷ চাৰ্ভাৰৰ সকলো খৰচ বহন কৰে অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাসে ৷ বহ্নিমান চিষ্টেমৰ প্ৰতিষ্ঠাপক অভিজিৎ ভূঞাই ৱেবচাইট ডেভেলপমেণ্টৰ সকলো কাম বিনা খৰচে কৰি দিয়ে ৷ প্ৰতিটো পৃষ্ঠা স্কেন কৰি ডিজিটেল ফৰ্মত আনিবলৈ প্ৰয়োজন হয় অৰ্থৰ ৷ তাৰ বাবে নিলয় দাস, পঙ্কজ বৰুৱা আদি বহুতে ব্যক্তিগতভাৱে বৰঙণি আগবঢ়াইছে ৷ ডিজিটাইজিঙ অসম প্ৰকল্পৰ জৰিয়তে কৰিবলীয়া বহু কাম আছে ৷ সকলোৰে সহায়-সহযোগত হয়তো অনতিপলমে ই সম্ভৱ হৈ উঠিব ৷

এটা কথা আমি স্বীকাৰ কৰিব লাগিব যে ৰাজসাহায্য অবিহনে ব্যক্তিগত প্ৰচেষ্টাত বহুতো যুগান্তকাৰী কাম সম্পন্ন কৰিব পাৰি ৷ সেয়া সম্ভৱ কৰি দেখুৱাইছিল শ্ৰীমন্ত শঙ্কৰদেৱে, নাথান ব্ৰাউনে, লক্ষ্মীনাথ বেজবৰুৱাই ৷ ডিজিটাইজিঙ অসমো তেনে এক প্ৰচেষ্টা ৷

(নিয়মীয়া বাৰ্তা, ৭ জুন, ২০২৩)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা