বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় : গৌৰৱোজ্জ্বল ডেৰশ বছৰ

 


ইতিহাসৰ পাত লুটিয়ালে পোৱা যায় যে  বৰপেটা জিলাবাসীয়ে বৰ্মনসকলৰ (৩৮০-৬৫৪), চলস্থামৰ (৬৫৫-৯৮৫), পালসকলৰ(৯৮৫-১২৬০), কমতাসকলৰ (১২৬০-১৫০৯) আৰু কোঁচসকলৰ (১৫০৯ ৰ পৰা) শাসন প্ৰত্যক্ষ কৰে ৷ কোচ ৰজাই বৰনগৰত (সৰভোগ) ৰাজধানী পাতি নামনি অসম শাসন কৰিছিল ৷ ১৫৮১ চনত বীৰ চিলাৰায় আৰু তাৰ তিনি বছৰ পিছত ৰজা নৰনাৰায়ণৰ মৃত্যু হয় ৷ ইয়াৰ পিছতে কমতাপুৰ ৰাজ্যত ৰাজনৈতিক অস্থিৰতা দেখা দিয়ে ৷ ইয়াৰ সুযোগলৈ মোগলে বৰপেটা অধিকাৰ কৰে ৷ ওঠৰ শতিকাত মোগলৰ পৰা বৰপেটা জিলা আহোমৰ দখললৈ আহে ৷ তাৰ পিছে পিছে মানৰ আক্ৰমণ আৰম্ভ হয় ৷ মানক খেদি ব্ৰিটিছৰ উপনিবেশ আৰম্ভ হয় ইয়াণ্ডাবু সন্ধিৰ পৰা(১৮২৬ চন) ৷ তেতিয়ালৈ অসমে আধুনিক শিক্ষাৰ মুখ দেখা পোৱা নাছিল ৷  ব্ৰিটিছে ১৮৩৫ চনত “গৌহাটী গভমেণ্ট চেমিনাৰী“ নামেৰে এখন বিদ্যালয় স্থাপন কৰে, পিছলৈ ই কটন কলেজিয়েত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় নামেৰে জনাজাত হয় ৷ তাৰ পিছত ১৮৪০ চনত শিৱসাগৰত হাইস্কুল স্থাপন হয় ৷

বৰপেটাৰ কেইজনমান সচেতন আৰু দূৰদৰ্শী নাগৰিকৰ প্ৰচেষ্টাত ১৮৬৫ চনত  এখন বেচৰকাৰী মধ্য ইংৰাজী বিদ্যালয় স্থাপিত হৈছিল ৷ আৰম্ভণিতে অৰ্থৰ অভাৱত বিদ্যালয়খনৰ অৱস্থা তথৈবচ আছিল যদিও তেতিয়াৰ মহকুমাধিপতি শৰৎচন্দ্ৰ বেনাৰ্জী আৰু পেচকাৰ কালীচৰণ মুখাৰ্জীৰ প্ৰচেষ্টাত ১৮৭১ চনত ই নিয়মীয়া বিদ্যালয় হিচাপে চলিবলৈ আৰম্ভ কৰে ৷ সেয়ে  বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়  ১৮৭১ চনত প্ৰতিষ্ঠা হোৱা বুলি ধৰা হয় ৷ স্কুলৰ মুঠ মাটিকালি ১৫ বিঘা, ১ কঠা, ৪ লেচা ৷ স্কুলৰ প্ৰথমচোৱাত প্ৰধান শিক্ষক হিচাপে আছিল যোগেন সান্যাল, ৰামচৰণ সিং, গোপাল গোবিন্দ কৰ, অম্বেশ ঘটক, কমলাকান্ত দাস আদি ৷  ১৯০৩ চনৰ পৰা ১৯২৬ চনলৈ ২৪ বছৰ কাল হেড মাষ্টৰ হিচাপে থাকে কালীমোহন সেনগুপ্তই ৷ তেওঁৰ দিনতে স্কুলখনলৈ বৰপেটা নগৰৰ বাহিৰেও বৰবিলা, কেওটকুচি, হাউলী, বজালী ইত্যাদি অঞ্চলৰ পৰা ছাত্ৰবোৰে পঢ়িবলৈ আহে ৷  ইয়াৰ পিছত কেইবাবছৰ হেড মাষ্টৰৰ পদত থাকে গিৰিশচন্দ্ৰ ৰায়চৌধুৰীয়ে ৷ স্কুলৰ শৈক্ষিক পৰিৱেশ লগতে খেলধেমালিৰ উত্তৰণত ৰায়চৌধুৰীৰ বিশেষ অৰিহণা আছে ৷ সেই সময়ত স্কুলৰ প্ৰাঙ্গণত পাঁচটা হোষ্টেল আছিল - তাৰে তিনিটা হিন্দু আৰু দুটা ইচলাম ধৰ্মাৱলম্বী ছাত্ৰ সকলৰ বাবে আছিল ৷ ডেৰশ বছৰীয়া ইতিহাসত  স্কুলখনে নিজৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ আজিলৈ অটুট ৰাখিছে ৷ স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন সময়ত মাদকদ্ৰব্য নিবাৰণ, সমাজ সংস্কাৰ, স্বাধীনতা আন্দোলন, বিদেশী বহিষ্কাৰ আন্দোলন আদিত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰিছিল ৷

 অসমৰ সবাতোকৈ পুৰণি ঐতিহাসিক স্কুলৰ ভিতৰত ষষ্ঠ স্থানত থকা বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ডেৰশ বছৰে বৰপেটা লগতে অসমবাসীৰ হেজাৰ হেজাৰ ছাত্ৰক জ্ঞানৰ পোহৰেৰে মহীয়ান কৰি তুলিলে আৰু তেওঁলোকে   সমাজৰ সকলো দিশত বিশেষ অৰিহনা আগবঢ়াইছে ৷ এইখিনিতে কেইজনমান প্ৰাক্তন ছাত্ৰৰ কথা বিশেষভাৱে উনুকিয়াব পাৰি ৷ ১৯১১ চনত এই স্কুলৰ পৰা অসম উপত্যকাৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছিল ড° বাণীকান্ত কাকতি আৰু দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল  কামেস্বৰ দাসে  ৷ ড° কাকতিয়ে অসমীয়া ভাষা আৰু জাতিৰ বাবে যি অৱদান আগবঢ়ালে তাক পুনৰাই লিখাৰ প্ৰয়োজন নাই ৷ কামেশ্বৰ দাস পিছলৈ ঢাকা বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰে ৷ প্ৰাক্তন ছাত্ৰ কৰ্ণেল গুৰুপ্ৰসাদ দাস ইংলণ্ডলৈ গৈ ৰেলৰ ব্ৰেক উদ্ভাৱন কৰিছিল ৷ এই স্কুলৰ প্ৰাক্তন ছাত্ৰ ড° হিৰন্য কুমাৰ ভূঞা, জিতেন্দ্ৰ নাথ দাস, ড° নিৰ্মল কুমাৰ চৌধুৰী, ড° গজেন্দ্ৰ নাথ তালুকদাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত অধিষ্ঠিত হৈ উচ্চ শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰত আগ ভাগ লয় ৷ প্ৰসন্নলাল চৌধুৰী, বিৰেশ্বৰ বৰুৱাৰ দৰে কবি, সাহিত্যিকে এই স্কুলতে শিক্ষা গ্ৰহণ কৰিছিল ৷ অবিভক্ত অসমৰ মূখ্য সচিবৰ পদ অলংকৃত কৰা প্ৰয়াত ধৰ্মানন্দ দাস এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৷ ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰিবলৈ সক্ষম হোৱা এই স্কুলৰ মেধাৱী প্ৰাক্তন ছাত্ৰ সকল হ’ল দিলীপ দাস, গুণোত্তম ভূঞা আৰু তপন ডেকা ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা গৌৰাঙ্গলাল দাস বৰ্তমান টাইৱানৰ ৰাষ্ট্ৰদূত হিচাপে কাম কৰি আছে ৷ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগু এই স্কুলৰে প্ৰাক্তন ছাত্ৰ ৷  স্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সফলতাৰ আঁৰত আছে শিক্ষাগুৰু সকলৰ ঐকান্তিক প্ৰচেষ্টা আৰু তেওঁলোকৰ নিষ্ঠা সহকাৰে আগবঢ়োৱা সেৱা ৷

বিদ্যালয়খনে ক্ৰীড়াৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে ৷ ইয়াৰ কেইবাজনো প্ৰাক্তন ছাত্ৰ সৰ্বভাৰতীয় পৰ্যায়ত ভাল খেল প্ৰদৰ্শন কৰিছে ৷ কেইবাজনো প্ৰাক্তন ছাত্ৰই অসমীয়া সংস্কৃতিৰ বৰপথাৰত পদচিহ্ন ৰাখি যাবলৈ সক্ষম হৈছে ৷ এইবোৰৰ মূল কাৰণ হ’ল শিক্ষক সকলে শিক্ষা, খেল, কৃষ্টি-সংস্কৃতিৰ প্ৰতি দেখুৱাই আহা একাগ্ৰতা আৰু ঐকান্তিক প্ৰচেষ্টা ৷

স্কুলৰ বৰ্তমানৰ মূল ভৱনটো ১৯৫৮ চনত নিৰ্মাণ কৰা ৷ এই ভৱনটোৱে সম্ভৱত বৰপেটাৰ সবাতোকৈ পুৰণি, সুন্দৰ আৰু ডাঙৰ ভৱন ৷ চৰকাৰে এই স্কুলখনক ’হেৰিটেজ স্কুল’ হিচাপে বিবেচনা কৰাত স্কুলৰ মূল ভৱনটো ভৱিষ্যতলৈ অক্ষত অৱস্থাত থাকাটো নিশ্চিত হ’ল ৷ সন্মুখত অৱস্থিত মৰা নদীৰ সৈতে বিদ্যালয়লৰ নান্দনিক পৰিৱেশ সচাকৈয়ে আকৰ্ষনীয় ৷

অসমৰ সকলো ঠাইতে চৰকাৰী স্কুলত মাতৃভাষাৰ মাধ্যমেৰে শিকিবলৈ অহা  ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিনক দিনে কমি গৈছে আৰু ইয়ে অসমীয়া ভাষাৰ বাবে এক ভাবুকি স্বৰূপ হৈছে ৷ বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এইক্ষেত্ৰত এক ব্যতিক্ৰম ৷ স্কুলৰ বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৭০০ ৰ ওপৰত ৷ প্ৰতিজন শিক্ষকে আজিও সেই একেই একাগ্ৰতাৰে শিক্ষাদান কৰি আহিছে ৷ অসমৰ চৰকাৰী স্কুলবোৰৰ ভিতৰত এই স্কুলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৷

বিদ্যালয়ৰ গৌৰৱোজ্জ্বল ১৫০ বছৰীয়া জয়ন্তী উদযাপনৰ আৰম্ভণি অনুষ্ঠান  ৩১ জানুৱাৰী, ২০২১ চনত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়  ৷ কৰ’না অতিমাৰীৰ বাবে সামৰণি অনুষ্ঠান ২৩ আৰু ২৪ এপ্ৰিল, ২০২২ লৈ পিছুৱাব লগীয়া হয় ৷ স্কুলৰ এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী যোগদান কৰিব ৷ সামৰণি অনুষ্ঠানৰ দুয়োটাদিনতে ন-পুৰণি ছাত্ৰ-ছাত্ৰী সন্মিলন তথা অন্তৰংগ আলাপ, মুকলি সভা, বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান, সাংস্কৃতিক-ঐতিহ্য বাৰ্তাবাহক বিশাল শোভাযাত্ৰা, প্ৰদৰ্শনী লগতে খেল- ধেমালি আদি ভিন ভিন কাৰ্যসূচী ৰূপায়ণ কৰা হব। অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি এলানি বক্তৃতানুস্থানৰ আয়োজন কৰা হৈছে ৷ ইয়াৰ দ্বাৰা অসমৰ শিক্ষাৰ্থী সকল নিশ্চয়কৈ উপকৃত হ’ব ৷ ঐতিহ্যমণ্ডিত এই স্কুল খনে ভৱিষ্যতেও শিক্ষাৰ ক্ষেত্ৰত অধিক সেৱা আগবঢ়াই দেশৰ সৰ্বাঙ্গীন উন্নয়নত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা ৰাখিলোঁ ৷

(নিয়মীয়া বাৰ্তা ২৩ এপ্ৰিল, ২০২২ ত প্ৰকাশিত)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা