দৰিদ্ৰ জনতাৰ বাবে জেনেৰিক ঔষধ কেতিয়া সহজলভ্য হ’ব?

 একৈশ শতিকাত ভাৰতীয় জনসাধাৰণে সন্মুখীন হোৱা এটা প্ৰধান সমস্যা হৈছে ব্যয়বহুল চিকিৎসা ব্যৱস্থা৷ হাস্পতালৰ বৰ্ধিত মূল্য, ঔষধৰ আকাশলংঘী দাম, নিম্ন মধ্যবিত্ত পৰিয়ালৰ বাবে ই এক গধুৰ বোজা৷ দেশৰ আধাতকৈ বেছি সংখ্যক মানুহে টকাৰ অভাৱত দৈনন্দিন প্ৰয়োজনীয় দৰৱ কিনিবলৈ অক্ষম৷ প্ৰতিদিনে হাজাৰ হাজাৰ লোক দৰৱৰ অভাৱত মৃত্যু মুখত পৰিবলগীয়া হয় বা পঙ্গু হৈ জীৱন নিৰ্বাহ কৰিবলগীয়া হয়৷ তেওঁলোকক যদি ১০ গুণ কম দামত সেই একেখিনি দৰৱ  উপলব্ধ কৰাব পৰা যায় সেয়া হয়তো দুখীয়া মানুহৰ বাবে ভগৱানৰ আশীৰ্বাদ হৈ পৰিব৷ প্ৰকৃততে দুই ধৰণৰ ঔষধ বজাৰত কিনিবলৈ পোৱা যায়, এবিধ ব্ৰেণ্ডড ঔষধ যাৰ দাম বেছি আৰু প্ৰতিটো হাস্পতাল বা প্ৰতিজন ডাক্তৰে  প্ৰেচস্ক্ৰিপচনত সেই দৰৱে লিখে আৰু আনবিধ হ’ল একেই মানদণ্ডৰ জেনেৰিক ঔষধ যি বহুত কম দামত উপলব্ধ অথচ প্ৰেচস্ক্ৰিপচনত ই স্থান নাপায়৷ দেশৰ দুখীয়া জনসাধাৰণে এই কম দামৰ ঔষধ সম্পৰ্কে সম্পূৰ্ণ অজ্ঞ বা বহুতে ভুল ধাৰণা লৈ থকাৰ বাবে জেনেৰিক ঔষধ ব্যৱহাৰৰ পৰা বিৰত থাকে৷ আনহাতে সকলো ঠাইতে ই উপলব্ধ নহয়৷   

২০১২ চনত অভিনেতা আমীৰ খানে ’সত্যমেৱ জয়তে’ নামৰ টেলিভিচন শ্বো এটাৰ জৰিয়তে জেনেৰিক ঔষধ জনপ্ৰিয় কৰণৰ প্ৰচেষ্টা হাতত লৈছিল৷ বহুতো প্ৰতিষ্ঠিত চিকিৎসকে সেই সময়ত আমীৰ খানৰ বিপক্ষে থিয় দিছিল, গালি পাৰিছিল, জনসাধাৰণক বিপথে পৰিচালিত কৰা বুলি অভিযোগ কৰিছিল৷   সেই টক শ্বোৰ পৰা দহ বছৰ পাৰ হ’ল, জেনেৰিক ঔষধৰ ওপৰত যথেষ্ট আলোচনা-বিলোচনা হ’ল যদিও আজিও দুখীয়া জনসাধাৰণৰ বাবে  কম মূল্যৰ জেনেৰিক ঔষধ উপলব্ধ নহ’ল৷

১৯৮৪ চনৰ ২৪ ছেপ্টেম্বৰত ৯৮ তম আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছত ঔষধৰ মূল্য প্ৰতিযোগিতা আৰু পেটেণ্ট ম্যাদ পুনৰুদ্ধাৰ নামৰ আইনখন গৃহীত হয়, যাক অনানুষ্ঠানিকভাৱে হেচ্চ-ৱাক্সমেন আইন বুলি কোৱা হয়৷ ঔষধ প্ৰস্তুতকৰ্তা সকলক জেনেৰিক ঔষধ নিৰ্মাণত উদগনি দিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত চৰকাৰীভাৱে  জেনেৰিক ঔষধ নিয়ন্ত্ৰণৰ প্ৰয়োজনত এই আইন প্ৰণয়ন কৰা হয়৷ জেনেৰিক ঔষধৰ এয়া আছিল আৰম্ভণি৷

নতুন ঔষধ আৱিষ্কাৰৰ লগে লগে ঔষধ নিৰ্মাতা প্ৰতিষ্ঠানে পেটেণ্টৰ বাবে আৱেদন কৰিব পাৰে৷ সাধাৰণতে ২০ বছৰৰ বাবে সেই প্ৰতিষ্ঠানে পেটেণ্ট লাভ কৰে৷ পেটেণ্ট লাভৰ পিছত  আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসন (এফ.ডি.এ.) আৰু বিনিয়োগকাৰীসকলৰ অনুমোদনৰ বাবে ফাৰ্মাচিউটিকেল কোম্পানী এটাক আঠ বছৰ পৰ্য্যন্ত সময়ৰ দৰকাৰ। মানৱ দেহত এই ঔষধৰ পাৰ্শ্বক্ৰিয়া আৰু ইয়াৰ কাৰ্য্যকাৰিতা চাবলৈ এইখিনি সময়ৰ প্ৰয়োজন৷ এফডিএৰ অনুমোদন লাভ কৰি ঔষধ নিৰ্মাতাই নিজৰ ব্ৰেণ্ড নাম দি এই ঔষধ বজাৰত বিক্ৰিৰ বাবে এৰি দিয়ে৷ পেটেণ্ট শেষ হোৱালৈ প্ৰায় ১২ বছৰ সময় বজাৰত কেৱল এটা ব্ৰেণ্ড নামতহে ঔষধবিধ উপলব্ধ হয়৷ এই কেইবছৰত কোম্পানীয়ে অধিক দামত বিক্ৰি কৰি ঔষধবিধ প্ৰস্তুত কৰোঁতে আৰু ইয়াৰ পৰীক্ষাৰ বাবে বহন কৰা খৰচ সুদে-মূলে উলিয়াই লয়৷ পেটেণ্টৰ ২০ বছৰৰ পিছত সেই ঔষধ যিকোনো ঔষধ নিৰ্মাতাই প্ৰস্তুত কৰিব পাৰে, ফলত ইয়াৰ দাম কেইবাগুণো কমি যায়৷  ঔষধ নিৰ্মাতা সকলে এই ঔষধ ব্ৰেণ্ডেড জেনেৰিক ঔষধ হিচাপে অথবা ন’নব্ৰেণ্ডেড জেনেৰিক ঔষধ হিচাপে বজাৰত এৰি দিয়ে৷ এই ন’নব্ৰেণ্ডেড ঔষধ বজাৰত যথেষ্ট কম দামত উপলব্ধ হয়৷ দু্যোবিধ ঔষধতে সক্ৰিয় ৰাসায়নিক উপাদান সম পৰিমাণে থাকে, ঔষধৰ কাৰ্যকৰিতা, মানদণ্ড একে থাকে৷ 

ভাৰতবৰ্ষৰ দৰে দুখীয়া দেশ এখনত জেনেৰিক ঔষধৰ প্ৰয়োজনীয়তাৰ কথা নতুনকৈ কোৱাৰ নিষ্প্ৰয়োজন৷ সেই বাবেই ২০০৮ চনত ভাৰত চৰকাৰে "জন ঔষধি" (জনসাধাৰণৰ বাবে ঔষধ) নামকৰণেৰে নতুন কাৰ্যসূচী হাতত লয়। এই কাৰ্যসূচীত চৰকাৰৰ সহায়ত জেনেৰিক ঔষধৰ ৰিটেইল দোকান গাঁও, নগৰ, চহৰত স্থাপন কৰাৰ পৰিকল্পনা হাতত লয় যাৰ সহায়ত দেশৰ দৰিদ্ৰ লোকসকলে একেই মানদণ্ডৰ ব্ৰেণ্ডবিহীন ঔষধ  সুলভ মূল্যত পাব পাৰে৷ এই জন ঔষধি কেন্দ্ৰই  কেৱল সুলভ মূল্যৰ জেনেৰিক  ঔষধহে বিক্ৰী কৰিব পাৰে৷ ২০১৬ চনৰ পৰা চৰকাৰে জন ঔষধি কেন্দ্ৰ নতুনকৈ স্থাপন কৰাৰ ওপৰত বিশেষ গুৰুত্ব দি আহিছে৷ বৰ্তমান দেশত প্ৰায় ৮৬০০ কেন্দ্ৰ চলি আছে৷ দেশৰ যি কোনো নাগৰিকে জেনেৰিক ঔষধৰ এনে কেন্দ্ৰ খুলিব পাৰে৷ চৰকাৰে ইয়াৰ বাবে বিভিন্ন সুবিধা নাগৰিকক দিছে যাতে কম মূলধনেৰে এনে কেন্দ্ৰ খুলি স্বনিৰ্ভৰশীল হ’ব পাৰে৷ তেনেদৰে দাৱাইণ্ডিয়া নামেৰে বেচৰকাৰী প্ৰতিষ্ঠান এটাই ভাৰতৰ বিভিন্ন স্থানত প্ৰায় ৭০০ ৰিটেইল দোকান খুলি কেৱল জেনেৰিক ঔষধ বিক্ৰি কৰি আহিছে৷

পৃথিৱীৰ সকলো দেশতে প্ৰতি বছৰে জেনেৰিক ঔষধৰ চাহিদা বৃদ্ধি পাইছে৷ এটা সমীক্ষাত এই কথা প্ৰকাশ পাইছে যে ২০২০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত ৯০% প্ৰেচস্ক্ৰিচনত জেনেৰিক ঔষধ লিখা হৈছে, ২০১০ চনত ই আছিল ৭৮%. ইংলণ্ডত ৮৩% প্ৰেচক্ৰিপচনত জেনেৰিক ঔষধ লিখা হয়৷ ভাৰতীয় চিকিৎসা পৰিষদে অক্টোবৰ, ২০১৬ চনত চিকিৎসকসকলৰ বাবে আচৰণ বিধিৰ এক সংশোধনী উলিয়ায় দিয়ে য’ত প্ৰতিজন চিকিৎসকক যথাসম্ভৱ জেনেৰিক ঔষধ লিখিবলৈ উপদেশ দিয়ে৷ ভাৰতৰ বহু কেইখন ৰাজ্যত জেনেৰিক ঔষধ লিখাটো বাধ্যতামূলক কৰিছে৷ কিন্তু দূৰ্ভাগ্যজনক কথাটো হ’ল যে প্ৰায়ভাগ ডাক্তৰে জেনেৰিক ঔষধ নিলিখে৷ বজাৰত উপলব্ধ  দামী ব্ৰেণ্ডৰ ঔষধহে প্ৰেচস্ক্ৰিপচনত স্থান পায়৷ যদিও চৰকাৰী নিয়ম অনুযায়ী  প্ৰতিখন ফাৰ্মাচীত জেনেৰিক ঔষধ ৰখাৰ ব্যৱস্থা কৰিব লাগে, প্ৰায়ভাগ ফাৰ্মাচীয়ে তাক মানি নচলে৷ ফলত কোনোবা ডাক্তৰে জেনেৰিক ঔষধৰ নাম লিখিলেও বজাৰত উপলব্ধ নোহোৱাৰ বাবে ইয়াক কিনিব পৰা নাযায়৷ ইয়াৰ একমাত্ৰ কাৰণ হ’ল ব্ৰেণ্ডেড ঔষধৰ অত্যধিক লাভাংশ আৰু ঔষধ প্ৰস্তুতকাৰীয়ে ডাক্তৰক দিয়া কমিচন৷

 আজি কিছু বছৰৰ পৰা অসমৰ গুৱাহাটী আৰু কেইখনমান নগৰত জেনেৰিক ঔষধৰ দোকান খোলা দেখা গৈছে৷ তাৰ পৰা জনসাধাৰণে সস্তাত কিনিব পৰা হৈছে৷ বহুতো মধ্যবিত্ত পৰিয়ালৰ লোকে ব্ৰেণ্ডেড ঔষধ এৰি জেনেৰিক ঔষধ দ্বিধাহীন ভাৱে ল’বলৈ আৰম্ভ কৰিছে৷ 

         জেনেৰিক ঔষধ কিয় নিলিখে তাৰ কাৰণ জানিবলৈ কেইবাজনো ডাক্তৰৰ লগত কথা পাতিছিলোঁ৷ তেওঁলোকৰ এটাই যুক্তি যে এই ঔষধৰ মানদণ্ড ব্ৰেণ্ডেড ঔষধতকৈ বহুত কম৷ নকল ঔষধৰ মাত্ৰা জেনেৰিকৰ ক্ষেত্ৰত বেছি৷ তেওঁলোকে কি তথ্যৰ ভিত্তিত এই সিদ্ধান্তত উপনীত হ’ল জনা নাযায়৷ জেনেৰিক ঔষধ লিখা ডাক্তৰ গোটেই অসমতে আঙুলিৰ মূৰত গণিব পাৰি৷ এই ঔষধকলৈ পৰীক্ষা বা গৱেষণা কৰাৰ কথা প্ৰকাশ পোৱা নাই৷  জেনেৰিক ঔষধ গুণগতভাৱে একে হয় নে চাবলৈ যোৱা এবছৰৰ পৰা নিজে দৈনন্দিন খাবলগীয়া ঔষধ দাৱাইণ্ডিয়াৰ পৰা কিনি আছোঁ৷ প্ৰতি মাহে ব্ৰেণ্ডেড ঔষধ কিনিলে য’ত ১০৪০ টকাৰ প্ৰয়োজন সেই একেবিধ জেনেৰিক ঔষধ ১৭০ টকাত কিনব পাৰিছোঁ৷ আইচিউত ভৰ্তি কৰা গুৰুতৰ বেমাৰত ভোগা ৰোগীক হয়তো জেনেৰিক ঔষধ সেৱন কৰিবলৈ দিয়াত অসুবিধা থাকিব পাৰে কিন্তু গেষ্ট্ৰিক, উচ্চ ৰক্তচাপ, মধুমেহ আদি ৰোগৰ নিৰাময়ৰ বাবে জেনেৰিক ঔষধ নিশ্চিত ভাৱে কম খৰচত ল’ব পাৰে৷ জন ঔষধি কেন্দ্ৰত উপলব্ধ কেইবিধমান ঔষধৰ তুলনামূলক মূল্য তলত দিয়া হ’ল৷

 

ঔষধৰ জেনেৰিক নাম

ব্ৰেণ্ডেড ঔষধৰ দাম আৰু ব্ৰেণ্ড নাম

জেনেৰিক ঔষধৰ দাম

মন্তব্য

পেণ্ট’প্ৰাজল ৪০ (১৫ টা)

১৫০৷- (PAN 40)

১৮৷-

গেষ্ট্ৰিকৰ বাবে

টেল্মিছাৰটন ৪০ (৩০ টা)

২২২৷১০ (TELMA 40)

৩৬৷-

উচ্চ ৰক্তচাপ, হৃদৰোগ

এম্ল’ডিপিন ৫ (৩০ টা)

৯৭৷- (STEMLO 5 )

১৬.৫০

উচ্চ ৰক্তচাপ,

কেলছিয়াম আৰু ভিটামিন ডি৩ (১০ টা)

১১৯৷- (ShelCal)

৭.৭০

হাড় মজবুত হ’বলৈ

অফ্ল’ক্সেছিন ২০০ (১০ টা)

৯১৷- (OF 200)

১৪.০০

এণ্টিবায়’টিক

গ্লিমপিৰাইড ২ + মেটফৰমিন ৫০০ (১৫ টা)

১৭০.৭৫ (Glycomet GP 2)

২৬.৫০

মধুমেহ ৰোগ

 

আচৰিত হ’বলগীয়া কথাটো হ’ল যে জেনেৰিক ঔষধ উৎপাদনকাৰী দেশবোৰৰ ভিতৰত ভাৰতবৰ্ষ শীৰ্ষস্থানত আছে৷ বিশ্বৰ জেনেৰিক ঔষধৰ ২০ শতাংশ উৎপাদন হয় ভাৰতত৷ ইয়াৰ একেবাৰে কম পৰিমাণে ব্যৱহাৰ হয় আমাৰ দেশত আৰু বাকী সকলো জেনেৰিক ঔষধ ৰপ্তানী কৰা হয় আমেৰিকা, ইংলেণ্ড, ৰাছিয়া, দক্ষিণ আফ্ৰিকা আদি দেশবোৰত৷ ২০২১-২২ বৰ্ষত ভাৰতে ২৪. বিলিয়ন ডলাৰৰ (২০ হাজাৰ কোটি টকা) জেনেৰিক ঔষধ বিদেশলৈ ৰপ্তানী কৰিছে৷ অৰ্থাৎ ভাৰতৰ দুখীয়া জনসাধাৰণৰ বাবে অধিক দামৰ ব্ৰেণ্ডেড ঔষধৰ বজাৰৰ ব্যৱস্থা কৰি বিদেশৰ ধনী দেশবোৰত কম মূল্যৰ জেনেৰিক ঔষধ ৰপ্তানী কৰা হয়৷

জেনেৰিক ঔষধৰ বজাৰখন গাঁও, নগৰ, চহৰলৈ নিবলৈ প্ৰথমে আমি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব৷ প্ৰতিখন ফাৰ্মাচীত জেনেৰিক ঔষধ পৰ্যাপ্ত পৰিমাণে ৰখাটো বাধ্যতামূলক কৰিব লাগিব৷ লগতে সকলো চিকিৎসকে জেনেৰিক ঔষধ হে প্ৰেচস্ক্ৰিপচনত লিখাটো বাধ্যতামূলক কৰিব লাগিব৷ আজিৰ ইণ্টাৰনেট যুগত বেছি সংখ্যক লোকে নিজৰ স্মাৰ্ট ফোনৰ জৰিয়তে ব্ৰেণ্ড আৰু জেনেৰিক ঔষধৰ দামৰ ব্যৱধান উলিয়াব পাৰে৷ কেৱল সকলো ঠাইতে ইয়াক সহজে উপলব্ধ কৰিব পৰা হ’লেই জনসাধাৰণে কম খৰচত নিজৰ স্বাস্থ্যৰ যতন ল’ব পাৰিব৷

এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ আমেৰিকাৰ কেথেৰাইন এবান নামৰ সাংবাদিক এগৰাকীয়ে ২০১৯ চনত প্ৰকাশ কৰা ’বটল অব লাইজ’ নামৰ কিতাপ এখনৰ কথা য’ত ভাৰতীয় ফাৰ্মা কোম্পানীবোৰে জেনেৰিক ঔষধ প্ৰস্তুত কৰাৰ নামত কি কি অসৎ উপায় অৱলম্বন কৰে বিশদভাৱে লিখিছে৷ আন এটা অভিযোগ বহুদিনৰ পৰা শুনা যায় যে এই কোম্পানীবোৰে ঔষধ প্ৰস্তুত কৰোঁতে আমেৰিকা বা ইউৰোপৰ বাবে যি গুণগত মানদণ্ড ৰক্ষা কৰে সেই একেই মানদণ্ড ভাৰত বা আন উন্নয়ণশীল দেশবোৰৰ বাবে মানি নচলে৷ আমেৰিকাৰ এফ ডি আই ৰ দৰে শক্তিশালী প্ৰতিষ্ঠান ভাৰতত নথকাৰ সুবাদতে ঔষধ প্ৰস্তুতকাৰী সকলে এনে কৰিবলৈ সুবিধা পায় বুলি অভিযোগ শুনা যায়৷ ভাৰত চৰকাৰৰ অধীনত থকা প্ৰতিষ্ঠান Central Drugs Standard Control Organisation (CDSCO) এই ক্ষেত্ৰত এক শক্তিশালী ভূমিকা লৈ কেৱল উচ্চ মানদণ্ডৰ জেনেৰিক ঔষধ হে বজাৰত উপলব্ধ হোৱাতো নিশ্চিত কৰিব লাগিব৷       

Comments

  1. খুব গুৰুত্বপূৰ্ণ লিখনি। জেনেৰিক ঔষধৰ কথা খুব কম মানুহেহে জানে। গুণগত দিশত জেনেৰিক ঔষধৰ মান সাধাৰণ দৰৱতকৈ কোনোগুণে ক'ম নহয়।

    ReplyDelete

Post a Comment

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা