স্মৃতিকাতৰ পাণবজাৰ
ইংৰাজী ভাষাৰ এটা সুন্দৰ শব্দ হ’ল “নষ্টালজিয়া“ ৷ পুৰণি দিনৰ স্মৃতিয়ে মনলৈ আনি দিয়া আনন্দ তাৰ লগতে বেদনা মিশ্ৰিত অনুভূতি ৷ পানবজাৰৰ কথা মনলৈ
আহিলেই এই নষ্টালজিয়া বা স্মৃতি কাতৰতাত ভূগোঁ ৷
কটন কলেজৰ মহেন্দ্ৰ নাথ ডেকা ফুকন হোষ্টেলত দুটা বছৰ কটালোঁ – ১৯৮৪ ৰ পৰা ১৯৮৬ লৈ ৷ তাৰ পিছত চাৰি বছৰ
অৰ্থাৎ ১৯৯০ লৈ অসম অভিযান্তিক মহাবিদ্যালয়ত ৷ এই সুদিৰ্ঘ চাৰে ছয় বছৰৰ সময়খিনিত পাণবজাৰেই
আছিল আমাৰ বাবে মূল আকৰ্ষণৰ ঠাই ৷ সেইদিনৰ পৰা পাণবজাৰখন কিবা নিজৰ নিজৰ লাগে ৷ তেতিয়াৰ পাণবজাৰ আছিল সকলো পিনৰ পৰা শ্ৰেষ্ঠ ৷
অসমৰ বিখ্যাত প্ৰকাশক গোষ্ঠি, কিতাপৰ দোকান
পাণবজাৰত অৱষ্ঠিত ৷ এক জ্ঞানৰ মন্দিৰ যেন পাণবজাৰ ৷ ইয়াতে আছিল লেখক সকলৰ
আড্ডাৰ স্থলি ৷ সুস্বাদু আহাৰেৰে পৰিপূৰ্ণ ৰেস্তোৰাঁ সকলোবোৰ আছিল পাণবজাৰতে ৷
শৈক্ষিক প্ৰতিষ্ঠানবোৰৰ প্ৰেমিক প্ৰেমিকাৰ মিলন স্থলি আছিল পাণবজাৰৰ নেহেৰু পাৰ্ক,
ব্ৰহ্মপুত্ৰৰ পাৰ বা ৰেস্তোৰাঁ বোৰ ৷
সন্ধিয়াৰ আগে আগে ওলাই যাওঁ পাণবজাৰলৈ ৷ নাক কটা পুখুৰীৰ পাৰত কেইবাখনো
ৰেস্তোৰাঁ আছিল ৷ গুৱাহাটী ডায়েৰীত গাখীৰ, ৰচমলাই, বা চিঙৰা খাবলৈ ভাল ৷ দুটকাত হৈ যায় ৷ গুৱাহাটী ডায়েৰীৰ কাষতে আছিল কল্যানী নামৰ চাহ দোকান এখন ৷ ইয়াৰ আলু পৰঠা বেছ সোৱাদৰ আছিল ৷ দেৰ টকা দাম ৷ কল্পনা নামৰ এখন চাহ দোকান আছিল ৷ কম দামত আলুছপ, পৰঠা বা পোলাও পোৱা দোকান আছিল মহামায়া, অশোকা ৷ পাণবজাৰৰ চাৰিআলিত এতিয়াও আছে মহামায়া ৰেস্তোৰাঁ ৷ ভাল পোলাও আৰু ফ্ৰাইড ৰাইচ পোৱা দোকান আছিল ফিছ-ফ্ৰাই, দাম এটকা পশিচ পইচা ৷ স্কলাৰস্বিপ পালে অলপ দামী ৰেস্তোৰাঁত খাইছিলোঁ ৷ তাৰে ভিতৰত আছিল পাণ বজাৰৰ পিকাডেলী, মধুমিতা আৰু ফাঁচি বজাৰৰ ৰবীন কেবিন ৷ পিকাডেলীৰ মোগলাই পৰঠা গুৱাহাটীৰ ভিতৰত নাম থকা আছিল ৷ যুৱক-যুৱতীৰ প্ৰেমালাপৰ বাবে দুখন ৰেস্তোৰাঁ
আছিল – চানফ্লাৱাৰ আৰু ৰেম্বল ৷
ৰেস্তোৰাঁ দুখনৰ ভিতৰখন অন্ধকাৰ, টেবুলৰ ওপৰত ক্ষীণ পোহৰ, ৰোমান্তিক অনুভৱৰ বাবে যথেষ্ট ৷ ৰবীন কেবিনৰ চিকেনকাৰী যিয়ে খাইছে তেওঁ সেই সোৱাদৰ কথা মনত ৰাখি থৈছে ৷ আমি থকা সময়তে গুৱাহাটীত এখন ফাষ্টফুডৰ দোকান নতুনকৈ দিছিল যিয়ে গুৱাহাটীত ৰেষ্ট’ৰেণ্টৰ গতি সলনি কৰি দিছিল ৷ ফীড্চ নামৰ দোকান খনত পোন প্ৰথমে ৰোল খাবলৈ পালোঁ ৷ দু টকাত এগ ৰোল আৰু দু টকা পঞ্চাছ পইছাত চিকেন ৰোল ৷ কি সোৱাদ আছিল সেই ৰোল কেইটাৰ ৷ আজি গোটেই গুৱাহাটী বিচাৰিলেও সেই সোৱাদ পোৱা নাযায় ৷ কটন কলেজ এৰাৰ পিছত নাককটা পুখুৰীৰ পাৰত ৰেৱতী নামৰ ফাষ্টফুডৰ নতুন দোকান এখন দিয়ে ৷ কম দামত সুস্বাদু চাওমিনৰ বাবে আজিও বিখ্যাত ৰেৱতী ৷ নাক কটা পুখুৰীৰ পাৰত
ঠিয় হৈ আড্ডা আৰু খানাৰ মজাই বেলেপ আছিল ৷
জজ ফিল্ডৰ কাষতে কচমো কেণ্টিন আছিল ৷ ক্লাচৰ মাজতে খাবলৈ এখন উৎকৃষ্ট দোকান ৷ পাণ বজাৰৰ ফ্লাই অফাৰৰ কাষত দুখন চাহ দোকান আছিল – আনন্দ ভাণ্ডাৰ আৰু মালাবাৰ ৷ আনন্দ ভাণ্ডাৰৰ পুৰি-চবজি বা চিঙৰা-জীলাপি আমাৰ মাজত খুব জনপ্ৰিয় আছিল ৷ প্ৰথম বাৰৰ বাবে মালাবাৰত দোচা খাইছিলোঁ ৷ তিনি টকাৰ ভিতৰত এখন মচলা দোচা আৰু কফি একাপ হৈ যায় ৷ মন গ’লে কেতিয়াবা ৰেল ষ্টেচন পাৰ হৈ পল্টন বজাৰৰ পিনে গৈ সোমাও যাদৱ ডায়েৰীত ৷ ইয়াৰ মিঠা দৈ বৰ সোৱাদৰ আছিল ৷ সেইসময়ৰ কাপৰূপ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কাষত আছিল মায়া কেবিন বুলি আন এখন ৰেষ্ট’ৰেণ্ট ৷ কটনৰ হোষ্টেলত ই অতি জনপ্ৰিয় আছিল ৷
ফাঁচি বজাৰত কাপোৰ কিনি লক্ষ্মীকেবিনত
নোসোমালে কিবা আধৰুৱা যেন নালাগেনে? চিঙৰা-জীলাপি নতুবা নিমকি-গোল্লা লগত চাহ একাপ খালে হে ভাল লাগে ৷
পাণবজাৰত ছুটি-চাপৰ, শকতকৈ এজন মানুহে বাঁহী বজাই ঘূৰি ফুৰিছিল ৷ বাঁহীৰ সুৰে অন্তৰ চুই গৈছিল ৷ মানুহজনে কথা নাপাতিছিল ৷ কোনোবাই কিবা দিলে লৈ থয়, কাকো একো নোখোজে ৷ বহু বছৰ আগত প্ৰান্তিক আলোচনীত তেওঁৰ বিষয়ে কিছু কথা লিখিছিল ৷
কাউৰীৰ উৎপাতত দীঘলি পুখুৰীৰ পাৰেৰে খোজ কাঢ়া বৰ টান কাম আছিল ৷ কাউৰীৰ বিষ্টা মূৰৰ ওপৰত নহ’লে চোলাত পৰাটো নিশ্চিত ৷ আজি কালি সেই ঠাইত কাউৰী দেখিবলৈ নোপোৱা হ’লো ৷ হোষ্টেলত সোমায়ে ৰেগিঙ আৰম্ভ হৈছিল ৷ ৰেগিঙৰ কেইদিন আমাৰ ৰাতিপুৱাৰ কাৰ্যসুচী আৰম্ভ হৈছিল কটন আৰু সন্দিকৈ কলেজৰ ছোৱালী হোষ্টেলৰ আগেৰে গান গাই গাই দীঘলী পুখুৰী এপাক প্ৰদক্ষিণ কৰি ৷ বৰ সুন্দৰ গান আছিল সেইবোৰ:
“ভোমোৰা উৰিছে – ৰেণু আহা আহা ৷“
“পাণবজাৰৰ আমিয়ে ৰজা, শিয়াল কুকুৰ আমাৰেই প্ৰজা ৷“
“এজাক বগলী উৰিলে উৰিলে তাৰে এটি গুলি খাই মৰিলে মৰিলে ৷“ ইত্যাদি ৷
হোষ্টেলত প্ৰায় প্ৰতি মাহত এটা দায়িত্ব পৰে বজাৰ কৰিবলৈ ৷ মেছত কাম কৰা ককাই সকলে লগত থাকে ৷ শাক-পাচলি, মাছ-মাংস কিনবলৈ শিকো তেওঁলোকৰ পৰা ৷ বজাৰ কৰা দিনাখন এটা মাংসৰ বাটি বেছিকৈ পাইছিলোঁ ৷ জোলেৰে ভৰ্তি বাটিৰ ভিতৰত দুটুকুৰা মাংস, আঙুলি খেপিয়াই মাংসটোকৰ উলিয়াই খাওঁ ৷ কি মজা !
জালুকবাৰীত অৱস্থিত অসম অভিযান্ত্ৰিক
মহাবিদ্যালয়ত যোগাযোগৰ বাবে চৰকাৰে অসম পৰিবহণৰ কেইখনমান গাড়ীৰ ব্যৱস্থা কৰিছিল ৷ গাড়ীবোৰে
নিৰ্দিষ্ট সময়ত অহা যোৱা কৰিছিল ৷ গাড়ীৰ ৰঙটোও
বেলেগ আছিল, দূৰৰ পৰা দেখিলেই চিনি পোৱা যায় ৷ প্ৰায়
সকলোবোৰ ছাত্ৰৰে এটা বিশেষ নিচা আছিল - আবেলি পাণবজাৰলৈ যোৱা ৷ পেঞ্চিল এডাল কিনিবলৈও
আমি পাণবজাৰৰ ষ্টুডেণ্টচ হোমলৈ গৈছিলোঁ তেতিয়া
৷ আবেলি বাছৰ সময় আছিল ৪, ৪:২০ আৰু ৫ বজাত
৷ সেই বাছবোৰৰ কোনোবা এখনত হোষ্টেলৰ পৰা পাণবজাৰলৈ
ঢাপলি মেলোঁ ৷ এন্ধাৰ হোৱালৈ বজাৰ সমাৰ কৰি ফীডচত ৰোল বা অশোকাত পৰঠা খাই মহামায়া ৰেষ্ট’ৰেণ্টৰ ঠিক সন্মুখৰ
দোকান (গোলাম মহম্মদৰ দোকানৰ পৰা ভৰালী ব্ৰাদাৰ্চলৈ) গাতে লাগি থকা চিৰি কেইখনত বহি
লওঁ ৷ আড্ডা আৰম্ভ হৈ যায় ৷ এতিয়া ৰাস্তাটো ওখ হৈ পৰিছে, দুটা চিৰি পোত খাই গ’ল ৷ অভিযান্ত্ৰিক
মহাবিদ্যালয়লৈ যোৱা পৰিবহণৰ বাছ বোৰৰ যাত্ৰা
আৰম্ভ হয় জজ ফিল্ডৰ কোণত থকা প্ৰকাণ্ড
গছৰ তলখিনি ৷ এতিয়া গছবোৰ উঘালি সেই ঠাইত নিৰ্মাণ কৰিছে টাউন ক্লাব ৷ শেষ বাছখনৰ সময় হ’ল নিশা ৮:২০ বজাত ৷ বাছখন ডিচি অফিচৰ সন্মুখেৰে আহি
পাণবজাৰ পানী টেঙ্কিৰ তিনিআলিত বাওফালে ঘূৰি
কলেজ ষ্টুডিওৰ ঠিক কাষৰ গলিটোৰে ওলাই
যায় ৷ গাড়ীৰ শব্দ শুনিলে আড্ডা মাৰি থকা ল’ৰাবোৰে
দৌৰা দৌৰিকৈ আগুৱাই গৈ গাড়ীত উঠে ৷ বাছৰ ভাৰা আছিল তেতিয়া ৩৫ পইছা , তাকো মাজে মাজে
নিদিওঁ ৷ তিনি জনৰ মাজত এটকা দিওঁ ৷ নহ’লে সাত, আঠ জনৰ মাজত দুটকা ৷
সত্তৰ, আশি, নব্বৈ দশকত
গুৱাহাটীত পঢ়া সকলোৰে পাণবজাৰৰ সৈতে কিছু স্মৃতি বিজড়িত ইতিহাস আছে ৷ মোৰ নিচিনাকৈ
বহুতেই হয়তো পাণবজাৰৰ স্মৃতি কাতৰতাত আজিও ভূগে ৷
(২৩ মে’, ২০২২ সাদিনত প্ৰকাশিত)
Comments
Post a Comment