উতলা ফাগুনৰ উৎসৱ ফল্গুৎসৱ
শীতৰ শেষত সৰাপাতে ফাগুন নামে ৷ প্ৰকৃতিৰ যৌৱনৰ বাটচৰা হ’ল ফাগুন ৷ ফাগুন বৰ চঞ্চল ৷ ফাগুনৰ পচোৱাই আঁচল উৰুৱাই মানুহৰ মন-প্ৰাণত শিহৰণ তোলে। কবি নৱকান্ত বৰুৱাই লিখিছিল “ফাগুন হেনো নিলাজ, ই আঁচল খহাই লাজত পেলায় গাভৰুক ৷“ এই ফাগুনতে প্ৰকৃতিয়ে পুৰণি বসন পৰিত্যাগ কৰে ৷ প্ৰকৃতিত জুই জ্বলে, পলাশ-শিমলু-মদাৰৰ ফুলে আকাশত ৰং ছটিয়ায় ৷ তাৰ লগে লগে গছবোৰত নতুনকৈ পাত আহে, সকলোবোৰ সেউজীয়া হৈ পৰে ৷ প্ৰকৃতিৰ নৱৰূপে বসন্তক কৰি তুলিছে ঋতুৰাজ ৷ সেয়েহে হয়তো অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীয়ে হোলী গীত লিখিছিল “ “এনুৱা বসন্তে প্ৰাণ ক’লৈ উৰি যোৱা ক’লৈ উৰি যোৱা প্ৰাণ মলয়া বতাহে ৷ হাঁহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মাতোৱাল যৌৱনৰ প্ৰেম উন্মাদে মাতোৱাল পৰাণ ৷“ বিনন্দীয়া প্ৰকৃতিৰ এই ৰূপক উপভোগ কৰিবলৈ মানুহে অতিজৰে পৰা পালন কৰি আহিছে ফল্গুৎসৱ ৷ বিভিন্ন অঞ্চলত ইয়াৰ বিভিন্ন নাম – হোলী, ফাকুৱা, বসন্তোৎসৱ, মন্দোৎসৱ, হোলিকা উৎসৱ, দৌল যাত্ৰা, দেউল ইত্যাদি ৷ সাধাৰণতে ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা ইয়াক পালন কৰা হয় ৷ এই উৎসৱৰ মূল আধাৰ হৈছে ইজনে সিজনক ফাকুগুড়ি ছটিয়াই দিয়া । বসন্ত কালত প্ৰকৃতিত...