’অসম সৌৰভ’ বঁটা প্ৰাপক অধ্যাপক কমলেন্দু দেব ক্ৰোৰী

 



সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে, ঘাইকৈ  অসমত এজন কৃতি শিক্ষাবিদ,  আৰু পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ পথিকৃত হিচাপে যিকেইগৰাকী আঙুলিৰ মূৰত লিখিব পৰা পণ্ডিতৰ নাম ল’ব লাগিব সেইসকলৰ ভিতৰত অন্যতম হ’ল অধ্যাপক কমলেন্দু দেব ক্ৰোৰী চাৰ ৷   জীৱনৰ সকলো সময়তে প্ৰচাৰ বিমুখহৈ সুদীৰ্ঘ ৬১ বছৰে  শিক্ষা জগতৰ লগত নিজকে জড়িত কৰি ৰখা ৯১ বছৰীয়া অধ্যাপক ক্ৰোৰী হ’ল বিজ্ঞানৰ এজন নীৰৱ সাধক, সঁচা অৰ্থত ক’বলৈ হ’লে এজন ঋষিতুল্য ব্যক্তি ৷ আজি সেই মহান ব্যক্তিক ’অসম সৌৰভ’ বঁটাৰে সন্মানিত কৰা বাবে আমি নথৈ আনন্দিত ৷ অধ্যাপক ক্ৰোৰী চাৰে শিক্ষা জগতত আগবঢ়োৱা অৱদানৰ কথা বহুতে হয়তো নাজানে, সেয়েহে এই মহান পণ্ডিতৰ বিষয়ে এই লেখাটোৰ জৰিয়তে থুলমূলকৈ কিছু কথা আলোকপাত কৰাৰ প্ৰয়াস কৰা হ’ল ৷

বৰ্ণাধ্য অভিজ্ঞতাৰে অভিজ্ঞতাপুষ্ট অধ্যাপক ক্ৰোৰী বৰ্ণিল জীৱন গাঁথাৰে গঢ়া ৷ তেখেতৰ জন্ম হয়  ১৯৩০ চনৰ ২১ জানুৱাৰীত বাংলাদেশৰ ছিলেট জিলাত ৷  দেশ বিভাজনৰ সময়ত তেওঁলোকৰ পৰিয়াল শিলচৰত থাকিবলৈ লয়।  ১৯৪৯ চনত কৰিমগঞ্জ মহাবিদ্যালয়ৰ পৰা আই এছ ছি পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ শ্বিলঙৰ ছেইন্ট এন্থনি কলেজৰ পৰা স্নাতক ডিগ্ৰী  লাভ কৰে। তাৰ পিছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা তেওঁ সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷ কলিকতাত থকা কালতে  তেওঁ সেই সময়ৰ প্ৰখ্যাত বৈজ্ঞানিক  সত্যেন্দ্ৰনাথ বসু, মেঘনাদ সাহা, এছ কে মৈত্ৰৰ দৰে পণ্ডিত সকলৰ সান্নিধ্যলৈ আহে ৷ তেওঁৰ কৰ্ম জীৱন আৰম্ভ হয় কৰিমগঞ্জ মহাবিদ্যালয়ৰ প্ৰৱক্তা হিচাপে ১৯৫৪ চনত ৷ তাৰ এবছৰ পিছত যোগদান কৰে ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয়ত ৷ ১৯৫৫চনৰ  পৰা ১৯৮৭ চন লৈ তেওঁ পদাৰ্থবিজ্ঞান বিভাগৰ প্ৰৱক্তা, অধ্যাপক আৰু মুৰব্বী অধ্যাপক হিচাপে শিক্ষাদান কৰে। ১৯৮৭ চনৰ পৰা ১৯৯১ চনলৈ তেওঁ কটন মহাবিদ্যালয়ৰ অধক্ষ্য পদত কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰে ৷ অৱসৰৰ পিছতো কটন কলেজৰ পৰা তেওঁৰ গৱেষণাৰ কাম চলাই গৈছিল ২০০৩ চনলৈ  ৷ অৱসৰ গ্ৰহণৰ পিছত শ্ৰীমন্ত শংকৰ একাডেমিত তেওঁ প্ৰতিষ্ঠাপক সঞ্চালক হিচাপে ১২ বছৰ কাল  কাম কৰিছিল ৷ অগণন ছাত্ৰৰ মনত সাঁচ বহুৱাই যোৱাকৈ  কৰা তেওঁৰ  শিক্ষাদান প্ৰণালী আছিল অতুলনীয় । ছাত্ৰ-ছাত্ৰী সকলোৰৰ মনত এনে ভাব হৈছিল যেন তেখেত শিক্ষক হবলৈ হে জন্ম গ্ৰহণ কৰিছিল । শিক্ষাদানৰ মাজতেই তেখেতে আৰম্ভ কৰিছিল গৱেষণা। নিজেই নিজৰ গাইড হৈ তেও ১৯৭১ চনত যাদবপুৰ বিশ্ববিদ্যালয়ৰ পৰা  পিএইচডি ডিগ্ৰী লাভ কৰে। তেওঁৰ তত্বাৱধানত মুঠ ১৬ জন গৱেষকে  পিএইচডি ডিগ্ৰী লাভ কৰে। অধ্যাপক ক্ৰোৰীৰ এতিয়ালৈকে ১৫০ খনতকৈও অধিক গৱেষণা পত্ৰ আন্তৰাষ্ট্ৰীয় গৱেষণা পত্ৰিকাত প্ৰকাশ পাইছে । অধ্যাপক ক্ৰোৰীৰ আপেক্ষিকতাবাদ বিষয়ত এক  বিশেষ অৱদান হ’ল ক্ৰোৰী-বৰুৱা সূত্ৰ ৷ আজিও এই সূত্ৰ গৱেষণাৰ কামত বিশ্বৰ বৈজ্ঞানিক সকলে ব্যৱহাৰ কৰি আহিছে ৷    

অধ্যাপক ক্ৰোৰী আপেক্ষিকতাবাদ, কোৱান্টাম বল বিজ্ঞান আৰু কণা পদাৰ্থ বিজ্ঞানৰ এজন প্ৰসিদ্ধ বৈজ্ঞানিক আছিল ৷ তাত্ত্বিক পদাৰ্থ বিজ্ঞানৰ গৱেষণা ক্ষেত্ৰত  তেখেতক অসমৰ পথপ্ৰদৰ্শক বুলি কোৱা হয়   মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ বাবে পদাৰ্থ বিজ্ঞানৰ বিষয়ত তেওঁ পাঁচখন মূল্যবান গ্ৰন্থ লিখি প্ৰকাশ কৰিছিল ৷ জীৱনজোৰা শিক্ষকতাৰ বাবে তেওঁক কেইবাটাও ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিছে ৷ তাৰ ভিতৰত ১৯৯০ চনত অসম বিজ্ঞান সমিতিয়ে প্ৰদান কৰা ড° এইছ চি ভূঞা বঁটা, ২০১০ চনত প্ৰদান কৰা ৰাষ্ট্ৰীয় শিক্ষক বঁটা, ডন বস্কো বিশ্ববিদ্যালয়ে প্ৰদান কৰা একাডেমিক ফিজিক্স বঁটা অন্যতম ৷ অপেক্ষিকতাবাদৰ বিষয়ত কৰা গৱেষণাৰ বাবে ভাৰতবৰ্ষৰ এক সন্মানীয়  ’বিদ্যা ৰয় চৌধুৰী বঁটা’ ২০২০ চনত তেখেতক প্ৰদান কৰা হয় ৷ প্ৰথম জন অসমীয়া হিচাপে তেওঁ এই সন্মানৰ অধিকাৰী হয় নিৰলস কৰ্মৰ জৰিয়তে ৷ বিশ্ববিদ্যালয় মঞ্জুৰী আয়োগে তেওঁক পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ বাবে ২০০১ চনত এমেৰিচাচ ফেলোশ্বিপ প্ৰদান কৰে ৷ নিউয়ৰ্ক একাডেমি অফ চায়েঞ্চৰো তেওঁ এজন আজীৱন সদস্য ৷

অধ্যাপক ক্ৰোৰীৰ অকল পদাৰ্থ বিজ্ঞানতে যে ব্যুৎপত্তি আছিল এনে নহয়, আধ্যাত্মিক দৰ্শনৰ ক্ষেত্ৰতো তেখেতৰ অমূল্য অৰিহনা আছে ৷ ইতিমধ্যে তেওঁ শ্ৰী ৰাম কথা কথামৃত গ্ৰন্থ বঙালী ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰিছে। শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষা পুথিখন আধুনিক অসমীয়া আৰু বঙালী দুটা ভাষালৈ  অনুবাদ কৰি উলিয়াইছে।  

কটন মহাবিদ্যালয়ত  ক্ৰোৰী চাৰৰ শ্ৰেণীত নিজৰ বাহিৰেও আন শ্ৰেণী কোঠাৰ ছাত্ৰ-ছাত্ৰী আহি শিক্ষা গ্ৰহণৰ বাবে ভিৰ কৰিছিল ৷ ক্লাছৰুমত বহিবলৈ চকী নাপাই বহুতে থিয়হৈ তেওঁৰ ভাষণ শুনিছিল ৷ কটন মহাবিদ্যালয়ৰ অধক্ষ্য পদত থাকিও তেওঁ শিক্ষাৰ্থীক শিক্ষাদান দিবলৈ এৰা নাছিল ৷ শ্ৰেণীকোঠালৈ যাব নোৱাৰিলে তেখেতে শিক্ষাৰ্থীক নিজৰ কাৰ্যালয়ত মাতি শিক্ষাদান কৰিছিল ৷ অধক্ষ্য হিচাপে তেওঁ কটন কলেজলৈ সংস্কাৰ আনি দিছিল ৷ অসম আন্দোলনৰ ফলত সেই সময়ত শৈক্ষিক পৰিৱেশ বিনষ্ট হৈ পৰিছিল ৷ ঐতিহ্যমণ্ডিত কটন কলেজৰ শৈক্ষিক পৰিৱেশ ঘূৰাই অনাত অধ্যাপক ক্ৰোৰীৰ  অৱদান আছিল অপৰিসীম ৷ সকলো ছাত্ৰ-ছাত্ৰীক তেখেতে বোপা ল’ৰা আৰু আইটী বুলি সম্বোধন কৰিছিল ৷ ষাঠিৰ দশকৰ পৰা নব্বৈ দশকত কটন মহাবিদ্যালয়ত পঢ়া সকলো ছাত্ৰ-ছাত্ৰীয়ে অধ্যাপক ক্ৰোৰীৰ শিক্ষাৰ ক্ষেত্ৰত দেখুওৱা অৰিহণাৰ কথা নত শিৰে স্বীকাৰ কৰে ৷ কটন মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাত তেখেতৰ বিশেষ অৰিহণা আছে ৷

যোৱা বছৰ কৰ’না মহামাৰীৰ সময়ত  অধ্যাপক ক্ৰোৰীক আমি অনলাইন মাধ্যমত কথোপকথন অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিলোঁ ৷ সেই অনুষ্ঠানত তেওঁ কৈছিল যে নব্বৈ বছৰ বয়সতো সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ প্ৰধান কাৰণ হ’ল  নিয়মানুৱৰ্তীতা আৰু সুচিন্তা ৷ বিজ্ঞান আৰু ধৰ্মৰ মাজৰ সুসম্পৰ্কৰ কথাও তেওঁ সুন্দৰকৈ বুজাই দিছিল ৷ দুমাহ আগতে অনলাইন মাধ্যমত তেওঁ পদাৰ্থ বিজ্ঞানৰ বিষয়ত এটা সুন্দৰ ভাষণ দিছিল ৷ এই বয়সতো তেওঁৰ স্মৰণ শক্তি দেখি আমি বিস্ময়াভূত হৈ পৰিছিলোঁ ৷ আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদ সূত্ৰৰ এশ বছৰ উপলক্ষে তেওঁ উত্তৰ-পূব ভাৰতৰ কেইবাখনো চহৰত এলানি ভাষণ প্ৰদান কৰিছিল ৷ সেই ভাষণ শুনি সকলো বৈজ্ঞানিক, গৱেষক সকল মুগ্ধহৈ পৰিছিল ৷

ড° কমলেন্দু ক্ৰোৰীৰ দৰে পণ্ডিত, বৈজ্ঞানিক, গৱেষক এজনক ’অসম সৌৰভ’ বঁটা প্ৰদানেৰে এই মহান ব্যক্তিজনৰ প্ৰতি যি সন্মান প্ৰদৰ্শন কৰা হ’ল তাৰ বাবে বৰ্তমানৰ চৰকাৰ ধন্যবাদৰ পাত্ৰ ৷ অধ্যাপক ক্ৰোৰী চাৰ সুস্বাস্থ্যৰ অধিকাৰী হৈ বহু বছৰলৈ জীয়াই থাকক , তাৰেই প্ৰাৰ্থনা জনালোঁ ৷         

(নিয়মীয়া বাৰ্তা বাতৰি কাকতত ১৩-১২-২০২১ তাৰিখে প্ৰকাশ পালে)        

Comments

  1. Excellent Chitta. I remember his classes so vividly.

    ReplyDelete
  2. তথ্য সমৃদ্ধ লিখনি । আমি পঢ়ি থাকোঁতে ছাৰক অধ্যক্ষ হিচাপে পাইছিলোঁ ।

    ReplyDelete

Post a Comment

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা