উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে
ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰ
পৰা ছোভিয়েট ৰাছিয়াৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক
স্থাপন হয় ৷ তাৰ লগে লগে বহুতো ভাৰতীয় মেধাৱী ছাত্ৰ-ছাত্ৰী ছোভিয়েট ৰাছিয়াত উচ্চ শিক্ষা
গ্ৰহণ কৰিবলৈ লয় আৰু শিক্ষা সাং কৰি উভতি আহি তেওঁলোকে দেশৰ বাবে উল্লেখনীয় সেৱা আগবঢ়াইছে
৷ বিশেষকৈ চিকিৎসা বিভাগত ছোভিয়েট ৰাছিয়াত শিক্ষা লাভ কৰা বহুতো ডাক্তৰ আমাৰ দেশত প্ৰতিষ্ঠা
লাভ কৰিছে ৷ ৰাছিয়াত উচ্চ শিক্ষা গ্ৰহণ কৰা
অসমৰ ড° প্ৰনব জ্যোতি ডেকা (খনি বিভাগ) আৰু
ডা° ভৱদেব গোস্বমীৰ (গেষ্ট্ৰো) নাম বিশেষ ভাবে উল্লেখ কৰিব পাৰি ৷ ছোভিয়েট ৰাছিয়া কেইবাখনো
ৰাষ্ট্ৰলৈ বিভক্ত হোৱাৰ পিছত ভাৰতৰ শিক্ষাৰ্থীয়ে ইউক্ৰেইনত শিক্ষা গ্ৰহণ কৰিবলৈ আৰম্ভ
কৰে ৷ চলিত বৰ্ষত আৰম্ভ হোৱা ৰাছিয়া আৰু ইউক্ৰেইনৰ
মাজৰ যুদ্ধৰ সময়ত প্ৰায় ২০,০০০ গৰাকী ভাৰতীয় শিক্ষাৰ্থী ইউক্ৰেইনৰ পৰা উভতি আহিব লগীয়া
হ’ল ৷ ইউক্ৰেইনত দুটা ভাষা সমানে চলে – ইউক্ৰেইনিয়ান আৰু ৰাছিয়ান ভাষা ৷ ভাৰতীয় শিক্ষাৰ্থীয়ে
উচ্চ শিক্ষাৰ বাবে ইউক্ৰেইনত গৈ প্ৰথম এবছৰ ইয়াৰ যি কোনো এটা ভাষা শিকে ৷ এবছৰত বিদেশী
ভাষাটোত বুৎপত্তি লাভ কৰি সেই ভাষাত উচ্চ শিক্ষা ল’বলৈ আৰম্ভ কৰে ৷
ইউক্ৰেইন বা ৰাছিয়াত যিসকলে
গৈ নতুনকৈ বিদেশী ভাষা এটা শিকি উচ্চ শিক্ষা লাভ কৰে তেওঁলোকে কেতিয়াও নকয় যে নতুন
ভাষা এটা উচ্চ শিক্ষাৰ অন্তৰায় হৈ পৰিছে ৷ অথচ আমাৰ দেশত ইংৰাজী ভাষাটো প্ৰথম শ্ৰেণীৰ
পৰা অন্তৰ্ভুক্ত হোৱাৰ পিছতো আমি ভাবো যে মাতৃভাষাত পঢ়া শিক্ষাৰ্থীৰ বাবে ইংৰাজী মাধ্যমত
উচ্চ শিক্ষা লাভ কৰাত অসুবিধা হৈ পৰিছে যাৰ বাবে তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী ভাষাত বিজ্ঞান
আৰু গণিত শিকাৰ প্ৰয়োজন হৈ পৰিছে ৷ চীন দেশত
ইংৰাজী ভাষা একেবাৰে কম ব্যৱহাৰ হয় ৷ কিন্তু আমেৰিকাত আজি প্ৰায় পঞ্চাচ লাখ চীনা লোকে
ইংৰাজী ভাষা শিকি চাকৰি, ব্যৱসায় কৰি জীয়াই আছে ৷ ভাষা শিক্ষাৰ অন্তৰায় হ’লহেঁতেন চীন দেশৰ ইমান সংখ্যক নাগৰিক আমেৰিকাত থিতাপি ল’ব
নোৱাৰিলে হেঁতেন ৷
আশীৰ দশকত আমি স্কুলত পঢ়া
দিনত হিন্দী বা ইংৰাজীত কথা কোৱা মানুহ লগেই নাপাইছিলোঁ ৷ ইংৰাজী বিষয় শিকিবলৈ আৰম্ভ
কৰিছিলো পঞ্চম শ্ৰেণীৰ পৰা ৷ ইংৰাজী ভাষাটো আমাৰ বাবে আছিল এক আচহুৱা ভাষা, বিদেশী
ভাষা ৷ ইংৰাজীত কথা কোৱা মানুহক আমি ভেবা লাগি
চাইছিলোঁ ৷ মেট্ৰিকৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ
পিছত যেতিয়া গুৱাহাটীলৈ পঢ়িবলৈ আহোঁ
ইংৰাজী ভাষাত কথা ক’বলৈ যথেষ্ট অসুবিধা পাইছিলোঁ ৷ আজি সেই পৰিবেশ নাই ৷ সকলো কণ কণ ল’ৰা-ছোৱালী বুজা হোৱাৰ পৰা দূৰদৰ্শন,
ইণ্টাৰনেট, মোবাইলৰ সংস্পৰ্শত ডাঙৰ দীঘল হয় ৷ ডোৰেমন বা নিন্ঝা হাতুৰী টিভি শ্বো চাই
চাই স্কুল যোৱাৰ আগতে হিন্দী ভাষা সলসলীয়াকৈ ক’ব পৰা হৈ যায় ৷ কিছু পৰিমাণে ইংৰাজী
ভাষাতো কথা পাতিব পৰা হৈ যায় ৷ তিনিটা দশকতে বিশ্বায়নৰ প্ৰভাবত বিশাল বিশ্ব এখন গাঁৱলৈ পৰিবৰ্তিত হ’ল যাৰ ফলত ইংৰাজী
ভাষা ভাৰতীয় সকলৰ বাবে গ্ৰহণযোগ্য ভাষা হৈ
পৰিল – সাধাৰণ ৰাইজে বুজি পোৱা বা কিছু পৰিমাণে ক’ব পৰা হ’ল ৷ বহুতো ইংৰাজী শব্দৰ অসমীয়া
প্ৰতিশব্দ আমি নিবিচৰা হ’লো ৷ ফেচবুক, ৱাট্চআপ, ডাটা, চাৰ্ভাৰ, মেম’ৰী স্পেচ, মেম’ৰী
কাৰ্ড, মাডাৰ বোৰ্ড এইবিলাক শব্দ অসমীয়া ভাষাত নিগাজী স্থান পালে ৷ হাইস্কুল শিক্ষান্ত
পৰীক্ষাৰ পিছত বা উচ্চতৰ মাধ্যমিকৰ পিছত উচ্চ শিক্ষাৰ বাবে আজি ইংৰাজী ভাষাটো প্ৰাচীৰ হৈ থকা নাই ৷ সকলো শিক্ষাৰ্থীয়ে
সহজে ইংৰাজী মাধ্যমত শিক্ষা ল’ব পাৰে ৷ এটা কথা ঠিক যে অসমীয়া মাধ্যমত পঢ়ি ইংৰাজীত
কথা ক’বলৈ প্ৰথম অৱস্থাত অলপ সংকোচ পাব পাৰে বা সলসলীয়াকৈ ক’বলৈ অসুবিধা পাব পাৰে ৷
কিন্তু এই অসুবিধা ক্ষন্তেকীয়া হে ৷
এটা কথা প্ৰায়ে কোৱা শুনো
যে অসমীয়া ভাষাত বিজ্ঞান বিষয়ত ভাল সহায়ক পুঠিৰ অভাৱ ৷ সেই অভাবটোও এতিয়া পূৰণ কৰিবলৈ
লৈছে গুগুল অনুবাদকে ৷ এই বছৰতে গুগুল অনুবাদত নতুনকৈ অন্তৰ্ভূক্ত হোৱা ২৪ টা ভাষাৰ
ভিতৰত অসমীয়া ভাষাও আছে ৷ ইংৰাজী বা অসমীয়া প্ৰতিশব্দ বিচাৰিলে গুগুল অনুবাদকত চালেই সহজে উপলব্ধ
হ’ব ৷ এই গুগুল অনুবাদকৰ গোটেই কাম অসম আৰু বিদেশত থকা কেইজন মান অসমীয়া ভাষাক ভাল
পোৱা অসমীয়া মানুহৰ ব্যক্তিগত উদ্যোগত সম্ভৱ হৈছে ৷ তাৰ বাবে চৰকাৰে কোনো ভাষাবিদ বা
চৰকাৰী চাকৰীয়ালক নিযুক্তি দিয়া নাছিল ৷ নতুন
ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ভাৰত চৰকাৰে গ্ৰহণ কৰাৰ পিছত শিক্ষা খণ্ডত পৰিবৰ্তন আহিব
৷ নতুন শিক্ষা নীতিত বৃত্তিমূলক শিক্ষাৰে নতুন নতুন প্ৰযুক্তি বিদ্যাৰ শিক্ষাই বিভিন্ন
দিশত দক্ষতা বৃদ্ধিৰ প্ৰচেষ্টা হাতত ল’ব ৷ তাৰ বাবে নতুন নতুন কিতাপ ওলাব ৷ প্ৰথমতে
সেই কিতাপবোৰ ইংৰাজী মাধ্যমতে উপলব্ধ হ’ব ৷ সেই কিতাপবোৰ অসমীয়া ভাষালৈ অনুবাদ কৰিবলৈ
দেশে বিদেশে বসবাস কৰা অসমীয়া ভাষাক ভাল পোৱা লোকেই আগভাগ ল’ব পাৰে ৷ বেচৰকাৰী সংগঠন সমূহে এই ক্ষেত্ৰত
আগুৱাই আহিব পাৰে ৷
ভাষা সম্বন্ধে যি আলোচনা
হৈ আছে তাত এটা কথা কোৱা হৈছে যে ইংৰাজী মাধ্যমত পঢ়িলে বেচৰকাৰী প্ৰতিষ্ঠানত চাকৰি
পোৱা সহজ হয় ৷ চহৰ, নগৰ ,গাঁও সকলোতে আজি গৰিষ্ঠ সংখ্যকে ইংৰাজী মাধ্যমত পঢ়ে ৷ ইংৰাজী মাধ্যমত উত্তীৰ্ণ হোৱ শিক্ষাৰ্থীৰ কিমানে চাকৰি পাইছে আৰু
কিমানে পোৱা নাই তাৰ তথ্য আমাৰ হাতত নাই ৷ অসমীয়া মাধ্যমত পঢ়ি কিমানজনে বেচৰকাৰী
প্ৰতিষ্ঠানত চাকৰি পালে তাৰো তথ্য নাই ৷ আমি এই সকলোবোৰ কথা গৱেষণা নকৰাকৈ, কোনো তথ্যৰ
ওপৰত ভিত্তি নকৰাকৈ কৈ আছোঁ ৷
ইতিহাস চালে আমি দেখিবলৈ
পাওঁ যে ভাষা এটা উচ্চ শিক্ষাৰ বাবে কেতিয়াও অন্তৰায় হোৱা নাছিল ৷ চাৰি শতিকাত ফা-হিয়ান
আৰু সাত শতিকাতে হিউৱেন চাং সুদূৰ চীন দেশৰ পৰা ভাৰতলৈ আহি সংস্কৃত
ভাষাৰ লগতে ভাৰতীয় অন্যান্য ভাষা শিকি জ্ঞান অৰ্জন কৰিছিল ৷ তেনে বহুত উদাহৰণ আছে ৷
ইংৰাজী ভাষাক আমি বিদেশী ভাষা হিচাপে গ্ৰহণ কৰা মানসিকতা সলনি কৰিব লাগে ৷ বিশ্বায়নৰ
ফলত আজি নতুন প্ৰজন্মই জন্মলগ্নৰ পৰাই মাতৃভাষাৰ লগতে ইংৰাজী ভাষাৰ সংস্পৰ্শত
থাকি ডাঙৰ দীঘল হ’ব লগীয়া হৈছে ৷ ইংৰাজী মাধ্যম
আজি নতুন প্ৰজন্মৰ বাবে দুৰ্ভেদ্য নহয় ৷ দশম শ্ৰেণীৰ পিছত অনায়াসে ইংৰাজী মাধ্যমত উচ্চ
শিক্ষা ল’ব পাৰে ৷
ল’ৰালি কালত মাতৃভাষাত শিক্ষা
গ্ৰহণ কৰাটো শিশুৰ বাবে যথেষ্ট উপকাৰী এই কথা ইতিমধ্যে বহুতো গৱেষণাত প্ৰমাণিত হৈছে
৷ সেয়েহে প্ৰায়ভাগ ৰাষ্ট্ৰত মাতৃ ভাষাত প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰিছে ৷ একেটা সুৰতে
নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ ত স্পষ্টকৈ কোৱা হৈছে যে অতি কমেও গ্ৰেড ৫ লৈকে আৰু
য'তদূৰ সম্ভৱ গ্ৰেড ৮ আৰু তাৰ পিছলৈকে, সকলো বিদ্যালয়ৰ বাবে শিক্ষাৰ মাধ্যম মাতৃভাষা
বা আঞ্চলিক ভাষা হ'ব লাগিব। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ লগত সংগতি ৰাখি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছিল
মাতৃভাষাত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙ শিক্ষাৰ সুবিধা কৰিবলৈ ৷ অসম চৰকাৰে ইতিমধ্যে চিকিৎসা
বিদ্যাৰ লগত জড়িত বৈজ্ঞানিক শব্দৰ অসমীয়া সামৰ্থক বা প্ৰতিশব্দ লিখি উলিয়াবলৈ এখন কমিটি
গঠন কৰিছে ৷ এতিয়া প্ৰশ্ন হৈছে তৃতীয় মানৰ পৰা উচ্চতৰ মাধ্যমিকলৈ ইংৰাজী ভাষাত বিজ্ঞান
আৰু গণিত পঢ়ি এজন ছাত্ৰই চিকিৎসা বিদ্যা আৰু অভিযন্তাৰ পাঠ্যক্ৰম অসমীয়াত পঢ়িব নেকি
? দুয়োটা কথা পৰস্পৰ বিৰোধী নহয় নে ?
বৰ ভাল লাগিল।
ReplyDelete