অসম আৰক্ষী দিৱস – আৰক্ষীৰ দায়িত্ব আৰু নাগৰিকৰ প্ৰত্যাশা

 

সুদীৰ্ঘ ৭১ বছৰ আগত ১৯৫১ চনৰ অক্টোবৰত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কে আৰ চৌধুৰীদেৱে প্ৰথম ভাৰতীয় বিষয়া হিচাপে ব্ৰিটিছ আৰক্ষী বিষয়া জে এইচ ৰীডৰ পৰা আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ মুখ্য বিষয়াৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। সেই দিনটোৰ স্মৃতি হিচাপে তেতিয়াৰে পৰা এক অক্টোবৰত  উদযাপন কৰি অহা হৈছে অসম আৰক্ষী দিৱস৷ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ হোৱাৰ পৰা ব্ৰিটিছসকলে অসমত আধিপত্য বিস্তাৰ কৰে ৷ ইয়াৰ পিছত আভ্যন্তৰীণ শান্তি ৰক্ষাৰ বাবে ১৮৮২ চনত  দা আছাম ফ্ৰণ্টিয়াৰ পুলিচ গঠন কৰা হয় আৰু পোন প্ৰথমে লখিমপুৰ, কাছাৰ, গাৰো পাহাৰ আৰু নগা পাহাৰত চাৰিখন থানা স্থাপন কৰা হয়৷ ঊনৈশ শতিকাৰ শেষলৈ অবিভক্ত অসমত ৯৪ খন থানা স্থাপন কৰা হয়৷ ১৯৪৭ চনত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত দা আছাম ফ্ৰণ্টিয়াৰ পুলিচ ভাৰত চৰকাৰৰ অধীনলৈ আহে আৰু অসম আৰক্ষী নামেৰে নামকৰণ কৰা হয় ৷

১৮৮২ চনৰ পৰা আৰক্ষী বিভাগে 'জনহিত জনসেৱাৰ্থে' মূল মন্ত্ৰ আগত ৰাখি অসমৰ আভ্যন্তৰীণ শান্তি সম্প্ৰীতি ৰক্ষা কৰাত  সফল হৈ আহিছে৷ অসমৰ সকলোধৰণৰ নাগৰিকৰ  মনত আৰক্ষী বিভাগে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ  নিৰাপত্তা দিব পৰা বিশ্বাসযোগ্যতা অৰ্জন কৰিব পাৰিছে৷ অক্টোবৰ মাহৰ প্ৰথম দিনটোত দেশৰ হকে ছহিদ হ’ব লগীয়া হোৱা, চিৰদিনৰ বাবে পঙ্গু হ’বলগীয়া হোৱা দুৰ্জেয় চিপাহী সকলক সুৱঁৰিছোঁ৷ তেওঁলোক হ’ল সাহস, কৰ্তব্যনিষ্ঠা  আৰু বীৰত্বৰ এক জীৱন্ত ইতিহাস৷ এইখিনিতে অৰক্ষীয়ে সন্মুখীন হ’বলগীয়া হোৱা  কিছু সমস্যাৰ বিষয়ে ক’বলৈ ওলাইছোঁ৷    

প্ৰয়াত সাংবাদিক, সাহিত্যিক হোমেন বৰগোহাঞিয়েমই যেতিয়া ক্লান্ত হওঁকিতাপখনত লিখিছিল যে মানুহে যদি কোনো কামত কেইবাদিনো একেলেথাৰিয়ে লাগি থাকি ক্লান্ত অনুভৱ কৰে তেওঁ দুদিন মান বিশ্ৰাম লাগে বিশ্ৰামৰ এই সময়খিনিত তেওঁ ক্লান্তিহীন হৈ পুনৰ কামত আত্মনিয়োগ কৰিবলৈ শক্তি গোটাব পাৰে প্ৰসংগক্ৰমে তেওঁ মহাভাৰতৰ এটা কাহিনী উল্লেখ কৰিছিল কুৰুক্ষেত্ৰ যুদ্ধত যেতিয়া দুৰ্যোধনে নিজৰ সকলো ভাতৃ, বন্ধু, গুৰু লগতে একাদশ  অক্ষৌহিণী সৈন্য হেৰুৱালে আৰু নিজেও দুখে ভাগৰে অৱস হৈ পৰে, তেওঁ ভৱিষ্যতৰ বাবে শক্তি গোটাবলৈ আৰু ক্লান্তিহীন হৈ পুনৰ যুদ্ধত নামিবলৈ দ্বৈপায়ন হ্ৰদত প্ৰবেশ কৰি আত্মগোপন কৰে

অতি দুখৰ কথা যে অসম আৰক্ষীৰ জোৱানসকলে একেৰাহে দিন-ৰাতি একাকাৰ কৰি কাম কৰাৰ পিছত নিজকে ক্লান্তিহীন হ’বলৈ বিশ্ৰাম নোৱাৰে দ্বৈপায়ন হ্ৰদত জিৰণি লোৱা তেওঁলোকৰ বাবে সুদূৰপৰাহত৷ দুদিন ছুটিৰ বাবে মাহৰ পিছত মাহ  ৰৈ থাকিব লগীয়া হয় বিহু বা পূজাৰ  বন্ধত যেতিয়া সকলো আনন্দত আত্মহাৰা হৈ সময় কটায় বা দূৰ-দূৰণিলৈ ফুৰিবলৈ যায় সেই সময়খিনিত আৰক্ষীৰ জোৱান সকলে অধিক দায়িত্ব মূৰতলৈ কৰ্তব্যত নিয়োজিত হয় নিজৰ পৰিয়ালৰ লগত উৎসৱৰ দিনবোৰত অলপ সময়  কটাবলৈ তেওঁলোকে সুবিধা নাপায় আনকি এনে কিছু আৰক্ষী বিষয়া পাইছোঁ যি নুনমাটী থানাত কৰ্তব্য পালন কৰি মালিগাওঁৰ ঘৰত থকা নিজৰ পৰিলায়ক দেখা কৰিবলৈ এমাহৰ বাবে অপেক্ষা কৰিব লাগে অৰ্থাৎ দিনটোৰ এবেলাৰ বাবেও তেওঁ কৰ্তব্যৰ পৰা আঁতৰি থাকিব নোৱাৰে তেওঁলোকৰ বাবে কামৰ মাজত বিশ্ৰাম এক অলীক কল্পনা হে কৰ্তব্যনিষ্ঠাৰ বাবে সময়ত খোৱা-লোৱা কৰাও তেওঁলোকৰ সম্ভৱ নহয়৷ সেয়েহে হয়তো প্ৰায়বোৰ আৰক্ষীৰ দেহত  মধূমেহ ৰোগ, উচ্চ ৰক্তচাপ ৰোগে কম বয়সত দেখা দিয়া পৰিলক্ষিত হয় প্ৰেচাৰ ষ্ট্ৰোক, হাৰ্ট এটেক আৰু কিডনিৰ  সমস্যাত ভুগি মৃত্যু বৰণ কৰিব লগীয়া হোৱা আৰক্ষীৰ সংখ্যা আন চাকৰিয়ালৰ তুলনাত বহু বেছি

এই সমস্যাবোৰ হৃদয়ঙ্গম কৰি যোৱা বছৰ ৯ জুনত অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ৰাজ্যৰ সমূহ আৰক্ষী অধীক্ষকৰ লগত এদিনীয়া সন্মিলন পাতি মত-বিনিময় কৰে আৰু  লগতে সংবাদমেল পাতি অসম আৰক্ষীৰ দুটা যুগান্তকাৰী সিদ্ধান্তৰ কথা অৱগত কৰে ৷ প্ৰথম সিদ্ধান্ত আৰক্ষীৰ কামৰ হেঁচা তথা চাপ হ্ৰাস কৰাৰ বাবে আৰক্ষী থানা সমূহত দুটা ছিফ্তত কাম কৰাৰ ব্যৱস্থা কৰা ইয়াৰ বাবদ প্ৰয়োজন হোৱা পদৰ বাবে ৰাজ্যৰ আৰক্ষী বিভাগত নতুনকৈ  নিযুক্তিৰ ব্যৱস্থা কৰা দ্বিতীয় সিদ্ধান্তটো বেটেলিয়নত নিয়োজিত জোৱান সকলক তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাবলৈ দৰমহা সহিত ৩০ দিনৰ ছুটিৰ ব্যৱস্থা কৰা

এই দুটা মহত্ত্বপূৰ্ণ সিদ্ধান্তই অসম আৰক্ষীত বহুদিনৰ পৰা অপেক্ষাৰত সংস্কাৰৰ প্ৰথম পদক্ষেপ ৰূপে চিহ্নিত আৰক্ষী বিষয়া সকলে অধিক উদ্যম আৰু শক্তিৰে নিষ্ঠাসহকাৰে সেৱা আগবঢ়োৱাত সহায় হৈ পৰিল যোৱা বছৰৰ পৰা   দক্ষতা বৃদ্ধিৰ বাবে আৰক্ষী বিভাগৰ কনিষ্টবলৰ পৰা পৰিদৰ্শক পদলৈ প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰা নিশ্চয় সঠিক পদক্ষেপ বুলি ক’ব লাগিব ৷ ইয়ে আৰক্ষী আৰু নাগৰিকৰ মাজৰ সম্পৰ্ক বৃদ্ধি কৰা, আৰক্ষীসকলক চাপ মুক্তহৈ কাম কৰাৰ মানসিকতা বঢ়োৱা, তেওঁলোকৰ মনত সহমৰ্মিতা, সহনশীলতা আৰু ভাতৃত্ববোধ বৃদ্ধি হ’ব বুলি আশা কৰিব পাৰি৷  সংবেদনশীল আৰক্ষী - ক্ষমতাপ্ৰাপ্ত সমাজপ্ৰতিষ্ঠাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সঁচাকৈয়ে  আদৰণীয়

উল্লেখ কৰা নিষ্প্ৰয়োজন যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ কিশোৰ আৰু যুৱচামৰ ড্ৰাগছৰ প্ৰতি ক্ৰমবৰ্ধমান আসক্তি আমাৰ সমাজত এক গুৰুতৰ সমস্যা ৰূপে দেখা দি আহিছে ৷ ড্ৰাগছৰ সৰবৰাহ অকল চহৰ বা নগৰাঞ্চলতে সীমিত নহয় অসমৰ চুকে-কোণে আনকি চৰ অঞ্চললৈ পৰ্যবসিত হৈছিল যোৱা বছৰৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে আৰম্ভ কৰা অসম আৰক্ষীৰ যুঁজ খনলৈ সমাজৰ সকলো শ্ৰেণীৰ লোকে আদৰণি জনাইছে ৷ এই যুঁজে অসমত ড্ৰাগ্ছৰ অবৈধ্য ব্যৱসায় যথেষ্ট হ্ৰাস পাইছে বুলি দাবী কৰিব পাৰি৷ ড্ৰাগছৰ উপৰিও অসমৰ জনসাধাৰণে প্ৰতিদিনে ভুগিব লগীয়া হোৱা প্ৰধান সমস্যা বোৰৰ ভিতৰত বাহিৰৰ ৰাজ্যৰ পৰা অসমলৈ অহা নিত্য প্ৰয়োজনীয় সামগ্ৰী সমূহৰ ওপৰত চলা চিণ্ডিকেত ৰাজ, অবৈধ সুৰা, সন্ত্ৰাসবাদী সংগঠন সমূহক নিয়ন্ত্ৰণ কৰা, জুৱাখেল আৰু বিভিন্ন চুৰি কাৰ্য যেনে চিলনী চোৰ, ডকাইতি, গাড়ীচোৰ, চাইবাৰ অপৰাধৰ দ্বাৰা হেৰুৱাব লগীয়া হোৱা নিজৰ সাঁচতীয়া ধন অন্যতম আৰক্ষীৰ এই সংস্কাৰৰ সহায়ত সমাজত অপৰাধৰ সংখ্যা নিশ্চয়কৈ হ্ৰাস পাব আৰু ভৱিষ্যতে এখন অপৰাধমুক্ত সমাজৰ কথা চিন্তা কৰিব পৰা যায় ৷ অসম আৰক্ষীৰ সফলতাৰ লগে লগে বিভাগটোৰ প্ৰতি ৰাইজৰ প্ৰত্যাশা বৃদ্ধি পোৱাটো তেনেই স্বাভাবিক৷ অনাগত দিনত আৰক্ষী বিভাগে সেই প্ৰত্যাশা পূৰণ কৰিব বুলি আশা ৰাখিলোঁ ৷ 

(অসমীয়া খবৰ বাতৰি কাতত ১১০-২০২২ ত প্ৰকাশিত)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা