সদ্য ঘোষিত বাজেটত ক্ৰিপ্ট’কাৰেঞ্চীয়ে বৈধতা পালে
১ ফেব্ৰুৱাৰী, ২০১৮ চনত তদানীন্তন বিত্ত মন্ত্ৰী প্ৰয়াত অৰুণ জেটলিয়ে বাজেট দাখিল কৰোঁতে ক্ৰিপ্ট’কাৰেঞ্চী সম্পৰ্কে কৈছিল যে ই এবিধ বৈধ মুদ্ৰা নহয়, ভাৰতত ইয়াৰ প্ৰয়োগ বন্ধ কৰিবলৈ চৰকাৰে প্ৰচেষ্টা হাতত ল’ব আৰু ধনৰ আদান-প্ৰদানত ক্ৰিপ্ট’কাৰেঞ্চীৰ ব্যৱহাৰক অবৈধ হিচাপে গ্ৰহণ কৰা হ’ব ৷ ইয়াৰ পিছতে ২০১৮ চনৰ এপ্ৰিল মাহত ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে এক নিৰ্দেশনাৰ জৰিয়তে সকলো বেঙ্কৰ গ্ৰাহক সকলক বেঙ্কত জমা থকা ধন ক্ৰিপ্ট’কাৰেঞ্চী ক্ৰয়ত ব্যৱহাৰ বন্ধ কৰি দিয়ে ৷ তেনেদৰে ক্ৰিপ্ট’কাৰেঞ্চী বিক্ৰি কৰি পোৱা ধন বেঙ্কত সোমোৱা বন্ধ কৰে ৷ বিনিয়োগকাৰীয়ে উপাই নাপাই উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপে ৷ সেই বছৰে উচ্চতম ন্যায়ালয়ে ৰায় দান কৰে যে ক্ৰিপ্ট’কাৰেঞ্চী অবৈধ বুলি ঘোষণা কৰি নতুন আইন প্ৰনয়ন নোহোৱা পৰ্যন্ত ইয়াক অবৈধ হিচাপে গ্ৰহণ কৰিব নোৱাৰিব ৷ মাৰ্চ, ২০২০ চনত ৰিজাৰ্ভ বেঙ্কে সেই নিষেধাজ্ঞা উঠাই লয় ৷ আজি কিছুবছৰৰ পৰা চৰকাৰে এই ইঙ্গিত দিছিল যে ক্ৰিপ্ট’কাৰেঞ্চীৰ পৰা হোৱা আয়ৰ ওপৰত বিনিয়োগকাৰীয়ে কৰ দিব লাগিব ৷ তাৰেই ফলশ্ৰুতিত যোৱা ১ ফেব্ৰুৱাৰীত দাখিল কৰা ২০২২-২৩ বৰ্ষৰ বাজেটত ক্ৰিপ্ট’কাৰেঞ্চীৰ ওপৰত ৩০% কৰৰ বোজা জাপি দিয়া হয় ৷ লগতে ক্ৰিপ্ট’কাৰেঞ্চী বাবে যি ধন বিনিয়োগ কৰিব তাৰ ওপৰতো ১% কৰ দিব লাগিব ৷ এই ব্যৱস্থাৰ দ্বাৰা চৰকাৰে ক্ৰিপ্ট’কাৰেঞ্চীৰ বিনিয়োগত বৈধতা প্ৰদান কৰে ৷ ইয়াৰ লগে লগে লাভাংশৰ ওপৰত ৩০% কৰ জাপি দি বিনিয়োগকাৰীৰ লাভৰ এক বৃহৎ অংশ কাঢ়ি লবলৈ চৰকাৰ সক্ষম হ’ব ৷ আনকি ভাৰত চৰকাৰে ভৱিষ্যতে নিজৰ ডিজিটেল মুদ্ৰা প্ৰচলন কৰাৰ কথা বিত্ত মন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷
ক্ৰিপ্ট’কাৰেঞ্চী হ’ল এক ধৰণৰ ডিজিটেল মুদ্ৰা। এই মুদ্ৰা
কোনো এখন ৰাষ্ট্ৰই প্ৰচলন কৰা নহয় ৷ ই এবিধ ভাৰ্চুৱেল মুদ্ৰা । ইয়াক আমি হাতেৰে চুব নোৱাৰোঁ, চফ্টৱেৰ
আৰু ইন্টাৰনেট মাধ্যমত ৰখা এবিধ বিশেষ মুদ্ৰা ৷ ব্লকচেইন নামৰ এক জটিল এল্গ’ৰিথম আৰু
ক্রিপ্টোগ্রাফিৰ সহায়ত সম্পূৰ্ণ সুৰক্ষাৰ মাজত ইয়াৰ আদান-প্ৰদান কৰা হয় ৷ ক্রিপ্টোগ্রাফিৰ সহায়ত
যে এনে ধৰণৰ মুদ্ৰা বজাৰত ওলাব পাৰে তাৰ ধাৰণা দিছিল ২০০৮ চনত সাতোশি নাকামোতো
নামৰ এজন অজ্ঞাত ব্যক্তিয়ে ৷ ২০০৯ চনত এই ছদ্মনামৰ ব্যক্তিজনে প্ৰথমে বিটকইন নামৰ মুদ্ৰাৰ অনলাইন মাধ্যমেৰে
বজাৰৰ লেনদেন আৰম্ভ কৰে ৷ ২০১১ চনত এটা বিটকইন মুদ্ৰাৰ মূল্য আছিল এক ডলাৰ ৷
শুনিলে আচৰিত হ’ব যে যোৱা বছৰৰ ১০ নভেম্বৰত ইয়াৰ সৰ্বোচ্চ মূল্য হৈছিলগৈ ৬৮,০০০
ডলাৰ ৷ তেনেদৰে আন এবিধ বহুল প্ৰচলিত ইথেৰিয়াম নামৰ ক্ৰিপ্ট’কাৰেঞ্চীৰ ২০১৪ চনত মূল্য আছিল ০.৩ ডলাৰ, তাৰ বিপৰিতে যোৱা
বছৰ হয়গৈ ৪৮৯১ ডলাৰ ৷ ভাবিলে আচৰিত লাগে যে পাঁচ বছৰ আগত হেজাৰ টকা বিনিয়োগ কৰা
এজনে আজি কোটিপতি হৈ পৰিছে ৷ ক্ৰিপ্ট’কাৰেঞ্চীৰ এই অভাৱনীয় উত্থানৰ কাৰণ হ’ল - যোগান আৰু চাহিদাৰ অসমতা। কম সংখ্যক উপলব্ধ বিটকইনক অধিক সংখ্যক বিনিয়োগকাৰীয়ে যেতিয়া খেদি ফুৰিছে আৰু যিকোনো দামৰ বিনিময়ত কিনিবলৈ কুণ্ঠাবোধ কৰা নাই, তেতিয়া বিটকইনৰ মূল্য অস্বাভৱিকভাৱে ঊৰ্ধ্বগামী হৈছে। বিনিয়োগকাৰীৰ ধাৰণা যে ভবিষ্যতে
বিশ্বৰ বজাৰ ১০০% ক্ৰিপ্ট’কাৰেঞ্চীয়ে দখল কৰিব ৷
বিটকইন আৰু ইথেৰিয়ামৰ বাহিৰেও
বজাৰত উপলব্ধ ক্ৰিপ্ট’কাৰেঞ্চী হ’ল লাইটকইন, এক্স আৰ পি, ষ্টেলাৰ, টেথাৰ, কাৰ্ডান’
শ্বিবা ইনো, ছোলানা, ড’গিকইন, বিনান্স কইন, প’ল্কাডট, পলিমথ ইত্যাদি ৷ ক্ৰিপ্ট’কাৰেঞ্চীৰ লেনদেন হয় এজন গ্ৰাহকৰ কম্পিউটাৰৰ পৰা আন এজন গ্ৰাহকৰ কম্পিউটাৰলৈ যাক কোৱা হয় ক্রেতা-বিক্রেতাৰ নেটৱৰ্ক (peer to peer network) । ই কোনো চৰকাৰী বা বেচৰকাৰী অৰ্থনৈতিক প্ৰতিষ্ঠানৰ মাজেৰে নাযায় বা ইয়াৰ কোনো নিয়ন্ত্ৰণকাৰী বা প্ৰশাসক প্ৰতিষ্ঠান নাই। অনলাইন মাধ্যমেৰৰ লেন-দেন হয় অতি ক্ষিপ্ৰ আৰু নিৰাপদ ভাবে
৷ লেন-দেনৰ সময়ত বিনিয়োগকাৰীৰ পৰিচয় দিব লগীয়া নহয় ৷ এখন দেশৰ পৰা অন্য এখন দেশলৈ ধন
পঠিয়াবলৈ বেঙ্কক শকত পৰিমাণৰ শুল্ক পৰিশোধ কৰিব লগীয়া হয় ৷ বিটকইনৰ ক্ষেত্ৰত এই পৰিমান
অতি নগণ্য ৷ বিদেশী মুদ্ৰা অৰ্জনৰ সহজ পথ হিচাপে ক্ৰিপ্ট’কাৰেঞ্চী অতি উপযোগী হৈ পৰিছে। বিশ্বৰ বহুকেইটা ব্যৱসায়িক প্ৰতিষ্ঠানে
বিটকইনক বৈধ মুদ্ৰা হিচাপে গ্ৰহণ কৰে, ইয়াৰ ভিতৰত মাইক্ৰ’ছফ্ট, টেস্লা, ষ্টাৰবাক,
পেপল, কোকাকোলা ইত্যাদি ৷ ২০১৩ চনত কানাডাৰ ভ্যানক্যুভাৰত বিটকইনৰ প্রথম এটিএম মেছিন স্থাপিত হয় । ক্ৰিপ্ট’কাৰেঞ্চীৰ এটিএমৰ সংখ্যা বৰ্তমান ১০,০০০ লৈ বৃদ্ধি পাইছে ৷ আনকি
ভাৰততো ক্ৰিপ্ট’কাৰেঞ্চীৰ
এটিএম স্থাপন হৈছে ৷
ভাৰতত ক্ৰিপ্ট’কাৰেঞ্চীৰ
বিনিয়োগকাৰীৰ সংখ্যা অভাৱনীয় ভাবে বৃদ্ধি পাইছে ৷ ইকন’মিক টাইম্চত প্ৰকাশিত বাতৰি অনুযায়ী যোৱা বছৰ অৰ্থাৎ ২০২১ চনত ২ কোটি ভাৰতীয়ই নতুনকৈ
ক্ৰিপ্ট’কাৰেঞ্চীত বিয়োগ কৰিছে ৷ ইয়াৰ বেছিভাগেই হৈছে ক্ষুদ্ৰ বিনিয়গকাৰী ৷ ভাৰতৰ প্ৰমুখ
এক্সেঞ্জ ৱাজিৰএক্সে জনোৱা মতে যোৱা বছৰটোত ভাৰতীয় বিনয়োগকাৰীয়ে সৰ্ব্বমুঠ ৪৩ বিলিয়ন
ডলাৰ (ভাৰতীয় মূল্য ৩ লাখ কোটিৰ ওপৰত) মূল্যৰ ক্ৰিপ্ট’কাৰেঞ্চী কিনা-বেচা কৰিছে ৷ লেনদেনৰ
এই পৰিমাণ ইয়াৰ আগৰ বছৰতকৈ ১৭৩৫% বেছি ৷ অভাৱনীয় হাৰত বৃদ্ধি পোৱা বিনিয়োগৰ ওপৰত চৰকাৰে
নিজৰ দখল সাব্যস্ত কৰিবলৈ এইবাৰ বাজেটত ক্ৰিপ্ট’কাৰেঞ্চীৰ লাভাংশৰ ওপৰত কৰ জাপি দিছে
৷
ক্ৰিপ্ট’কাৰেঞ্চীত বিনিয়োগ
কৰিলে যে লাভেই হ’ব তাৰ কোনো নিশ্চয়তা নাই ৷ উদাহৰণ স্বৰূপে যোৱা ১০ নভেম্বৰত এক বিটকইনৰ
মূল্য ৬৮,০০০ ডলাৰ আছিল আৰু আজি ইয়াৰ মূল্য হৈছে ৩৮,০০০ ডলাৰ অৰ্থাৎ যোৱা তিনিমাহত
ইয়াৰ মূল্য হ্ৰাস পায় ৪৪% ৷ তিনিমাহ আগেয়ে ১০০ টকাৰে বিটকইন কিনিলে আজি তাৰ মূল্য ৬৬ টকা হে হ’ব ৷ তেনেদৰে ইথেৰিয়ামৰ
মূল্য ৮০ দিনত ৪২% হ্ৰাস পায় ৷ বজাৰৰ এই মন্দা অৱস্থা কিমান দিনলৈ চলে তাক কোনেও ক’ব
নোৱাৰে ৷ ক্ৰিপ্ট’কাৰেঞ্চীৰ বজাৰত অনিশ্চয়তা শ্বেয়াৰ বজাৰতকৈ বহু বেছি ৷ সেয়েহে ইয়াত
বিনিয়োগ কৰাৰ আগতে সম্ভাব্য বিপদৰ কথা ভাবি ল’ব লাগে ৷ ক্ৰিপ্ট’ বিশেষজ্ঞ আদিত্য সিঙৰ
মতে নিজৰ জমা ধনৰ মাত্ৰ ১ বা ২% হে ক্ৰিপ্ট’কাৰেঞ্চীত বিনিয়োগ কৰা উচিত ৷ কিছুমান বিশেষজ্ঞৰ মতে অনাগত দিনবোৰত ক্ৰিপ্ট’কাৰেঞ্চীৰ ঊৰ্ধ্বমুখী যাত্ৰা ইমান সহজ নহয় ৷ বিশেষকৈ বিশ্বৰ
অনিশ্চিত বজাৰৰ বাবে ইয়াৰ মূল্যৰ সংশোধন (correction) অনিবাৰ্য ৷ যিহেতু বিনিয়োগকাৰীৰ বেছি সংখ্যকৰ
বয়স ২৫ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত, এই যুৱ বিনিয়োগকাৰীয়ে অধিক লাভৰ আশাত নিজৰ সকলো জমা
ধন বিনিয়োগ কৰিবলৈ আগবাঢ়ি অহাৰ প্ৰৱণতা বেছি ৷ ইয়াৰ ফলাফল নিশ্চয় সুখকৰ নহ’ব ৷ দীৰ্ঘ
সময়ৰ বাবেহে ক্ৰিপ্ট’কাৰেঞ্চীত বিনিয়োগ কৰিব লাগে ৷
Comments
Post a Comment