আধ্যাত্মিকতা বনাম ধৰ্মান্ধতা
আজি কিছু বছৰৰ পৰা ধৰ্ম সম্বন্ধীয় আলোচনা, পোষ্ট, বিতৰ্ক দেখি দেখি হয়তো বহুতৰে আমনি লাগিছে ৷ সকলো মানুহ যেন দিনক দিনে অধিক ধাৰ্মিক হৈ পৰিছে ৷ মন্দিৰ, মছজিদ, প্ৰাৰ্থনা ঘৰৰ সংখ্যা সময়ৰ লগে লগে বাঢ়ি গৈ আছে ৷ অসমীয়া জাতিয়ে কোনোদিনে নুশুনা ধৰ্মীয় ৰীতি-নীতি পালন কৰিবলৈ লৈছে ৷ টিভিৰ নিউজ চেনেল খুলিলেই শুনিবলৈ পাওঁ ধৰ্মৰ নামত চলা বিতৰ্ক বা ধৰ্মীয় অসহিষ্ণুতাৰ কথা ৷ দেশত যেন এক অঘোষিত প্ৰতিযোগিতা হে চলিছে – কোনে কিমান ধাৰ্মিক তাক দেখুওৱাৰ ৷ ধৰ্মীয় কাম-কাজ বাঢ়িছে, ধৰ্মীয় সচেতনতা বাঢ়িছে, ধৰ্মৰ বিষয়ত আলোচনা বাঢ়িছে ৷ পিছে মানুহবোৰ সঁচাকৈয়ে ধৰ্মিক হ’ব পাৰিছেনে ? আধ্যাত্মিক চিন্তা, দৰ্শন হৃদয়ঙ্গম কৰিব পাৰিছে নে ? নিশ্চয় পৰা নাই ৷ সঁচাকৈয়ে যদি সকলো মানুহ ধাৰ্মিক হৈ পৰিলহেঁতেন দেশত অন্যায়, ব্যভিচাৰ, নৈতিকতাৰ অধ:পতন কমি গ’ল হেঁতেন ৷ কিন্তু এই সকলোবোৰ বেয়া কাম, বেয়া চিন্তা বাঢ়িহে গৈছে ৷ মানুহবোৰ অমানুহ হৈ পৰিছে, কেইটামান টকাৰ বিনিময়ত ইজনে সিজনক হত্যা কৰিছে, নিজৰ সন্তান বা মাককো এৰি দিয়া নাই ৷ এই সকলোবোৰৰ বাবে কিন্তু ধৰ্মক দোষ দিয়া উচিত নহয় ৷ আমি ধৰ্ম ধৰ্মকৈ প্ৰতি মুহূৰ্ততে চিঞৰিহে আছোঁ ৷ দৰাচলতে আমি বেছিকে অধাৰ্মিক হৈ গৈ আছোঁ যেন ধাৰণা হয় ৷
স্বামী প্ৰভুপদে ভাৱগত গীতাৰ ব্যাখ্যা কৰিবলৈ গৈ কৈছিল যে দৰ্শন
অবিহনে ধৰ্ম হৈছে এক অনুভূতি, বা কেতিয়াবা ধৰ্মান্ধতা, আনহাতে ধৰ্ম অবিহনে দৰ্শন হৈছে
মনোজগতৰ এক অনুমান ৷ প্ৰতিটো ধৰ্মৰে নিজৰ এক দৰ্শন আছে ৷ সেই দৰ্শন, আধ্যাত্মিক জ্ঞান
আয়ত্ত কৰিব পাৰিলেহে আমি ধাৰ্মিক হ’ব পাৰিম ৷ আজি দেশত ধৰ্মান্ধতা বাঢ়িছে তাৰ কাৰণ
হৈছে ধৰ্মীয় দৰ্শন, আধ্যাত্মিক জ্ঞানক গুৰুত্ব নিদিয়া বা এৰাই চলা ৷ ধৰ্মীয়
চেতনাৰে জাগ্ৰত নোহোৱাৰ বাবে মানুহবোৰে নৈতিকতা হেৰুৱাই পেলাইছে ৷ আমাৰ দেশে ভুগি থকা
দুৰ্নীতিৰ মূল কাৰণ হ’ল আমাৰ নৈতিক অধ:পতন ৷ আধ্যাত্মিক জ্ঞান আৰু ধৰ্মীয় দৰ্শনৰ উপলব্ধিয়ে
নিশ্চয়কৈ দুৰ্নীতি হ্ৰাস পালেহেঁতেন ৷ ভুটানৰ কথা এবাৰ ভাবকচোন ৷ সম্পূৰ্ণ ধাৰ্মিক দেশ এইখন ৷ ইয়াৰ প্ৰতিজন নাগৰিক
ধৰ্মৰ প্ৰতি বিশেষ ভাবে আকৃষ্ট ৷ সেই দেশত অপৰাধ মূলক ঘটনা তেনেই নগণ্য ৷ ইয়াৰ একমাত্ৰ
কাৰণ হ’ল ভূটানৰ প্ৰতিজন নাগৰিক আধ্যাত্মিক জ্ঞান, দৰ্শনেৰে অনুপ্ৰাণিত হৈ কাম কৰে ৷ ধৰ্ম কেতিয়াও উন্নতিৰ
অন্তৰায় হ’ব নোৱাৰে ৷ কিন্তু ধৰ্মান্ধতাই প্ৰগতিত অন্তৰায় হৈ দেখা দিয়ে ৷
এইখন পৃথিৱীত কেৱল মানৱজাতি
অকলে বসবাস নকৰে ৷ আমাৰ লগতে লাখ লাখ বিভিন্ন জীৱ-জন্তুই বসবাস কৰি আছে ৷ তাৰে বহুতো প্ৰাণী মানৱ জাতিৰ ক্ৰম
বিকাশৰ আগৰ পৰাই ইয়াত আছে ৷ মানৱ জাতিৰ বাহিৰে কোনো জীৱৰে বেলেগ বেলেগ ধৰ্ম নাই, নাই
বুলি আমি ভাবোঁ ৷ আমি ছাগলি বা কুকুৰা এটা মাৰি খোৱাৰ সময়ত নোসোধো সেই জীৱটো কোন ধৰ্মৰ
বুলি ৷ সেই প্ৰাণীবোৰক কোন জন ঈশ্বৰে স্ৰজন কৰিলে তাৰ বিচাৰ কৰা নহয় ৷ ধৰ্মৰ ধাৰণা কেৱল মানুহৰ মাজত হে, অন্য কোনো জীৱৰ মাজত নাই ৷
ইয়াৰ কাৰণ এটাই, মানৱজাতিৰ নিচিনা চিন্তা শক্তি আন কোনো জীৱৰ নাই ৷ এই চিন্তা শক্তিৰ
পৰাই সৃষ্টি হৈছে ধৰ্মীয় দৰ্শন, আধ্যাত্মিক জ্ঞানৰ ৷ ইয়ে আমাক অন্য জীৱ বোৰৰ পৰা পৃথক
কৰিছে ৷ পৃথিৱীৰ এজন শ্ৰেষ্ঠ আধ্যাত্মিক গুৰু স্বামী বিবেকানন্দই কৈছিল যে, “মানৱ জীৱন
কেৱল খাই, শুই, ইন্দ্ৰীয় সুখ পূৰণৰ বাবে জন্ম লোৱা নাই, আধ্যাত্মিক জ্ঞানৰ বিকাশেতহে
মানৱ জীৱনে পুৰ্ণতা পায় ৷ এই আধ্যাত্মিক জ্ঞানৰ পোহৰে বিশ্ববাসীক একতাৰ এনাজৰীৰে বান্ধ
খুৱাই উচ্চ শিখৰলৈ আগুৱাই নিব ৷”
আমি ভবাৰ দৰেই হয়তো বিশ্ব ব্ৰহ্মাণ্ড কোনো এক অদৃশ্য শক্তিয়ে সৃষ্টি
কৰিছে যিয়ে বিশ্ব-ব্ৰহ্মাণ্ডক নিয়ন্ত্ৰণ কৰি
আছে ৷ এই অদৃষ্ট শক্তি কেনেকুৱা আমি নাজানো ৷ কিন্তু এটা কথা সত্য যে আমাৰ নিজৰ নিজৰ
ইষ্ট দেৱতাক আমি নিজেই সৃষ্টি কৰিছোঁ ৷ ভগৱানে নিজে আহি আমাক কোৱা নাই যে তেওঁকে আমি ভগৱান বুলি মানিব লাগিব ৷ আমি প্ৰত্যেকেই ভাবো যে
আমাৰ ভগৱান জনহে আটাইতকৈ শক্তিশালী ৷ ইয়াৰ পৰাই
আৰম্ভ হয় ধৰ্মীয় অসহিষ্ণুতা ৷
কেইবা হেজাৰ বছৰ আগত মানৱজাতিয়ে
যেতিয়া অৰণ্যত চিকাৰ কৰি বাস কৰিছিল, তেওঁলোকৰ কোনো ধৰ্ম নাছিল ৷
প্ৰকৃতিৰ মাজত তেতিয়া এটাই ধৰ্ম আছিল - নিজে জীয়াই থাকা আৰু আনকো জীয়াই থাকিবলৈ
দিয়া ৷ মানৱ জাতিয়ে লাহে লাহে খেতি কৰিবলৈ শিকিলে ৷ কৃষি কৰ্মৰ বাবে একে ঠাইতে থাকিবলগীয়া
হ’ল ৷ সময়ৰ লগে লগে মানুহৰ চিন্তা শক্তি বাঢ়িবলৈ
ধৰে ৷ নতুন নতুন বস্তু উদ্ভাৱন কৰিবলৈ ল’লে ৷ কল্পনা শক্তিৰে নতুন নতুন কথা ভাবিবলৈ
ল’লে ৷ স্বৰ্গ, নৰকখন কল্পনাৰে তৈয়াৰ কৰি ল’লে ৷ দেৱ-দেৱী লগতে অপশক্তিৰ সৃষ্টি হ’ল
৷ লগে লগে ধৰ্মীয় বিভাজন আৰম্ভ হ’ল ৷ আমি যদি প্ৰকৃতিৰ মাজত থাকিলোহেঁতেন গোটেই মানৱ
জাতিৰ বাবে এটাই ধৰ্ম হ’লহেঁতেন-নিজে জীয়াই থাকা আৰু আনকো জীয়াই থাকিবলৈ দিয়া ৷
এইখিনিতে কাৰ্ল মাৰ্ক্সে
ধৰ্ম সম্পৰ্কে কৰা মন্তব্য মন কৰিবলগীয়া ৷ তেখেতে কৈছিল যে ধৰ্ম মানুহৰ বাবে কানি সদৃশ ৷ সকলোকে নিচাগ্ৰস্ত কৰি ৰাখে ৷ কথাষাৰ
একে আষাৰে নুই কৰিব নোৱাৰি ৷ যি জাতি গোটেই বছৰ ধৰ্ম ধৰ্ম কৰি কটায়, কৰ্ম কৰিবলৈ পাহৰি
যায় সেই জাতিৰ উন্নতি প্ৰায় অসম্ভৱ ৷ কাৰ্ল মাৰ্ক্সে মধ্য যুগৰ ইউৰোপত চলা ধৰ্মান্ধতাৰ
বাবেই হয়তো এইষাৰ কথা কৈছিল ৷ আনকি ভাগৱত গীতাত মানুহৰ কৰ্মৰ ওপৰতহে গুৰুত্ব দিছে যদিও
আমি কৰ্মৰ ওপৰত ধৰ্মক স্থান দি আহিছোঁ ৷
Comments
Post a Comment