Posts

Showing posts from February, 2023

সকলোৰে বাবে জেনেৰিক ঔষধ

  সাত বছৰ আগৰ কথা, বৰভূঞাঁ উপাধিৰ গাড়ীচালক এজন   প্ৰেছাৰষ্ট্ৰোক হৈ মৃত্যুমুখত পৰে ৷ প্ৰতি মাহে তেখেতে উচ্চ ৰক্তচাপৰ বাবে হাজাৰ টকাৰ ঔষধ কিনিব লগীয়া হৈছিল ৷ সেই মাহত দুই পুত্ৰ সন্তানৰ স্কুলৰ নামভৰ্তীৰ বাবদ দৰমহাৰ সকলো টকা ব্যয় কৰিবলগীয়া হ’ল ৷ টকাৰ অভাৱত নিজৰ কাৰণে ঔষধ কিনিবলৈ নোৱাৰিলে   ৷ নিয়মিত ঔষধ নোখোৱাৰ পৰিণতিত মৃত্যুমুখত পৰে ৷ তেনে বহু বৰভূঞাঁৰ কথা আমাৰ সমাজত শুনিবলৈ পাওঁ যিয়ে ঔষধ কিনিবলৈ নোৱাৰাৰ ফলত প্ৰেছাৰ ষ্ট্ৰোক, হাৰ্ট এটেক বা কিড্নি, লিভাৰ বেয়া হৈ মৃত্যু মুখত পৰে বা চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰে ৷   পঞ্চাছ বছৰৰ ওপৰৰ বেছিভাগ স্বামী-স্ত্ৰী উচ্চ ৰক্তচাপ, বহুমূত্ৰ ৰোগ, আঁঠুৰ বিষ আদি ৰোগত ভোগে আৰু তাৰ বাবে   প্ৰতি মাহে দুই-তিনি হাজাৰৰ ওপৰত ঔষধৰ বাবদ খৰচ কৰিবলগীয়া হয় ৷ ইয়াৰ আধা সংখ্যক লোকৰ অত্যধিক দামৰ ঔষধ কিনাৰ ক্ষমতা নাথাকে ৷ যদি আঠ-দহ গুণ কম দামত সেই একে ঔষধ বজাৰত উপলব্ধ কৰিব পৰা যায় তেনেহ’লে সেইসকল মানুহে নিশ্চয় নিজৰ লাগতিয়াল ঔষধখিনি কিনিব পাৰিব, দীৰ্ঘায়ু জীৱন পাব ৷ দৰাচলতে বৰভূঞাঁৰ মৃত্যুৰ আগতেই কম দামৰ জেনেৰিক   ঔষধ বজাৰত উপলব্ধ   হৈ আছে ৷ এই...

সেই চিঠিখন

 যোৱা ২৯ জানুৱাৰী প্ৰতিদিন কাকতত প্ৰকাশিত “সেই চিঠিখন“ নামৰ প্ৰবন্ধটো আমাৰ দৃষ্টিগোচৰ হ’ল ৷ লীনা শৰ্মা বাইদেউৰ লগত চিঠিখন খুলিব নলগা সম্বন্ধে একমত প্ৰকাশ কৰিব নোৱাৰিলোঁ ৷ এই কথাটোত আমাৰ কিছু ক’বলগীয়া আছে ৷ শ্ৰদ্ধাৰ নীলমনি ফুকনে জ্ঞনপীঠ বঁটা লাভ কৰাৰ পিছতে অৰ্থাৎ আজিৰ পৰা এবছৰ এমাহ আগত মনোজ কুমাৰ গোস্বামীয়ে আমাৰ অসমত চিঠিখনৰ বিষয়ে উল্লেখ কৰিছিল ৷ তাৰ পাছত সামাজিক মাধ্যম আৰু বৈদ্যুতিন মাধ্যমত আলোড়নৰ সৃষ্টি হৈছিল ৷ সকলোৱে চিঠিখন খোলাৰ সপক্ষে মন্তব্য ৰাখিছিল ৷ তেতিয়া নীলমনি ফুকনো জীৱীত অৱস্থাত আছিল ৷ সন্মানীয় লীনা বাইদেউৰ চিঠিখন খোলা সম্বন্ধে আপত্তি যদি আছিল তেনেহ’লে ফুকন ছাৰৰ লগত কথা পাতিব লাগিছিল ৷ তেখেত বা তেখেতৰ নিচিনা আজি যি সকলে চিঠিখন খোলাৰ বিৰোধিতা কৰিছে সেইসকলে ছাৰক বুজাব লাগিছিল ৷ সময়ৰ কাম সময়ত তেখেতসকলে নকৰিলে ৷ মৃত্যুৰ পাছত এই কথাটো লৈ পুনৰ হৈ চৈৰ সৃষ্টি কৰি যদি নোখোলা সিদ্ধান্ত লোৱা হয় তেতিয়া অসমীয়া সমাজে নীলমনি ফুকন ছাৰক চৰম অপমান কৰা নহ’ব নে? সেই অধিকাৰ লীনা শৰ্মা বাইদেউ বা আন কাৰোৰে হাতত নাই ৷ নীলমনি ফুকন ছাৰে চিঠিখন লেখাই কিমান বছৰ হ’ল ৷ তেখেতেৰ সিদ্ধান্তত ইমান বছৰে অট...

ডাৰউইনৰ বিৱৰ্তন তত্ত্ব আৰু ড° চেলিম এম আলীৰ প্ৰবন্ধ

  আমাৰ অসম কাকতৰ ১৩ জানুৱাৰী সংখ্যাত প্ৰকাশিত   ড° চেলিম এম আলীৰ “কাৰ্ল মাৰ্ক্স আৰু চাৰ্ল্চ ডাৰউইনৰ তথাকথিত সম্বন্ধ“ নামৰ প্ৰবন্ধটো   দৃষ্টিগোচৰ হৈছে ৷ তেখেতৰ লেখনিৰ লগত সহমত প্ৰকাশ কৰিব নোৱাৰিলোঁ ৷ তেখেতৰ অযুক্তিকৰ আৰু কল্পনাপ্ৰসূত কথাবোৰে জনসাধাৰণৰ মনত ভুল ধাৰণাৰ সৃষ্টি কৰিব পাৰে বুলি ভাবি তলৰ কথা কথাখিনি লিখিবলগীয়া হ’ল ৷ লেখকে কোৱাৰ দৰে ডাৰউইন এজন শাক-পাচলি ৰুই , পাৰ চৰাই পুহি জীৱিকাৰ পথ বাচি লোৱা সাধাৰণ লোক নাছিল ৷ এটা সম্ভ্ৰান্ত ঘৰত জন্ম পোৱা ডাৰউইনৰ ককা-দেউতাক আছিল এজন প্ৰসিদ্ধ কবি আৰু ডাক্তৰ ৷ তেওঁৰ দেউতাকো আছিল এজন ডাক্তৰ   ৷ মাকৰ ফালৰ ককাক আছিল এজন প্ৰসিদ্ধ ব্যৱসায়ী ৷ দেউতাকৰ ইচ্ছা আছিল ডাৰউইনক ডাক্তৰি পঢ়ুৱাবলৈ ৷ সেই উদ্দেশ্যে ১৮২ ৬ চনত এডিনবাৰ্গ বিশ্ববিদ্যালয়ত চিকিৎসা বিভাগত পঢ়িবলৈ নাম লগাই দিলে ৷ দুবছৰ পাৰ হ’ল চিকিৎসা বিদ্যাত তেওঁৰ একেবাৰে মন নবহিল ৷ শেষত ডাৰউইনে ১৮৩১ চনত কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে ৷ লাহে লাহে তেওঁ উদ্ভিদ আৰু ভূতত্ব বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হয় ৷ এইচ এম এছ বিগল জাহাজখন জৰীপৰ কামত পৃথিৱী ভ্ৰমণত যাত্ৰা কৰাৰ আগেয়ে জাহাজৰ কেপ্তেইনৰ সহযো...

জৈৱ সন্ত্ৰাসবাদ, চিকিৎসালয়ৰ প্ৰতাৰণা ইত্যাদি

  যোৱা ২ জানুৱাৰী, ২০২৩ তাৰিখে প্ৰজেক্ত ভেৰিটাচ নামৰ এটা সংগঠনে ষ্ট্ৰিঙ অপাৰেচনেৰে তোলা এটা গোপন ভিডিও সমাজিক মাধ্যমত তোলপাল লগায় ৷ এতিয়ালৈকে বিশ্বৰ কেইবাকোটি লোকে এই ভিডিওটো চাইছে আৰু ভয়ত ত্ৰস্তমান হৈ পৰিছে ৷ এয়া বায়’ টেৰৰিজম বা জৈৱ   সন্ত্ৰাসবাদ নেকি তাকেই সকলোৱে ভাবিবলৈ বাধ্য হৈছে ৷ ভিডিওটোত ফাইজাৰ কোম্পানীৰ    জৰ্ডন ট্ৰিছটন ৱাকাৰ নামৰ গৱেষণা আৰু বিকাশৰ সঞ্চালক এজনৰ লগত গোপনে হোৱা কথোপ কথন আছিল ৷ সেই কথোপ কথনত ৱাকাৰে এইবুলি কৈছিল যে ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে ক’ভিড-১৯ ৰ মিউটেচন কৃত্ৰিম ভাবে সৃষ্টি কৰাৰ   কৌশল উলিয়াবলৈ চেষ্টা কৰি আছে ৷ ইয়াৰ উদ্দেশ্য হৈছে যাতে মিউটেচনৰ লগে লগে তাৰ ভেকচিন উলিয়াই তাৰ পৰা প্ৰতিষ্ঠানে লাভৰ মুখ দেখিবলৈ পায় ৷ ৱাকাৰে কথাৰ মাজত ২০১৯ চনত ক’ভিড ভাইৰাচ আবিৰ্ভাৱত ৱুহান ইনষ্টিটিউট অফ ভাইৰোলজীত যি ঘটিছিল   এতিয়াৰ ফাইজাৰে কৰা গৱেষণাৰ মাজৰ সাদৃশ্যৰ বিষয়েও আলোচনা কৰিছিল ৷ ৱাকাৰে ভিডিঅ'টোত স্পষ্টকৈ কৈছিল যে ক’ভিড-১৯ এ কিছু সময়ৰ বাবে ফাইজাৰৰ বাবে "খীৰতী গাই" (Cash cow) স্বৰূপে দেখা দিছে। ভিডিওটো ভাইৰেল হোৱাৰ পাছতে ফাইজাৰৰ পৰা সেই অভিয...