সৃজনশীল প্ৰতিভা বিকাশত আজিৰ শিক্ষা ব্যৱস্থা

 


এপ’লৰ প্ৰতিষ্ঠাপক ষ্টিভ জব্চ, মাইক্ৰ’চফ্টৰ প্ৰতিষ্ঠাপক বিল গেট্চ, ডেল কম্পিউটাৰৰ প্ৰতিষ্ঠাপক মাইকেল ডেল আৰু ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গ এই সকলো নমস্য ব্যক্তি আছিল কলেজ ড্ৰপআউট  ৷ কিন্তু তেওঁলোকৰ সৃজনশীল চিন্তাধাৰাৰ বাবে আজি বিশ্বৰ আটাইতকৈ সফল ব্যৱসায়ী বিচাপে প্ৰতিষ্ঠিত হ’ল ৷  শিক্ষাৰ ক্ষেত্ৰত সৃজনশীল প্ৰতিভা বিকাশৰ নিশ্চয় প্ৰয়োজন আছে ৷ নতুন নতুন আৱিষ্কাৰ আৰু ইয়াৰ প্ৰয়োগৰ জৰিয়তে ২০৩০ বা ২০৪০ চনত প্ৰযুক্তিবিদ্যাই কি ৰূপ ল’ব অনুমান কৰা টান ৷ বৰ্তমান সময়ত প্ৰাইমাৰী স্কুলত পঢ়ি থকা  ছাত্ৰ-ছাত্ৰী সকলক এক বা দুই দশকৰ পিছত চাকৰি বা ব্যৱসায়ৰ বাবে তৈয়াৰ কৰি ল’ব লাগিব ৷ গতিকে  শিক্ষাৰ্থী সকলৰ শিক্ষাৰ পদ্ধতি নিশ্চয় এনে হ’ব লাগিব যাতে তেওঁলোকে ২০৩০ বা ২০৪০ চনত সৃষ্টি হ’ব লগীয়া বৃত্তিগত কামবোৰৰ বাবে  নিজকে তৈয়াৰ কৰিবলৈ সমৰ্থ হ’ব ৷ দৰাচলতে প্ৰচলিত শিক্ষা ব্যৱস্থা ইয়াৰ বাবে মুঠেই উপযুক্ত নহয় ৷  

বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি এলন মাস্কৰ এটা লেখতলবলগীয়া অৱদান হ’ল শিক্ষা ব্যৱস্থালৈ অনা নতুন চিন্তা ৷ তেওঁ প্ৰচলিত শিক্ষা  ব্যবস্থাৰ  প্ৰতি বীতশ্ৰদ্ধহৈ নিজাকৈ পৰীক্ষামূলক ভাবে তেওঁৰ উদ্দ্যোগত স্থাপন হোৱা “স্পেচ এক্স“ৰ কৰ্মচাৰীৰ সতি-সন্ততিৰ বাবে এখন স্কুল প্ৰতিষ্ঠা কৰে, নাম থয় "এড আষ্ট্ৰা"। স্কুল খনত নিৰ্দিষ্ট পাঠ্যক্ৰম  মানি চলা নহয়। ছাত্ৰ- ছাত্ৰীক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰিক জ্ঞানৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয়। এসোপা হোমৱৰ্ক দি মুখষ্ঠ কৰাই পৰীক্ষাত ভাল নম্বৰ লবলৈ ইয়াত চেষ্টা কৰা নহয়, ছাত্ৰ-ছাত্ৰীক বিভিন্ন পৰীক্ষাৰ জৰিয়তে উদ্ভাৱনী চিন্তাৰ বিকাশৰ বাবে চেষ্টা কৰা হয় ৷ অত্যাধুনিক প্ৰযুক্তি বিদ্যাৰ  লগত যেনে ৰব’টিক্স, অন্তৰীক্ষ যান, কৃত্তিম বুদ্ধিমত্তা ইত্যাদিৰ লগত পৰিচয় কৰাই দিয়া হয় ৷ আনকি  স্কুলত শিক্ষাৰ্থীৰ বাবে কোনো গ্ৰেডৰ ব্যবস্থাও ৰখা নহয়। তেওঁ নিজৰ  পাঁচ সন্তানক লছ এঞ্জেলচৰ ব্যক্তিগত স্কুলৰ পৰা আনি নিজে স্থাপন কৰা  স্কুলত পঢ়ায়। তেওঁৰ মতে স্কুল হ'ব লাগে হাঁহি ধেমালিৰ স্থান।    "এড আষ্ট্ৰা" ৰ  পৰীক্ষামূলক  সফলতাৰ পিছত লচ এঞ্জেলচত নিজৰ লাভৰ কথা নাভাবি সেৱাৰ মনোভাবেৰে এক স্বতন্ত্ৰ স্কুল স্থাপন কৰে – যাৰ নাম ৰাখে ’আষ্ট্ৰা ন’ভা’৷ ইয়াত ৯ বছৰৰ পৰা ১৩ বছৰৰ ল’ৰা-ছোৱালী অনলাইন মাধ্যম বা স্কুললৈ আহি শিক্ষা গ্ৰহণ কৰিব পাৰে ৷ এই স্কুলত পঢ়াৰ বাবে এগৰাকী শিক্ষাৰ্থীৰ ন্যূনতম খৰচ হ’ব বছৰি ৭৫০০ ডলাৰ ৷ আশা কৰা গৈছে আগন্তুক ২৷৩ বছৰৰ ভিতৰত ’আষ্ট্ৰা ন’ভা’ বিশ্বৰ প্ৰতিখন দেশৰ শিক্ষাৰ্থীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ’ব ৷

ভাৰতীয় অৰ্থব্যৱস্থা ইমান উন্নত নহয় যে ’আষ্ট্ৰা ভাৰ নিচিনা স্কুলত বছৰি ৬ বা ৭ লাখ টকা ব্যয় কৰি সাধাৰণ মানুহে নিজৰ ল’ৰা ছোৱালীক পঢ়াব পাৰিব ৷ ভাৰতবৰ্ষতো কেইজনমান নতুন প্ৰজন্মৰ শিক্ষিতলোকে সৃজনশীল চিন্তাধাৰাৰে  ব্যতিক্ৰমী শিক্ষাৰ প্ৰচলনৰ বাবে অহৰহ কাম কৰি আছে ৷ এইখিনিতে উল্লেখ কৰিব পাৰি  যোৱা বছৰ “গ্ল’বেল টিচাৰ পুৰস্কাৰ“ লাভ কৰোতা ৰঞ্জিৎ সিং ডিছালৰ নাম ৷ এই পুৰস্কাৰৰ ধনৰ পৰিমান হ’ল এক নিজুত ডলাৰ, ভাৰতীয় মূল্য প্ৰায় আঠ কৌটি টকা ৷ ৩১ বছৰীয়া ৰঞ্জিতে প্ৰথমে অভিযান্ত্ৰিক মহাবিদ্যালয়ত নাম লগাইছিল, যদিও আধাতে পঢ়া এৰি শিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰমত পঢ়িবলৈ লয় ৷  মহাৰাষ্ট্ৰৰ এখন ভিতৰুৱা স্কুলত তেওঁ শিক্ষক হিচাপে যোগদান কৰে ৷ তেওঁ সেই স্কুলতে QR-Code ব্যৱহাৰৰ দ্বাৰা শিক্ষা ব্যৱস্থাক বেচ মনোগ্ৰাহী কৰি পেলালে আৰু সেই পিছপৰা ঠাইৰ ল’ৰা ছোৱালী শিক্ষাৰ প্ৰতি বিশেষ ভাবে আগ্ৰহী হৈ পৰে ৷ পিছলৈ মহাৰাষ্ট্ৰ চৰকাৰে আৰু NCERT এই নতুন শিক্ষা প্ৰণালীক বহুল প্ৰয়োগৰ বাবে ব্যৱস্থা হাতত লয় ৷ তেওঁৰ শিক্ষাৰ ক্ষেত্ৰত কৰা এই অৱদানৰ বাবেই ২০২০ চনত বিশ্বৰ শ্ৰেষ্ঠ শিক্ষকৰ সন্মান লাভ কৰে ৷

২০১৬ চনত গুৱাহাটীৰ সমীপৰ পামহি গাঁৱত মাঝিন মুখ্টাৰ আৰু পৰ্মিতা শৰ্মাৰ উদ্যোগত প্ৰতিষ্ঠা কৰা হয় অক্ষৰ স্কুল ৷ নিউজিলেণ্ডৰ লোভনীয় চাকৰি বাদ দি সমাজৰ দুখীয়া শ্ৰেণীৰ মানুহৰ উন্নতিৰ হকে কাম কৰিবলৈ  মাঝিনে অসমত থিতাপি লয় ৷ অক্ষৰ স্কুলত  ছাত্ৰ-ছাত্ৰী সকলে মাহিলি মাচুলৰ সলনি দিব লাগে ঘৰৰ পেলনীয়া প্লাষ্টিক সামগ্ৰী ৷ স্কুলৰ গেটত প্ৰথমে জমা দিব লাগিব প্লাষ্টিকৰ টোপোলা ৷ এই পেলনীয়া প্লাষ্টিক সামগ্ৰী বোৰ স্কুল কৰ্তৃপক্ষই  শিক্ষাৰ্থী সকলৰ সহযোগত বিভিন্ন কামত ব্যৱহাৰ কৰে ৷ এইখন স্কুলত ছাত্ৰ-ছাত্ৰীক ব্যৱহাৰিক শিক্ষাৰ  বিশেষ প্ৰশিক্ষণ দিয়া হয় যাতে গাঁৱৰ ছাত্ৰ-ছাত্ৰী সকলে স্কুল এৰাৰ পিছত নিজাকৈ কিবা এটা উপাৰ্জন কৰি স্বাৱলম্বী  হয় ৷ ইয়াৰ বাবে সেই গাঁৱৰ সকলো ল’ৰা-ছোৱালী স্কুলৰ প্ৰতি আগ্ৰহী হৈ পৰে ৷ আজি গোটেই ভাৰতবৰ্ষত  স্কুলখনৰ কথা বহুল ভাবে প্ৰচাৰ হৈছে ৷ ইয়ে ব্যতিক্ৰমী শিক্ষাৰ প্ৰতি মানুহৰ আগ্ৰহ নিশ্চয়কৈ বৃদ্ধি কৰিব ৷          

  ২০২০ চনত প্ৰকাশ পোৱা নতুন শিক্ষা নীতিয়ে প্ৰযুক্তি বিদ্যাৰ বহুল প্ৰয়োগ আৰু ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বৃদ্ধিৰ জৰিয়তে দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷ ছাত্ৰ-ছাত্ৰী সকলক মাধ্যমিক পৰ্যায়ৰ  পৰাই ব্যৱহাৰিক শিক্ষাৰ প্ৰশিক্ষণ দি বৃত্তিগত চাকৰি সহজে পোৱাৰ ব্যৱস্থা কৰা হৈছে ৷ নতুন শিক্ষা নীতিৰ সুচল আমি হয়তো অদূৰ ভৱিষতে দেখিবলৈ পাম ৷ 

আমাৰ দেশৰ শিক্ষা পদ্ধতিত নতুন ধৰণৰ চিন্তা চৰ্চা চলি থাকিব  আৰু ইয়ে  নতুন প্ৰজন্মক ভৱিষ্যতে দেশক আগুৱাই নিয়াৰ বুনিয়াদ তৈয়াৰ কৰিব ৷ নতুন শিক্ষা নীতি শিক্ষাৰ্থী সকলৰ সৃজনশীল প্ৰতিভা বিকাশত নিশ্চয় সহায় হ’ব ৷

(৮ অক্তোবৰ, ২০২১ ত  আমাৰ অসম কাকতত প্ৰকাশিত)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা