জীৱনৰ অন্তহীন আশা-আকাংক্ষাৰ প্ৰতীক “ওৱেটিং ফৰ গডো“
বিংশ শতাব্দীৰ এখন বিশ্ব বিখ্যাত নাটক হ’ল ছেমুৱেল বাৰ্কলে বেকেটৰ “ওৱেটিং ফৰ গডো“ ৷ বেকেট আছিল আধুনিক ইউৰোপীয় সাহিত্যৰ এজন স্বনামধন্য নাট্যকাৰ ৷ দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত যেতিয়া সমগ্ৰ মানৱ জাতিয়ে এক ধ্বংস যজ্ঞ আৰু অৱক্ষয়ৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল সেই সময়ত প্ৰখ্যাত নাট্যকাৰ ছেমুৱেল বেকেটে এই নাটকখন লিখি শেষ কৰিছিল ৷ মানৱীয় মূল্যবোধ ভূলুণ্ঠিত হোৱাৰ সময়ত, দুখ-দুৰ্দশা আৰু হতাশাৰ মাজত যেতিয়া জীয়াই থকা প্ৰধান সমস্যা হৈ পৰিছিল সেই সময়তে লিখা এই নাটক “গডোৰ অপেক্ষাত“ ৷ পৃথিৱী তোলপাল লগোৱা এই নাটকখনৰ মাজেৰে হয়তো নাট্যকাৰে আমাৰ সৰ্বসাধাৰণ মানুহৰ অন্তৰত থকা আশা-আকাংক্ষাৰ এক অন্তহীন অপেক্ষাৰ কথাকে বুজাব বিচাৰিছে ৷ এই এবচাৰ্ড নাটকখনে বেকেটক বিশ্বব্যাপি খ্যাতিৰ শিখৰলৈ লৈ যায় ৷ নাটক খনৰ বাবে ১৯৬৯ চনত ছেমুৱেল বেকেট নোবেল বটাৰে সন্মানিত হয় ৷ নাটকৰ কাহিনী থুলমুলকৈ এনেধৰণৰ ৷
ভ্লাডিমিৰ
আৰু এষ্ট্ৰাগন এডাল বৃক্ষৰ তলত ল’গ হয় ৷ তেওঁলোকে বিভিন্ন
বিষয়লৈ আলোচনা কৰে ৷ আলোচনা বোৰৰ পৰা এটা কথা স্পষ্ট হয় যে তেওঁলোক গডো
নামৰ মানুহ এজনৰ অপেক্ষাৰত, মানুহজনক তেওঁলোকে কেতিয়াও লগ পোৱা নাই ৷ কিছু সময়ৰ
পিছত আন দুগৰাকী মানুহৰ আবিৰ্ভাব ঘটে – প’জো আৰু লগতে তেওঁৰ কৃতদাস লাকী ৷ বজাৰত
বিক্ৰী কৰিবলৈ লাকীক লৈ আহিছিল ৷ লাকীৰ গলত এডাল বন্দীত্বৰ শিকলি, সি লগত প’জোৰ
বাবে বহিবলৈ চকী আৰু বেগ লৈ ফুৰে ৷ লাকীয়ে বাকীবোৰক নাচি-বাগি আমোদ দিয়ে ৷ কিছু
কথা বতৰাৰ পিছত প’জো আৰু লাকী গুচি যায় ৷ ইয়াৰ ঠিক পিছতে গডোৰ বাৰ্তাবাহক এজন আহে,
ভ্লাডিমিৰ আৰু এষ্ট্ৰাগনক জনায় যে গডো সেইদিনা যদিও আহিবলগীয়া আছিল কিন্তু আহিব
নোৱাৰিলে ৷ লগতে এইটোও ক’লে যে পিছ দিনাখন তেওঁ নিশ্চয়কৈ আহিব ৷ দুয়োজন ঘূৰি যাবলৈ
সিদ্ধান্ত লয়, যদিও দেখা গ’ল তেওঁলোক দুজন মঞ্চৰ পৰা আঁতৰি নগ’ল আৰু নাটকৰ
আঁৰকাপোৰ টানি দিয়া হয় ৷
পিছৰ দিনা সেই একেই সময়তে
ভ্লাডিমিৰ আৰু এষ্ট্ৰাগন একেডাল বৃক্ষৰ তলত ল’গ হয় ৷ তেওঁলোক গডো নামৰ মানুহ জনৰ
অপেক্ষাত ৰৈ থাকে ৷ এষ্ট্ৰাগনক শেষৰাতি গডো ৰ বাবে অপেক্ষাত থকা কথাটো
ভ্লাডিমিৰে মনত পেলাই দিব লগীয়া হয় ৷ আগদিনাৰ দৰে
সেইদিনাও প’জো আৰু লাকী মঞ্চত দেখা যায়, এইবাৰ প’জোক দেখা গ’ল
অন্ধ ৰূপত আৰু লাকীক বোবা ৰূপত ৷ প’জো আৰু লাকী গুচি যোৱাৰ
পিছত গ’ডোৰ বাৰ্তাবাহক জন উপস্থিত হয় আৰু জনায় যে গডো সেই নিশা আহিব
নোৱাৰে কিন্তু পিছৰ দিনা আহিবই ৷ ভ্লাডিমিৰে যেতিয়া জোৰকৈ ধৰিলে যে
আগদিনা সেই একেই সময়তে কথা দিছিল যে সেইদিনা আহিবই, বাৰ্তাবাহকৰ মতে তেওঁ ভ্লাডিমিৰহঁতক
লগেই পোৱা নাছিল ৷ দুয়োজন উভতি যাবলৈ সিদ্ধান্ত লয় যদিও দেখা গ’ল তেওঁলোক দুজন
মঞ্চৰ পৰা আঁতৰি নগ’ল আৰু নাটকৰ আঁৰকাপোৰ টানি দিয়া হয় ৷ গডো হ’ল
নাটকৰ এক অদৃশ্য চৰিত্ৰ, ভ্লাডিমিৰ আৰু এষ্ট্ৰাগন যাৰ বাবে অন্তহীন অপেক্ষাৰত ৷
বহুতো সমালোচকে ভাবে যে নাট্যকাৰ যিহেতু নাস্তিক, গডো চৰিত্ৰটো ভগৱানকে বুজাব
বিচাৰিছে ৷
ভ্লাডিমিৰ আৰু এষ্ট্ৰাগন গডোৰ অপেক্ষাত, যদিও কোনোদিন গ’ডোক
লগ পোৱা নাই ৷ এই যে গডোৰ বাবে অপেক্ষা, এয়াই নেকি জীৱন যত আছে অপেক্ষা, অন্তহীন
অপেক্ষা ৷ জন্মৰ পিছত ডাঙৰ-দীঘল হোৱালৈ অপেক্ষা, চাকৰি, ব্যৱসায় লৈ অপেক্ষা, ইয়াৰ
পিছত বিবাহ, সন্তান, ধন-সম্পদলৈ অপেক্ষা ৷ এইবোৰ প্ৰাপ্তিৰ
পিছত নিজৰ খ্যাতি, সন্মানলৈ আৰু শেষত
মৃত্যুলৈ অপেক্ষা ৷ কিছুমানৰ বাবে মৃত্যুৰ পিছতো পুনৰ জনম বা বৈকুণ্ঠ প্ৰাপ্তিলৈ
অপেক্ষা ৷ মুঠতে জন্মৰ পৰা মৃত্যুলৈ অপেক্ষাৰ শেষ নাই ৷ জীবন যেন এক
অন্তহীন প্রতীক্ষাৰ গল্প। এই প্রতীক্ষাক লৈয়ে ছেমুৱেল বেকেটৰ যুগান্তকাৰী নাটক “গডোৰ অপেক্ষাত“
৷
অন্তহীন অপেক্ষা, ভ্লাডিমিৰ আৰু এষ্ট্ৰাগনৰ অন্তসাৰশূন্য কথাবতৰা,
নাটকৰ প্ৰতিটো চৰিত্ৰৰ মাজেৰে প্ৰকাশ পোৱা শূন্যতাত এক নঞাৰ্থবাদ (Nihilism ) ৰ
উপস্থিতি দেখিবলৈ পোৱা যায় ৷ Nihilism শব্দটো আহিছে লেটিন শব্দ
Nihil ৰ পৰা, ইয়াৰ অৰ্থ nothing ৷ এই ধাৰণাৰ বশবৰ্তী মানুহে
ভাবে যে পৃথিৱী সত্য বুলি কোনো কথা নাই, নাই কোনো মূল্যবোধ, নীতি, আনকি বাস্তৱিকতাকো
সন্দেহৰ চকুৰে চোৱা হয় ৷ নাটকৰ চৰিত্ৰ বোৰৰ অন্তসাৰশূন্য কথাবতৰা বোৰে নাট্যকাৰৰ
এবচাৰ্ড, হাস্যৰস আৰু বিচ্চিন্নতাবাদৰ অনুভূতি দেখিবলৈ পাওঁ, ইয়াৰ মূলতে
হ’ল পৃথিৱীৰ প্ৰতি নাট্যকাৰৰ কিছু নঞাৰ্থবাদ ধাৰণাৰ ৷
ছেমুৱেল
বেকেটৰ নাটকত নঞাৰ্থবাদ চিন্তাধাৰাৰ মাজতো কিছু আশাৰ ৰেঙনিও দেখিবলৈ পাওঁ ৷
ভ্লাডিমিৰ আৰু এষ্ট্ৰাগনক যেতিয়া জনায় যে গডো নাহে, তথাপি তেওঁলোক মঞ্চ
এৰি আঁতৰি নাযায়, আঁৰকাপোৰ পৰে কিন্তু ৰৈ থাকে, বাস্তবৰ মুখামুখি হবলৈ ৷
সপোনবোৰ ভঙাৰ পিছতো নতুন সপোন দেখা স্পৃহাই নিৰাশাৰ মাজত আশাৰ ৰেঙনি বৰ্তাই
ৰাখে ৷
সাহিত্যক জীৱনৰ দাপোন বুলি কোৱা হয় ৷ সাহিত্য কেৱল দাপোনেই নহয়,
দাপোনত নেদেখা বহু কথা সাহিত্যৰ মাজেৰে প্ৰতিফলন ঘটে ৷ ছেমুৱেল বেকেটৰ
“গডোৰ অপেক্ষাত“ নাটকৰ মাজেৰেও আমি আমাৰ সমাজখনৰ প্ৰতিফলন দেখিবলৈ পাওঁ ৷
ভ্লাডিমিৰ আৰু এষ্ট্ৰাগনৰ যি অপেক্ষা, সেয়া আমাৰ সকলোৰে অসম্পূৰ্ণ আশা, সুখ,
শান্তিৰ প্ৰতিফলিত হোৱা যেন লাগে ৷ বহু আশা-আকাংক্ষাৰ অপৰিপূৰ্ণতাৰ আভাস পালেও
মানুহে জীয়াই থকাৰ প্ৰেৰণা বিচাৰি পায় সেই অন্তহীন অপেক্ষাত যত এক অনবদ্য আশাৰ ৰেঙনি
মনত তিৰবিৰাই থাকে৷ এষ্ট্ৰাগনৰ নিচিনা হয়টো আগৰ দিনটোত কি বিচাৰিছিল পাহৰিয়ে যায় ৷
গডো চৰিত্ৰ হৈছে জীৱনৰ সেই আশা-আকাংক্ষা যি বহু অপেক্ষাৰ অন্তত দেখা পোৱা নাযায়,
অথচ আশাবোৰও মৰহি নাযায় ৷
প’জো চৰিত্ৰটো শাসক শ্ৰেণীক যেন প্ৰতিনিধিত্ব কৰে ৷ সময়ৰ লগে লগে নিজৰ
কথাবোৰ সলনি হয়, আজি কোৱা কথা কাইলৈ পাহৰি যায় প’জোৰ নিচিনা ৷ সময়ৰ লগে
লগে অন্ধও হৈ যায়, জনসাধাৰণৰ দুখ –দুৰ্দশা নেদেখা হয় ৷ লাকী হ’ল সমাজৰ
শোষিত নিপীড়িত জনতাৰ এজন ৷ প্ৰতিনিয়ত বোজা কঢ়িয়াই গোলামী কৰি থকা এজন
সাধাৰণ মানুহ ৷ যেতিয়া গোলামীৰ বাবে অনুপযোগী হয় তেতিয়া তাক বিক্ৰী কৰা হয় ৷ এই
শোষিত জনগণ প’জোৰ হাতোৰাৰ পৰা বছৰ বছৰ ধৰি ওলাব খুজিও পৰা নাই, দুখ-দুৰ্দশাৰ মাজত
যেন লাহে লাহে তেওঁলোক বোবা হৈ যায়, নাটকখনৰ চৰিত্ৰৰ দৰে ৷
যুগ-যুগ
ধৰি মানৱ জাতি এই নাটকৰ চৰিত্ৰৰ দৰে অপেক্ষাৰত - ভাল দিনলৈ,
সুখ-শান্তিলৈ ৷ জীৱনৰ অর্থ-অনর্থ, আশা-নিৰাশা , প্রতীক্ষা-প্রাপ্তিৰ
এক দুর্লভ নাট্যচিত্র এই নাটক । বিশেষ কোনো ঘটনা
নাথাকিলেও, বিশেষ কোনো সমাপ্তি নাথাকিলেও দর্শকক ৰখা যায় গভীৰ
চিন্তাৰ জগতত ৷ দর্শকক বাধ্য কৰায় মগজুৰ অনুশীলনৰ বাবে । জীবনৰ সত্য
আৰু মৰীচিকাক স্পষ্ট ভাবে প্ৰকাশ পায় এই নাটকৰ মাধ্যমত । বেকেটেৰ
“ওৱেটিং ফৰ গডো“ সেয়েহে সমসাময়িক সময়ৰ এক সৰ্বশ্ৰেষ্ঠ নাটক হিচাপে সমাদৃত ৷
(৪ এপ্ৰিল, ২০২২ ৰ নিয়মীয়া বাৰ্তা বাতৰি কাকতত প্ৰকাশিত)
Comments
Post a Comment