Posts

Showing posts from April, 2022

বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় : গৌৰৱোজ্জ্বল ডেৰশ বছৰ

  ইতিহাসৰ পাত লুটিয়ালে পোৱা যায় যে   বৰপেটা জিলাবাসীয়ে বৰ্মনসকলৰ (৩৮০-৬৫৪), চলস্থামৰ (৬৫৫-৯৮৫), পালসকলৰ(৯৮৫-১২৬০), কমতাসকলৰ (১২৬০-১৫০৯) আৰু কোঁচসকলৰ (১৫০৯ ৰ পৰা) শাসন প্ৰত্যক্ষ কৰে ৷ কোচ ৰজাই বৰনগৰত (সৰভোগ) ৰাজধানী পাতি নামনি অসম শাসন কৰিছিল ৷ ১৫৮১ চনত বীৰ চিলাৰায় আৰু তাৰ তিনি বছৰ পিছত ৰজা নৰনাৰায়ণৰ মৃত্যু হয় ৷ ইয়াৰ পিছতে কমতাপুৰ ৰাজ্যত ৰাজনৈতিক অস্থিৰতা দেখা দিয়ে ৷ ইয়াৰ সুযোগলৈ মোগলে বৰপেটা অধিকাৰ কৰে ৷ ওঠৰ শতিকাত মোগলৰ পৰা বৰপেটা জিলা আহোমৰ দখললৈ আহে ৷ তাৰ পিছে পিছে মানৰ আক্ৰমণ আৰম্ভ হয় ৷ মানক খেদি ব্ৰিটিছৰ উপনিবেশ আৰম্ভ হয় ইয়াণ্ডাবু সন্ধিৰ পৰা(১৮২৬ চন) ৷ তেতিয়ালৈ অসমে আধুনিক শিক্ষাৰ মুখ দেখা পোৱা নাছিল ৷   ব্ৰিটিছে ১৮৩৫ চনত “গৌহাটী গভমেণ্ট চেমিনাৰী“ নামেৰে এখন বিদ্যালয় স্থাপন কৰে, পিছলৈ ই কটন কলেজিয়েত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় নামেৰে জনাজাত হয় ৷ তাৰ পিছত ১৮৪০ চনত শিৱসাগৰত হাইস্কুল স্থাপন হয় ৷ বৰপেটাৰ কেইজনমান সচেতন আৰু দূৰদৰ্শী নাগৰিকৰ প্ৰচেষ্টাত ১৮৬৫ চনত   এখন বেচৰকাৰী মধ্য ইংৰাজী বিদ্যালয় স্থাপিত হৈছিল ৷ আৰম্ভণিতে অৰ্থৰ অভাৱত বিদ্যালয়খনৰ অৱস্থা তথৈবচ ...

জীৱনৰ অন্তহীন আশা-আকাংক্ষাৰ প্ৰতীক “ওৱেটিং ফৰ গডো“

  বিংশ শতাব্দীৰ এখন বিশ্ব বিখ্যাত নাটক হ’ল ছেমুৱেল বাৰ্কলে বেকেটৰ “ওৱেটিং ফৰ গডো“ ৷ বেকেট আছিল আধুনিক ইউৰোপীয় সাহিত্যৰ এজন স্বনামধন্য নাট্যকাৰ  ৷  দ্বিতীয় বিশ্ব যুদ্ধৰ  পিছত যেতিয়া সমগ্ৰ মানৱ জাতিয়ে এক ধ্বংস যজ্ঞ আৰু  অৱক্ষয়ৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল সেই সময়ত প্ৰখ্যাত নাট্যকাৰ ছেমুৱেল বেকেটে এই নাটকখন লিখি শেষ কৰিছিল ৷ মানৱীয় মূল্যবোধ ভূলুণ্ঠিত হোৱাৰ সময়ত,   দুখ-দুৰ্দশা আৰু হতাশাৰ মাজত যেতিয়া জীয়াই থকা প্ৰধান সমস্যা হৈ পৰিছিল সেই সময়তে লিখা এই নাটক “গডোৰ অপেক্ষাত“ ৷   পৃথিৱী তোলপাল লগোৱা এই নাটকখনৰ মাজেৰে হয়তো নাট্যকাৰে আমাৰ সৰ্বসাধাৰণ মানুহৰ অন্তৰত থকা আশা-আকাংক্ষাৰ এক অন্তহীন অপেক্ষাৰ কথাকে বুজাব বিচাৰিছে ৷ এই এবচাৰ্ড নাটকখনে বেকেটক বিশ্বব্যাপি খ্যাতিৰ শিখৰলৈ লৈ যায় ৷ নাটক খনৰ বাবে ১৯৬৯ চনত ছেমুৱেল বেকেট নোবেল বটাৰে সন্মানিত হয়   ৷   নাটকৰ কাহিনী থুলমুলকৈ এনেধৰণৰ ৷           ভ্লাডিমিৰ আৰু এষ্ট্ৰাগন এডাল বৃক্ষৰ তলত ল’গ হয় ৷ তেওঁলোকে বিভিন্ন বিষয়লৈ...