সকলোৰে বাবে জেনেৰিক ঔষধ
সাত বছৰ আগৰ কথা, বৰভূঞাঁ
উপাধিৰ গাড়ীচালক এজন প্ৰেছাৰষ্ট্ৰোক হৈ মৃত্যুমুখত
পৰে ৷ প্ৰতি মাহে তেখেতে উচ্চ ৰক্তচাপৰ বাবে হাজাৰ টকাৰ ঔষধ কিনিব লগীয়া হৈছিল ৷ সেই
মাহত দুই পুত্ৰ সন্তানৰ স্কুলৰ নামভৰ্তীৰ বাবদ দৰমহাৰ সকলো টকা ব্যয় কৰিবলগীয়া হ’ল
৷ টকাৰ অভাৱত নিজৰ কাৰণে ঔষধ কিনিবলৈ নোৱাৰিলে
৷ নিয়মিত ঔষধ নোখোৱাৰ পৰিণতিত মৃত্যুমুখত পৰে ৷ তেনে বহু বৰভূঞাঁৰ কথা আমাৰ
সমাজত শুনিবলৈ পাওঁ যিয়ে ঔষধ কিনিবলৈ নোৱাৰাৰ ফলত প্ৰেছাৰ ষ্ট্ৰোক, হাৰ্ট এটেক বা কিড্নি,
লিভাৰ বেয়া হৈ মৃত্যু মুখত পৰে বা চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰে ৷ পঞ্চাছ বছৰৰ ওপৰৰ বেছিভাগ স্বামী-স্ত্ৰী উচ্চ ৰক্তচাপ,
বহুমূত্ৰ ৰোগ, আঁঠুৰ বিষ আদি ৰোগত ভোগে আৰু তাৰ বাবে প্ৰতি মাহে দুই-তিনি হাজাৰৰ ওপৰত ঔষধৰ বাবদ খৰচ কৰিবলগীয়া
হয় ৷ ইয়াৰ আধা সংখ্যক লোকৰ অত্যধিক দামৰ ঔষধ কিনাৰ ক্ষমতা নাথাকে ৷ যদি আঠ-দহ গুণ কম
দামত সেই একে ঔষধ বজাৰত উপলব্ধ কৰিব পৰা যায় তেনেহ’লে সেইসকল মানুহে নিশ্চয় নিজৰ লাগতিয়াল
ঔষধখিনি কিনিব পাৰিব, দীৰ্ঘায়ু জীৱন পাব ৷
দৰাচলতে
বৰভূঞাঁৰ মৃত্যুৰ আগতেই কম দামৰ জেনেৰিক ঔষধ
বজাৰত উপলব্ধ হৈ আছে ৷ এই জেনেৰিক ঔষধ প্ৰচলিত
ব্ৰেণ্ডেড ঔষধতকৈ আঠ-দহ গুণ কম মূল্যত পোৱা যায় ৷ কেৱল জনসাধাৰণৰ অজ্ঞতা, সমাজৰ সচেতনতাৰ
অভাৱৰ বাবে সেয়া হৈ উঠা নাই ৷
প্ৰথমে
জেনেৰিক ঔষধ নো কি তাক জানো আহক ৷ নতুন ঔষধ
আৱিষ্কাৰৰ লগে লগে ঔষধ নিৰ্মাতা প্ৰতিষ্ঠানে পেটেণ্টৰ বাবে আৱেদন কৰে ৷ পেটেণ্টৰ অনুমোদন
লাভ কৰি ঔষধ নিৰ্মাতাই নিজৰ ব্ৰেণ্ড নাম দি এই ঔষধ বজাৰত বিক্ৰীৰ বাবে এৰি দিয়ে ৷ পেটেণ্ট
শেষ হোৱালৈ প্ৰায় ১২-১৪ বছৰ সময় বজাৰত কেৱল এটা ব্ৰেণ্ড নামতহে ঔষধবিধ উপলব্ধ হয় ৷
এই কেইবছৰত কোম্পানীয়ে অধিক দামত বিক্ৰী কৰি ঔষধবিধ প্ৰস্তুত কৰোঁতে আৰু ইয়াৰ পৰীক্ষাৰ
বাবে বহন কৰা খৰচ সুদে-মূলে উলিয়াই লয় ৷ পেটেণ্টৰ সময় উকলি যোৱাৰ পিছত সেই ঔষধ যিকোনো
ঔষধ নিৰ্মাতাই প্ৰস্তুত কৰিব পাৰে ৷ ঔষধ নিৰ্মাতা সকলে এই ঔষধ ব্ৰেণ্ডেড জেনেৰিক ঔষধ
হিচাপে অথবা ন’নব্ৰেণ্ডেড জেনেৰিক ঔষধ হিচাপে বজাৰত এৰি দিয়ে ৷ এই ন’নব্ৰেণ্ডেড ঔষধ
বজাৰত যথেষ্ট কম দামত উপলব্ধ হয় ৷ দু্য়োবিধ ঔষধতে সক্ৰিয় ৰাসায়নিক উপাদান সম পৰিমাণে
থাকে, ঔষধৰ কাৰ্যকাৰিতা, মানদণ্ড একে থাকে ৷ তদুপৰি বজাৰত উপলব্ধ হোৱাৰ আগতে বিভিন্ন
পৰীক্ষা কৰি তাৰ মানদণ্ড নিৰূপণ কৰাৰ পাছত হে জেনেৰিক ঔষধবিধক ব্যৱহাৰৰ উপযোগী হিচাপে
স্বীকৃতি প্ৰদান কৰা হয় ৷
ভাৰতীয়
চিকিৎসা পৰিষদে ২০১৭ চনতে এটা নিৰ্দেশনা জাৰি কৰিছিল এইবুলি যে প্ৰতিজন চিকিৎসকে প্ৰেচস্ক্ৰিপচনত
ঔষধৰ নাম লিখোতে তাৰ জেনেৰিক নামটো স্পষ্টকৈ আৰু পৰাপক্ষত ডাঙৰ আখৰত লিখিব লাগে (prescribe
drugs with generic names legibly and
preferably in capital letters) ৷ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ আইন, ২০১৯
ৰ অধীনত উপযুক্ত ৰাজ্যিক চিকিৎসা পৰিষদ অথবা এথিক্স চিকিৎসা পঞ্জীয়ন ব'ৰ্ড (ইএমআৰবি)ক
উপৰোক্ত নিয়মাৱলীৰ ব্যৱস্থা উলংঘা কৰাৰ বাবে চিকিৎসকৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা
গ্ৰহণ কৰাৰ ক্ষমতা প্ৰদান কৰে। ইয়াৰ পাছতো অসমৰ চিকিৎসকে জেনেৰিক ঔষধৰ নাম লিখা সাধাৰণতে
দেখা নাযায় ৷ ইয়াৰ ফলত দুখীয়া লোকসকলক কম মূল্যত ঔষধ কিনি খোৱাৰ সুবিধাৰ পৰা বঞ্চিত
কৰা হৈছে ৷ উদাহৰণস্বৰূপে উচ্চ ৰক্তচাপত ভোগা ৰোগী এজনৰ বাবে চিকিৎসকে প্ৰতিদিনে ৰাতিপুৱা
খাবলৈ দিয়া ঔষধ এবিধ হ’ল স্টেম্ল’ ৫ ৷ ই এটা ব্ৰেণ্ডেড ঔষধ, বজাৰত ৩০টা টেবলেটৰ দাম
৯৭.৫০ টকা ৷ এইবিধ ঔষধৰ জেনেৰিক নাম হ’ল এম্ল’ড’পিন ৫, জেনেৰিক ঔষধৰ দাম হ’ল মাত্ৰ
১৬.৫০ টকা ৷ ঠিক তেনেদৰে গেষ্ট্ৰিকৰ বাবে বহুতকে পেন ৪০ নামৰ ঔষধবিধ খাবলৈ দিয়া হয়
৷ ইয়াৰ জেনেৰিক নাম হ’ল পেণ্ট’প্ৰাজ’ল ৪০ মিলিগ্ৰাম, ১৫ টেবলেটৰ দাম মাত্ৰ ১৮ টকা ৷
অথচ ডাক্তৰে ইয়াৰ ব্ৰেণ্ডেড নাম পেন ৪০ লিখা বাবে আমি দাম দিব লগীয়া হয় ১৫০ টকা ৷ বহুমূত্ৰ ৰোগীয়ে ব্যৱহাৰ কৰা এবিধ ঔষধ হ’ল Glycomet
GP 2 যাৰ ১৫টা টেবলেটৰ দাম ১৭০.৭৫ টকা ৷ ইয়াৰ একে সংখ্যক টেবলেটৰ
জেনেৰিক ঔষধৰ দাম মাত্ৰ ২৬.৫০ টকা ৷ ঔষধালয়বোৰত অলপ সময় থিয় দি থাকিলে আপুনি দেখিব
প্ৰায়ভাগ দুখীয়া ৰোগীয়ে চিকিৎসকৰ নিদানপত্ৰত লিখা সম্পূৰ্ণ ঔষধ কিনিবলৈ সক্ষম নহয় ৷
বহুতে আধাতকৈ কম পৰিমাণৰ ঔষধ লৈ ঘৰমূৱা হ’বলগীয়া হয় ৷ ফলত বেমাৰ সম্পূৰ্ণকৈ ভাল নহয়,
কেতিয়াবা বেছি হৈ যায় ৷ বিশেষকৈ এণ্টিবায়টিকৰ সম্পূৰ্ণ ড’জ নোলোৱাৰ ফলত আন আন সমস্যাই
দেখা দিয়ে ৷ আন এটা মন কৰিবলগীয়া কথা হ’ল একেবিধ ঔষধৰ ব্ৰেণ্ড অনুযায়ী বেলেগ বেলেগ
দাম ৷ এণ্টিবায়টিক অফ্ল’ক্সেচিন টেবলেট বজাৰত উপলব্ধ ব্ৰেণ্ডবোৰৰ মূল্য তুলনা কৰিলে
দেখিবলৈ পাব যে অ’২ ব্ৰেণ্ডৰ মূল্য ১৬৪.৫০ টকাৰ বিপৰীতে অফ্লমেকৰ মূল্য ৮০.৫০ টকা ৷ অৰ্থাৎ ব্ৰেণ্ডেড ঔষধৰ
ভিতৰতে দুগুনতকৈ বেছ দামৰ তাৰতম্য থাকে ৷ পৰিতাপৰ কথা যে ৰোগীজনৰ আৰ্থিক অৱস্থাটো চাই
চিকিৎসকে কেতিয়াও কম মূল্যৰ ঔষধ দিয়া দেখা নাযায় ৷ জেনেৰিক নে ব্ৰেণ্ডেড ঔষধ কিনিব বা ব্ৰেণ্ড কিনিলে কোনটো ব্ৰেণ্ড
কিনিব তাৰ সিদ্ধান্ত চিকিৎসকতকৈ ৰোগীয়ে নিজে ল’ব পাৰে বা লোৱা উচিত ৷ আমি চোলা এটা
কিনিলে কি ব্ৰেণ্ডৰ কিনিম বা ফুটপাথৰ পৰা ন’নব্ৰেণ্ডেদ কিনিম নেকি এই সিদ্ধান্ত নিজৰ
জেপত থকা ধন বা নিজৰ ইচ্ছাৰ ওপৰত ভিত্তি কৰি লওঁ, তেনেদৰে ঔষধৰ ব্ৰেণ্ড আমি নিজে নিৰ্ণয়
কৰিব পাৰোঁ যিহেতু এই সকলোবিধ ঔষধৰ গুণগত মান একে ৷ সহজ ভাষাত ক’বলৈ হ’লে শিশু এটিক
চিকিৎসকে গাখীৰ খাবলৈ দিলে পিতৃ-মাতৃয়ে শিশুৰ বাবে ক’ৰ পৰা গাখীৰ কিনিব সেয়া নিজে নিৰূপণ
কৰে ৷ চিকিৎসকে “আমূল তাজা“ ব্ৰেণ্ডৰহে গাখীৰ কিনিবলৈ বাধ্য কৰালে আমি তাক সহজভাবে
গ্ৰহণ নকৰোঁ ৷
আপোনালোকে
শুনিলে আচৰিত হ’ব যে বিশ্বৰ জেনেৰিক ঔষধৰ ২০ শতাংশ উৎপাদন কৰি ভাৰতবৰ্ষ জেনেৰিক ঔষধ
নিৰ্মাতা দেশৰ ভিতৰত প্ৰথমস্থান দখল কৰি আছে ৷ জেনেৰিক ঔষধ ৰপ্তানী কৰা হয় আমেৰিকা,
ইংলেণ্ড, ৰাছিয়া, দক্ষিণ আফ্ৰিকা আদি দেশবোৰত ৷ ২০২১-২২ বৰ্ষত ভাৰতে ২৪.৬
বিলিয়ন ডলাৰৰ (প্ৰায় ২ লাখ কোটি টকা) জেনেৰিক ঔষধ বিদেশলৈ ৰপ্তানী কৰিছে ৷ অৰ্থাৎ ভাৰতৰ
দুখীয়া জনসাধাৰণৰ বাবে অধিক দামৰ ব্ৰেণ্ডেড ঔষধৰ বজাৰৰ ব্যৱস্থা কৰি বিদেশৰ ধনী দেশবোৰত
কম মূল্যৰ জেনেৰিক ঔষধ ৰপ্তানী কৰা হৈছে ৷ ২০২০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত ৯০% নিদানপত্ৰ
জেনেৰিক ঔষধৰ নাম লিখা হৈছে, ২০১০ চনত ই আছিল ৭৮% ৷ ইংলণ্ডত ৮৩% নিদানপত্ৰত জেনেৰিক
ঔষধ লিখা হয় ৷ আনহাতে ভাৰতৰ চিকিৎসক সকলে জেনেৰিক ঔষধৰ নাম লিখা কেতিয়াবা হে দেখা যায়
৷
জেনেৰিক
ঔষধ নিলিখাৰ অন্যতম কাৰক হিচাপে দেখা দিয়ে চিকিৎসকে ঔষধ প্ৰস্তুতকাৰীৰ পৰা পোৱা লাভাংশ ৷ তদুপৰি আন
এটা অভিযোগ উত্থাপন কৰা হয় যে জেনেৰিক ঔষধ সহজে উপলব্ধ নহয় ৷ ভাৰত চৰকাৰে "জন
ঔষধি" (জনসাধাৰণৰ বাবে ঔষধ) নামকৰণেৰে লোৱা কাৰ্যসূচীৰ সহায়ত জেনেৰিক ঔষধৰ ৰিটেইল
দোকান গাঁও, নগৰ, চহৰত স্থাপন কৰাৰ পৰিকল্পনা হাতত লয় যাৰ সহায়ত দেশৰ দৰিদ্ৰ লোকসকলে
একেই মানদণ্ডৰ ব্ৰেণ্ডবিহীন ঔষধ সুলভ মূল্যত
পাব পাৰে ৷ এতিয়ালৈ দেশত প্ৰায় ৯০০০ এনে কেন্দ্ৰ স্থাপন হৈছে, তাৰ ভিতৰত ৭৫টা জন ঔষধি
কেন্দ্ৰ অসমত চলি আছে ৷ দেশৰ যি কোনো নাগৰিকে জেনেৰিক ঔষধৰ এনে কেন্দ্ৰ খুলিব পাৰে
৷ চৰকাৰে ইয়াৰ বাবে বিভিন্ন সুবিধা নাগৰিকক দিছে যাতে কম মূলধনেৰে এনে কেন্দ্ৰ খুলি
স্বনিৰ্ভৰশীল হ’ব পাৰে ৷ তেনেদৰে দাৱাইণ্ডিয়া নামেৰে বেচৰকাৰী প্ৰতিষ্ঠান এটাই ভাৰতৰ
বিভিন্ন স্থানত ৬০০ৰ ওপৰত ৰিটেইল দোকান খুলি কেৱল জেনেৰিক ঔষধ বিক্ৰী কৰি আহিছে ৷ গুৱাহাটীৰ
উলুবাৰীত ইয়াৰ এটা শাখা অৱস্থিত ৷ মই নিজেও এবছৰ ধৰি ইয়াৰ পৰা জেনেৰিক ঔষধ কিনি ব্যৱহাৰ কৰিছোঁ ৷ মন কৰিবলগীয়া
কথাটো হ’ল চৰকাৰী নিয়ম অনুযায়ী প্ৰতিখন ফাৰ্মাচীত
জেনেৰিক ঔষধ ৰখাৰ ব্যৱস্থা কৰিব লাগে ৷ কিন্তু প্ৰায়ভাগ ফাৰ্মাচীয়ে তাক মানি চলা দেখা
নাযায় ৷
জনসাধাৰণে
বিচাৰিলে চিকিৎসকে নিশ্চয়কৈ জেনেৰিক ঔষধ লিখিবলৈ আৰম্ভ কৰিব ৷ তাৰ লগে লগে সকলো ফাৰ্মাচীত ইয়াক উপলব্ধ কৰিবলৈ
বাধ্য কৰাব পৰা যাব ৷ জনসাধাৰণে আগবাঢ়ি আহি জন ঔষধিৰ কেন্দ্ৰ নিজৰ গাঁও বা নগৰত স্থাপন
কৰি দুখীয়ালোকৰ বাবে জেনেৰিক ঔষধ উপলব্ধ কৰিব পাৰে ৷ কেৱল মানুহৰ বাবেই নহয়, গাঁৱৰ
দুখীয়ালোক সকলৰ পোহনীয়া গাইগৰু, হাঁহ-কুকুৰা, গাহৰি আদি সকলো পশুধনৰ ৰোগ নিৰাময়ৰ বাবে
প্ৰয়োজন হোৱা ঔষধ কম মূল্যত উপলব্ধ হ’লে আমাৰ কৃষকসকল বিশেষভাবে উপকৃত হ’ব ৷ আমি বিচাৰোঁ
দেশৰ প্ৰতিখন গাঁও, চহৰত কম মূল্যৰ জেনেৰিক ঔষধ উপলব্ধ হওক যাতে বৰভূঞাঁৰ দৰে কোনো
নাগৰিক ঔষধ কিনিব নোৱাৰাৰ ফলত মৃত্যুমুখত পৰিবলগীয়া নহয় ৷
(২৪ ফেব্ৰুৱাৰী, ২০২৩ ত আমাৰ অসম কাকতত প্ৰকাশিত)
Comments
Post a Comment