কৰ্মস্থানত নাৰী নিৰ্যাতন

 

আন্তৰ্জাতিক নাৰী দিৱসৰ এই বছৰৰ থিম হ’ল ভবিষ্যতৰ বহন ক্ষমতাৰ স্বাৰ্থত বৰ্তমানৰ  লিংগ সমতা ৷ স্বাধীনোত্তৰ ভাৰতবৰ্ষত লিঙ্গ সমতাৰ বাবে নাৰীৰ শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দি আহিছে ৷ ইয়াৰ সুফল আমি আজি দেখিবলৈ পাইছো, শিক্ষিত নাৰীৰ সংখ্যা দিনক দিনে বাঢ়িছে ৷ চৰকাৰী চাকৰিৰ ৩০% পদ মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগে লগে চৰকাৰী প্ৰতিষ্ঠানত কাম কৰা নাৰীৰ সংখ্যা বৃদ্ধি পাইছে ৷ কিন্তু দুখৰ কথা যে চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্ত্তব্যৰত নাৰী প্ৰতি দিনে যৌন নিৰ্যাতন, যৌন উৎপীড়নৰ সন্মুখীন হৈ আহিছে ৷

এইখিনিতে উল্লেখ কৰিব পাৰি মি টু আন্দোলনৰ কথা ৷ ২০০৭ চনত আমেৰিকাৰ তাৰানা বাৰ্কে “মি টু“ (Me Too) শব্দ ব্যৱহাৰ কৰিছিল কৰ্মস্থানত যৌন নিৰ্যাতনৰ বিপৰীতে মাত মাতিবলৈ সকলো মহিলাক আগ বাঢ়ি আহিবলৈ ৷ এক দশকৰ ভিতৰতে #MeToo আন্দোলন গোটেই বিশ্বত বিয়পি পৰে ৷ ভাৰতবৰ্ষ এই ক্ষেত্ৰত পিছ পৰি নাথাকিল ৷ ২০১৮ চনত বহু গৰাকী প্ৰতিষ্ঠিত নাৰী তেওঁলোকৰ ওপৰত চলা নিৰ্যাতনৰ বিষয়ে খোলোচা কৰে আৰু এই ঘৃনণীয় কামত জঢ়িত দেশৰ নামী-দামী অভিনেতা, চিনেমা পৰিচালক, শিল্পী, ৰাজনীতিবিদ সকল ভৰ্ৎসনাৰ সন্মুখীন হয় 

কৰ্মস্থানত নাৰী নিৰ্যাতনৰ এক ঘৃণনীয় ঘটনা ঘটিছিল ৰাজস্থানৰ ভাটেৰী গাৱঁত ১৯৯২ চনত ৷ এই অখ্যাত গাঁৱত ভাৱৰী দেৱী নামে এগৰাকী মহিলা এটা সামাজিক প্ৰতিষ্ঠানত চাকৰি কৰিছিল ৷ তেওঁৰ মূল কাম আছিল গাঁৱত বাল্য বিবাহ বন্ধ কৰা ৷ সেই গাঁওৰ ৰামকৰণ গুজ্জাৰৰ এটি কণ্যা শিশুৰ বিবাহত বাধা দিয়া বাবে গাঁৱৰ উচ্চ বৰ্ণৰ লোক সকল নিম্ন বৰ্ণৰ ভাৱৰী দেৱীৰ ওপৰত খৰ্গহস্ত হৈ পৰে ৷  ১৯৯২ চনৰ ২২ ছেপ্টেম্বৰত ভাৱৰীয়ে পতি মোহনলালৰ লগত পথাৰত কাম কৰি থকা অৱস্থাত পাঁচজন লোকে মোহনলালক মাৰ-পিট কৰি অচেতন কৰি তোলে আৰু ভাৱৰীক দলবদ্ধ ভাবে ধৰ্ষণ কৰে ৷ ইয়াৰ পিচত ভাৱৰী পৰিয়ালক সামাজিক ভাৱে বহিষ্কাৰ কৰে ৷ ভাৱৰীয়ে ঘটনাৰ দিনা থানালৈ যায় যদিও আৰক্ষীয়ে ধৰ্ষণৰ অভিযোগ ল’বলৈ অস্বীকাৰ কৰে ৷ স্বাস্থ্য পৰীক্ষাৰ বাবে ভাৱৰী উপস্থিত হোৱা জয়পুৰৰ চিকিৎসা-কৰ্মীসকলে মেজিষ্ট্ৰেটৰ নিৰ্দেশ নোপোৱালৈকে পৰীক্ষা নকৰাৰ সিদ্ধান্ত লয় ৷ ফলস্বৰূপে ৪৮ ঘণ্টাৰ পাছত স্বাস্থ্য পৰীক্ষা লোৱা হয়, যদিও আইনৰ নিয়মত ধৰ্ষণৰ ঘটনা থানাত জনোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত স্বাস্থ্য পৰীক্ষা কৰা বাধ্যতামূলক ৷ ঘটনাৰ দুবছৰ পাছত অভিযুক্ত সকলক ন্যায়ালয়ে নিৰ্দোষী ঘোষণা কৰে এই যুক্তিত যে ভাৱৰী দেৱীৰ স্বাস্থ্য পৰীক্ষা ৪৮ ঘণ্টাৰ পাছত কৰা হৈছিল আৰু ধৰ্ষণ সংঘটিত হোৱাৰ সময়ত ভাৱৰীৰ পতি অচেতন অৱস্থাত আছিল ৷ এই ৰায়দানৰ পিছতে বিশাখা নামৰ নাৰী কল্যাণৰ হকে কাম কৰা বেচৰকাৰী সংগঠন এটাই ভাৱৰী দেৱীৰ ন্যায়ৰ বাবে উচ্চতম ন্যায়ালয়লত দ্বাৰস্থ হয় ৷ সংগঠনটোৱে গোটেই দেশত ভাৱৰী দেৱীৰ ন্যায়ৰ বাবে আন্দোলন গঢ়ি তোলে ৷ বিশাখাৰ এই পদক্ষেপৰ বাবেই ১৯৯৭ চনত উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে ৷ প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত কৰ্মস্থানত নাৰীৰ যৌন উৎপীড়নৰ প্ৰাথমিক সংজ্ঞা নিৰ্ধাৰণ কৰা হয় আৰু বিশাখা গাইড লাইন গঠন কৰা হয় ৷ কৰ্মস্থানত যৌন নিৰ্যাতনৰ পৰা নাৰীক সুৰক্ষা দিবলৈ এখন শক্তিশালী আইন প্ৰনয়ণ হ’বলৈ ভাৰতৰ জনসাধাৰণে বিশাখা গাইড লাইনৰ পিছত ১৬ বছৰ অপেক্ষা কৰিব লগীয়া হয় ৷

ভাৰত চৰকাৰে ২০১৩ চনত প্ৰনয়ণ কৰে এখন নতুন আইন - কৰ্মস্থানত যৌন নিৰ্যাতন (প্ৰতিৰোধ, নিষিদ্ধকৰণ আৰু প্ৰতিকাৰ) আইন–২০১৩ ৷ এই আইনৰ অধীনত যৌন নিৰ্যাতনৰ সংজ্ঞা নিৰ্ধাৰণ কৰা হয় ৷ শাৰীৰিক সংস্পৰ্শ, যৌন সম্পৰ্কৰ বাবে অনুৰোধ বা ভাবুকি, যৌনগন্ধী মন্তব্য, অশ্লীল ছবি প্ৰদৰ্শন, মহিলাই নিবিচৰা দৈহিক, মৌখিক বা ইঙ্গিতেৰে দেখুওৱা যৌন আবেদন এইবোৰকে যৌন নিৰ্যাতন হিচাপে বিবেচনা কৰা হয় ৷ নতুন আইনে সাঙুৰি লৈছে প্ৰায় সকলো কৰ্মস্থান যেনে চৰকাৰী, বেচৰকাৰী বা মালিকানাধীন, সমবায় সমিতিৰ অধীনৰ সকলোধৰণৰ অনুষ্ঠান, প্ৰতিষ্ঠান, অফিচ বা অফিচৰ শাখা,  সংস্থা, লগতে সকলো ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠান, হাস্পতাল, শিক্ষানুষ্ঠান, ক্ৰীড়া প্ৰতিষ্ঠান ইত্যাদি ৷ কৰ্তব্যত থাকোঁতে মহিলাই পৰিদৰ্শন কৰা সকলো ঠাই লগতে পৰিবহণ ব্যৱস্থালৈ ’কৰ্মস্থান’ৰ পৰিভাষা সম্প্ৰসাৰিত কৰা হৈছে ৷

এই আইন অনুসৰি প্ৰতিজন নিয়োগকৰ্তাই নিজৰ কৰ্মস্থানত যদি ১০ বা ততোধিক মহিলা কৰ্মচাৰীক কামত নিয়োগ কৰিছে তেনেহলে একোখন অভ্যন্তৰীণ অভিযোগ কমিটি গঠন কৰাতো নিতান্তই বাধ্যতামূলক ৷ এই কমিটিৰ সভানেত্ৰী গৰাকী সেই কৰ্মস্থানৰ এগৰাকী জ্যেষ্ঠা মহিলা কৰ্মচাৰী হ’ব লাগিব, এগৰাকী সদস্যা এটা বেচৰকাৰী প্ৰতিষ্ঠানৰ হ’ব লাগিব লগতে কমিটিৰ আধাতকৈ বেছি সদস্যই মহিলা হোৱাটো বাধ্যতামূলক৷ যিগৰাকী নিয়োগকৰ্তাই আভ্যন্তৰীণ অভিযোগ কমিটি গঠন কৰাত ব্যৰ্থ হয়, তেওঁ  ৫০, ০০০ টকালৈকে জৰিমনা ভৰিব লগা হ’ব আৰু লগতে অনুষ্ঠান চলাই যোৱাৰ অনুজ্ঞাপত্ৰও হেৰুৱাব লগা হ’ব পাৰে ৷ কৰ্মস্থানত ১০ জনতকৈ কম সংখ্যক মহিলা কৰ্মচাৰী থাকিলে, স্থানীয় অভিযোগ কমিটিত অভিযোগ দাখিল কৰিব পাৰিব ৷

ভুক্তভোগী মহিলাই ঘটনাৰ তিনি মাহৰ ভিতৰত আভ্যন্তৰীণ অভিযোগ কমিটিৰ আগত প্ৰতিবেদন দাখিল কৰিব পাৰে ৷ তদন্তৰ সময়ত যদিহে ভুক্তভোগী মহিলাই বিচাৰে মহিলা গৰাকীক নতুবা অভিযুক্তক সাময়ীকভাৱে বদলি বা অভিযুক্তক বাধ্যতামূলক ছুটী প্ৰদান কৰিব পাৰে ৷ তদন্তত যদি ভুক্তভোগী মহিলাৰ অভিযোগ সঁচা বুলি প্ৰমাণিত হয়, অভিযুক্তক ক্ষতিপুৰণ দিবলৈ বাধ্য কৰাব পাৰে আৰু অভিযুক্তক সেই অফিচৰ সেৱা-নিয়মৰ অধীনত উচিত দণ্ড দিয়াব পাৰে ৷

এই আইনৰ এটা মন কৰিবলগীয়া কথা হ’ল যদি কোনো মহিলাই কু-অভিপ্ৰায়েৰে মিছা অভিযোগ উত্থাপন কৰিব বিচাৰে বা কোনো অভিযোগকাৰীয়ে দাখিল কৰা প্ৰমাণবোৰ মিছা প্ৰমাণিত হয়, তেন্তে তেনে অভিযোগকাৰীৰ বিৰুদ্ধে কমিটিয়ে কাৰ্যপন্থা ল’ব পাৰে ৷ কৰ্মস্থানত অকল মহিলাই নহয় কিছুসংখ্যক পুৰুষো মহিলাৰ দ্বাৰা নিৰ্যাতিত হৈ আহিছে ৷ তদুপৰি দুই-এক মহিলাই নিজৰ স্বাৰ্থৰ বাবে এই আইনখন অপপ্ৰয়োগ কৰাও দেখা গৈছে ৷

এই আইনৰ কিছু সীমাব্ধতা আছে ৷ কৃষিখণ্ড, পথ নিৰ্মাণত কাম কৰা মহিলাসকল, আৰু সামৰিক বাহিনীৰ মহিলাসকল এই আইনৰ পৰিধিত নপৰে ৷ আভ্যন্তৰীণ অভিযোগ কমিটিৰ ওচৰত অভিযোগ দাখিল কৰিও বহু ভূক্তভোগীয়ে অন্য ধৰণৰ অত্যাচাৰ সহ্য কৰিব লগীয়া হৈছে ৷ উদাহৰণ স্বৰূপে উল্লেখ কৰিব পাৰি দিল্লী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰা এটা মকৰ্দমা ৰুচিকা সিং চাব্ৰা বনাম এয়াৰ ফ্ৰান্স ৷ ৰুচিকা সিং চাব্ৰা ভাৰতত থকা এয়াৰ ফ্ৰান্স কোম্পানীত চন ২০০১ ত চাকৰিত নিয়োজিত হৈছিল ৷ ২০১৩ চনত ব্ৰান উপাধিৰ এজন নতুন পৰিচালন সঞ্চালক ভাৰতলৈ আহে আৰু ৰুচিকাৰ ওপৰত কেইবাদিনো যৌন নিৰ্যাতন চলায় ৷ ৰুচিকাই কোম্পানীৰ আভ্যন্তৰীণ অভিযোগ কমিটিৰ আগত অভিযোগ দাখিল কৰে ৷ কিন্তু ইয়াৰ পিছত কোম্পানীৰ ওপৰৱালাৰ হেঁচাত এনে এটা অৱস্থাৰ মুখা-মুখী হয় যে ভূক্তভোগী ৰুচিকা ২০১৭ চনত স্বেচ্ছামূলক অৱসৰ লবলৈ বাধ্য হয় ৷ পিছত অৱশ্যে দিল্লী উচ্চ ন্যায়ালয়ে ৰুচিকাৰ হকে ৰায় দান দিয়ে ৷

আমাৰ সমাজৰ বহুতো শিক্ষিত মহিলাই উপৰোক্ত আইনৰ বিষয়ে বিশেষ অৱগত নহয় ৷ সেয়ে কৰ্মক্ষেত্ৰত শাৰীৰিক, মানসিক ভাৱে যৌন নিৰ্যাতনৰ সন্মুখীন হ’লেও ইয়াৰ প্ৰতিবাদ কৰিবলৈ আৰু ন্যায় বিচাৰ পাবলৈ বহুতে আগবাঢ়ি নাযায় ৷ দেখা গৈছে যে বেচিভাগ চৰকাৰী বা বেচৰকাৰী অফিচত আভ্যন্তৰীণ অভিযোগ কমিটি গঠন কৰা হোৱাই নাই, যিটো আইনৰ ফালৰ পৰা দণ্ডনীয় ৷ সকলো শ্ৰেণীৰ জনসাধাৰণে লিঙ্গ সমতাৰ প্ৰতি সজাগ হৈ আগ বাঢ়ি আহিলে আমি এনে এখন সুস্থ সমাজ দেখিবলৈ পাম যি সমাজৰ সকলো নাৰীয়ে হ’ব সবল যাৰ শক্তি কোনো পৰিমাপকেৰে জুখিব নোৱাৰিব, যাৰ সৌন্দৰ্য কোনো ভাষাৰে বান্ধি ৰাখিব নোৱাৰিব ৷

(৮ মাৰ্চ, ২০২২ ত দৈনিক অগ্ৰদূত কাকতত প্ৰকাশিত) 

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা