বৃন্দাবনী বস্ত্ৰ
মানৱজাতিৰ ক্ৰমবিকাশৰ লগে লগে লজ্জা নিবাৰণৰ বাবে গছৰ পাতৰ আৱৰণৰ পৰা বোৱা কাপোৰৰ ব্যৱহাৰ আৰম্ভ হয় ৷ অসমৰ বুৰঞ্জী ফঁহিয়াই চালে আহোমৰ ৰাজত্বৰ আৰম্ভণিৰ পৰাই বিভিন্ন জনগোষ্ঠীয়ে কাপোৰ বৈ পিন্ধিবলৈ লোৱা দেখা যায় ৷ অসমৰ প্ৰতিটো ঘৰৰ প্ৰতি গৰাকী মহিলা নিপুন শিপিনী আছিল ৷ প্ৰতিটো জনগোষ্ঠীৰ লোকে সুকীয়া সুকীয়া কাপোৰ পিন্ধিছিল ৷ তাৰ ৰঙ, সূতা, বয়ন পদ্ধতি বেলেগ বেলেগ আছিল ৷ প্ৰাক আহোম যুগৰ পৰা অসমৰ শিপিনীয়ে কপাহ, এৰি, পাট, মূগাৰে কাপোৰ বৈ ব্যৱহাৰ কৰিছিল ৷ মধ্য যুগত অসমত বস্ত্ৰ শিল্পৰ যথেষ্ট পৰিৱৰ্তন ঘটে ৷ কাপোৰ চিলাই কৰিবলৈ শিকে ৷ সেই সময়ত অসমত তাঁতী সম্প্ৰদায়ৰ লোক বাস কৰিছিল যিসকলে কাপোৰ তাঁতশালত বৈ জীৱন নিৰ্বাহ কৰিছিল ৷ ইয়াৰ জ্বলন্ত উদাহৰণ হ’ল বৃন্দাবনী বস্ত্ৰ ৷ মহাত্মা গান্ধীয়ে প্ৰথমবাৰ অসমলৈ আহি তাঁতশালত বোৱা বস্ত্ৰ দেখি এনেদৰে প্ৰশংসা কৰিছিল যে অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে ৷ শ্ৰীমন্ত শংকৰদেৱে পাটবাউসীত থকা সময়ত কোচ ৰজা নৰনাৰায়ণে গুৰুজনাৰ দুগৰাকী শিষ্য ক্ৰমে ঠাকুৰ আতা আৰু গকুল চান্দক ধৰাই নি নিৰ্যাতন কৰাৰ পাছত কোচবিহাৰলৈ যায় ৷ ৰজা নৰনাৰায়ণে গুৰ...