জ্যেষ্ঠ নাগৰিক সমীপেষু
শেহতীয়া সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুযায়ী ভাৰতীয় নাগৰিকৰ
গঢ় আয়ুস ৬৯.৭ বছৰলৈ বৃদ্ধি পালে ৷ চাৰিটা দশকৰ আগত সেয়া আছিল মাত্ৰ ৫০ বছৰ ৷
দেশৰ স্বাস্থ্য, শিক্ষা, জীৱনৰ মানদণ্ড আদিৰ সামগ্ৰিক উন্নয়নৰ বাবেই এই সফলতা সম্ভৱ হৈছে ৷ আনহাতে
বিশ্বৰ জনসংখ্যাৰ গঢ় আয়ুস ৭২.৬ বছৰ, ভাৰতত কৈ ৩ বছৰ বেছি ৷ গঢ় আয়ুসৰ তালিকাত জাপান সকলোতকৈ আগত আছে, ৮৫ বছৰ
৷ ভাৰতৰ ৰাজ্যবোৰৰ গঢ় আয়ুসৰ তালিকাৰ প্ৰথমতে
আছে দিল্লী - ৭৫.৯ বছৰ, আৰু একেবাৰে শেষত আছে ছত্ৰিশগড় -৬৫.৩ বছৰ ৷ অসমৰ নাগৰিকৰ গঢ়
আয়ুস হ’ল ৬৭.৫ বছৰ, দিল্লীত কৈ ৮ বছৰ কম ৷ অসমৰ বাবে আন এটা চিন্তনীয় বিষয় হ’ল চহৰ
অঞ্চলৰ মানুহৰ গঢ় আয়ুস গ্ৰামাঞ্চলতকৈ আঠ বছৰ বেছি ৷ অৰ্থাৎ অসমত গ্ৰামাঞ্চলৰ জনসাধাৰণৰ
সামগ্ৰিক উন্নয়নৰ প্ৰয়োজন আছে যিয়ে গঢ় আয়ুস বৃদ্ধিত সহায় কৰে ৷
৬০
বছৰ অতিক্ৰম কৰা সকলো নাগৰিককে জ্যেষ্ঠ নাগৰিক বুলি কোৱা হয় ৷ গঢ় আয়ুস বৃদ্ধিৰ লগে
লগে ভাৰতৰ জ্যেষ্ঠ নাগৰিকৰ সংখ্যা দিনক দিনে
বাঢ়ি গৈছে ৷ ২০১১ চনৰ লোকপিয়ল অনুযায়ী ভাৰতৰ জ্যেষ্ঠ নাগৰিক সংখ্যা আছিল ১০.৪ কোটি ৷ ২০২১
চনত এই সংখ্যা বৃদ্ধি পায় ১৩.৮ কোটিলৈ ৷ আশা কৰা গৈছে ২০৩০ চনত এই সংখ্যা ১৯ কোটিৰ
সীমা পাৰ কৰিব ৷ ইয়াৰ লগে লগে জ্যেষ্ঠ নাগৰিকৰ মাজত নতুন নতুন সমস্যাও দেখা দিছে ৷ সেই সমস্যা সমূহ বুজি লৈ তাৰ উপায় বিচৰাৰ সময় সমাগত
৷
চৰকাৰী-বেচৰকাৰী প্ৰায় সকলো প্ৰতিষ্ঠানত অৱসৰ গ্ৰহণৰ বয়স
৬০ বছৰ ৷ চাকৰি কালতে মানুহে ভৱিষ্যৎ জীৱনলৈ ধন সঞ্চয় কৰি থয় ৷ অৱসৰৰ সময়ত নিজৰ লগতে
পৰিবাৰৰ চিকিৎসা, ঔষধ, থকা-খোৱাৰ খৰচৰ কথা চিন্তা কৰি প্ৰভিডেণ্ট ফাণ্ড, স্বেয়াৰ বাজাৰ বা বেঙ্কত টকা জমা কৰি থবলৈ সকলোৱে চেষ্টা কৰে ৷ দুই তিনি দশক আগতে মানুহে ধন জমা কৰিছিল অৱসৰী
জীৱনৰ দহৰ পৰা পোন্ধৰ বছৰৰ কথা ভাবি ৷ বৰ্তমানে চাকৰি কৰা ব্যক্তি এজনে অৱসৰী জীৱনৰ
কমেও ২০টা বছৰৰ কথা ভাবি ধন সঞ্চয় কৰিব লাগে
৷ তেওঁৰ পত্নীৰ বাবে ২৫ বছৰৰ কথা ভাবিব লাগিব কাৰণ পত্নীৰ বয়স সাধাৰণতে নিজৰ স্বামীতকৈ
কম আৰু মহিলাৰ গঢ় আয়ুস পুৰুষতকৈ তিনি বছৰ বেছি ৷ অৱসৰী জীৱনৰ ২৫ বছৰ বাবে এজন মানুহে
কিমান ধন সঞ্চয় কৰিব লাগিব সেইটো হিচাপ কৰা
সহজ নহয় ৷ বেঙ্কৰ সুদৰ হাৰ কমি গৈছে আৰু মুদ্ৰা স্ফীতি বাঢ়ি গৈছে , লগতে বৃদ্ধি পাইছে
চিকিৎসা ব্যয় ৷ এনে সময়ত এক কোটি টকাৰ মূল্য
দহ বছৰ পিছত তিনি বা চাৰিগুণ কম হ’ব ৷ তাৰ দহ বছৰ পিছত আৰু কমি যাব ৷ উন্নত দেশবোৰত জ্যেষ্ঠ নাগৰিকে চৰকাৰৰ পৰা বহুতো সুবিধা লাভ কৰে, বিনামুলীয়া চিকিৎসা সেৱা, কম দামত
ঔষধৰ যোগান ইত্যাদি ৷ কিন্তু আমাৰ দৰে দুখীয়া দেশত এনে সুবিধা প্ৰদান কৰা সম্ভৱ নহয়
৷ ভাৰতীয় নাগৰিক এজনে যিমানেই সঞ্চয় নকৰক কিয় অৱসৰী দীৰ্ঘ জীৱনৰ বাবে যেন সেয়া যথেষ্ট
নহয় ৷ অধিক সংখ্যক জনসাধাৰণৰ বাবে খাই লৈ জীয়াই
থকাই টান হৈ পৰে, ভৱিষ্যতৰ বাবে সঞ্চয়ৰ কথা ভাবিবই নোৱাৰে ৷ তেওঁলোকৰ বাৰ্ধক্যৰ দিনবোৰত
প্ৰয়োজনীয় ধনৰ বাবে নিজৰ সন্তান বা সমাজৰ ওপৰত
হাত পাতিবলৈ বাধ্য ৷ জ্যেষ্ঠ নাগৰিকৰ অৰ্থনৈতিক সমস্যাৰ পৰা হাত সৰাৰ এটা সহজ উপায়
হ’ল অৱসৰৰ পিছতো যিমান দিনলৈ পাৰি কাম কৰি ধন অৰ্জা ৷
জ্যেষ্ঠনাগৰিকৰ এটা প্ৰধান সমস্যা হ’ল নিসংগতা ৷ এই নিসংগতাৰ
বাবেই তেওঁলোকৰ দেহত নতুন নতুন বেমাৰে দেখা দিবলৈ ধৰে ৷ স্বামী-স্ত্ৰীৰ কোনোবা এজনৰ
মৃত্যু হ’লে জীৱিতজনে বেছি অকলশৰীয়া হৈ পৰে ৷ শয্যাগত হৈ পৰিলে সমস্যা আৰু বাঢ়ি যায়
৷ এই সমস্যাৰ নিৰাময়ৰ বাবে জ্যেষ্ঠ নাগৰিক
সকলক সময় দিবলৈ, কথা পাতিবলৈ চহৰ অঞ্চলত বিভিন্ন সামাজিক অনুষ্ঠান গঢ় লৈ উঠা দেখা গৈছে
৷ শেহতীয়াকৈ বিদেশত এটা নতুন ধাৰণা গঢ় লৈ উঠিছে, সেয়া হৈছে ’টাইম বেঙ্ক’ ৷ টাইম বেঙ্কৰ চিন্তা প্ৰথমবাৰ মনলৈ আহিছিল আমেৰিকাৰ
ড° এডগাৰ ষ্টুৱাৰ্ট কানৰ ৷ ১৯৮০ চনত তেখেত
হৃদৰোগত আক্ৰান্তহৈ এটা জটিল অস্ত্ৰোপচাৰৰ সন্মুখীন হৈছিল ৷ হাস্পতালত থকা সময়ত তেওঁ
অনুভৱ কৰা নিসংগতা কেনেকৈ দূৰ কৰিব পাৰি তাৰে উপায় বিচাৰিলে ৷ বিছনাত অসহায় হৈ পৰি
থকা সময়ত কোনোবা এজনৰ মাত এষাৰে ৰোগীজনক মানসিকভাবে কিমান উৎসাহ দিব পাৰে, জীয়াই থকাৰ
প্ৰতি আগ্ৰহ জন্মাব পাৰে তাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি ৷ যিজন ব্যক্তিয়ে নিজৰ মূল্যবান
সময় এজন বৃদ্ধ নাগৰিকৰ কাষত অতিবাহিত কৰিব তাৰ বিনিময়ত তেওঁ নিশ্চয় কিবা পোৱা উচিত
৷ ইয়াৰ বাবেই টাইম বেঙ্কৰ ধাৰণা গঢ় লৈ উঠিল ৷ তেওঁ খৰচ কৰা সময়কণ টাইম বেঙ্কত জমা হৈ
থাকিব ৷ ভৱিষ্যতে যেতিয়াই তেওঁৰ প্ৰয়োজন হ’ব অন্য এজন লোকৰ পৰা তেওঁ সেই সহায়ৰ প্ৰতিদান
বিচাৰিব পাৰিব ৷ আজি কিছুদিনৰ পৰা টাইম বেঙ্কৰ লাভালাভৰ ওপৰত চিন্তা চৰ্চা ভাৰততো আৰম্ভ
হৈছে ৷ অসমতো টাইম বেঙ্কৰ ধাৰণা বাস্তৱায়িত কৰাৰ প্ৰয়োজন আহি পৰিছে ৷
জ্যেষ্ঠ নাগৰিকৰ আন এটা সমস্যা হ’ল দেশত নিৰ্মাণ কৰা ৰাজহুৱা আন্তঃগাঁথনি সমূহৰ প্ৰায়বোৰতে হুইল চেয়াৰ
প্ৰবেশৰ সুবিধা নথকাটো ৷ যিসকল বৃদ্ধ নাগৰিকে খোজ কঢ়াত অসুবিধা পায় তেওঁলোকে হুইল চেয়াৰৰ
সুবিধা নথকা ঠাইবোৰত যাবলৈ সক্ষম নহয় ৷ শ্বপিঙ মল, বিবাহ ভৱন, ৰেস্তোৰাঁ আদিত এই সুবিধা
নথকাটো দুৰ্ভাগ্যজনক ৷ তাৰোপৰি বৃদ্ধ অৱস্থাত দেখা দিয়া মানসিক ৰোগ, ডিমেনছিয়া, হতাশাগ্ৰস্ততা
দূৰ কৰাৰো বিশেষ ব্যৱস্থা আমাৰ সমাজত এতিয়ালৈ নাই ৷ দেশৰ প্ৰায় ভাগ চহৰতে থকা জ্যেষ্ঠ নাগৰিকৰ অধিকাংশই সন্তানৰ পৰা আঁতৰত অকলে থাকে
৷ তেওঁলোকৰ যিকোনো ধৰণৰ জৰুৰীকালীন পৰিস্থিতিত সহায়ৰ হাত আগবঢ়াবলৈ আমাৰ হাতত কোনো আন্ত:গাঁথনি
নাই ৷ ষ্ট্ৰোক হৈ বাথৰুম বা বিছনাত পৰি থাকিলেও
কাষৰ ঘৰৰ মানুহে জনাৰ কোনো উপাই নাথাকে বা
চিকিৎসালয়লৈ নিবলৈ কোনো ব্যৱস্থা নাই ৷ জাপানৰ নিচিনা উন্নত দেশত ইয়াৰ বাবে জ্যেষ্ঠ নাগৰিকৰ
বাসস্থানত বিভিন্ন চেন্সৰ ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ দ্বাৰা অকলশৰীয়াকৈ
থকা বৃদ্ধ লোক এজনৰ যিকোনো ধৰণৰ জৰুৰীকালীন
পৰিস্থিতিত হাস্পতাললৈ এছ ও এছ খবৰ পঠিয়াব পৰা যায় আৰু এম্বুলেঞ্চেৰে চিকিৎসাৰ বাবে
নিব পৰা যায় ৷ উহাহৰণ স্বৰূপে মোবাইলত বা বিছনা
খনত চেন্সৰ লগোৱা থাকিলে মানুহজনৰ ৰক্তচাপ হঠাৎ বৃদ্ধি পালে বা হৃদৰোগত আক্ৰান্ত হ’লে
তাৰ খবৰ চেন্সৰৰ সহায়ত হাস্পতাল গৈ পাব পাৰে আৰু লগে লগে এম্বুলেঞ্চ ঘৰৰ সন্মুখত হাজিৰ
হ’ব পাৰে ৷ অদূৰ ভৱিষ্যতে আমাৰ মাজলৈ এনে সুবিধা আহি পৰিব ৷ সমাজখন প্ৰতিদিনে যি হাৰত
সলনি হৈ গৈছে সেই হাৰত এজন বৃদ্ধলোকে নিজকে খাপ খুৱাই ল’ব নোৱাৰে ৷ লাহে লাহে তেওঁৰ
প্ৰয়োজনীয় কাম কাজত বাধাৰ সন্মুখীন হ’ব লগীয়া হয় ৷ তেতিয়াই তেওঁলোকৰ বাবে বিশ্বাসী
মানুহৰ বিশেষ প্ৰয়োজন হয়, যিয়ে সকলো প্ৰকাৰে
সহায় কৰিব পাৰে ৷ যৌথ পৰিয়ালৰ সলনি গাইগুটীয়া আৰু ক্ষুদ্ৰ পৰিয়াল বৃদ্ধি পোৱাৰ ফলত বৃদ্ধকালত উদ্ভৱ হোৱা সমস্যা বৃদ্ধি পাবলৈ ধৰে
৷
বৰ্তমান সমাজ ব্যৱস্থাত অগ্ৰজ সকলৰ মনত জ্যেষ্ঠ সকলৰ প্ৰতি
থকা শ্ৰদ্ধা, ভক্তি কমি আহিছে ৷ প্ৰতিদিনে জ্যেষ্ঠসকল চোৰ, ডকাইত, আততায়ীৰ স্বীকাৰ
হ’বলৈ ধৰিছে, কাৰণ তেওঁলোকেই হৈছে অসামাজিক লোকসকলৰ সহজ লক্ষ্য (চফ্ট টাৰ্গেট) ৷ সমাজৰ
আটাইতকৈ দুৰ্বল শ্ৰেণী হ’ল এই জ্যেষ্ঠ নাগৰিক
সকল ৷ সেয়েহে দেশৰ সকলো অনুষ্ঠান-প্ৰতিষ্ঠানে আগুৱাই আহি জ্যেষ্ঠসকলৰ সমস্যাবোৰ বুজ
লৈ তাৰ সমাধানৰ পথ উলিয়াই লোৱা অতিকৈ প্ৰয়োজন হৈ পৰিছে ৷ কিয়নো প্ৰতিজন ডেকা-গাভৰু
এদিন জ্যেষ্ঠ নাগৰিক হৈ পৰিব ৷ তেওঁলোকে ভৱিষ্যতে যাতে সেই একেখিনি সমস্যাৰ
মুখা-মুখি হ’ব নালাগে তাৰ বাবে এতিয়াই কাম কৰিব লাগিব ৷
Comments
Post a Comment