ডাৰউইনৰ বিৱৰ্তন তত্ত্ব আৰু ড° চেলিম এম আলীৰ প্ৰবন্ধ
আমাৰ অসম কাকতৰ ১৩ জানুৱাৰী
সংখ্যাত প্ৰকাশিত ড° চেলিম এম আলীৰ “কাৰ্ল
মাৰ্ক্স আৰু চাৰ্ল্চ ডাৰউইনৰ তথাকথিত সম্বন্ধ“ নামৰ প্ৰবন্ধটো দৃষ্টিগোচৰ হৈছে ৷ তেখেতৰ লেখনিৰ লগত সহমত প্ৰকাশ
কৰিব নোৱাৰিলোঁ ৷ তেখেতৰ অযুক্তিকৰ আৰু কল্পনাপ্ৰসূত কথাবোৰে জনসাধাৰণৰ মনত ভুল ধাৰণাৰ
সৃষ্টি কৰিব পাৰে বুলি ভাবি তলৰ কথা কথাখিনি লিখিবলগীয়া হ’ল ৷
লেখকে কোৱাৰ দৰে ডাৰউইন এজন
শাক-পাচলি ৰুই , পাৰ চৰাই পুহি জীৱিকাৰ পথ বাচি লোৱা সাধাৰণ লোক নাছিল ৷ এটা সম্ভ্ৰান্ত
ঘৰত জন্ম পোৱা ডাৰউইনৰ ককা-দেউতাক আছিল এজন প্ৰসিদ্ধ কবি আৰু ডাক্তৰ ৷ তেওঁৰ দেউতাকো
আছিল এজন ডাক্তৰ ৷ মাকৰ ফালৰ ককাক আছিল এজন
প্ৰসিদ্ধ ব্যৱসায়ী ৷ দেউতাকৰ ইচ্ছা আছিল ডাৰউইনক ডাক্তৰি পঢ়ুৱাবলৈ ৷ সেই উদ্দেশ্যে
১৮২৬ চনত এডিনবাৰ্গ বিশ্ববিদ্যালয়ত
চিকিৎসা বিভাগত পঢ়িবলৈ নাম লগাই দিলে ৷ দুবছৰ পাৰ হ’ল চিকিৎসা বিদ্যাত তেওঁৰ একেবাৰে
মন নবহিল ৷ শেষত ডাৰউইনে ১৮৩১ চনত কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে ৷ লাহে লাহে তেওঁ
উদ্ভিদ আৰু ভূতত্ব বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হয় ৷
এইচ এম এছ বিগল জাহাজখন জৰীপৰ
কামত পৃথিৱী ভ্ৰমণত যাত্ৰা কৰাৰ আগেয়ে জাহাজৰ কেপ্তেইনৰ সহযোগী হিচাপে ডাৰউইনে সুযোগ
লাভ কৰে৷ দেউতাকৰ অনিচ্ছা সত্ত্বেও ২২ বছৰ বয়সত ডাৰউইন এই যাত্ৰালৈ ওলাল ১৮৩১ চনৰ ২৭
ডিচেম্বৰত ৷ সৰু জাহাজখনৰ ১০ X ১২ ফুটৰ কেবিন এটাত দুজন নাবিকৰ সৈতে সম্পূৰ্ণ পাঁচ বচৰ
কাল ডাৰউইনে থাকিবলগীয়া হ’ল ৷ সেয়া কম কষ্টৰ কাম আছিল নে ? মানুহৰ পৰা, পৃথিৱীপৃষ্ঠৰ
পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ সমুদ্ৰত কেৱল উদ্ভিদ, প্ৰাণী আৰু জীৱাশ্ম সংগ্ৰহত পাঁচ বছৰ
কাল পাৰ কৰিলে ৷ অধ্যয়নৰ নামত নানা দুৰ্গম
ঠাই ভ্ৰমণ কৰিবলগীয়া হ’ল, তাৰ ভিতৰত দক্ষিণ আমেৰিকা, আফ্ৰিকা, ইউৰোপ আৰু অষ্ট্ৰেলিয়া
অন্তৰ্ভক্ত আছিল ৷ পাঁচ বছৰত নানা বেমাৰৰ সন্মুখীনো হ’বলগীয়া হ’ল ৷ ১৮৩৬ চনৰ অক্টোবৰ মাহত সেই দুৰ্গম যাত্ৰাৰ
অন্ত পৰে ৷ পাঁচবছৰীয়া সমুদ্ৰ যাত্ৰাৰ পিছত
সুদীৰ্ঘ ২৩ বছৰ তেওঁ সংগ্ৰহ কৰা তথ্য, বিভিন্ন উদ্ভিদ, প্ৰাণী আৰু জীৱাশ্মৰ নমুনাৰ ওপৰত কৰা গৱেষণাৰে ১৮৫৯
চনত ডাৰউইনে প্ৰকাশ কৰি উলিয়ায় বিশ্বৰ এক যুগান্তকাৰী
গ্ৰন্থ ’On the Origin of Species by Means of
Natural Selection ,or the Preservation of favoured Races in the Struggle for
Life’। গ্ৰন্থখনত
মূলত লিখা আছিল বিৱৰ্তন তত্ত্বৰ সপক্ষে নানান যুক্তি আৰু প্ৰমাণ । জৈৱ
বিৱৰ্তনৰ ওপৰত কেইবাদশক যোৰা পুংখানুপুংখ অধ্যয়নৰ অন্তত সকলো জীৱৰে উৎপত্তি একে পূর্বপুৰুষৰ
পৰা হোৱা বুলি আগবঢ়োৱা তেখেতৰ মতবাদ আছিল যুগান্তকাৰী। ইয়াৰ আগলৈকে মানুহৰ উৎপত্তি
সম্বন্ধে বিভিন্ন ধর্মাৱলম্বী লোকে ধৰ্মীয় বিশ্বাসৰ ওপৰত বিভিন্ন ব্যাখ্যা আগ বঢ়াইছিল
৷ ডাৰউইন হ’ল বিশ্বৰ প্ৰথমজন বিজ্ঞানী যিয়ে বৈজ্ঞানিক পদ্ধতিৰে প্ৰজাতিৰ সৃষ্টি বিষয়ত
গৱেষণা কৰিছিল ৷ সেই গৱেষণাৰ বাবেই পিছৰ প্ৰজন্মৰ বিজ্ঞানীয়ে ন ন সূত্ৰ উদ্ভাৱন কৰিবলৈ
সক্ষম হৈছিল ৷ ড° আলীয়ে দাবী কৰা মতে ডাৰউইনে নিজৰ তত্ত্বৰ প্ৰমাণৰ বাবে অজস্ৰ মিছা
কথাৰ সহায় ল’ব লগীয়া হোৱা কথাষাৰ সম্পূৰ্ণ ভিত্তিহীন আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়
৷
ডাৰউইনৰ গ্ৰন্থখন প্ৰকাশৰ
এবছৰ পাছত কাৰ্ল মাৰ্ক্সে অধ্যয়ন কৰে আৰু ১৮৬১ চনত লিখা এখন চিঠিত মাৰ্ক্সে এনেদৰে মন্তব্য দিয়ে, “Darwin’s
book is very important and serves me as a basis in natural science for the
class struggle in history.” ডাৰউইনৰ তত্ত্বৰ প্ৰচাৰৰ বাবে কাৰ্ল মাৰ্ক্সেৰ
সহায় লোৱা কথাটো একেবাৰে বিশ্বাসযোগ্য নহয় ৷
আজিও বিশ্বৰ প্ৰায়ভাগ স্কুল, কলেজৰ পাঠ্যক্ৰমত ডাৰউইনৰ বিৱৰ্তনৰ তত্ত্ব অন্তৰ্ভুক্ত
কৰা হৈছে ৷ ডাৰউইনৰ বহুতো তত্ত্ব ভুল বুলি প্ৰমানিত হ’লেও তেখেতৰ বৈজ্ঞানিক পদ্ধতিৰে
কৰা গৱেষণাক বিশ্বৰ দুটা শতিকাৰ সকলো বৈজ্ঞানিকে স্বীকৃতি দিছে ৷
ড° আলীয়ে লিখিছে যে ব্ৰিটিছ
সকলে ব্ৰাহ্মণতকৈ চৰা হ’বলৈ ডাৰউইনক কাল্পনিক সমুদ্ৰযাত্ৰাৰ প্ৰাৰ্থী সজাই এক অবৈজ্ঞানিক
সূত্ৰ প্ৰদান কৰিলে ৷ ড° আলীয়ে সম্ভৱ বিশ্বৰ প্ৰথমজন ব্যক্তি যিয়ে ডাৰউইনৰ সমুদ্ৰযাত্ৰাৰ
অধ্যয়ন আৰু গৱেষণাক সন্দেহৰ চকুৰে চাইছে ৷ তেওঁ কি তথ্যৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্তত
উপনীত হ’বলগীয়া হ’ল তাক জনালে নথৈ সুখী হলোহেঁতেন৷ কেৱল ব্ৰাহ্মণ সকলে নহয় জাতি-ধৰ্ব নিৰ্বিশেষে ভাৰতবৰ্ষৰ সকলো জনসাধাৰণে
ব্ৰিটিছৰ সাম্ৰাজ্য বৃদ্ধিত হেঙাৰ স্বৰূপ হৈ দেখা দিছিল ৷ ব্ৰিটিছ সকলে ব্ৰাহ্মণতকৈ
চৰা হ’বলৈ বিচৰা কথাটো তেওঁৰ সম্পূৰ্ণ কল্পনাপ্ৰসূত কথা ৷ ডাৰউইনৰ গ্ৰন্থখন প্ৰকাশৰ
এবছৰ আগতে ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনলৈ যায় ৷
ডাৰউইনৰ বিৱৰ্তন তত্ত্বৰ গ্ৰন্থখন ব্ৰিটিছৰ ভাৰতবৰ্ষৰ সাম্ৰাজ্য বৃদ্ধিৰ
বাবে প্ৰকাশ কৰা বুলি ভবাৰ কোনো যুক্তি দেখা নাই, সেয়া ড° আলীৰ মনেসজা কাহিনী হে ৷
ড° আলীয়ে প্ৰবন্ধটোত তেনে বহুতো মনেসজা কাহিনীৰ সহায় লৈছে ডাৰউইনৰ অধ্যয়নক হেয় প্ৰতিপন্ন
কৰিবলৈ যাৰ কোনো সত্যতা নাই ৷
(আমাৰ অসম ১৮ জানুৱাৰীত প্ৰকাশিত)
Comments
Post a Comment