কিংবদন্তি পুৰুষ নিংনি ভাউৰা
হাস্যৰসাত্মক সৃষ্টিকৰ্ম হ’ল এনে এক সৃষ্টি যাৰ দ্বাৰা হাস্য ৰসৰ জৰিয়তে জনসাধাৰণক অতি সহজ ভাবে ভাল দিশ আৰু বেয়া দিশবোৰ দেখুৱাই দিয়া হয় ৷ শাসক শ্ৰেনীৰ অন্যায়ৰ বিৰুদ্ধে হাস্যৰসৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ হাস্যৰসাত্মক সৃষ্টিৰ ইতিহাস চালে দেখিবলৈ পাওঁ খ্ৰীষ্ট পূৰ্ব চতুৰ্থ শতিকাত গ্ৰীক ব্যঙ্গ নাট্যকাৰ এৰিষ্টোফানিচে প্ৰায় ৪০ খন হাস্যৰসাত্মক নাটক ৰচনা কৰিছিল ৷ মধ্য যুগত শ্বেক্সপীয়েৰে কেইবাখনো নাটকত হাস্যব্যঙ্গাত্মক চৰিত্ৰ সৃষ্টি কৰিছিল আৰু নাটকৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল ৷ বিংশ শতিকাৰ প্ৰথম ভাগত চাৰ্লি চেপলিন আৰু শেষৰ ভাগত মিষ্টাৰ বিনৰ কৌতুক অভিনয়ৰ কথা আমি পাহৰিব নোৱাৰো ৷
কোৱা হয় যে দুখৰ অভিনয়তকৈ কৌতুক অভিনয় কৰা অধিক টান
কাম ৷ সেয়েহে সকলো অভিনেতাই কৌতুক অভিনয় কৰিব নোৱাৰে ৷ সঁচাকৈ কৌতুক অভিনয় এবিধ কঠিন কলা ৷ ইয়াৰ বাবে অনেক পৰিশ্ৰম আৰু সাধনাৰ দৰকাৰ ৷ মানুহক হহুৱাৰ লগতে জীৱনৰ
তত্ত্ব গধুৰ শিক্ষাও দিয়া হয় অভিনয়ৰ মাধ্যমেৰে ৷ কৌতুক অভিনেতা আৰু নামনি অসমত প্ৰচলিত
ভাউৰা যদিও একে যেনেই লাগে তথাপি দুয়োৰে মাজত পাৰ্থক্য আছে ৷ কৌতুক অভিনেতাই নাটক,
থিয়েটাৰ বা চিনেমাত হে কৌতুক অভিনয় কৰে ৷ কিন্তু ভাউৰা হ’ল স্বভাৱ গত ৰসিক ভাৱৰীয়া
যিয়ে সকলো সময়তে সকলোৰে লগত হাস্যৰসৰ অভিনয়ৰ মাজেৰে জীৱন দৰ্শন দিবলৈ চেষ্টা কৰে ৷ কবিতা, অভিনয় বা ফকৰা যোজনাৰ মাজেৰে হাস্যৰসৰ সৃষ্টি
কৰে আৰু মানুহক স্ফূৰ্তি, আনন্দ দিয়াৰ উপৰিও জ্ঞান দিবলৈ চেষ্টা কৰে ৷ নামনি অসমত এনেধৰণৰ
হাস্যৰসাত্মক গীতমাত সংগ্ৰহ কৰি ভাউৰা পুৰাণ
নামকৰণেৰে কিতাপ আকাৰত প্ৰকাশ কৰা দেখিবলৈ পাওঁ ৷ ওঠৰ শতিকাত বঙ্গদেশত জন্ম লাভ কৰা
অতিকৈ জনপ্ৰিয় ভাউৰা গোপাল ভাড়ৰ হাস্যৰসাত্মক কাহিনী বোৰে ভাৰতৰ সকলো ভাষাতে অনুবাদ
আকাৰত পোৱা যায় ৷
ঊনৈশ শতিকাত অসমৰ এজন সৰ্ব্বকালৰ শ্ৰেষ্ঠ ভাউৰা জন্মলাভ কৰিছিল, তেওঁৰ নাম হ’ল
নিংনি ভাউৰা ৷ তেওঁৰ জীৱনটোৱে আছিল এক অভিনয় আৰু বসবাস কৰা নগৰখনে আছিল ৰংগমঞ্চ ৷ তেওঁ আছিল এজন স্বভাৱ কবি আৰু ৰসিক ভাৱৰীয়া ৷ নিংনি
ভাউৰাই সৃষ্টি কৰা ধেমলীয়া গীতমাত, নিজৰ জীৱনত ঘটা ধেমলীয়া কহিনীবোৰে সেইসময়ৰ মানুহক
হাঁহিৰ খোৰাক দিয়াৰ লগতে নীতি শিক্ষা আৰু জ্ঞান দিছিল ৷ মানুহৰ মুখে মুখে চলি অহা এই
কাহিনীবোৰ লগ কৰি বৰপেটাৰ নাতিদূৰত অৱস্থিত
হাউলীৰ যাদৱ চন্দ্ৰ দাসে পুথি আকাৰে প্ৰথমে ছপা কৰি উলিয়ায় ৷ ইয়াত নিংনি ভাউৰাৰ
২৮ টা এনে ঘটনা লিপিবদ্ধ কৰা হয় ৷ ১৯৯১ চনত দুলাল ৰয়ৰ পৰিচালনাত কিশোৰী মোহন পাঠকে
লিখা “নিংনি ভাউৰা“ নাটখন গুৱাহাটী দূৰদৰশন কেন্দ্ৰৰ জৰিয়তে সম্প্ৰচাৰ হয় ৷ বিশিষ্ট
অভিনেতা প্ৰমোদ দাসে নিংনিৰ চৰিত্ৰত অভিনয় কৰা নাটখন বেছ জনপ্ৰিয় হৈ পৰিছিল ৷ ২০১০
চনত ৰং চেনেলৰ দ্বাৰা প্ৰমোদ দাসৰ পৰিচালনা আৰু অভিনয়ত ১০০ টা খণ্ডত নিংনি ভাউৰা নাট
সম্প্ৰচাৰ হয় ৷ ইয়াৰ পিছতে অসমবাসীৰ মাজত নিংনি ভাউৰা চৰিত্ৰ অতিকৈ জনপ্ৰিয় হৈ পৰে
৷
নিংনি ভাউৰা বৰপেটাৰ মাজৰ হাটীত
জন্ম লাভ কৰিছিল চন ১৮৩৫ (আনুমানিক) ৷ তেওঁৰ পিতৃৰ নাম হৈছে আনন্দি ওজা। মহাপুৰুষ মাধৱদেবৰ পৰা নামঘোষা-বৰগীত, ওজাপালি
শিক্ষালৈ বিখ্যাত হৈ পৰা লক্ষণ ওজাৰ বংশধৰ আছিল এই নিংনি ভাউৰা ৷ সৰুতে তেনেই
ক্ষীণ আছিল বাবেই তেওঁক নিংনি (এন্দুৰ) নামেৰে মাতিছিল ৷ বৰপেটাত বহুতৰে এটা
জোকোৱা নাম থাকে ৷ পিছলৈ জোকোৱা নামটোৱে ইমান জনপ্ৰিয় হয় যে আচল নাম সকলোৱে পাহৰি
যায় ৷ সেয়েহে নিংনিৰ প্ৰকৃত নাম
জনসাধাৰণৰ স্মৃতিৰ মানসপটৰ পৰা হেৰাই গ’ল
৷ পিছলৈ যদিও নিংনি শকট-আৱত আৰু সুশ্ৰী হৈ পৰিছিল তথাপি তেওঁৰ নাম সলনি নহ’ল ৷
যদিও ল’ৰালি কালত নিংনি পঢ়াশুনা কৰিব নোৱাৰিলে
তেওঁ হাস্যৰসাত্মক গীত, কবিতা আৰু অভিনয়ৰ
মাজেৰে সমাজৰ প্ৰচলিত কুসংস্কাৰ, যুগ যুগ ধৰি চলি অহা অন্ধবিশ্বাস আঁতৰাবলৈ চেষ্টা
কৰিছিল ৷ এই গীতবোৰতে পোৱা যায় গ্ৰাম্য সমাজৰ জীৱন দৰ্শন ৷ সেই সময়ত বৰপেটাত বঙ্গ
দেশৰ বিশেষকৈ কোচবিহাৰত প্ৰচলিত ভাওনাৰ আৰ্হিত নাট মঞ্চস্থ কৰা হৈছিল ৷ নিংনি ভাউৰাই ভাওনা বোৰত কৌতুক অভিনয় আৰু প্ৰয়োজনবোধে যিকোনো চৰিত্ৰতে অৱতীৰ্ণ হৈছিল।
সেই সময়ত ইংৰাজে আমাৰ
মাজত মেলি দিয়া কানি বৰবিহৰ পৰা মানুহক উদ্ধাৰ কৰিবলৈ নিংনি ভাউৰাই গীত লিখিছিল এনেদৰে ৷
“ঐ অসমীয়া ভাবি নাচ’ কিও। তোৰ নু নাছিল কি?
দেশ খেদ্ লি ৰসাতলে কানি বৰবিহ খাই।
কানিৰ নিচাত কবা নৰা, নাব হলি হাল।
সৰগোৰ তাৰা দেখা পাই, কামি হ'ল ডাল ডাল ।“
নিংনি ভাউৰাৰ ৰহস্যময় কাহিনীবোৰত দেখিবলৈ পাওঁ
কেনেকৈ তেওঁ ব্ৰিটিছ চাহাবৰ অপশাসনৰ বিৰুদ্ধে কৌতুক অভিনয়ৰ জৰিয়তে প্ৰতিবাদ
সাব্যস্ত কৰি চাহাবৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল আৰু ভুল সিদ্ধান্ত সলনি কৰাবলৈ বাধ্য হৈছিল ৷ ঊনৈশ শতিকাত এজন অতি সাধাৰণ হোজা মানুহে ব্ৰিটিছ
চাহাবৰ আগত দেখুওৱা সাহস মানিব লগীয়া ৷ নিংনি ভাউৰাৰ আন এক
উল্লেখনীয় সৃষ্টি আছিল সাঁথৰ আৰু ফকৰা যোজনা ৷ এতিয়াও মানুহৰ মুখে মুখে এইবোৰ চলি
আছে ৷ তেনে এটি সাঁথৰ তলত দিয়া হ’ল ৷
“দেখ্লি লাগে নেদেখ্ লি নাই ।
আদখিনি মান পালাক যেথেন ।।
মল্লু মল্লু কল্লাক তেথেন ।
গতে খিনি গেল যেথেন ।
মিচিক মাচাক হাঁহে তেথেন ।।“
উত্তৰ হ’ল: আঙ্গঠি
কিংবদন্তি স্বৰূপ নিংনি ভাউৰাৰ মৃত্যু ১৯১৫ চনত বুলি অনুমান কৰা হয় ৷ নিংনি ভাউৰাৰ ৰহস্য, সৃষ্টিৰাজিৰ বিষয়ে বিশেষ গৱেষণা হোৱা নাই ৷ মানুহৰ মুখে মুখে চলি অহা কথাবোৰ গোটাইলৈ দুই-এখন কিতাপ প্ৰকাশ হৈছে যদিও বহুখিনি সৃষ্টি যেনে কাহিনী, গীতমাত, ফকৰা, সাঁথৰ কালৰ সোঁতত হেৰাই গ’ল ৷ নিংনি ভাউৰাৰ কাহিনী বোৰৰ পৰা নতুন প্ৰজন্মই বহুতো কথা শিকিব পাৰে ৷ তেওঁলোকক সমাজত বছৰ বছৰ ধৰি প্ৰচলিত গীতমাত, লোক কাহিনী, সাঁথৰ, ফকৰা যোজনাৰ লগত চিনাকি কৰাই দিয়াৰ অতিকৈ প্ৰয়োজন ৷ থলুৱা কৃষ্টি-সংস্কৃতিক জীয়াই ৰখাৰ ইয়ে একমাত্ৰ উপায় ৷
Comments
Post a Comment