বিশ্বসমাদৃত দীপৰ বিলক ৰক্ষা কৰোঁ আহক
প্ৰকৃতিৰ এক অপূৰ্ব সৃষ্টি এই অসমভূমি ৷ পাহাৰ, পৰ্বত, নদ-নদী, বনাঞ্চল, বৰ্ষাৰণ্য, আৰ্দ্ৰভূমিৰে ভৰপূৰ এইখন ৰাজ্য স্বৰ্গপুৰীত কৈ কম নহয় ৷ আৰ্দ্ৰভূমি সমূহৰ ভিতৰত বিভিন্ন জলাশয়, বিল, পিটনিয়ে সমগ্ৰ অসম আৱৰি আছে ৷ সমীক্ষা অনুযায়ী অসমৰ আৰ্দ্ৰভূমিৰে আগুৰা মুঠ মাটিকালি হ’ল প্ৰায় ১,৩৪,১৩৭ হেক্টৰ ৷ অসমত এতিয়া সৰ্বমূঠ ৪৩০ খন বিল আছে ৷ ইয়াৰ ভিতৰত গুৱাহাটীৰ দীপৰ বিল, শিৱসাগৰ জিলাৰ পানী দিহিং, নগাঁও জিলাৰ চামগুৰি বিল, কৰিমগঞ্জ জিলাৰ সোণ বিল, বৰপেটা জিলাৰ কাপলা বিল, কামৰূপ জিলাৰ চানডুবি বিল অন্যতম ৷ এই জলাশয় সমূহে মূলত বানপানী প্ৰতিৰোধ কৰাত মুখ্য ভূমিকা লয় আৰু জৈৱ বৈচিত্ৰ সংৰক্ষণত সহায়ক হয় ৷ আৰ্দ্ৰভূমিৰ বাবেই পৰিভ্ৰমী চৰাই বোৰে দূৰ-দূৰণিৰ দেশবোৰৰ পৰা অসমলৈ আহে ৷ প্ৰাকৃতিক ভাৰসম্য ৰক্ষাৰ বাবে এই জলাশয়বোৰৰ সংৰক্ষণ অতিকৈ প্ৰয়োজন ৷
যোৱা পঞ্চাছ বছৰ আগত গোটেই গুৱাহাটী চহৰ জলাশয় আৰু পিটনিৰে ভৰি আছিল ৷ সেইবোৰৰ বাবে গুৱাহাটীৰ ভিতৰত বানপানী দেখিবলৈ পোৱা নগৈছিল ৷ লাহে লাহে জলাশয়, পিটনিবোৰ পুতি পেলাই তাত মানুহে বসবাস কৰিবলৈ লোৱাৰ পিছত গুৱাহাটী বাসীয়ে দুটা প্ৰধান সমস্যাৰ সন্মুখীন হৈছে – কৃত্ৰিম বানপানী আৰু ভূমি পৃষ্ঠত পানীৰ স্তৰ তললৈ নামি যোৱাৰ ফলত দেখা দিয়া পানীৰ নাটনি ৷ গুৱাহাটী মহানগৰীত থকা জলাশয় বোৰৰ ভিতৰত এতিয়া প্ৰাধনকৈ তিনিটা বিলৰ নাম উল্লেখ কৰিব পাৰি – দীপৰ বিল, শিলসাঁকো আৰু শলা বিল ৷ দুৰ্ভাগ্যবশত: তিনিওটা বিলেই আজি অস্তিত্বৰ সংকটত ভূগিছে ৷
গুৱাহাটীৰ পাণবজাৰৰ পৰা মাত্ৰ ১১ কিলোমিটাৰ দূৰত্বত অৱস্থিত দীপৰ বিলৰ উত্তৰে আছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, পূবে বশিষ্ঠ বাহিনী নদী আৰু ভৰলু নদী, পশ্চিমে কালমনি নদী আৰু আজাৰা আৰু দক্ষিণে খাচী জয়ন্তীয়া পাহাৰ ৷ খনাজান বাহিনীয়ে দীপৰ বিলক ব্ৰহ্মপুত্ৰ নদীৰ লগত সংযোগ কৰাইছে। শ্লুইচ গেটৰ জৰিয়তে বিললৈ বৈ অহা পানী সময়ে সময়ে ব্ৰহ্মপুত্ৰত পেলাই দিয়া হয় ৷ দীপৰ বিলৰ নাম অতীজৰে পৰা শুনা যায় ৷ ই পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল আৰু মেঘালয় ৰাজ্যৰ শাসনকৰ্তা (ৰায়ব্ৰাই চিয়েম) ইয়াত শাসন কৰিছিল । আহোম আৰু মোগলৰ দিনত দীপৰ বিলত জাহাজ মেৰামতি আৰু বয়-বস্তু উঠা-নমা কৰা ঠাই হিচাপে ব্যৱহৃত হৈছিল। ১৯৫০ চনৰ ভুমিকম্পত বিলৰ পৰিসৰ যঠেষ্ট বৃদ্ধি পায় ৷
বাৰিষা পানীৰে উপচি পৰা দীপৰ বিলৰ মাটিকালি প্রায় ৪০ বর্গ কিলোমিটাৰলৈ বৃদ্ধি পায় আৰু খৰালি ই প্ৰায় ১০.১ বর্গ কিলোমিটাৰলৈ হ্রাস হয়। ১৯৮৯ চনত অসম চৰকাৰে ৪.১৪ বর্গ কিলোমিটাৰ অঞ্চল সাঙুৰি দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰে। ২০০২ চনৰ নভেম্বৰ মাহত দীপৰ বিলক উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ৰামচৰ অঞ্চল বুলি ঘোষণা কৰা হয়। ১৯৭১ চনত প্ৰথম বাৰৰ বাবে ইৰানৰ ৰামচৰ নামৰ মহানগৰীত বিশ্বৰ জলাশয়বোৰৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাক লৈ এখন আন্তৰ্জাতিক অভিবৰ্তন অনুষ্ঠিত হয় ৷ তাত বিশ্বৰ ঐতিহ্যমন্দিত জলাশয় বোৰৰ সংৰক্ষণৰ বাবে আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰা হয় ৷ প্ৰতি তিনি বছৰৰ মূৰে মূৰে ইয়াৰ অভিবৰ্তন অনুষ্ঠিত হয় আৰু প্ৰয়োজন সাপেক্ষে নতুন নতুন জলাশয়ক ৰামচৰ অঞ্চল হিচাপে স্বীকৃতি দি আহিছে ৷ ভাৰতবৰ্ষত এতিয়ালৈ ৪৭ টা জলাশয় ৰামচৰ অঞ্চল হিচাপে ঘোষণা কৰা হৈছে ৷ দীপৰ বিল হৈছে অসমৰ একমাত্ৰ স্বীকৃতি প্ৰাপ্ত ৰামচৰ অঞ্চল ৷ অসমৰ প্ৰাকৃতিক পৰিৱেশ আৰু জলাশয়ৰ জৈৱ বৈচিত্ৰ ৰক্ষাৰ স্বাৰ্থত আন্ত:ৰাষ্টীয় সংগঠনে এই সিদ্ধান্ত লয় ৷
দীপৰ বিল আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্রায় ২৭০ বিধ প্রজাতিৰ চৰাই দেখিবলৈ পোৱা যায়। ইয়াৰে ৭০ বিধমান প্রবজনকাৰী চৰাই। পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণ হ’ল এই বিললৈ জাকে জাকে আগমন ঘটা বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই । বাৰ্ড লাইফ ইণ্টাৰনেচনেল (Bird Life International) এ দীপৰ বিলক অতি গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা বুলি চিহ্নিত কৰিছে। তদুপৰি দীপৰ বিল বিভিন্ন জাতৰ মাছেৰে পৰিপূৰ্ণ। জলীয় গছ-গছনি যেনে পানীমেটেকা, জলীয় ঘাঁহ, পদুম, পানীত ওপঙি থকা ঘাঁহ আদি পোৱা যায়। দীপৰ বিলত পৰ্যাপ্ত পৰিমানে পোৱা যায় এক বিশেষ জলজ উদ্ভিদ – নিকৰি আৰু মাখনা ৷ ইয়াৰ পাত বোৰত বিভিন্ন পোক পতংগই বাহ লয় আৰু এইবোৰ হ’ল মাচৰ বাবে উৎকৃষ্ট খাদ্য ৷ সেয়েহে দীপৰ বিলত যঠেষ্ট মাছ পোৱা যায় ৷ আকৃতিত পদুমতকৈো ডাঙৰ আৰু ডাঠ মাখনা জলজ উদ্ভিদক বৃহৎ ভেটফুল(Giant Water lily) বুলি চিনাক্তকৰণ কৰিছে। ইয়াৰ পাতবোৰৰ ওপৰত বহি চৰাইবোৰে ৰৌদ্ৰস্নান কৰি থকা দৃশ্য অতি মনোৰম । ব’হাগ মাহৰ পৰা এই উদ্ভিদবোৰৰ ফুল ফুলে আৰু ইয়াৰ পৰা যিটো গুটি হয় তাক ব্যঞ্জনত ব্যৱহৃত এবিধ দ্ৰব্য হিচাপে সুপৰিচিত। এই মাখনাৰ ফল হাতীৰ বৰ প্ৰিয় খাদ্য ৷ সেয়েহে গৰমৰ দিনবোৰত ৰাণী-গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ পৰা জাকে জাকে হাতী বিললৈ সঘনেই অহা-যোৱা কৰে। কেতিয়াবা দিনৰ পিচত দিন ধৰিও হাতীবোৰে তাতে থাকি আহাৰ খায়। দেশভক্ত তৰুণৰাম ফুকনদেৱে ইয়াতেই হাতী চিকাৰ কৰিছিল বুলি তেখেতে লিখি গৈছে ৷ দীপৰ বিলৰ পাৰত অৱস্থিত গাঁওবোৰৰৰ প্ৰায় ১২০০ টা মান পৰিয়াল এই বিলখনৰ ওপৰতেই পোনপটীয়াকৈ নিৰ্ভৰশীল।
ঐতিহাসিক দীপৰ বিল আজি কেইবাটাও সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছে ৷ দিনক দিনে এই জলাশয় সংকুচিত হৈ আহিছে ৷ বিলৰ মাটি পুতি বৃহৎ বৃহৎ আট্টালিকা গঢ় লৈ উঠিছে, ওচৰে-পাঁজৰে কল-কাৰখানা স্থাপন কৰিছে ৷ মানুহৰ সমাগম বৃদ্ধি পাইছে যাৰ ফলত বিলত পক্ষী আৰু বনৰীয়া প্ৰাণীৰ সংখ্যা লাহে লাহে কমি আহিছে ৷ বিলৰ মাজেৰে ৰেল লাইন নিৰ্মাণ কৰা বাবে বহুতো হাতী মৃত্যুমুখত পৰিছে ৷ দীপৰ বিলে ভূগি থকা অন্য এটা সমস্যা হ’ল প্ৰদূষণ ৷ গুৱাহাটী চহৰৰ পৰা বৈ আহা ভৰলু নৈ আৰু বশিষ্ঠ ৰ পৰা বৈ আহা বাহিনী নৈ চহৰৰ গোটেই লেটেৰা আৱৰ্জনা কঢ়িয়াই দীপৰ বিলৰ পানী কলুষিত কৰিছে ৷ ইয়াৰ ফলত বিলত উপজীব্য জলজ প্ৰাণীবোৰৰ যঠেষ্ট ক্ষতিসাধন কৰিছে ৷ আনকি জলজ উদ্ভিদৰ বাবেও ই অতি ক্ষতিকাৰক বুলি গৱেষক সকলে কৈছে ৷ বিশেষকৈ ভৰলু নৈৰ পানী বৈজ্ঞানিক পদ্ধতিৰে নিষ্কাশণ কৰি বিললৈ বোৱাই দিব পাৰিলে বিলৰ পানী বহু পৰিমাণে প্ৰদূষণ মুক্ত হ’ব ৷
দীপৰ বিলৰ কাষতে থকা বৰাগাঁওত পৌৰ নিগমৰ জাৱৰ পেলোৱা ঠাই হিচাপে ২০০২ চনত পাঞ্জাবাৰীৰ পৰা স্থানান্তৰ কৰা হৈছিল । যদিও আজি কিছু বছৰৰ পৰা এই ডাম্পিং গ্ৰাউণ্ড বৰাগাঁৱৰ পৰা স্থানান্তৰ কৰাৰ কথা চলি আছে, ই সম্পূৰ্ণ হৈ উঠা নাই ৷ ইতিমধ্যে ডাম্পিং গ্ৰাউণ্ডৰ বাবে দীপৰ বিলৰ পৰিৱেশ বিনষ্ট হৈ পৰে আৰু ইয়াৰ পৰিস্থিতি তন্ত্ৰত মোক্ষম আঘাত হানে ৷ ডিচেম্বৰ-জানুৱাৰী মাহত হেজাৰ হেজাৰ লোকে বিলৰ পাৰত বনভোজ খাবলৈ আহি বিলৰ পৰিৱেশ বিনষ্ট কৰিছে ৷ প্লাষ্টিকৰ আৱৰ্জনাৰে বিলৰ পাৰ উপচি পৰিছে ৷
বিশ্বসমাদৃত দীপৰ বিলক কালৰ সোঁতত ধ্বংস হ’বলৈ নিদি আহক আমি সকলোৱে ল’গ হৈ বিলৰ লগতে ইয়াৰ জৈৱ বৈচিত্ৰক ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰোঁ ৷ প্ৰশাসনেও বিভিন্ন আঁচনি গ্ৰহণ কৰি দীপৰ বিলক ৰক্ষা কৰে যেন এয়ে আমাৰ বিনম্ৰ অনুৰোধ ৷
(৬ ফেব্ৰুৱাৰী, ২০২২ ত নিয়মীয়া বাৰ্তাত প্ৰকাশিত)
Comments
Post a Comment