আবিৰ, হোলীগীতৰ গুঞ্জনেৰে মতলীয়া বৰপেটা ধাম
প্ৰকৃতিৰ যৌৱনৰ বাটচৰা হ’ল
ফাগুন ৷ ফাগুনৰ পচোৱাই আঁচল উৰুৱাই মানুহৰ মন-প্ৰাণত শিহৰণ তোলে। ফাগুনতে প্ৰকৃতিয়ে
পুৰণি বসন পৰিত্যাগ কৰে ৷ প্ৰকৃতিত জুই জ্বলে, পলাশ-শিমলু-মদাৰৰ ফুলে আকাশত ৰং ছটিয়ায়
৷ তাৰ লগে লগে গছবোৰত নতুনকৈ পাত আহে, সকলোবোৰ সেউজীয়া হৈ পৰে ৷ প্ৰকৃতিৰ নৱৰূপে বসন্তক
কৰি তুলিছে ঋতুৰাজ ৷
প্ৰাচীন কালৰ পৰাই বসন্ত
কালত উদযাপন কৰা হয় ফল্গুৎসৱ বা ফাকুৱা ৷ অসমত ইয়াক দৌলোৎসৱ ৰূপত আৰু বৰপেটাৰ লগতে
সুন্দৰিদীয়া, পাটবাউসী, বাৰাদী আদি সত্ৰত এই উৎসৱ “দেউল“ ৰূপত পালন কৰা হয় ৷ বৰপেটা
বাসীৰ প্ৰাণৰ উৎসৱ হ’ল এই দেউল ৷ দৌলোৎসৱত ধনী-দুখীয়া সকলোৱে নতুন কাপোৰ পিন্ধা বৰপেটা
বাসীৰ পুৰণি পৰম্পৰা ৷ তিনিও ৰাজ্যৰ বন্দনী বৰপেটা ধামৰ প্ৰথম সত্ৰাধিকাৰ মথুৰাদাস
বুঢ়াআতাই সত্ৰ নগৰীত দৌলোৎসৱৰ পাতনি মেলে চন ১৫৯৬ ত ৷ তেতিয়াৰ পৰা বৰপেটা আৰু ইয়াৰ
আশে পাশে থকা অঞ্চলৰ সকলো ৰাইজে যথেষ্ট উলহ মালহ, উৎসাহ উদ্দীপনাৰে দৌলোৎসৱ বা দেউল পালন কৰি আহিছে ৷ ১৯০০ চনত প্ৰকাশ
পোৱা ৰজনিকান্ত বৰদলৈৰ “মনোমতী“ উপন্যাসৰ
কাহিনীভাগ আৰম্ভ কৰিছে বৰপেটাৰ দেউল উৎসৱৰ সুৱেৰীৰ মনমোহা বৰ্ণনাৰে ৷ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাই তেখেতৰ “স্মৃতিলেখা’
গ্ৰন্থত ১৯৩৭ চনত দেখা দেউলৰ বিষয়ে এনেদৰে লিখিছিল, “দেউল বৰপেটাৰ ৰজা উৎসৱ ৷ এই উৎসৱতকৈ
ডাঙৰ উৎসৱ বৰপেটাত নাই ৷ কীৰ্ত্তন ঘৰৰ চোতালত অকণমান ঠায়ো খালি হৈ নাথাকে ৷ ল’ৰা-বুঢ়া,
মুনিহ-তিৰোতা, মানুহ, কেৱল মানুহ, মানুহৰ সাগৰ এখন বুলিলেও হয় – ইয়াকে বোলে জনসমূদ্ৰ
৷“ তেতিয়াৰ দিনতে কীৰ্ত্তন ঘৰ জনসমূদ্ৰত পৰিণত হৈছিল, আজি ৮৫ বছৰ পিছত ফাকুৱাৰ দিনা
কীৰ্ত্তন ঘৰত কিমান বেছি মানুহৰ সমাগম হয় সহজেই অনুমেয় ৷
শ্ৰীধৰ কণ্ডলিয়ে লিখি যোৱা ঘুনুচা-কীৰ্ত্তন আৰু শ্ৰী শ্ৰী শংকৰদেৱ
বিৰচিত কীৰ্ত্তন ঘোষাৰ ’উৰেষা বৰ্ণন’ৰ চানেকিৰে
বৰপেটাত দৌলোৎসৱ পালন কৰা হয় ৷ শ্ৰীকৃষ্ণই এবাৰ লক্ষ্মীদেৱীৰ অজ্ঞাতে বলোভদ্ৰ,
সুভদ্ৰাক লগতলৈ ঘুনুচাবাৰীলৈ যাত্ৰা কৰে ৷ তাতেই ঘুনুচাৰ লগত সাত দিন সাত ৰাতি মহা
আনন্দত কটায় ৷ উভতি আহোঁতে লক্ষ্মীদেৱীয়ে অভিমান কৰি স্বামী কৃষ্ণক গৃহ প্ৰবেশত বাধা
প্ৰদান কৰে ৷ শেষত কৃষ্ণই নানা কাকূতি মিনতি কৰি
উচিত দণ্ড বিহিহে গৃহ প্ৰবেশত অনুমতি পায় ৷ ’উৰেষা বৰ্ণন’ ত উল্লেখ আছে যে ইন্দ্ৰদ্যুম্ন ৰজাই
উৰেষাপুৰীত বিষ্ণুৰ আজ্ঞানুসাৰে বিশ্বকৰ্মাৰ দ্বাৰা জগন্নাথ, বলৰাম
আৰু সুভদ্ৰাৰ মূৰ্তি সাজি দৌলত স্থাপন কৰিছিল ৷
সাধাৰণতে ফাগুন মাহৰ পূৰ্ণিমা তিথিত দৌল হ'লে চাৰি
বা পাঁচদিনীয়াকৈ আৰু চ'তৰ মাহৰ পূৰ্ণিমা তিথিত
দৌল হ'লে তিনিদিনীয়াকৈ পালন কৰা হয়। ফাগুন মাহৰ দেউলক ডেকা দেউল আৰু চত মাহৰ দেউলক
বুঢ়া দেউল কোৱা হয় ৷ প্ৰথম দিনাখন গন্ধ যাত্ৰা, দ্বিতীয় বা তৃতীয় দিনাখন ভৰদৌল আৰু শেষৰ দিনাখন সুৱেৰী ৷ বৰপেটাৰ দেউল স্বকীয় বৈশিষ্ট্যৰে ভৰপূৰ
৷ গন্ধৰ দিনা পৰম্পৰাগত ভাবে বৰপেটাত উৎপাদিত ফানুচ আৰু আতচবাজীৰ প্ৰদৰ্শন কৰা হয় ৷
ফানুচ হ’ল কলা আৰু বিজ্ঞানৰ সংমিশ্ৰিত শব্দহীন বৃহত আকৃতিৰ এয়াৰ বেলুনৰ নিচিনা এবিধ
আতচবাজী ৷ বাঁহেৰে তৈয়াৰী ধান ৰখা ডুলিৰ আকৃতিৰ ফানুচৰ চাৰিওফালে ৰঙিন কাগজেৰে ঘেৰ
বন্ধা হয় ৷ খোলা মুখখনৰ কেন্দ্ৰত জুই জ্বলায় দিয়া হয় ৷ জুইৰ উত্তাপত ডুলিৰ বায়ু গৰম হৈ ফানুচক উৰ্ধমুখী গতি দিয়ে ৷ আকাশৰ বহু ওপৰলৈ
গৈ ফানুচ নিজে নিজে জুইত পুৰি যায় ৷ ইয়াক চাবলৈ
বিভিন্ন ঠাইৰ পৰা হেজাৰ হেজাৰ মানুহ বৰপেটা সত্ৰলৈ আহে ৷
“অতিথি
দেৱ ভৱ“ কথাষাৰ সৰোগত কৰি বৰপেটাবাসীয়ে দূৰ-দূৰণিৰ পৰা অহা যাত্ৰী সকলক পৰিয়ালৰ
সৈতে নিজৰ ঘৰত থাকিবলৈ ব্যৱস্থা কৰি দিয়া এক পুৰণি পৰম্পৰা ৷ সত্ৰৰ
পৰাও প্ৰতিজন যাত্ৰীৰ খাদ্যৰ বাবে পুৱা গধূলি সিধা বিতৰণ কৰা হয় ৷ দেউলৰ সময়ত
বৰপেটা বাসীৰ অতি জনপ্ৰিয় খাদ্য হ’ল ৰঙাকৈ ভজা কণী (ৰাঙা ডিমা) আৰু আলু ভাজি ৷
আলহী-অতিথিক গৃহস্থই এইবিধ খাদ্যৰে আপ্যায়ন কৰা পৰম্পৰা বহু দিনৰ পৰা চলি আহিছে ৷
বৰপেটাৰ সুস্বাদু জিলাপী, নিমকি, চন্দেশ আৰু চানাৰ খুৰমাৰ কথা অসমৰ সকলোৱে জানে ৷
সুৱেৰীৰ
দিনাখন পালন কৰা তিনিটা পৰম্পৰা হেকেটা খুওৱা, বাঁহ ভঙা আৰু বোলবোলনি ঘুনুচা
কীৰ্ত্তনৰ প্ৰতিফলন ৷ কইলা ঠাকুৰ আৰু কৃষ্ণৰ বিগ্ৰহ তিনিখন দোলাত প্ৰতিষ্ঠা কৰি
হোলীগীত গাই গণককুছিৰ কলিবাৰী সত্ৰলৈ নিয়া
হয় ৷ এই সত্ৰ প্ৰতীকী অৰ্থত ঘুনুচাৰ গৃহ বুলি মানা যায় ৷ হেকেটা খুৱাই বিগ্ৰহ
যেতিয়া বৰপেটা সত্ৰত প্ৰৱেশ কৰে তেতিয়া লক্ষ্মীৰ ভক্তগণে চাৰিডাল বাঁহেৰে বাট ভেটি
বাধা প্ৰদান কৰে ৷ কৃষ্ণৰ ভক্ত সকলে সেই বাঁহ ভাঙি সত্ৰত প্ৰৱেশ কৰে ৷ চাৰিডাল
বাঁহ আচলতে কাম, ক্ৰোধ, লোভ, মোহৰ প্ৰতীক ৷ বাঁহ ভঙাৰ পিছত লক্ষ্মীৰ পক্ষৰ এজন ভকতে কৃষ্ণৰ পক্ষৰ এজন ভকতৰ সৈতে তৰ্ক
যুদ্ধত নামে ৷ কৃষ্ণৰ পক্ষৰ ভকতে শেষত হাৰ মানে ৷ দুয়োজন ভকতে সত্ৰীয়া পদ্ধতিত
সাজ-পাৰ পিন্ধি অসমীয়া আৰু ব্ৰজাৱলী ভাষাত পাতা কথোপকথন বেছ আকৰ্ষনীয় ৷ সেইসময়তে
বিগ্ৰহৰ সৈতে তিনিখন দোলা দাঙি কীৰ্ত্তন ঘৰৰ চাৰিওফালে সাত পাক ঘূৰায় ৷ ইয়াৰ লগে
লগে দেউলৰ সমাপ্তি ঘটে ৷
দৌলোৎসৱৰ
এমাহ আগৰ পৰা সকলোৱে ল’গ হৈ বৰপেটাৰ হাটীয়ে হাটীয়ে হোলী গীত গায় ৷ বিংশ শতিকাৰ
আগলৈ শংকৰদেৱ বিৰচিত ঘোষা “ৰঙ্গে ফাগু
খেলে চৈতন্য বনমালী“ আৰু মাধৱদেৱ বিৰচিত
“প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ“, “ফাগু খেলে কৰুণাময়, এ নন্দ কুমাৰ“ আৰু
“ভাই দেখো কমলাপতি দৌলৰ উপৰে“ গীতবোৰে সত্ৰীয়া খোল বাদ্যৰে হোলীগীত হিচাপে গাইছিল
৷ বিংশ শতিকাৰ আৰম্ভণিতে অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীয়ে “এনুৱা বসন্তে
প্ৰাণ ক’লৈ উৰি যোৱা প্ৰাণ মলয়া বতাহে“ লিখি হোলীগীতৰ আধুনিক ধাৰাৰ সূচনা কৰে ৷ তেওঁৰ
পৰা অনুপ্ৰাণিত হৈ বৰপেটাৰ প্ৰয়াত প্ৰসন্নলাল চৌধুৰী, পুৰুষোত্তম দাস, প্ৰহ্লাদ
দাস, গিৰীশ দাস আদিয়ে বহু জনপ্ৰিয় হোলীগীত ৰচে ৷ আধুনিক হোলীগীতত বঙ্গীয় প্ৰভাৱ
নুই কৰিব নোৱাৰি ৷ ইয়ে বৰপেটাৰ হোলীগীতক এক নতুন মাত্ৰা প্ৰদান কৰিছে ৷ আধুনিক
হোলীগীত বোৰত কেৱল ব্ৰজধামত কৃষ্ণ আৰু গোপিনী সকলৰ লীলাই নহয় বসন্ত কালৰ যৌৱন
মতলীয়া প্ৰেম-প্ৰীতিৰ মাদকতাও পোৱা যায় ৷ প্ৰয়াত গোকুল পাঠকৰ হোলীগীত “আজি ৰঙে ৰঙে
একাকৰ, আহা ভাই খেলো হোলী মিলি সৱে প্ৰাণে প্ৰাণ ৷“ আৰু প্ৰমথ ৰঞ্জন দাসৰ “গোকুল
মাজে, আজিহে গোকুল মাজে মধুৰ মুৰুলী বাজে৷“ আদি গীতবোৰ অসমৰ গাঁৱে-ভূৱে, চহৰে-নগৰে
ফাকুৱাৰ সময়ত গোৱা দেখা যায় ৷ হোলীগীতৰ জনপ্ৰিয়তাৰ বাবে ৰাইজিং ক্লাবে প্ৰতি বছৰে পাতিবলৈ লোৱা ’বাটে
বাটে হোলীগীত’ প্ৰতিযোগীতা আৰু এনাজৰী,বৰপেটা প্ৰতি বছৰে প্ৰকাশ কৰা পুস্তিকা, ছপা
আৰু বৈদ্যুতিন মাধ্যমৰ প্ৰচাৰ নিশ্চয়কৈ প্ৰশংসনীয় পদক্ষেপ ৷ হোলীগীতৰ জনপ্ৰিয়তাই এনে অৱস্থা পাইছে যে
বৰপেটাৰ দেউল মানেই যেন হোলীগীত ৷ ইয়াৰ ফলত বৰপেটাৰ দৌলৰ ঐতিহ্যমণ্ডিত সত্ৰীয়া
সংস্কৃতি আৰু পৰম্পৰা কিছু ম্লান হৈ পৰা দেখা গৈছে ৷
আবিৰৰ ৰং
আৰু হোলীগীতৰ মধুৰ গুঞ্জনত আকাশ বতাহ মুখৰিত হোৱা দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা ধামৰ
দৌলোৎসৱ বা দেউল সকলোৱে উপভোগ কৰক আৰু লগতে ৰঙে ৰসে ভৰপূৰ হওক জীৱন তাৰেই কামনা
কৰিলোঁ ৷ এইবাৰ ১৬ মাৰ্চৰ পৰা চাৰিদিনীয়াকৈ পাতিবলৈ লোৱা দেউলত বৰপেটা সত্ৰৰ
দালানত বহি ৰঙে ৰঙে একাকাৰ হৈ হোলীগীত গাওঁ
আহক ’হোলী খেলে ৰঙ্গে শ্যাম বনমালী, ব্ৰজেৰ নগৰ আজি উদুলিমুদুলি’ ৷
(১৭ মাৰ্চৰ নিয়মীয়া বাৰ্তা বাতৰি কাকতত প্ৰকাশিত)
Comments
Post a Comment