বৰপেটা সত্ৰ আৰু মথুৰাদাস বুঢ়া আতা

 

শ্ৰীমন্ত শংকৰদেৱে ১৪৪৯ চনত জন্মলাভ কৰাৰ পৰা ১৫৪৬ চনলৈ  উজনি অসমতে ধৰ্ম প্ৰচাৰ কৰিছিল ৷  কৰ্মকাণ্ডী ব্ৰাহ্মণ সকলৰ আৰু স্বৰ্গদেউ চুহুংমুঙ আৰু চুক্লেংমুংৰ অত্যাচাৰ সহিব নোৱাৰি গুৰুজনাই ৯৭ বছৰ বয়সত ধূৱাহাটৰ পৰ কোচ ৰাজ্যৰ  পিনে ৰাওনা হয় ৷ তেৰাৰ শেষ জীৱনৰ প্ৰায় ২০ বছৰ কাল বৰপেটাৰ গাতে লাগি থকা পাটবাউসীত   কটায় ৷  একেদৰে মাধৱদেৱে প্ৰায় ৪০ বছৰ কাল বাস কৰে ক্ৰমে বাৰাদী, গণককুচী, সুন্দৰীদিয়া আৰু বৰপেটা সত্ৰত ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠপ্ৰাপ্তিৰ পিছত  মাধৱদেৱে ধৰ্মপ্ৰচাৰৰ সুবিধাৰ্থে অসমক তিনি ভাগত বিভক্ত কৰিছিল ৷ উজনিৰ ফালে ধৰ্বপ্ৰচাৰৰ দায়িত্বত আছিল পদ্মআতা, মধ্যমখণ্ডৰ দায়িত্বত মথুৰাদাস বুঢ়া আতা আৰু নামনিৰ ফালে অৰ্থাৎ কোচবেহাৰলৈ দায়িত্বত শ্ৰীশ্ৰী মাধৱদেৱ নিজে ৷ এই তিনিৰাজ্যৰ কেন্দ্ৰবিন্দু আছিল বৰপেটা সত্ৰ ৷ সেয়েহে এই সত্ৰক তিনিও ৰাজ্যৰ বন্দনী বুলি কোৱা হয় ৷

মথুৰাদাস বুঢ়া আতাৰ প্ৰকৃত নাম আছিল গোপাল তাঁতী ৷ ১৪৯০ চনত তেওঁৰ জন্ম হয় বৰপেটাৰ তাঁতীকুছিত ৷ শিশু কালতে তেওঁ পিতৃ-মাতৃক হেৰুৱায় ৷ পঢ়াশালীয়া শিক্ষা শেষ কৰি গোপাল তাঁতী  পৈতৃক বৃত্তিকে ল’লে আৰু কম দিনৰ ভিতৰতে নিজৰ কৰ্মৰ দ্বাৰা মুখ্য তাঁতীলৈ পৰিগণিত হয় ৷ ৰজা নৰনাৰায়ণক দিবলৈ  শংকৰদেৱে বৃন্দাবনী বস্ত্ৰ বৈ উলিওৱাৰ দায়িত্ব তাঁতীকুছিৰ ছকুৰি তাঁতীৰ ওপৰত অৰ্পণ কৰে ৷ ইয়াতে মুখ্য তাঁতী গোপালে  দুজনা গুৰুৰ  সংস্পৰ্শলৈ আহে ৷ ইয়াৰ পিছতে  তেওঁৰ জীৱনৰ দিশ সলনি হৈ যায় ৷  এই বৃন্দাবনী বস্ত্ৰ আছিল ছকুৰি হাত দীঘল আৰু তিনি কুৰি হাত বহল ৷ গুৰুজনাৰ স্মৃতি আৰু বৃন্দাবনী বস্ত্ৰক সজীৱ কৰি ৰাখিবলৈ বৰপেটা সত্ৰৰ কীৰ্ত্তন ঘৰৰ জোখ অবিকল ৰাখে ৷

১৫৮৩ চনত ভকতনিগ্ৰহৰ বাবে মাধৱদেৱে সুন্দৰীদিয়া ত্যাগ কৰি গুৱাগাছালৈ যাবলৈ মনস্থ কৰাৰ সময়তে গোপাল তাঁতী আহি গুৰুজনাক তাঁতীকুছিলৈ আনে ৷ তাতে ওঠৰজন ভকতে লাগি-ভাগি গুৰুজনাৰ বাবে তিনিটা কোঠালিৰে ঘৰ সজালে ৷ ইয়াৰ পিছতে গুৰুজনাই গোপাল তাঁতীৰ সহযোগত কীৰ্ত্তন ঘৰ, ৰঙিয়াল গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰে আৰু চন ১৫৮৫ ত সম্পূৰ্ণ হয় ৷ শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাৰ পৰা আৰম্ভ কৰি ধূৱাহাট, বেলগুৰি, পাটবাউসী আদি বিভিন্ন স্থানত কীৰ্তনঘৰ বা দেৱগৃহ বা হৰিগৃহ নিৰ্মাণ কৰিছিল হৰিনাম, কীৰ্তন, প্ৰসংগৰ বাবে ৷ কিন্তু তেৰাই সত্ৰ নামেৰে নামকৰণ কৰা নাছিল ৷ মাধৱদেৱে প্ৰথমে তাঁতীকুছিত নিৰ্মাণ কৰা কীৰ্ত্তন ঘৰ, ৰঙিয়াল ঘৰ, কেৱলীয়া ভকতৰ বাহা  আদিক বৰপেটা সত্ৰ নামকৰণ কৰে ৷ ইয়াৰ পিছত দুজনা গুৰুৰ শিষ্য সকলে অসমৰ বিভিন্ন ঠাইত সত্ৰ প্ৰতিষ্ঠা কৰিবলৈ লয় ৷ গুৰুজনাই বৰপেটা সত্ৰত আঠ বছৰ কাল বাস কৰিছিল ৷ তাৰ পিছত গোপাল তাঁতীক সত্ৰ চোৱা-চিতাৰ দায়িত্ব দি কোচবেহাৰলৈ যাত্ৰা কৰে ৷ গুৰুজনা কোচবেহাৰত থকা কালতে কীৰ্ত্তন ঘৰ আৰু ৰঙিয়াল গৃহ জুইত পুৰি যায় ৷ তেতিয়া গোপাল তাঁতীৰ আশেষ চেষ্টাৰ ফলত সকলো নতুনকৈ নিৰ্মাণ কৰা হয় ৷ গোপাল তাঁতীয়ে খুব সুন্দৰ ভাবে শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰা সদৃশৰ নিচিনাকৈ সত্ৰখন ৰখাৰ বাবে মাধৱদেৱে তেওঁক মথুৰা দাস বুঢ়া আতা নামেৰে নামকৰণ কৰে ।

মহাপুৰুষ মাধৱদেৱে মথুৰাদাস বুঢ়া আতাক  বৰপেটা সত্ৰৰ প্ৰথম গৰাকী সত্ৰাধিকাৰ হিচাপে নিযুক্ত কৰিছিল ১৫৯৪ চনত। সত্ৰাধিকাৰ নিযুক্তিৰ সময়ত তেওঁৰ বয়স আছিল ১০৪ বছৰ ৷ চৰিত পুথি অনুযায়ী মথুৰাদাস বুঢ়া আতা ১৫০ বছৰ কাল জীয়াই আছিল আৰু ৪৭ বছৰ কাল সত্ৰাধিকাৰ বিচাপে বৰপেটা সত্ৰক গঢ় দি যায় ৷

সত্ৰাধিকাৰ হৈ তেওঁ বৰপেটা নগৰক ২২ খন হাটীৰে বিভক্ত কৰে ৷ মথুৰাদাস বুঢ়া আতাই প্ৰতিখন হাটীত একোটা হাইটাৰ ঘৰ পাতছিল ৷ হাটীৰ মানুহে মন গ’লেই মেল-মিটিঙৰ লগতে ভাগৱত পাঠ, কীৰ্ত্তন আদি হাইটাৰ ঘৰত পাতিব  পৰা কৰিছিল ৷ আনকি প্ৰতিখন হাটীত সৰু সৰু পুঁজি জমা কৰি ৰখাৰ ব্যৱস্থা কৰছিল, কাৰোবাৰ হঠাৎ টাকাৰ দৰকাৰ হ’লে যাতে ধাৰ ল’ব পাৰে ৷ “হাটীয়াৰ পুঁজি’ এক ধৰণৰ বন্ধন বেংক ব্যৱস্থাৰ দৰে আছিল। সত্ৰৰ কাম কাজবোৰ হাটীবোৰৰ মাজত ভগাই দিয়া হৈছিল ৷ সত্ৰৰ সেৱাইত কামবোৰ সুচাৰুৰূপে পৰিচালিত হোৱাৰ বাবে সত্ৰৰ কেৱলীয়া ভকতৰ উপৰিও বিভিন্ন বংশক ভাগ কৰি দিয়ে ৷ গায়ন, বায়ন, সূত্ৰধাৰ, পাঠক, ওজা, ভঁৰালী, কাকতি আদি সকলো বংশৰ লোকসকলৰ বাবে বেলেগ বেলেগ কাম নিৰ্ধাৰণ কৰা হয় ৷ আজিও সেই পৰম্পৰা বজাই ৰাখি উদাসীন ভকত সকলে আৰু বংশৰ লোকসকলে নিৰৱচ্ছিন্ন ভাৱে নিষ্ঠাসহকাৰে এই দায়িত্ব পালন কৰি আহিছে ৷ এই কামৰ বাবদ বংশৰ প্ৰতিনিধি সকলক কোনো মাননি দিয়া নহয় ৷ বুঢ়া আতাৰ উদ্যোগত বংশৰাই সকলে সত্ৰীয়া সংস্কৃতিক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছিল ৷ পৰৱৰ্তী সময়ত সৃষ্টি হোৱা ’ভোৰতাল নৃত্য’, ’দশাৱতাৰ নৃত্য’, ’থিয় নাম’ আদি উল্লেখযোগ্য সাংস্কৃতিক বৰঙণি ৷ মথুৰাদাস বুঢ়া আতাই প্ৰচলন কৰা চৈধ্য প্ৰসংগৰ পাঁচ প্ৰসংগ ৰাতিপুৱা, তিনি প্ৰসংগ আবেলি আৰু ছয় প্ৰসংগ সন্ধিয়া কৰা হয় ৷ সত্ৰৰ পৰিচালনাৰ সুবিধাৰ বাবে  ভোগ লোৱা নিয়ম প্ৰৱৰ্তন কৰে। কীৰ্তন মহোৎসৱৰ সময়ত ভকতৰ পিয়লৰ বাবেভকত লেখা ব্যৱস্থাও মথুৰাদাস বুঢ়া আতাই প্ৰৱৰ্তন কৰিছিল। তেওঁ প্ৰৱৰ্তন কৰা সেই পৰম্পৰা আজিও সত্ৰ নগৰীত দেখিবলৈ পোৱা যায় ৷

মথুৰাদাস বুঢ়া আতাই বৈকুণ্ঠ প্ৰাপ্তিৰ আগে আগে সত্ৰৰ উত্তৰাধিকাৰী নিজে নিৰ্বাচন নকৰি সমূহ ভকতক তাৰ দায়িত্ব দিয়ে ৷ সেইদিন ধৰি আজিলৈ  ডেকা সত্ৰীয়া আৰু বুঢ়া সত্ৰীয়া গতান্ত্ৰিক পদ্ধতিত নিৰ্বাচিত হৈ আহিছে ৷ আগতে ভকতে হাত দাঙি, আজি কালি বেলট পেপাৰত  ভোট দি নিৰ্বাচন কৰে ৷ সেই কাৰণে কোনেও বংশানুক্ৰমিক বা  নিজৰ ইচ্ছাত অধিকাৰৰ আসনত বহিব নোৱাৰে ৷ সমূহ ভকতেহে সত্ৰাধিকাৰ নিৰ্বাচন কৰে ৷  সত্ৰাধিকাৰ সকলে ইচ্ছা কৰিলে আজীৱন কাৰ্যনিৰ্বাহ কৰিব পাৰে বৰপেটাক বাদে আন কোনো ধৰ্মানুষ্ঠানত  ধৰ্মৰ উত্তৰাধিকাৰীক সুদীৰ্ঘ ৫০০ বছৰে গতান্ত্ৰিক পদ্ধতিত নিৰ্বাচন কৰা দেখা নাযায় ৷ ২২ খন হাটীৰ মাটিৰ মালিকিস্বত্বও বৰপেটা সত্ৰৰ ৷ সেয়েহে হাটীৰ অন্তৰ্গত মাটি কিনা-বেচাৰ বাবে সত্ৰৰ অনুমতি লাগে ৷ তেনেদৰে এই ২২ খন হাটীৰ মানুহ সত্ৰৰ অংশীদাৰ (স্বেয়াৰ হোল্ডাৰ ) ৷ প্ৰতিবছৰে সত্ৰক নামমাত্ৰ গুৰুকৰ দিব লাগে ৷ তেনেদৰে সত্ৰৰ লাভাংশ সকলো অংশীদাৰী সকলৰ মাজত ভগাই দিয়া হয় ৷ বুঢ়া আতাৰ নেতৃত্বত  অসমৰ বিভিন্ন ঠাইত বৰপেটাৰ সত্ৰৰ শাখা সত্ৰ স্থাপন কৰা হৈছিল ৷

১৬৪০ চনত মথুৰাদাস বুঢ়া আতাৰ পৰলোকপ্ৰাপ্তি ঘটে ৷ মথুৰাদাস বুঢ়া আতাই প্ৰায় পাঁচশ বছৰ আগতে বৰপেটা সত্ৰ পৰিচালনাৰ বাবে যি ৰীতি-নীতি, সাংস্কৃতিক পৰম্পৰা দি থৈ গ’ল সেই অৱদানক সকলোৱে নতশিৰে স্বীকাৰ কৰিব লাগিব ৷ বৰপেটা সত্ৰৰ বুৰঞ্জী ভালদৰে লিপিবদ্ধ কৰি পৰ্যটকৰ বাবে মোকলাই দিব পৰা যায় ৷ ইয়ে বিশ্বৰ বিভিন্ন অঞ্চলৰ লোকসকলক বৰপেটা সত্ৰলৈ আকৰ্ষিত  কৰিব আৰু সত্ৰনগৰীক এক আকৰ্শণীয় পৰ্যটক থলীলৈ পৰিৱৰ্তন কৰিব পাৰি ৷

(১৪ নভেম্বৰ দৈনিক অসম বাতৰি কাকতত প্ৰকাশিত) 

Comments

  1. মথুৰাদাস বুঢ়া আতাৰ বিষয়ে জানিলোঁ ৷ভাল লাগিল

    ReplyDelete
  2. বহুত আগতে নজনা কথা জানিলোঁ৷ ভাল লাগিল৷

    ReplyDelete

Post a Comment

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা