Posts

Showing posts from August, 2022

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

    ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰ পৰা ছোভিয়েট ৰাছিয়াৰ লগত বন্ধুত্বপূৰ্ণ   সম্পৰ্ক স্থাপন হয় ৷ তাৰ লগে লগে বহুতো ভাৰতীয় মেধাৱী ছাত্ৰ-ছাত্ৰী ছোভিয়েট ৰাছিয়াত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ লয় আৰু শিক্ষা সাং কৰি উভতি আহি তেওঁলোকে দেশৰ বাবে উল্লেখনীয় সেৱা আগবঢ়াইছে ৷ বিশেষকৈ চিকিৎসা বিভাগত ছোভিয়েট ৰাছিয়াত শিক্ষা লাভ কৰা বহুতো ডাক্তৰ আমাৰ দেশত প্ৰতিষ্ঠা লাভ কৰিছে ৷   ৰাছিয়াত উচ্চ শিক্ষা গ্ৰহণ কৰা অসমৰ ড° প্ৰনব জ্যোতি   ডেকা (খনি বিভাগ) আৰু ডা° ভৱদেব গোস্বমীৰ (গেষ্ট্ৰো) নাম বিশেষ ভাবে উল্লেখ কৰিব পাৰি ৷ ছোভিয়েট ৰাছিয়া কেইবাখনো ৰাষ্ট্ৰলৈ বিভক্ত হোৱাৰ পিছত ভাৰতৰ শিক্ষাৰ্থীয়ে ইউক্ৰেইনত শিক্ষা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে ৷   চলিত বৰ্ষত আৰম্ভ হোৱা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ সময়ত প্ৰায় ২০,০০০ গৰাকী ভাৰতীয় শিক্ষাৰ্থী ইউক্ৰেইনৰ পৰা উভতি আহিব লগীয়া হ’ল ৷ ইউক্ৰেইনত দুটা ভাষা সমানে চলে – ইউক্ৰেইনিয়ান আৰু ৰাছিয়ান ভাষা ৷ ভাৰতীয় শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে ইউক্ৰেইনত গৈ প্ৰথম এবছৰ ইয়াৰ যি কোনো এটা ভাষা শিকে ৷ এবছৰত বিদেশী ভাষাটোত বুৎপত্তি লাভ কৰি সেই ভাষাত উচ্চ শিক্ষা ল’বলৈ আৰম্ভ ক...

জ্যেষ্ঠ নাগৰিক সমীপেষু

  শেহতীয়া সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুযায়ী ভাৰতীয় নাগৰিকৰ গঢ় আয়ুস ৬৯.৭ বছৰলৈ বৃদ্ধি পালে ৷ চাৰিটা দশকৰ আগত সেয়া আছিল মাত্ৰ   ৫০ বছৰ ৷   দেশৰ স্বাস্থ্য, শিক্ষা, জীৱনৰ মানদণ্ড আদিৰ   সামগ্ৰিক উন্নয়নৰ বাবেই এই সফলতা সম্ভৱ হৈছে ৷ আনহাতে বিশ্বৰ জনসংখ্যাৰ গঢ় আয়ুস ৭২.৬ বছৰ, ভাৰতত কৈ ৩ বছৰ বেছি ৷   গঢ় আয়ুসৰ তালিকাত জাপান সকলোতকৈ আগত আছে, ৮৫ বছৰ ৷ ভাৰতৰ ৰাজ্যবোৰৰ গঢ় আয়ুসৰ তালিকাৰ   প্ৰথমতে আছে দিল্লী - ৭৫.৯ বছৰ, আৰু একেবাৰে শেষত আছে ছত্ৰিশগড় -৬৫.৩ বছৰ ৷ অসমৰ নাগৰিকৰ গঢ় আয়ুস হ’ল ৬৭.৫ বছৰ, দিল্লীত কৈ ৮ বছৰ কম ৷ অসমৰ বাবে আন এটা চিন্তনীয় বিষয় হ’ল চহৰ অঞ্চলৰ মানুহৰ গঢ় আয়ুস গ্ৰামাঞ্চলতকৈ আঠ বছৰ বেছি ৷ অৰ্থাৎ অসমত গ্ৰামাঞ্চলৰ জনসাধাৰণৰ সামগ্ৰিক উন্নয়নৰ প্ৰয়োজন আছে যিয়ে গঢ় আয়ুস বৃদ্ধিত সহায় কৰে ৷ ৬০ বছৰ অতিক্ৰম কৰা সকলো নাগৰিককে জ্যেষ্ঠ নাগৰিক বুলি কোৱা হয় ৷ গঢ় আয়ুস বৃদ্ধিৰ লগে লগে   ভাৰতৰ জ্যেষ্ঠ নাগৰিকৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে ৷   ২০১১ চনৰ লোকপিয়ল অনুযায়ী ভাৰতৰ জ্যেষ্ঠ নাগৰিক সংখ্যা আছিল ১০.৪ কোটি   ৷ ২০২১ চনত এই সংখ্যা বৃদ্ধি পায় ১৩.৮ কোটি...

স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ

প্ৰায় এশ বছৰ সংগ্ৰামৰ পিছত, হাজাৰ হাজাৰ শ্বহীদৰ বিনিময়ত আৰু লাখ লাখ ভাৰতীয় নাগৰিকৰ জেলৰ চাৰিবেৰৰ অত্যাচাৰৰ বিনিময়ত   আমি স্বাধীনতা পালো ১৯৪৭ চনত ৷     ইয়াৰ প্ৰায় চাৰিবছৰ পিছত ১৯ ৫১-৫২ চনত ভাৰতীয় সংবিধান মতে পোন প্ৰথম বাৰৰ বাবে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ভাৰতীয় নাগৰিকে নিৰ্বাচন কৰা চৰকাৰে শাসন ভাৰ লয় ৷ স্বাধীন ভাৰতৰ সেয়া আছিল প্ৰথম খন গণতান্ত্ৰিক চৰকাৰ ৷ প্ৰায় দুশবছৰ পৰাধীন ভাৰতবৰ্ষৰ অৱস্থা তেতিয়া তথৈবচ আছিল ৷ আমাৰ দেশে বহুতো ঘাট-প্ৰতিঘাটৰ মাজেৰে আগবাঢ়ি আজিৰ অৱস্থা পালে ৷ দেশৰ শিক্ষা, স্বাস্থ্য খণ্ড, যাতায়ত, তথ্য আৰু প্ৰযুক্তি বিদ্যা, জীৱনৰ মানদণ্ড আদি বিষয়ত অভূতপূৰ্ব সফলতা লাভ কৰিছে ৷ তাৰ মাজতে আমি বহুতো হেৰুৱাইছোঁ বা বহু বিষয়ত পিছ পৰি আছোঁ ৷ ৭ ৫তম স্বাধীনতা দিৱসত আমি কি কি হেৰুৱাইছো তাকেই চাব বিচাৰিছোঁ ৷        ১৯ ৫১ চনৰ ২৯ মে’ লৈ এবাৰ উভতি যাওঁ ৷ সংসদত সেইবাৰ দুসপ্তাহ যোৰা বিতৰ্ক চলি আছিল ৷ প্ৰথম বাৰৰ বাবে সংবিধান সংশোধনৰ প্ৰস্তাব ৰখা হৈছে সদনত – তাকো সংবিধানে প্ৰদান কৰা বাক স্বাধীনতাৰ ওপৰত ৷   ভাৰতে স্বাধীনতা লাভ কৰা চাৰি বছৰ সম্পূৰ্ণ নৌ...

আধ্যাত্মিকতা বনাম ধৰ্মান্ধতা

  আজি কিছু বছৰৰ পৰা ধৰ্ম সম্বন্ধীয় আলোচনা, পোষ্ট, বিতৰ্ক দেখি দেখি হয়তো বহুতৰে আমনি লাগিছে ৷ সকলো মানুহ যেন দিনক দিনে অধিক ধাৰ্মিক হৈ পৰিছে ৷   মন্দিৰ, মছজিদ, প্ৰাৰ্থনা ঘৰৰ সংখ্যা সময়ৰ লগে লগে বাঢ়ি গৈ আছে ৷ অসমীয়া জাতিয়ে কোনোদিনে নুশুনা ধৰ্মীয় ৰীতি-নীতি পালন কৰিবলৈ লৈছে   ৷ টিভিৰ নিউজ চেনেল খুলিলেই শুনিবলৈ পাওঁ   ধৰ্মৰ নামত চলা বিতৰ্ক বা ধৰ্মীয় অসহিষ্ণুতাৰ কথা ৷ দেশত যেন এক অঘোষিত প্ৰতিযোগিতা হে চলিছে – কোনে কিমান ধাৰ্মিক তাক দেখুওৱাৰ ৷ ধৰ্মীয় কাম-কাজ বাঢ়িছে, ধৰ্মীয় সচেতনতা বাঢ়িছে, ধৰ্মৰ বিষয়ত আলোচনা বাঢ়িছে ৷ পিছে মানুহবোৰ সঁচাকৈয়ে ধৰ্মিক হ’ব পাৰিছেনে ? আধ্যাত্মিক চিন্তা, দৰ্শন হৃদয়ঙ্গম কৰিব পাৰিছে নে ? নিশ্চয় পৰা নাই ৷ সঁচাকৈয়ে যদি সকলো মানুহ ধাৰ্মিক হৈ পৰিলহেঁতেন দেশত অন্যায়, ব্যভিচাৰ, নৈতিকতাৰ অধ:পতন কমি গ’ল হেঁতেন ৷ কিন্তু এই সকলোবোৰ বেয়া কাম, বেয়া চিন্তা বাঢ়িহে গৈছে ৷ মানুহবোৰ অমানুহ হৈ পৰিছে, কেইটামান টকাৰ বিনিময়ত ইজনে সিজনক হত্যা কৰিছে, নিজৰ সন্তান বা মাককো   এৰি দিয়া নাই ৷ এই সকলোবোৰৰ বাবে কিন্তু ধৰ্মক দোষ দিয়া উচিত নহয় ৷ আমি   ধৰ্ম ধৰ্মকৈ প্ৰতি মুহ...